সমললৈ যাওক

মুভাট্টুপুঝা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুভাট্টুপুঝা
পৌৰসভা[1]
মুভাট্টুপুঝা পুৰণি আৰু নতুন দলং
মুভাট্টুপুঝা পুৰণি আৰু নতুন দলং
মুভাট্টুপুঝা is located in Kerala
মুভাট্টুপুঝা
মুভাট্টুপুঝা
Location in Kerala
মুভাট্টুপুঝা is located in ভাৰত
মুভাট্টুপুঝা
মুভাট্টুপুঝা
Location in India
স্থানাংক: 9°59′26″N 76°34′44″E / 9.99051°N 76.57891°E / 9.99051; 76.57891স্থানাংক: 9°59′26″N 76°34′44″E / 9.99051°N 76.57891°E / 9.99051; 76.57891
দেশ  ভাৰত
ৰাজ্য কেৰালা
জিলা এৰ্নাকুলাম জিলা
চৰকাৰ
  ধৰণ দ্বিতীয় শ্ৰেণীৰ পৌৰসভা
  Municipal Chairman P P Eldhose
কালি
  মুঠ
১৩.১৮ বৰ্গকিমি (৫.০৯ বৰ্গমাইল)
উচ্চতা
১৫ মিটাৰ (৪৯ ফুট)
জনসংখ্যা
 (2011)
  মুঠ
৩০,৩৯৭
  ঘনত্ব ২,৩০০/বৰ্গকিমি (৬,০০০/বৰ্গমাইল)
মুভাট্টুপুঝা নদী
কানাডাৰ টৰণ্টোত এখন দেৱালত লিখা মুভাট্টুপুঝা নাম
মুভাট্টুপুঝা টাউন (কাচেৰিথাঝাম)
Anchal Post with spelling Moovattupuzha
Anchal Post with spelling Muvattupuzha
নেহেৰু পাৰ্কত নেহেৰুৰ এটা প্ৰতিমূৰ্তি

মুভাট্টুপুঝা (ইংৰাজী: Muvattupuzha) কেৰালাৰ এৰ্নাকুলাম জিলাৰ এখন পৌৰসভা।[1]ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত।[2][3] জিলা সদৰ থ্ৰিক্কাকাৰাৰপৰা মুভাট্টুপুঝা প্ৰায় ৩৫ কিলোমিটাৰ (২১.৭ মাইল) পূবে আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ২০৪ কিলোমিটাৰ (১২৬.৮ মাইল) উত্তৰে অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি, মুভাট্টুপুঝাৰ মুঠ জনসংখ্যা ৩০,৩৯৭ জন। ইয়াৰে ১৫,০১০ জন পুৰুষ আৰু ১৫,৩৮৭ জন মহিলা। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ২,৩০৬ জন।

মুভাট্টুপুঝাৰ দক্ষিণে কোট্টায়ম জিলা আৰু পূবে ইডুক্কি জিলা অৱস্থিত। চহৰখন এম চি ৰোড (মেইন চেণ্ট্ৰেল ৰোড) আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৪৯-ৰ সংযোগস্থলত অৱস্থিত। এৰ্নাকুলামৰপৰা ইয়াৰ দূৰত্ব প্ৰায় ২৮ কিলোমিটাৰ। ইয়াৰ উপৰি, মুভাট্টুপুঝা থোডুপুঝাৰপৰা ২০ কিলোমিটাৰ, কুথাট্টুকুলামৰপৰা ১৭ কিলোমিটাৰ আৰু আৰাকুঝাৰপৰা ৫ কিলোমিটাৰ দূৰত অৱস্থিত।[4]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

মুভাট্টুপুঝা নামটো চহৰখনৰ মাজেৰে বৈ যোৱা মুভাট্টুপুঝা নদীৰ নামৰপৰা উদ্ভৱ হৈছে। ‘মুভাট্টুপুঝা’ নামটো তিনিটা মালয়ালম শব্দৰ সংমিশ্ৰণৰপৰা গঠিত—‘মূন্নু’ (Moonnu) অৰ্থাৎ তিনি, আৰু(Aaru) অৰ্থাৎ নদী আৰু ‘পুঝা’ (Puzha) অৰ্থাৎ নদী। ‘আৰু’ আৰু ‘পুঝা’ এই দুয়োটা শব্দৰ অৰ্থ নদী যদিও কেৰালাৰ বিভিন্ন অঞ্চলত ইয়াৰ ব্যৱহাৰত কিছু পাৰ্থক্য আছে। দক্ষিণ কেৰালাত ‘আৰু’ শব্দটো অধিক প্ৰচলিত, আনহাতে উত্তৰ কেৰালাত ‘পুঝা’ শব্দটো বেছিকৈ ব্যৱহাৰ কৰা হয়। কোঠায়াৰ, কালিয়াৰ আৰু থোডুপুঝায়াৰ—এই তিনিখন নদী একেলগে মিলি মুভাট্টুপুঝা নদীৰ সৃষ্টি কৰিছে। এই তিনিখন নদীৰ সংগমস্থলক মালয়ালম ভাষাত ত্ৰিবেণী সংগমম বুলি কোৱা হয়। ইয়াৰ অৰ্থ হৈছে ‘তিনিখন নদীৰ মিলনস্থল’।[5]


ইংৰাজী ভাষাত নামটোৰ “Muvattupuzha” আৰু “Moovattupuzha” এই দুয়োটা বানানেই ব্যৱহাৰ কৰা দেখা যায়। স্থানীয়ভাৱে অৱশ্যে এই নামটো কেতিয়াবা “মুভাটুঝা ” বুলি উচ্চাৰণ কৰা হয়।[6]

