মূৰ্কংচেলেক ৰেলৱে ষ্টেচন
অৱয়ব
(মূৰ্কংচেলেকৰ পৰা পুনঃনিৰ্দেশিত)
| মূৰ্কংচেলেক | |
|---|---|
| ষ্টেচনৰ তথ্য | |
| ঠিকনা | মূৰ্কংচেলেক, জোনাই, ধেমাজী জিলা, অসম ভাৰতবৰ্ষ |
| উচ্চতা | ১৩২ মিটাৰ (433 ফুট) |
| লাইন | ৰঙিয়া–মূৰ্কংচেলেক শাখা |
| সংযোগ | অটো আস্থান, ৰিক্সা আস্থান |
| গঠনৰ প্ৰকাৰ | গ্ৰেডত |
| প্লে'টফৰ্ম | ৩ |
| ট্ৰেক | ৫ |
| পাৰ্কিং | |
| চাইকেলