মুলতানী লিপি
মুলতানী 𑊠𑊂𑊣𑊖𑊀𑊚𑊁 | |
---|---|
![]() An excerpt of printed Multani, 1880 | |
প্ৰকাৰ | এবুগিডা |
ভাষা | চাৰাইকি |
সময় | c. 18th–20th century CE |
মাতৃ লিপি | |
ভগ্নী লিপি | গুৰুমুখী, খুদাবাদী, খোজকী, মহাজনী |
ইউনিক'ড ৰে'ঞ্জ | U+11280– U+112AF Final Accepted Script Proposal |
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
ব্ৰাহ্মী লিপি |
---|
ব্ৰাহ্মী লিপি আৰু ইয়াৰ উদ্ভৱসমূহ |
উত্তৰ ব্ৰাহ্মী
|
মুলতানী লিপি (ইংৰাজী: Multani Script)মুলতানী হৈছে পঞ্জাৱৰ মুলতান অঞ্চল আৰু পাকিস্তানৰ উত্তৰ সিন্ধুঅঞ্চলত উদ্ভৱ হোৱা ব্ৰাহ্মী লিপি। ইয়াক চাৰাইকি লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল, যাক প্ৰায়ে লাহণ্ডা ভাষাৰ গোটৰ উপভাষা বুলি গণ্য কৰা হয়।[1] মুলতানী লিপি নিয়মীয়া লিখন আৰু বাণিজ্যিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল। মুলতানী লিপি হৈছে চাৰিটা লাণ্ডা লিপিৰ ভিতৰত এটা যাৰ ব্যৱহাৰ মাৰ্কেণ্টাইল ডমেইনৰ বাহিৰত সম্প্ৰসাৰিত কৰা হৈছিল আৰু সাহিত্যিক কাৰ্যকলাপ আৰু মুদ্ৰণৰ বাবে আনুষ্ঠানিক কৰা হৈছিল; আনবোৰ হৈছে গুৰমুখী, খোজকী আৰু খুদাবাদী। যদিও মুলতানী এতিয়া অপ্ৰচলিত এই লিপি হৈছে এক ঐতিহাসিক লিপি য'ত লিখিত আৰু মুদ্ৰিত ৰেকৰ্ড বিদ্যমান আছে।[2]ইয়াক কাৰিক্কি আৰু চৰাই বুলিও জনা গৈছিল।
পৃষ্ঠভূমি আৰু উৎপত্তি
[সম্পাদনা কৰক]মুলতানী লিপিৰ মূল শিপা ব্ৰাহ্মীৰ পৰা আহিছে। মুলতানী লিপি লাণ্ডা লিপিৰ পৰা উদ্ভৱ হৈছিল,যি সাৰদা লিপিৰ এক ডেৰিভেটিভ। মুলতানী লিপিৰ অন্যান্য লাণ্ডা লিপি যেনে খোজকি আৰু খুদাৱাড়ীৰ সৈতেও সাদৃশ্য দেখা যায়।[3]
ব্যৱহাৰ
[সম্পাদনা কৰক]মুলতানী লিপি নিয়মীয়া লিখন আৰু বাণিজ্যিক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল। উনবিংশ শতিকাৰ আৰম্ভণিতে ইয়াক সাহিত্যত ব্যৱহাৰৰ বাবে অভিযোজিত কৰা হৈছিল যেতিয়া বেপ্টিষ্ট মিছনেৰী প্ৰেছে খ্ৰীষ্টান সাহিত্য মুদ্ৰণ কৰাৰ বাবে লিপিৰ বাবে ধাতুৰ ফণ্ট প্ৰস্তুত কৰিছিল। মুলতানি লিপিত মুদ্ৰিত প্ৰথম কিতাপখন আছিল 'নতুন নিয়ম '(১৮১৯)। উনবিংশ শতিকাৰ শেষৰফালে ব্ৰিটিছ প্ৰশাসনে আৰবী লিপিক সিন্ধু ভাষাৰ মানদণ্ড হিচাপে প্ৰৱৰ্তন কৰে। যাৰ ফলত অঞ্চলটোৰ লাণ্ডা লিপিৰ মৃত্যু হয়। মুলতানী লিপি এতিয়া ব্যৱহাৰ কৰা নহয় আৰু পাঞ্জাৱী ভাষা এতিয়া পাকিস্তানত শ্বাহমুখী আৰু ভাৰতত গুৰমুখী ব্যৱহাৰ কৰি লিখে।[4]