মুভাট্টুপুঝা অঞ্চলটো এসময়ত ভাদক্কুমকুৰ ৰাজ্যৰ অন্তৰ্গত আছিল। পিছলৈ এই অঞ্চলটো ত্ৰাৱণকোৰ ৰাজ্যই নিজৰ ৰাজ্যৰ সৈতে সংযুক্ত কৰে। ঐতিহাসিক তথ্য-পাতি অনুসৰি, বৰ্তমানৰ মুভাট্টুপুঝা অঞ্চলৰ কিছু ভূমি প্ৰাচীন কালত এদাপ্পল্লী স্বৰূপমৰ অধীনত আছিল। পৰৱৰ্তী সময়ত এই ভূমিসমূহ স্থানীয় ব্ৰাহ্মণ পৰিয়ালসমূহৰ, যিসকলক ‘মানা’ বুলি কোৱা হয়, হাতলৈ হস্তান্তৰ কৰা হৈছিল। [7][8]

ভাৰতৰ স্বাধীনতাৰ পিছত, ১৯৪৯ চনৰপৰা ১৯৫৬ চনলৈ মুভাট্টুপুঝা ত্ৰাৱণকোৰ-কোচিন ৰাজ্যৰ কোট্টায়ম জিলাৰ অন্তৰ্গত আছিল। [9] ১৯৫৬ চনত কেৰালা ৰাজ্য গঠন হোৱাৰ পিছতো মুভাট্টুপুঝা কোট্টায়ম জিলাৰ অংশ হৈয়ে থাকে। ১৯৫৮ চনৰ ১ এপ্ৰিলত এৰ্ণাকুলাম জিলা গঠন কৰাৰ পাছত মুভাট্টুপুঝা নতুনকৈ গঠিত জিলাখনৰ অন্তৰ্গত হয়।[10] প্ৰথম অৱস্থাত মুভাট্টুপুঝা এখন গাঁও সংঘ হিচাপে পৰিচালিত হৈছিল। চৰকাৰে মনোনীত কৰা তিনিজন সদস্যৰে গঠিত এখন পৰিষদে গাঁও সংঘটোৰ প্ৰশাসন চলাইছিল। ভি. পি. গোবিন্দন নায়াৰ আছিল গাঁও সংঘৰ প্ৰথম সভাপতি। ১৯৫৩ চনত মুভাট্টুপুঝাক পঞ্চায়ত হিচাপে স্বীকৃতি দিয়া হয়। নিৰ্বাচিত পঞ্চায়ত সমিতিৰ প্ৰথম সভাপতি আছিল কুন্নাপ্পিল্লিল ভাৰ্কি বৈদ্যন। ১৯৫৮ চনত মুভাট্টুপুঝাই পৌৰসভাৰ মৰ্যাদা লাভ কৰে। এন. পৰমেশ্বৰন নায়াৰ পৌৰসভাৰ প্ৰথম পৌৰাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে। মুভাট্টুপুঝাই আছিল এনে প্ৰথমখন পৌৰসভা, য’ত সাধাৰণ নিৰ্বাচনৰ জৰিয়তে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে ক্ষমতা দখল কৰিছিল। [11]

মুভাট্টুপুঝা বিধানসভা সমষ্টিৰপৰা প্ৰথমগৰাকী নিৰ্বাচিত বিধানসভাৰ সদস্য (MLA) আছিল এন. পি. ভাৰ্গিজ। তেওঁ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী মঞ্জুনাথ প্ৰভুক পৰাস্ত কৰি নিৰ্বাচিত হৈছিল।[12] পৰৱৰ্তী সময়ত কেৰালা কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কে. এম. জৰ্জে মুভাট্টুপুঝা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। মুভাট্টুপুঝা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী সাংসদ (MP) আছিল জৰ্জ থমাছ কোট্টুকাপ্পল্লী। আনহাতে, মুভাট্টুপুঝা ব্লক পঞ্চায়তৰ প্ৰথমগৰাকী সভাপতি আছিল শ্যায়ছন পি. মাংগুঝা। তেওঁ ১৯৯৫ চনত আৰাকুঝা ডিভিজনৰপৰা নিৰ্বাচিত হৈ ব্লক পঞ্চায়তৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল।[13]

ভাৰতলৈ খ্ৰীষ্টান ধৰ্ম] প্ৰচাৰ কৰিবলৈ অহা বুলি বিশ্বাস কৰা প্ৰেৰণাদূত ছেইণ্ট থমাছে এই অঞ্চলটো ভ্ৰমণ কৰিছিল বুলি জনশ্ৰুতি আছে। আৰাকুঝাৰ মাৰ্থ মাৰিয়াম ছিৰো-মালাবাৰ কেথলিক গীৰ্জাৰ লিখিত ইতিহাস এক হাজাৰ বছৰতকৈও অধিক পুৰণি। সেইবাবে ই কেৰালাৰ অন্যতম প্ৰাচীন ছিৰিয়ান গীৰ্জা হিচাপে পৰিচিত। গীৰ্জাখন ইয়াৰ মনোমোহা চিত্ৰকলা আৰু ভাস্কৰ্যৰ বাবেও বিশেষভাৱে জনাজাত।[14][15] মুভাট্টুপুঝা অঞ্চলটো অতীতত ‘আৰাকুঝা পাকুথি’ নামেৰেও পৰিচিত আছিল। মালয়ালম ভাষাৰ এই নামটোৰ অৰ্থ হৈছে আৰাকুঝাৰ আধা অংশ

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি, মুভাট্টুপুঝাৰ মুঠ জনসংখ্যা আছিল ৩০,৩৯৭ জন। ইয়াৰে ১৫,০১০ জন পুৰুষ আৰু ১৫,৩৮৭ জন মহিলা। মুভাট্টুপুঝা পৌৰসভাৰ মুঠ মাটি-কালি ১৩.১৮ বৰ্গ কিলোমিটাৰ (১,৩১,৮০,০০০ বৰ্গমিটাৰ)। সেই সময়ত পৌৰসভা এলেকাত মুঠ ৭,৪১৪টা পৰিয়াল বাস কৰিছিল। it.[16]

২০১১ চনৰ লোকপিয়ল অনুসৰি, মুভাট্টুপুঝাত ০–৬ বছৰ বয়সৰ শিশুৰ সংখ্যা আছিল ২,৯৪৫ জন, যি মুঠ জনসংখ্যাৰ ৯.৬৯ শতাংশ। চহৰখনৰ সাক্ষৰতাৰ হাৰ আছিল ৯৬.১১ শতাংশ, যি কেৰালা ৰাজ্যৰ গড় সাক্ষৰতাৰ হাৰ ৯৪.০০ শতাংশতকৈ অধিক। পুৰুষৰ সাক্ষৰতাৰ হাৰ আছিল ৯৭.২০ শতাংশ, আনহাতে মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৯৫.০৭ শতাংশ।[17]

