মুমাইত খান
| মুমাইত খান | |
|---|---|
ফাট্টু চালাৰ ফাৰ্ষ্ট লুক মুকলি অনুষ্ঠানত খান | |
| জন্ম | ০১ ছেপ্টেম্বৰ, ১৯৮৫ (৪০ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | বোলছবি অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান |
মুমাইত খান (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।[1] তেওঁ মূলতঃ তেলুগু, হিন্দী আৰু তামিল ভাষাৰ বহুতো চলচ্চিত্ৰত আইটেম নাম্বাৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]খানৰ জন্ম ১৯৮৫ চনৰ ১ ছেপ্টেম্বৰত হৈছিল।[2] তেওঁ বোম্বাইত (বৰ্তমান মুম্বাই) জন্মগ্ৰহণ কৰিছিল আৰু তাতেই ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ পাকিস্তানৰ আৰু মাতৃ তিৰুচিৰাপল্লীৰ।[3]
কেৰিয়াৰ
[সম্পাদনা কৰক]খানে মূলতঃ তেলুগু, হিন্দী, তামিল আৰু কানাড়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। বোলছবিৰ উপৰি তেওঁ ঝলক দিখলা যা ৬ আৰু বিগ বছ তেলুগুৰ প্ৰথম ছিজনৰ দৰে ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰিছে।[2][4] বৰ্তমানলৈকে তেওঁ প্ৰায় ১০০খন ছবিৰ অংশ হৈছে। সঞ্জয় দত্ত অভিনীত হিট ছবি মুন্না ভাই এমবিবিএছত কৰা বিশেষ অভিনয়ে তেওঁলৈ জনপ্ৰিয়তা কঢ়িয়াই আনিছিল। ড্ৰাগছ সম্পৰ্কীয় অভিযোগৰ বিতৰ্কই তেওঁৰ কেৰিয়াৰত জোকাৰণি তুলিছিল, য’ত দক্ষিণৰ বহুতো তাৰকাকো সোধা-পোছা কৰা হৈছিল। মূল অভিযুক্ত কেলভিন মাছকেৰেনহাছৰ সৈতে তেওঁৰ সম্পৰ্কও তদন্তৰ কেন্দ্ৰবিন্দু আছিল।[5] এই অভিযোগসমূহৰ বাবেই ২০১৮ চনৰ জুলাই মাহত মৰ্মান্তিকভাৱে মুমাইতক বিগ বছ তেলুগু ছিজন ১-ৰ মাজভাগৰপৰাই উলিয়াই অনা হৈছিল যাতে দক্ষিণৰ চলচ্চিত্ৰ জগতৰ আন ২০ গৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে এটা ড্ৰাগছ ৰেকেটৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী দলে তেওঁক সোধা-পোছা কৰিব পাৰে। তদন্তৰ সময়ত তেওঁ নিজাববীয়াকৈ চুলি, তৰল পদাৰ্থ আৰু নখৰ নমুনা দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও তদন্তকাৰী দলে সেয়া অস্বীকাৰ কৰে।[6] পিছলৈ সোধা-পোছাৰ অন্ত পৰাৰ পাছত তেওঁ পুনৰ ৰিয়েলিটী শ্ব’টোলৈ ঘূৰি আহে।[7]
২০১৬ চনৰ ডিচেম্বৰ মাহত মুমাইত নিজৰ এপাৰ্টমেণ্টৰ বিছনাৰপৰা পৰি গৈ মূৰত আঘাত পাইছিল, যাৰ ফলত তেওঁৰ মগজুৰ স্নায়ু ক্ষতিগ্ৰস্ত হৈছিল। তেওঁ ১৫ দিন ধৰি ক’মাত আছিল আৰু চিকিৎসকে কৈছিল যে চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ পিছত সুস্থ হ’বলৈ তেওঁক দুবছৰ সময় লাগিব। পৰৱৰ্তী সময়ত ইয়াৰ ফলত কিছুমান স্নায়বিক সমস্যা যেনে চিজাৰ আদিৰ সৃষ্টি হয় আৰু যোৱা দুবছৰ ধৰি তেওঁ ঔষধ সেৱন কৰি আছে। চিকিৎসকে তেওঁক ব্যায়ামাগাৰৰপৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়াৰ বাবে ইয়াৰ ফলত তেওঁৰ ওজনো বৃদ্ধি পায়। তেতিয়াৰপৰাই তেওঁ লাহে লাহে নিজৰ শৰীৰটো পুনৰ গঢ় দিয়াৰ চেষ্টা চলাইছে আৰু পুনৰ অভিনয়লৈ ঘূৰি অহাৰ ক্ষেত্ৰত আশাবাদী।[8]
খানে তেলুগু হৰৰ বোলছবি হেজাৰ জৰিয়তে পুনৰ অভিনয়লৈ ঘূৰি আহে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ramesh, Randeep (5 April 2016). "Muslim India struggles to escape the past". The Guardian. https://www.theguardian.com/world/2006/apr/05/india.randeepramesh1.
- 1 2 "चार लिव इन रिलेशन, ड्रग्स और 27 लाख की सर्जरी, ऐसी है इस एक्ट्रेस की लाइफ" (hi ভাষাত). Times Now. 1 September 2018. Archived from the original on 30 July 2019. https://web.archive.org/web/20190730104722/https://hindi.timesnownews.com/bollywood/bollywood/photo-story/mumaith-khan-birthday-mumaith-khan-27-lakh-surgery-four-live-in-relation-drugs-scandal-controversy/278203.
- ↑ "Mumaith Khan Exclusive Interview || Talking Movies With iDream #275" (en ভাষাত). iDream Telugu Movies. 29 December 2016. https://www.youtube.com/watch?v=e6Qlc9s6EcE&t=1441। আহৰণ কৰা হৈছে: 26 September 2019. "Starts at 24.00"
- ↑ "Mumaith Khan - Bigg Boss Telugu contestant: Biography" (en ভাষাত). The Times of India. 9 August 2017. https://timesofindia.indiatimes.com/tv/news/telugu/mumaith-khan-bigg-boss-telugu-contestant-biography/articleshow/59992450.cms.
- ↑ "Mumaith Khan – Bigg Boss Telugu contestant: Biography" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/tv/news/telugu/mumaith-khan-bigg-boss-telugu-contestant-biography/articleshow/59992450.cms.
- ↑ "Tollywood drug case: Actress Mumaith Khan grilled, Ravi Teja to appear before SIT next". The News Minute. 28 July 2017. https://www.thenewsminute.com/article/tollywood-drug-case-actress-mumaith-khan-grilled-ravi-teja-appear-sit-next-65861। আহৰণ কৰা হৈছে: 8 July 2019.
- ↑ "Hyderabad drugs scandal: Mumaith Khan questioned by SIT officials". Bangalore Mirror. 28 July 2017. https://bangaloremirror.indiatimes.com/news/india/hyderabad-drugs-scandal-mumaith-khan-questioned-by-sit-officials/articleshow/59793911.cms.
- ↑ M, Suman (25 February 2021). "'I have 9 titanium wires in my brain', Mumaith Khan". Gulte. https://www.gulte.com/movienews/63642/i-have-9-titanium-wires-in-my-brain-mumaith-khan। আহৰণ কৰা হৈছে: 24 August 2023.
- ↑ "Heza Teaser | Munna Kasi, Mumait Khan, Nutan Naidu". 4 July 2019. https://www.youtube.com/watch?v=CGXouP64_sY। আহৰণ কৰা হৈছে: 8 July 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত মুমাইত খান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Mumait Khan সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ফেইচবুকত মুমাইত খান