বৰ্ণসমূহ
[সম্পাদনা কৰক]উনবিংশ শতিকাৰ সময়ছোৱাত দুটা পৃথক শৈলী দেখা যায়। পৰৱৰ্তী শৈলীয়ে মূল শৈলীৰ এক সৰলীকৃত সংস্কৰণ প্ৰতিনিধিত্ব কৰে। মুলতানী লিপি এবুগিডাতকৈ এবজাদ হিচাপেও অধিক কাম কৰে। কিয়নো শব্দটো একবৰ্ণীয় নোহোৱালৈকে স্বৰবৰ্ণ চিহ্নিত নহয় আৰু যিহেতু কোনো নিৰ্ভৰশীল স্বৰবৰ্ণ চিহ্ন নাই। কেৱল স্বতন্ত্ৰ চিহ্ন যিবোৰ শব্দৰ আৰম্ভণিতে ওলাব পাৰে, আন ইণ্ডিক লিপিৰ দৰে। ইয়াত কোনো বিৰাম নাই আৰু ব্যঞ্জনবৰ্ণ গোটবোৰ স্বতন্ত্ৰ ব্যঞ্জনবৰ্ণৰ সৈতে লিখা হয়। এটা শাখাচিহ্ন বিৰাম চিহ্ন আছে যাক চিনাক্ত কৰা হৈছে। স্বতন্ত্ৰ স্বৰবৰ্ণ যাৰ ভিতৰত মাত্ৰ চাৰিটা আছে, ফোনোলজিকেল তাৰতম্যৰ উপৰিও স্বতন্ত্ৰ স্বৰবৰ্ণৰ চুটি আৰু দীঘল দুয়োটা ৰূপ প্ৰতিনিধিত্ব কৰে আৰু 'i' য়ে কেতিয়াবা 'ya' প্ৰতিনিধিত্ব কৰে। অৱশেষত বহুতো ব্যঞ্জনবৰ্ণই একাধিক শব্দ প্ৰতিনিধিত্ব কৰে আৰু সংখ্যাবোৰে মুখ্যতঃ গুৰমুখীত পোৱা শব্দবোৰক প্ৰতিনিধিত্ব কৰে। ৬ আৰু ৭ ৰ বাহিৰে বাকী সংখ্যাবোৰ দেৱনাগৰীৰ সৈতে অধিক নিবিড়ভাৱে সাদৃশ্য থকা দেখা যায়।
ইউনিক'ড
[সম্পাদনা কৰক]২০১৫ ৰ জুনত সংস্কৰণ ৮.০ মুকলি কৰা হয় আৰু মুলতানি লিপি ইউনিকোড মানকত যোগ কৰা হৈছিল।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Frawley, William (May 2003) (en ভাষাত). International Encyclopedia of Linguistics: 4-Volume Set. Oxford University Press, USA. ISBN 978-0-19-513977-8. https://books.google.com/books?id=sl_dDVctycgC&dq=Multani+Saraiki+Lahnda&pg=RA2-PA199.
- ↑ Pandey, Anshuman (2012-09-25). "N4159: Proposal to Encode the Multani Script in ISO/IEC 10646". Working Group Document, ISO/IEC JTC1/SC2/WG2. https://www.unicode.org/L2/L2012/12316-multani.pdf.
- ↑ Grierson, George A. 1919. The Linguistic Survey of India. Vol. VIII. Indo-Aryan Family. North-Western Group. Part III. Sindhī and Lahndā. Calcutta: Office of the Superintendent of Government Printing, India.
- ↑ Serampore Missionaries. 1819. The Holy Bible containing the Old and New Testaments translated from the originals into the Mooltani Language. Vol II – Containing the New Testament. Serampore: Mission Press