মুভাট্টুপুঝা পৌৰসভাৰ ধৰ্মসমূহ(২০১১) [18]
Religion Percent(%)
হিন্দু
 
৩৯.৯১%
ইছলাম
 
৩৮.৮২%
খ্ৰীষ্ট্ৰান
 
২১.১%
উল্লেশ নথকা
 
০.১৪%
অন্যান্য
 
০.০৩%

এই অঞ্চলটোত হিন্দু, ছিৰিয়ান খ্ৰীষ্টান আৰু মাপ্পিলা মুছলমান সম্প্ৰদায়ৰ লোক বসবাস কৰে।

চহৰখনৰ কেন্দ্ৰস্থলত থকা কাভুমপাডি ৰোড অঞ্চলত কেৰালা আইয়াৰ (তামিল ব্ৰাহ্মণ) পৰিয়ালৰ যথেষ্টসংখ্যক লোক বাস কৰে। এই অঞ্চলটোত থকা উল্লেখযোগ্য অগ্ৰহাৰামসমূহৰ ভিতৰত ই অন্যতম। ইয়াৰ উপৰি, অঞ্চলটোত তুলনামূলকভাৱে সৰু এটা কোংকণী সম্প্ৰদায়ো বসবাস কৰে। তালুকখনৰ জনসংখ্যাৰ অধিকাংশই হিন্দু। ইয়াত নায়াৰ, এঝাভা, নাম্বুদিৰি আৰু পুলায়া আদি বিভিন্ন হিন্দু সম্প্ৰদায়ৰ লোকো আছে। [19]

মুভাট্টুপুঝাৰ ছিৰিয়ান খ্ৰীষ্টানসকলৰ ভিতৰত সংখ্যাগৰিষ্ঠ লোক ছিৰো-মালাবাৰ কেথলিক আৰু জেকবাইট সম্প্ৰদায়ৰ। ইয়াৰ উপৰি অঞ্চলটোত মালাংকাৰা অৰ্থডক্স ছিৰিয়ান গীৰ্জা, ছিৰো-মালাংকাৰা কেথলিক, মাৰ থোমা ছিৰিয়ান গীৰ্জা আৰু পেণ্টেকোষ্টাল সম্প্ৰদায়ৰ লোকো আছে। মুভাট্টুপুঝা মালাংকাৰা জেকবাইট ছিৰিয়ান অৰ্থডক্স গীৰ্জাৰ মুভাট্টুপুঝা ডায়চিছৰ মুখ্য কাৰ্যালয়ৰ স্থান। একেদৰে, কান্দানাড ইষ্ট ডায়চিছৰ মালাংকাৰা অৰ্থডক্স ছিৰিয়ান গীৰ্জাৰো ইয়াত আসন আছে। মুভাট্টুপুঝাত এটা সৰু লেটিন কেথলিক সম্প্ৰদায়ও আছে। এই সম্প্ৰদায়ৰ গীৰ্জাখন ১৯২৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই ভাঝাপ্পিল্লীত অৱস্থিত। [20]

এই অঞ্চলটোৰ মুছলমান জনসংখ্যাৰ অধিকাংশই মাপ্পিলা সম্প্ৰদায়ৰ অন্তৰ্গত। কোঠামঙ্গলম–মুভাট্টুপুঝা অঞ্চল মালয়ালি মুছলমানসকলৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত। জিলাখনৰ পূব অংশৰ প্ৰথম মছজিদ বুলি গণ্য কৰা পেৰুমাট্টম জুমা মছজিদ মুভাট্টুপুঝা তালুকত অৱস্থিত। স্থানীয় জনশ্ৰুতি অনুসৰি, এই মছজিদটো ষোড়শ শতিকাৰ ‘ভালিয়ুপ্পাপ্পা’ নামৰ এগৰাকী চুফী সাধকে নিৰ্মাণ কৰিছিল। মছজিদৰ চৌহদৰ ভিতৰতে তেওঁৰ দৰগাহ (সমাধি) অৱস্থিত। [21]

মুভাট্টুপুঝা চহৰ আৰু ইয়াৰ পশ্চিম অংশ মূলতঃ সমতল ভূমি। এই অঞ্চলৰ সংস্কৃতি এৰ্ণাকুলামৰ সৈতে যথেষ্ট মিল আছে। ইয়াৰ বিপৰীতে, পূব অংশ মূলতঃ উচ্চভূমি অঞ্চল।[22] থোডুপুঝা, মুভাট্টুপুঝা আৰু কোঠামঙ্গলম অঞ্চলক ভাদক্কুমকুৰ ৰাজ্যৰ উপ-পাহাৰীয়া অঞ্চল [23] বা ‘কীঝমালানাড’ (Keezhmalanad) বুলি কোৱা হৈছিল। [24] ইয়াৰপৰা বুজা যায় যে এই অঞ্চলসমূহৰ মাটি থোডুপুঝা আৰু মুভাট্টুপুঝা নদীৰ বানপানীৰ ফলত কঢ়িয়াই অনা পলস জমা হৈ গঠিত হোৱা উৰ্বৰ ভূমি আছিল। মুভাট্টুপুঝা আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহ তুলনামূলকভাৱে কম পাহাৰীয়া আৰু অধিক উৰ্বৰ। ইয়াৰ উচ্চতাও কম। অঞ্চলটোৰ পাহাৰীয়া অংশটো মূলতঃ কাডালিক্কাড–মীনকুন্নাম–পাম্পাকুডা বক্ৰাকাৰ অঞ্চলত বিস্তৃত। মুভাট্টুপুঝা চহৰখন সমুদ্ৰপৃষ্ঠৰ গড় উচ্চতাৰপৰা প্ৰায় ২০ মিটাৰ (৬৬ ফুট) ওপৰত অৱস্থিত।

থোডুপুঝা আৰু পালাই চহৰক প্ৰায়ে উপ-পাহাৰীয়া অঞ্চল বা নিম্ন-পাহাৰীয়া অঞ্চলৰ অংশ হিচাপে বৰ্ণনা কৰা হয়। এই অঞ্চলসমূহ পশ্চিমঘাট পৰ্বতমালাৰ পাদদেশত অৱস্থিত। অঞ্চল দুটা ৰাজ্যিক ঘাইপথ ৮ (পুনালুৰ–মুভাট্টুপুঝা পথ)ৰদ্বাৰা সংযুক্ত, আৰু এই পথটোৱে মুভাট্টুপুঝাত আন কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ সৈতে সংযোগ স্থাপন কৰিছে। মুভাট্টুপুঝা চহৰত মুঠ নটা গুৰুত্বপূৰ্ণ পথ আহি মিলিত হৈছে, যাৰ ফলত চহৰখনৰ সৈতে বিভিন্ন দিশৰ অঞ্চলসমূহৰ সুসংযোগ স্থাপন হৈছে। [25]

মুভাট্টুপূজা নদী

[সম্পাদনা কৰক]

মুভাট্টুপুঝা নদী ইডুক্কি উচ্চভূমিৰপৰা উৎপত্তি হৈ মুভাট্টুপুঝাৰ মাজেৰে বৈ গৈ কোট্টায়াম জিলাত প্ৰৱেশ কৰিছে। নদীখনৰ দৈৰ্ঘ্য প্ৰায় ১২১ কিলোমিটাৰ (৭৫ মাইল)। এই অঞ্চলৰ পানীৰ মুখ্য উৎস হৈছে থোডুপুঝা নদী। ইডুক্কি জিলাৰপৰা উৎপত্তি হোৱা এই নদীয়ে বছৰজুৰি অঞ্চলটোলৈ পানীৰ যোগান অব্যাহত ৰাখে। ভাৰতৰ সৰ্ববৃহৎ খিলান বান্ধ হিচাপে পৰিচিত ইডুক্কি বান্ধৰপৰা নিৰ্গত পানীয়েও মুভাট্টুপুঝা নদীৰ জলপ্ৰৱাহত সহায় কৰে। ইডুক্কি বান্ধটো মূলতঃ জলবিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। [26][27]

মুভাট্টুপুঝা দলং

[সম্পাদনা কৰক]

১৯১৪ চনত ব্ৰিটিছ অভিযন্তা ডব্লিউ এইচ এমাল্ডৰ তত্ত্বাৱধানত মুভাট্টুপুঝাত এছিয়াৰ প্ৰথমটো কংক্ৰিটৰ দলং নিৰ্মাণ কৰা হৈছিল।[28] কথিত আছে যে দলংখন উদ্বোধনৰ সময়ত ইয়াৰ শক্তি আৰু স্থায়িত্বৰ প্ৰতি আনসকলক আশ্বস্তু কৰিবলৈ এমাল্ড আৰু তেওঁৰ পত্নীয়ে দলংখনৰ তলত এখন নাৱত বহি আছিল, আনহাতে ১৫টা হাতী দলংখনৰ ওপৰেৰে পাৰ হৈ গৈছিল।[28]এই দলংখনে নেহৰু পাৰ্ক আৰু কাচেৰিথাঝামক সংযোগ কৰে। ইয়াৰ পূৰ্বে মুভাট্টুপুঝা নদীৰ ওপৰত থকা এখন কাঠৰ দলঙে মুভাট্টুপুঝা আৰু এৰ্ণাকুলামৰ মাজত ষ্টীম বাছ চলাচলৰ সুবিধা প্ৰদান কৰিছিল। পূৰ্বৰ কোচি ৰাজ্যৰ সীমা মামালা আৰু থিৰুৱাংকুলামৰ ওচৰৰ চুংগামত অৱস্থিত আছিল। ১৯৭০ চনৰ শেষৰ ফাললৈকে যান-বাহন চলাচলৰ বাবে পুৰণি কংক্ৰিটৰ দলংখন ব্যৱহাৰ কৰা হৈছিল। দলংখনৰ দুয়োফালে যান-বাহন আৰক্ষীৰ চকী আছিল আৰু তেওঁলোকে একমুখী যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰিছিল। ১৯৭০ৰ দশকত এখন নতুন দলং নিৰ্মাণ কৰা হয়। ১৯৭০ৰ দশকৰ শেষৰফালে যান-বাহন চলাচল নতুন, অধিক বহল আৰু দুমুখীয়া দলংখনলৈ স্থানান্তৰ কৰা হয়। [29]

ৰাজনীতি

[সম্পাদনা কৰক]

মুভাট্টুপুঝা কেৰালা ৰাজ্যৰ ১৪০টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। মুভাট্টুপুঝা বিধানসভা সমষ্টি ইডুক্কি লোকসভা সমষ্টিৰ অন্তৰ্গত। বৰ্তমান ইডুক্কি লোকসভা সমষ্টিৰ সাংসদ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ডিন কুৰিয়াকোছ। মুভাট্টুপুঝাত সক্ৰিয় প্ৰধান ৰাজনৈতিক দলসমূহৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছ, কেৰালা কংগ্ৰেছ (এম), ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চিপি আই এম, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI), ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ আৰু ভাৰতীয় জনতা পাৰ্টি (BJP) উল্লেখযোগ্য। ২০২৬ চনলৈকে কেৰালা বিধানসভাত মুভাট্টুপুঝা বিধানসভা সমষ্টিক ভাৰতীয় জাতীয় কংগ্ৰেছৰ মেথিউ কুঝালনাডনে প্ৰতিনিধিত্ব কৰি আছে। [30]

প্ৰশাসনিকভাৱে মুভাট্টুপুঝা এখন পৌৰসভা। ২০২০ চনৰপৰা পৌৰসভাৰ নেতৃত্বত আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ, য’ত পি.পি.এলড’জে পৌৰসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। [31][32]

