সমললৈ যাওক

মুম্বাই কাটিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুম্বাই কাটিং

পোষ্টাৰ
পৰিচালক
প্ৰযোজক
  • সীমান্ত ৰায়
  • সম্ৰাট সেনগুপ্ত
  • নিয়তি শাহ
  • মেৰাজ শেখ
  • (ছাহাৰা ৱান
  • হোৱাইট ক্লাউড
সংগীত পৰিচালক জিত গাংগুলী
মুক্তি
২৭ এপ্ৰিল ২০০৮ (2008-04-27) (IFFLA)
দৈৰ্ঘ্য
১৩০ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

মুম্বাই কাটিং (ইংৰাজী: Mumbai Cutting ) ২০০৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এঘাৰখন চুটিছবিৰ এখন এন্থ’ল’জী চলচ্চিত্ৰ। মুম্বাইৰ জীৱনৰ আধাৰত এঘাৰটা ভিন্ন গল্প কোৱা ছবিখনৰ প্ৰতিটো গল্প ভিন্ন ভিন্ন পৰিচালকে পৰিচালনা কৰিছে। পৰিচালকসকল হ’ল- অনুৰাগ কাশ্যপ, সুধীৰ মিশ্ৰ, ৰাহুল ঢোলাকিয়া, কুন্দন শ্বাহ, ৰেৱতী, জাহ্নু বৰুৱা, ঋতুপৰ্ণ ঘোষ, শশাংক ঘোষ, ৰুচি নাৰায়ণ, আয়ুষ ৰাইনা আৰু মনীষ ঝা।[1][2] ইয়াৰে এটা গল্পৰ সংগীত ৰচনা কৰিছিল ইলায়াৰাজাই।

ছবিখন প্ৰযোজনা কৰিছে চাহাৰা ৱান আৰু হোৱাইটক্লাউড প্ৰডাকচনে।

ছবিসমূহ

[সম্পাদনা কৰক]
ক্ৰম ছবি পৰিচালক
অনজানে দোস্তজাহ্নু বৰুৱা
বোম্বাই মুম্বাই চেম ছিটৰাহুল ঢোলাকিয়া
আৰ্জঋতুপৰ্ণ ঘোষ
১০ মিনিটশশাংক ঘোষ
এণ্ড ইট ৰেইনড্মনিষ ঝা
প্ৰমোদ ভাই ২৩অনুৰাগ কাশ্যপ
দ্য বলসুধীৰ মিশ্ৰ
জো পল্টি নহী ৱ’ ৰিক্সা ক্যাৰুচি নাৰায়ণ
বোম্বে হাইআয়ুষ ৰেইনা
১০পাৰ্চেলৰেৱতী
১১হিৰোকুন্দন শাহ

২০০৮ চনৰ লছ এঞ্জেলছত আয়োজিত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি ছবি হিচাপে ২০০৮ চনৰ ২৭ এপ্ৰিলত আৰ্কলাইট হলিউডত মুম্বাই কাটিঙৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হয়। তাৰ পিছত একে বছৰৰে জুলাই মাহত ই দশম অ’ছিয়ান চলচ্চিত্ৰ মহোৎসৱৰো[3] সামৰণি ছবি আছিল।[4] অৱশ্যে এইখন ব্যৱসায়িকভাৱে মুক্তি পোৱা নাছিল।[5]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]