মূৰা দেৱালয়
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
| মুৰা দেৱালয় | |
|---|---|
| স্থান | |
| দেশ | ভাৰত |
| ৰাজ্য/ অঞ্চল | অসম |
| জিলা | দৰং জিলা |
| স্থাপত্য আৰু সংস্কৃতি | |
| মুখ্য দেৱ/ দেৱী | শিৱ, দেৱী, কৃষ্ণ, সৰস্বতী, |
| প্ৰধান উৎসৱ | দৌল |
মূৰা দেৱালয় হৈছে অবিভক্ত দৰং জিলাৰ আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন অতি প্ৰাচীন আৰু শক্তিশালী পীঠস্থান। স্থানীয় লোকসকলৰ মাজত ই দ্বিতীয় কামাখ্যা ৰূপেও জনাজাত। এইখন মূলতঃ দেৱীপীঠ যদিও ইয়াত গণেশ, শিৱ, পাৰ্বতী, বিষ্ণু, কামাখ্যা, দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালী আদি বহু দেৱ-দেৱীৰ থানো আছে। দৈনিক অলেখ ভক্তৰ সমাগম হোৱা এই পীঠস্থানখনত পূৰ্বতে হেনো নৰবলিও হৈছিল। কামাখ্যা মন্দিৰৰ লগত ইয়াৰ সম্পৰ্কও মনকৰিব লগীয়া। দুৰ দুৰনিৰ পৰা ইয়ালৈ বিভিন্ন ভক্তৰ সমাগম হোৱা দেখা যায়। মন্দিৰটোত থকা শিলখণ্ড আৰু মূৰ্তিবোৰ অতি প্ৰাচীন। এই মন্দিৰৰ ভিতৰত যি পানী আছে অতীতত কালৰ পৰা আছে। এই পানী খিনি মন্দিৰৰ পশ্চিমৰ ফালে থকা পুখুৰী লগত সংযোগ আছে।
উৎপত্তি
[সম্পাদনা কৰক]দক্ষ ৰজাৰ জীয়ৰী সতীয়ে পিতৃৰ অমান্তিত মহাদেৱৰ সৈতে বিবাহ হৈছিল। এবাৰ দক্ষ ৰজাই যজ্ঞ পাতি সকলো দেৱ দেৱীক নিমন্ত্ৰণ দিছিল। কিন্তু নিজৰ জী-জোৱাই সতী আৰু শিৱক যজ্ঞত নিমন্ত্ৰণ দিয়া নাছিল। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হয়। যজ্ঞস্থলীত জীয়েকক দেখি দক্ষ ৰজাৰ খং উঠে আৰু শিৱক ভৎসনা কৰিবলৈ আৰম্ভ কৰে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। সতীৰ বিয়োগত শিৱ বালিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰে। এনেদৰে ঘূৰি ফুৰোতে, অৱশেষত বিষ্ণুয়ে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ডিত কৰিছিল আৰু সেই সতী দেহৰ অংগ যি ঠাইত পৰিলে সেই নামেৰেই নামাকৰণ হৈ এই তীৰ্থস্থান নিৰ্মান হৈছিল। এই ঠাইত সতীৰ মুৰ অংশ পৰিছিল বাবে মূলা দেৱালয় বুলি কোৱা হয়।
দ্বিতীয়তে, কিছু কিছু লোকৰ মতে, কেন্দুকলাই আছিল কামাখ্যা দেৱীৰ পূজাৰী। তেওঁৰ পূজা অৰ্চনাত দেৱী মুগ্ধ হৈ, দৰ্শন দি হেনো নৃত্য কৰিছিল। এই কথাষাৰ ৰাজাই কেনেবাকৈ গম পায় আৰু ৰজাইয়ো দেৱীৰ নৃত্য চাবলৈ মন প্ৰকাশ কৰে। আৰু প্ৰতিজ্ঞা বদ্ধ আছিল কেন্দুকলাই পূজাৰী, যেতিয়া, ৰজাই তেওঁক মৃত্যুৰ ভাবুকি দিলে, অৱশেষত ৰজাৰ হাতত মৰাতকৈ দেৱীৰ হাতত মৰাই ভাল বুলি ভাবি তেওঁ ৰজাক সময় সীমা বান্ধি দিলে। আৰু যথা সময়ত তেওঁ আহি পূজাৰ অৰ্চনাত দেৱী দৰ্শন দিব লগা হ'ল আৰু দ্বিতীয় জন ব্যক্তিৰ দৰ্শন পোৱা বাবত দেৱী কুন্ধাপীত হৈ কেন্দুকলাইৰ গালত এচৰ মাৰিছিল আৰু সেই চৰত তেওঁৰ মূৰটো চিঙি এই ঠাইত পৰিলে। এই ঠাইত পৰা কাৰনে ঠাইখিনিৰ নাম মূলা দেৱালয় হয়।