মুভাট্টুপুঝাৰ সৈতে জড়িত উল্লেখযোগ্য ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী তথা কেৰালা কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কে. এম. জৰ্জ অন্যতম। আন এগৰাকী উল্লেখযোগ্য নেতা হৈছে প্ৰাক্তন সাংসদ আৰু বিধায়ক পি. পি. এস্থোজ। এই অঞ্চলৰ আন ৰাজনৈতিক নেতাসকলৰ ভিতৰত মেথিউ কুঝালনাডন,জনী নেল্লুৰ, প্ৰাক্তন সাংসদ ফ্ৰান্সিছ জৰ্জ আৰু প্ৰাক্তন বিধায়ক তথা CPI(M)-ৰ এৰ্ণাকুলাম জিলা সম্পাদক গোপী কোট্টামুৰিক্কাল উল্লেখযোগ্য। [33]


উল্লেখযোগ্য ব্যক্তিসকল

[সম্পাদনা কৰক]
  • মধু নীলকণ্ঠন, ভাৰতীয় চিনেমাট’গ্ৰাফাৰ বঁটা-বিজয়ী।
  • কে. এম. জৰ্জ, এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ আৰু প্ৰাক্তন মন্ত্ৰী। তেওঁ কেৰালা কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক আৰু মুভাট্টুপুঝাৰ প্ৰাক্তন বিধায়ক আছিল। তেওঁৰ পুত্ৰ ফ্ৰান্সিছ জৰ্জ ইডুক্কিৰ প্ৰাক্তন সাংসদ।
  • জনী নেল্লুৰ , এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ। তেওঁ ১৯৯১ চনৰপৰা ২০০৬ চনলৈ মুভাট্টুপুঝাৰ বিধায়ক আছিল। তেওঁ কেৰালা কংগ্ৰেছ (জেকব)-ৰ অধ্যক্ষ আছিল। বৰ্তমান তেওঁ কেৰালা কংগ্ৰেছ (এম)-ৰ জোছেফ গোটত আছে।
  • ফ্ৰান্সিছ জৰ্জ , কেৰালা কংগ্ৰেছৰ এগৰাকী নেতা আৰু বৰ্তমান কোট্টায়ামৰ সাংসদ। তেওঁ পূৰ্বে ইডুক্কিৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কে. এম. জৰ্জৰ পুত্ৰ।
  • জীথু জোছেফ, বঁটা-বিজয়ী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
  • ভগত মানুৱেল, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • বিশাখ নায়াৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • অনুপ কান্নান, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক।
  • কালাভৱন আবি ,ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • শ্বেন নিগম, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • মেথিউ কুঝালনাডন, মুভাট্টুপুঝাৰ ভাৰতীয় বিধায়ক।
  • অৰুণ বোস', ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।

উপাসনাৰ স্থানসমূহ

[সম্পাদনা কৰক]
কেন্দ্ৰীয় মহাল্লু জামা মছজিদ

মুভাট্টুপুঝা অঞ্চলত বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ বহুতো গুৰুত্বপূৰ্ণ উপাসনাস্থল আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল—

  • চেণ্ট্ৰেল মহল্লু জামা মছজিদ — মুভাট্টুপুঝাৰ এটা প্ৰধান মছজিদ।[34]
  • মাৰ্থ মৰিয়ম ছিৰো-মালাবাৰ কেথলিক ফ’ৰেন গীৰ্জা — আৰাকুঝাত অৱস্থিত ছিৰো-মালাবাৰ কেথলিক সম্প্ৰদায়ৰ এখন গুৰুত্বপূৰ্ণ গীৰ্জা।
  • ছেইণ্ট জৰ্জ গীৰ্জা, কাটামাট্টম — কাটামাট্টমত অৱস্থিত এখন ঐতিহাসিক গীৰ্জা।[35]

মুভাট্টুপুঝা আৰু কোঠামঙ্গলম তালুকত শাফিঈ ফিকহ অনুসৰণ কৰা মাপ্পিলা মুছলমানসকল সংখ্যাগৰিষ্ঠ। এই অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম প্ৰধান উপাসনাস্থল হৈছে কাভুমকাৰা বজাৰত অৱস্থিত চেণ্ট্ৰেল মহল্লু জামা'আথ। ই অঞ্চলটোৰ মুছলমান সমাজৰ ধৰ্মীয় আৰু সামাজিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শৈক্ষিক সংস্থাসমূহ

[সম্পাদনা কৰক]

মুভাট্টুপুঝা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কেইবাখনো উচ্চশিক্ষা আৰু কাৰিকৰী শিক্ষানুষ্ঠান আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল—

  • নিৰ্মলা কলেজ, মুভাট্টুপুঝা
  • নিৰ্মলা কলেজ অৱ ফাৰ্মাচী, মুভাট্টুপুঝা
  • স্কুল অৱ আৰ্কিটেকচাৰ, মুকাম্বিকা টেকনিকেল কেম্পাছ, ইট্টাপ্পিল্লি, মান্নাথুৰ পি.অ’.[36][37]
  • মুকাম্বিকা কলেজ অৱ ফাৰ্মাচী, ইট্টাপ্পিল্লি, মান্নাথুৰ পি.অ’.[38]
  • ইলাহিয়া কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি[39]
  • ভাৰত ওপেন স্কুল, পি. অ’. জংচন, মুভাট্টুপুঝা
  • ভাৰত এডুকেচন — মুভাট্টুপুঝাত অৱস্থিত NIOS, IGNOU আৰু SGOUৰ অধ্যয়ন কেন্দ্ৰ। ইয়াৰ পিন ক’ড ৬৮৬৬৬১।

পৰিবহণ ব্যৱস্থা

[সম্পাদনা কৰক]

