সমললৈ যাওক

মুয়েচাৰ আব্দুল্লাহেদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুয়েচাৰ আব্দুল্লাহেদ
জন্ম ঘুলজা, চীন
ছদ্মনাম হেনদান
পেচা কবি; শিক্ষয়িত্ৰী
ভাষা উইগুৰ ভাষা
নাগৰিকত্ব তুৰস্ক
ৱেবছাইট facebook.com/AyhanEducation

মুয়েচাৰ আব্দুল্লাহেদ এগৰাকী উইগুৰ কবি আৰু শিক্ষয়িত্ৰী। তেওঁ চীন চৰকাৰৰ কৰ্তৃপক্ষৰদ্বাৰা উইগুৰ লোকসকলক আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে। তেওঁ প্ৰবাসী উইগুৰ শিশুসকলক উইগুৰ ভাষা শিক্ষাদান কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮০ চনৰ মাজভাগত বৰ্তমানৰ চীনৰ অন্তৰ্গত চিনজিয়াং উইগুৰ স্বায়ত্তশাসিত অঞ্চলৰ উত্তৰ দিশৰ ঘুলজা চহৰত মুয়েচাৰৰ জন্ম হৈছিল।[1] তেওঁ বেইজিং বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল আৰু তাৰ পিছত মালয়েছিয়াৰ এখন বিশ্ববিদ্যালয়ৰপৰা জনস্বাস্থ্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[1] স্নাতক মহলাত পঢ়ি থকা সময়ছোৱাতে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ পিছত সৃজনমূলক লিখনিক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৩ চনত মুয়েচাৰ তুৰস্কলৈ স্থানান্তৰিত হয় আৰু 'আয়হান এডুকেচন' নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰে, যাৰ উদ্দেশ্য হৈছে প্ৰবাসী উইগুৰ সম্প্ৰদায়ৰ মাজত উইগুৰ ভাষাৰ বিকাশ ঘটোৱা।[1] তেওঁলোকৰ কামৰ ভিতৰত শিশুৰদ্বাৰা লিখিত এখন উইগুৰ ভাষাৰ আলোচনী প্ৰকাশ কৰাটোও অন্যতম।[2] এই আলোচনীখনৰ নাম হৈছে ফ'ৰ লিফ ক্লভাৰ[3] ক’ভিড-১৯ মহামাৰীৰ পূৰ্বে হেনদানে পোনপটীয়াকৈ ভাষাৰ পাঠদান কৰিছিল, কিন্তু মহামাৰীৰ পিছত তেওঁ ডিজিটেল মাধ্যমৰ জৰিয়তে শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰে আৰু ফলস্বৰূপে অধিকসংখ্যক শিক্ষাৰ্থীৰ ওচৰ চাপিবলৈ সক্ষম হয়।[2]

মুয়েচাৰৰ লিখনিত মূলতঃ আবদ্ধ শিবিৰত বাস কৰিবলৈ বাধ্য হোৱা উইগুৰ লোকসকলৰ অভিজ্ঞতা প্ৰকাশ পায়।[1] তেওঁৰ উপন্যাস খেইৰ-খুচ, কুয়াচ (বেলিৰপৰা বিদায়) হৈছে উইগুৰ আবদ্ধ শিবিৰৰ বৰ্ণনা কৰা প্ৰথমখন উপন্যাস।[1] তেওঁৰ কিছুমান কৰ্মই মহিলাৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰে, য’ত এগৰাকী পত্নীৰ দৃষ্টিভংগীৰপৰা লিখা এটা কবিতাও অন্তৰ্ভুক্ত আছে যাৰ স্বামী আবদ্ধ হৈ আছে।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২০ চনৰ তথ্য অনুসৰি হেনদান ইস্তানবুলত বাস কৰিছিল।[1] তেওঁ উল্লেখ কৰিছে যে কেনেকৈ তেওঁৰ দেউতাকে সামাজিক অশান্তিৰ বাবে পৰিয়ালটো কাৰাগাৰত বন্দী হোৱাৰ আশংকা কৰিছিল।[5] ২০১৭ চনত তেওঁ নিজৰ পৰিয়ালৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় আৰু তেওঁৰ মনত থকা 'বেচি থকাৰ অপৰাধবোধ' (survivor guilt) সম্পৰ্কে মুকলিকৈ কৈছে।[6] চীনৰ কৰ্তৃত্ববাদী চৰকাৰৰ হেঁচাত তেওঁৰ পৰিয়ালে তেওঁৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰিবলৈ বাধ্য হৈছিল, কাৰণ বিদেশত থকা আত্মীয়ৰ সৈতে যোগাযোগ কৰাটোও গ্ৰেপ্তাৰৰ এক কাৰণ হ’ব পাৰে।[7] তেওঁ বিশ্বাস কৰে যে তেওঁৰ সম্পৰ্কীয় ভাতৃ, পেছাদাৰী ফুটবল খেলুৱৈ এৰপাট আবলিক্ৰেম তেওঁৰ সৈতে যোগাযোগ কৰাৰ বাবেই আবদ্ধ হ’বলগীয়া হৈছিল।[7]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

২০২০ চনৰ ২৩ নৱেম্বৰত ঘোষিত বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।[8]

নিৰ্বাচিত গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • খেইৰ-খুচ, কুয়াচ (২০২০)[1]
  • মিচিং ইউ ইজ পেইনফুল (২০১২)[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 Freeman, Joshua L.. "Uighur Poets on Repression and Exile" (en ভাষাত). The New York Review of Books. https://www.nybooks.com/daily/2020/08/13/uighur-poets-on-repression-and-exile/ আহৰণ কৰা হৈছে: 2020-11-09.
  2. 1 2 Serhan, Story by Yasmeen. "Saving Uighur Culture From Genocide". The Atlantic. ISSN 1072-7825. https://www.theatlantic.com/international/archive/2020/10/chinas-war-on-uighur-culture/616513/.
  3. "The Capital of East Turkestan Is Now in Turkey" (en-GB ভাষাত). News About Turkey. https://newsaboutturkey.com/2019/10/05/the-capital-of-east-turkestan-is-now-in-turkey/ আহৰণ কৰা হৈছে: 2020-11-09.
  4. "Corona, Moria und unser europäisches Wir.". cms.falter.at. https://cms.falter.at/blogs/athurnher/2020/09/12/corona-moria-und-unser-europaeisches-wir/ আহৰণ কৰা হৈছে: 2020-11-09.
  5. "Uygurs reflect on 10th anniversary of deadly riots in Xinjiang" (en ভাষাত). South China Morning Post. 2019-07-05. https://www.scmp.com/news/china/politics/article/3017378/uygurs-experts-reflect-10th-anniversary-deadly-riots-xinjiang আহৰণ কৰা হৈছে: 2020-11-09.
  6. "'The Night Is Thick': Uyghur Poets Respond To The Disappearance Of Their Relatives" (en-US ভাষাত). World Uyghur Congress. 2019-03-07. https://www.uyghurcongress.org/en/culturefeaturedpoliticsthe-night-is-thick-uyghur-poets-respond-to-the-disappearance-of-their-relatives/ আহৰণ কৰা হৈছে: 2020-11-09.
  7. 1 2 "Relatives of China's oppressed Muslim minority are getting blocked online by their own family members, who are terrified to even tell them how bad their lives are" (en-US ভাষাত). Campaign for Uyghurs. 2019-05-17. Archived from the original on 2020-11-10. https://web.archive.org/web/20201110043004/https://campaignforuyghurs.org/relatives-of-chinas-oppressed-muslim-minority-are-getting-blocked-online-by-their-own-family-members-who-are-terrified-to-even-tell-them-how-bad-their-lives-are/ আহৰণ কৰা হৈছে: 2020-11-09.
  8. "BBC 100 Women 2020: Who is on the list this year?" (en-GB ভাষাত). BBC News. 2020-11-23. https://www.bbc.co.uk/news/world-55042935.
  9. "Missing you is painful". www.goodreads.com. https://www.goodreads.com/work/best_book/46839687-missing-you-is-painful-life-after-loved-ones-gone আহৰণ কৰা হৈছে: 2020-11-09.