সমললৈ যাওক

মুমতাজ শান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুমতাজ শান্তি

১৯৪৩ চনত পোষ্টাৰৰ বাবে প’জ দিয়া অৱস্থাত শান্তি
জন্ম মুমতাজ বেগম
২৮ মে', ১৯২৬
দিংগা, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯ অক্টোবৰ, ১৯৮৯ (৬৩ বছৰ)
লাহোৰ, পাকিস্তান
অন্য নাম দ্য জুবিলী গাৰ্ল[1]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৩৭- ১৯৫২
দাম্পত্যসঙ্গী ৱালি চাহিব
সন্তান


মুমতাজ শান্তি (ইংৰাজী: Mumtaz Shanti ; ২৮ মে' ১৯২৬ – ১৯ অক্টোবৰ ১৯৮৯) ভাৰত বিভাজনৰ পূৰ্বৰ ভাৰতীয় চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী আছিল।[1] ১৯৪০ দশক আৰু লগতে ১৯৫০ দশকৰ আগচোৱাত বলীউডী ছবিত কাম কৰি বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু মনোৰঞ্জন জগতৰ পৰা সন্যাস লয়।

বসন্ত (১৯৪২) আৰু কিসমেত (১৯৪৩) ছবিত অভিনয় কৰাৰ বাবে তেওঁক "দ্য জুবিলী গাৰ্ল" নামেৰে জনা গৈছিল।[1] মংগতি (১৯৪২), বসন্ত (১৯৪২), বদলতী দুনিয়া (১৯৪৩), ধৰতী (১৯৪৬), ঘৰ কী ইজ্জত (১৯৪৮) আৰু আহুতি (১৯৫০) আদি ছবিত কাম কৰিছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৪০ দশক আৰু ১৯৫০ দশকৰ আগডোখৰত বসন্ত (১৯৪২), অশোক কুমাৰৰ সৈতে কিসমেত (১৯৪৩), ত্ৰিলোক কাপুৰৰ সৈতে বদলতি দুনিয়া আৰু ধৰতী আৰু নৱযুৱক দিলীপ কুমাৰৰ সৈতে ঘৰ কী ইজ্জত (১৯৪৮) আদি হিট ছবিৰে জৰিয়তে মুমতাজৰ কেৰিয়াৰ তুংগত আছিল।[3][4][5]

কিসমেত তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ হিট আছিল।[6][7][8] তেওঁ আৰু অশোক কুমাৰে অভিনয় কৰা ছবিখনে বক্স অফিচৰ ধন আহৰণৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছিল। কলকাতাৰ ৰক্সী ছবিগৃহত কিসমেত একেৰাহে তিনি বছৰ চলি অভিলেখ গঢ়িছিল। এই অভিলেখ ৩২ বছৰৰ পিছত শ্বোলেই ভংগ কৰে।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Mumtaz Shanti – Interview". Cineplot.com website. 20 August 2016. https://cineplot.com/mumtaz-shanti-interview/। আহৰণ কৰা হৈছে: 11 December 2022. 
  2. "Ghar Ki Izzat (1948)". Hindi Geet Mala website. https://www.hindigeetmala.net/movie/ghar_ki_izzat.htm। আহৰণ কৰা হৈছে: 11 December 2022. 
  3. "Profile of Mumtaz Shanti". Cineplot.com website. 21 June 2014. http://cineplot2.com/mumtaz-shanti-profile-filmography। আহৰণ কৰা হৈছে: 11 December 2022. 
  4. One Hundred Indian Feature Films: An Annotated Filmography. Routledge. পৃষ্ঠা. 109. 
  5. Bless You Bollywood!: A Tribute to Hindi Cinema on Completing 100 Years. পৃষ্ঠা. 108. 
  6. Bollywood: A Guidebook to Popular Hindi Cinema. Routledge. পৃষ্ঠা. 145. 
  7. Routledge Handbook of Indian Cinemas. Routledge. পৃষ্ঠা. 165. 
  8. Encyclopaedia of Hindi Cinema. পৃষ্ঠা. 446. 
  9. "Kismet: The biggest blockbuster before 'Sholay'". 7 October 2014. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/kismet-the-biggest-blockbuster-before-sholay/articleshow/44584350.cms. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]