কে এল-১৭(KL-17) হৈছে চহৰখনকে ধৰি মুভাট্টুপূজা তালুকৰ বাবে আৰ টি অ’ ক’ড। সাধাৰণতে কম দূৰত্বৰ বাবে অটোৰিক্সা ব্যৱহাৰ কৰা হয়। টেক্সিৰ ব্যৱস্থাও আছে। নেডুম্বাছেৰীত থকা কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো মুভাট্টুপুঝা চহৰৰপৰা ২৯ কিল'মিটাৰ আঁতৰত আছে। মুভাট্টুপুঝা কেৰালাৰ প্ৰধান চহৰসমূহৰ সৈতে পথ পৰিবহণৰ সৈতে সুসংযুক্ত হৈ আছে। এই চহৰখন কোচিৰ পূব প্ৰান্তৰ (কক্কানাডৰ ওচৰৰ পৰা) থোডুপুঝা আৰু ভান্নাপুৰমলৈ বিস্তৃত মধ্যভূমি অঞ্চলত অৱস্থিত। মুভাট্টুপুঝাৰ পথ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত। বৰ্তমান মুভাট্টুপুঝাত কোনো ৰে’ল ষ্টেচন নাই। অৱশ্যে, প্ৰস্তাৱিত শাবৰি ৰে’লপথে অঞ্চলটোৰ ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ সম্ভাৱনা আছে। [40]

মুভাট্টুপুঝা চহৰৰ মাজেৰে পাৰ হৈ যোৱা কেইবাটাও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ এক গুৰুত্বপূৰ্ণ সংযোগস্থল। মুঠ নটা ঘাইপথ আৰু প্ৰধান পথ মুভাট্টুপুঝাত মিলিত হৈছে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্যসমূহ হ’ল—

  • NH 85 (পূৰ্বৰ NH 49):- কোচিৰপৰা মুন্নাৰৰ মাজেৰে ধনুষ্কোডিলৈ যোৱা ঘাইপথ।
  • MC Road :- অংগামালিৰ দিশে যোৱা এই পথে মুভাট্টুপুঝাক কেৰালাৰ উত্তৰ অংশৰ থ্ৰিচুৰ, পালাক্কাড আৰু কোঝিকোড আদি চহৰৰ সৈতে সংযোগ কৰে।
  • MC Road:- তিৰুৱনন্তপুৰমৰ দিশে যোৱা এই পথে মধ্য ট্ৰাভাঙ্কোৰৰ কোট্টায়ম, চাংগানাচেৰী আদি গুৰুত্বপূৰ্ণ চহৰৰ মাজেৰে পাৰ হৈ যায়।
  • পুনালুৰ–মুভাট্টুপুঝা (PM) Road:-পশ্চিমঘাটৰ পাদদেশীয় নিম্ন পাহাৰীয়া অঞ্চলৰ থোডুপুঝা, পালা আৰু পনকুন্নম আদি চহৰৰ মাজেৰে পাৰ হৈ যায়।
  • মুভাট্টুপুঝা–ভাইকোম–আলাপ্পুঝা ঘাইপথ:-পিৰাভোম, পেৰুৱা আৰু থালায়োলাপাৰাম্বু হৈ আলাপ্পুঝাৰ সৈতে সংযোগ স্থাপন কৰে।
  • মুভাট্টুপুঝা–থেনি SH 43 :-চালিক্কাডাভু, ৰাণ্ডাট্টিনকাৰা, কাল্লুৰক্কাড আৰু উদুম্বান্নুৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাজ্যিক ঘাইপথ।
  • পালাৰিভাট্টম–থেক্কাডি SH 41:- কক্কানাড, পট্টিমাট্টম, মুভাট্টুপুঝা, পাণ্ডাপ্পিল্লী, অৰিক্কুঝা, থোডুপুঝা, মূলামাট্টম আৰু ভাগামনৰ মাজেৰে পাৰ হৈ যায়।
  • মুভাট্টুপুঝা–কালিয়াৰ পথ :- কক্কাডাচেৰী, পোথানিক্কাড, পাইংগোট্টুৰ আৰু ভান্নাপুৰমৰ মাজেৰে কালিয়াৰৰ সৈতে সংযোগ স্থাপন কৰে।
  • পৰিবহণৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে মুভাট্টুপুঝাৰ গুৰুত্ব বৃদ্ধিৰ ফলত সাম্প্ৰতিক বছৰসমূহত Uber আৰু Ola Cabs-ৰ দৰে জনপ্ৰিয় পৰিবহণ সেৱাও ইয়াত উপলব্ধ হৈছে।

অৰ্থনীতি

[সম্পাদনা কৰক]

মুভাট্টুপুঝা তালুকৰ অন্তৰ্গত অঞ্চলত মধ্যভূমি আৰু উচ্চভূমি—দুয়ো ধৰণৰ ভূ-প্ৰকৃতি দেখা যায়। এই অঞ্চলৰ প্ৰধান অৰ্থনৈতিক কাৰ্যকলাপ হৈছে কৃষিকাৰ্য আৰু ক্ষুদ্ৰ উদ্যোগ। ঐতিহাসিকভাৱে মুভাট্টুপুঝা অঞ্চলটো ত্ৰাৱণকোৰ ৰাজ্যৰ অন্তৰ্গত আছিল। তিৰুৱনকুলমৰ ওচৰৰ মামালাত থকা সীমা-নিয়ন্ত্ৰণ চকীয়ে এসময়ত কোচি আৰু মুভাট্টুপুঝাৰ মাজৰ যাতায়াত আৰু যোগাযোগত বাধাৰ সৃষ্টি কৰিছিল। ১৯৭০ৰ দশকৰ মাজভাগলৈকে মুভাট্টুপুঝা এখন গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। ২০১১ চনৰ ভাৰতৰ লোকপিয়লত মুভাট্টুপুঝা আৰু কোঠামঙ্গলম তালুকৰ কিছু অংশ সামৰি গঠিত এটা পৃথক নগৰীয়া সমষ্টি চিনাক্ত কৰা হৈছিল। [41][42]

আন্তঃগাঁথনি

[সম্পাদনা কৰক]

মুভাট্টুপুঝা অংগমলী আৰু কোট্টায়মৰ মাজত মেইন চেণ্ট্ৰেল ৰোডৰ ওপৰত অৱস্থিত। কেৰালাৰ প্ৰথম আৰু দ্বিতীয় দীৰ্ঘতম ৰাজ্যিক ঘাইপথ মেইন চেণ্ট্ৰেল ৰোড (আংগামালি–তিৰুৱনন্তপুৰম / SH-01), যাৰ দৈৰ্ঘ্য ২৪০ কিলোমিটাৰ (১৫০ মাইল), আৰু মেইন ইষ্টাৰ্ন হাইৱে (মুভাট্টুপুঝা–পুনালুৰ / SH-08), যাৰ দৈৰ্ঘ্য ১৫৪ কিলোমিটাৰ (৯৬ মাইল) এই দুয়োটা ঘাইপথ মুভাট্টুপুঝাত পৰস্পৰৰ সৈতে সংযুক্ত হৈছে। মুভাট্টুপূজা–থেনি ঘাইপথ (SH 43) চলিক্কাডাভু দলঙৰপৰা আৰম্ভ হৈ ৰাণ্ডাটিনকাৰা, কোটা, উডুম্বানুৰ, কট্টাপ্পানা, নেদুমকাণ্ডাম আৰু কুম্বুমৰ মাজেৰে গৈ চুবুৰীয়া ৰাজ্য তামিলনাডুৰ মাদুৰাইলৈ যোৱা চুটি পথ থেনিত শেষ হৈছে।[43]

৪৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদাথীৰপৰা মুৰিকল্লুৰ প্ৰস্তাৱিত নতুন দলংখনেৰে থোডুপূজা পথ আৰু এম চি ৰোডলৈ বাইপাছৰ পৰিকল্পনা কৰা হৈছে। [44]

উপনগৰসমূহ

[সম্পাদনা কৰক]

কিঝাক্কেকাৰা আৰু ৰাণ্ডাট্টিনকাৰা, যাক ৰাণ্ডাৰকাৰা বা ৰাণ্ডাৰ বুলিও জনা যায়, মুভাট্টুপুঝা চহৰৰ পূবফালে মুভাট্টুপুঝা নদীৰ পাৰতে অৱস্থিত। চহৰৰপৰা প্ৰায় ৯ কিলোমিটাৰ (৫.৬ মাইল) দক্ষিণলৈ গ’লে ভূ-ভাগ ক্ৰমে ৪০–৬০ মিটাৰ (১৩০–২০০ ফুট) সমুদ্ৰপৃষ্ঠৰপৰা উচ্চতাত থকা পাহাৰীয়া অঞ্চললৈ পৰিণত হয়। এই উচ্চভূমি অঞ্চলটোৱে কোট্টায়ম আৰু পিৰাভমলৈ যোৱা পথসমূহ অতিক্ৰম কৰিছে। এই অঞ্চলৰ অধিকাংশ উচ্চভূমি ৰবৰ বাগিছাৰে আৱৃত। [45][46]

মুভাট্টুপুঝা নদীৰ ওপৰত নিৰ্মাণ কৰা পুৰণি মুভাট্টুপুঝা দলংখন এছিয়াৰ প্ৰথমখন কংক্ৰিটৰ দলং আছিল আৰু ১৯১৪ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।[47] ই নেহৰু পাৰ্ক আৰু কাচেৰিথাঝাম অঞ্চলৰ মাজত সংযোগ স্থাপন কৰে।

কাষৰীয়া পঞ্চায়তসমূহত মূলতঃ কৃষিকাৰ্য আৰু ক্ষুদ্ৰ তথা মজলীয়া পৰিসৰৰ উদ্যোগ গঢ় লৈ উঠিছে। আনাৰস আৰু ৰবৰ ইয়াত উৎপাদিত প্ৰধান কৃষিজাত সামগ্ৰী। এই অঞ্চলৰ মুখ্য উদ্যোগসমূহৰ ভিতৰত জুইশলা উদ্যোগ, প্লাইউড কাৰখানা, কাঠফলা কল, কাগজ, প্লাষ্টিক আৰু কাঠৰ কাৰ্টন উৎপাদন উল্লেখযোগ্য। কিনফ্ৰা (KINFRA)ৰ নেল্লাড ক্ষুদ্ৰ উদ্যোগ উদ্যান মুভাট্টুপুঝাৰপৰা SH 41-ৰে প্ৰায় ৯ কিলোমিটাৰ (৫.৬ মাইল) দূৰত অৱস্থিত। [48]

কাষৰীয়া চহৰ আৰু নগৰ

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 "Grama Panchayaths". https://lsgkerala.gov.in/system/files/2017-10/localbodies.pdf.
  2. "Muvattupuzha Taluk | Ernakulam District Website | India" (en-US ভাষাত). https://ernakulam.nic.in/en/department/muvattupuzha-taluk/ আহৰণ কৰা হৈছে: 2026-08-09.
  3. Tripoto. "Muvattupuzha Travel Guide 2026: Best of Muvattupuzha Tourism" (en ভাষাত). Tripoto. https://www.tripoto.com/muvattupuzha আহৰণ কৰা হৈছে: 2026-08-09.
  4. "Location of Muvattupuzha".
  5. "Etymology of Muvattupuzha". Place Names Wallah. https://placenameswallah.com/muvattupuzha-ker/ আহৰণ কৰা হৈছে: 30 July 2026.
  6. "Muvattupuzha – Place Name Origin". Place Names Wallah. https://placenameswallah.com/muvattupuzha-ker/ আহৰণ কৰা হৈছে: 30 July 2026.
  7. "History of Muvattupuzha".
  8. "Send mail to webmaster". Archived from the original on 2 October 2008. https://web.archive.org/web/20081002045621/http://www.muvattupuzha.com/religion.htm আহৰণ কৰা হৈছে: 9 May 2008.
  9. K. M. Mathew, ed (2006). Manorama Year Book. Malayala Manorama. পৃষ্ঠা. 116.
  10. "History of Ernakulam". http://ernakulam.nic.in/history.htm আহৰণ কৰা হৈছে: 23 May 2006.
  11. "Municipal history of Muvattupuzha".
  12. "Elections to the Travancore-Cochin legislative assembly-1951 and to the Madras assembly constituencies in the Malabar area". Archived from the original on 2013-07-17. https://web.archive.org/web/20130717134731/http://kerala.gov.in/docs/election_reportage/assembly_election/1951.pdf আহৰণ কৰা হৈছে: 2014-06-13.
  13. "Political history of Muvattupuzha".
  14. "Ancient Churches, Stone Crosses of Kerala- Saint Thomas Cross, Nazraney Sthambams and other Persian Crosses". 15 January 2007. http://nasrani.net/2007/01/16/ancient-stone-crosses-of-kerala-saint-thomas-cross-nazraney-sthambams-persian-crosses/.
  15. "arakuzhachurch.org". arakuzhachurch.org. http://arakuzhachurch.org.
  16. District Census Handbook, Ernakulam. প্ৰকাশক Thiruvananthapuram: Directorate of Census Operations, Kerala. পৃষ্ঠা. 254,255. https://censusindia.gov.in/2011census/dchb/3208_PART_B_ERNAKULAM.pdf আহৰণ কৰা হৈছে: 14 July 2020.
  17. "Census of India 2011 – Muvattupuzha". Office of the Registrar General & Census Commissioner, India. https://censusindia.gov.in/ আহৰণ কৰা হৈছে: 30 July 2026.
  18. "Population by Religious Community". Census of India. http://www.censusindia.gov.in/2011census/C-01.html আহৰণ কৰা হৈছে: 28 March 2018.
  19. "Communities of Muvattupuzha".
  20. "Christ The King Church, Muvattupuzha – Vijayapuram Diocese". Archived from the original on 2022-03-14. https://web.archive.org/web/20220314045836/http://vijayapuramdiocese.org/profiles/christ-the-king-church-muvattupuzha/ আহৰণ কৰা হৈছে: 2026-08-11.
  21. "Perumattam Juma Masjid".
  22. "The Official Website of Ernakulam District". Archived from the original on 2010-11-10. https://web.archive.org/web/20101110223159/http://www.ekm.kerala.gov.in/physio.htm আহৰণ কৰা হৈছে: 2010-10-23.
  23. "Clipping of deepikanewspaper - Deepika Kochi". deepika.epapr.in. Archived from the original on 2021-06-12. https://web.archive.org/web/20210612202323/http://deepika.epapr.in/c/3897647 আহৰণ কৰা হৈছে: 2026-08-11.
  24. "Thodupuzha, Kerela, IN". South Indian Cinema Magazine. https://www.southdreamz.com/tourism/thodupuzha/.
  25. "Road network around Muvattupuzha".
  26. "Water resources of Muvattupuzha".
  27. "Idukki Tourist Places - Munnar, Thekkady, Peerumedu, Marayoor, Kumali, Idukki Arch Dam". www.zonkerala.com. http://www.zonkerala.com/tourism/Idukki-6/.
  28. 1 2 "Article about Muvattupuzha". moovattupuzha.com. Archived from the original on 2021-04-10. https://web.archive.org/web/20210410120124/http://moovattupuzha.com/Article.html আহৰণ কৰা হৈছে: 2026-08-11.
  29. "History of bridges in Muvattupuzha".
  30. "Muvattupuzha Assembly Constituency".
  31. "Muvattupuzha Municipality".
  32. "Local Self Government Department | Local Self Government Department". lsgkerala.gov.in. https://lsgkerala.gov.in/en/lbelection/electdmemberdet/2015/195 আহৰণ কৰা হৈছে: 2019-08-14.
  33. "Political leaders from Muvattupuzha".
  34. "ABOUT US: Central Mahallu Jama-ath, Muvattupuzha, Kerala, India | Masjids in India". Archived from the original on 25 March 2014. https://web.archive.org/web/20140325222554/http://www.cmjmasjid.org/about.php আহৰণ কৰা হৈছে: 25 March 2014.
  35. "Database Error". www.smcim.org. Archived from the original on 26 January 2022. https://web.archive.org/web/20220126153036/http://www.smcim.org/church/arakuzha/article/391 আহৰণ কৰা হৈছে: 27 July 2012.
  36. "SOAMTC:About School of Architecture". www.soamtc.org. http://www.soamtc.org/.
  37. Arakkal, Naveen Anto (16 February 2017). "English: School of architecture mookambika technical campus". https://commons.wikimedia.org/wiki/File:School_of_architecture_mookambika_technical_campus.jpg.
  38. "Mookambika college of pharmaceutical sciences and research". mookambikacpsr.com. http://mookambikacpsr.com/.
  39. "Ilahia College of Engineering and Technology:home". www.icet.ac.in. http://www.icet.ac.in/home.
  40. "Transportation in Muvattupuzha".
  41. "Economy and history of Muvattupuzha".
  42. "Census data". www.censusindia.gov.in. 2011. http://www.censusindia.gov.in/2011-prov-results/data_files/kerala/Final_Kerala_Paper_1_Pdf.pdf.
  43. "മൂവാറ്റുപുഴ തേനി ഹൈവേ നിര്‍മാണം പുരോഗമിക്കുന്നു". Archived from the original on 2011-07-14. https://web.archive.org/web/20110714082856/http://www.metrovaartha.com/2009/01/09150145/MUVATTUPUZHATHENIROAD.html আহৰণ কৰা হৈছে: 2010-02-24.
  44. http://www.mathrubhumi.com/localnews/story.php?id=151874&v_id=73[সংযোগবিহীন উৎস]
  45. "Geography of Muvattupuzha".
  46. "Wikimapia - Let's describe the whole world!". wikimapia.org. http://wikimapia.org/#lat=9.9642857&lon=76.5966797&z=13&l=0&m=t.
  47. "മൂവാറ്റുപുഴ പാലത്തിന്‌ 95". Archived from the original on 2011-07-14. https://web.archive.org/web/20110714082630/http://www.metrovaartha.com/2008/12/31142059/muvattupuzha-bridge.html আহৰণ কৰা হৈছে: 2010-02-24.
  48. "Kinfra park at Nellad fully occupied". The Hindu (Chennai, India). 2007-11-13. Archived from the original on 2007-11-16. https://web.archive.org/web/20071116042335/http://www.hindu.com/2007/11/13/stories/2007111351131700.htm.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Muvattupuzha ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা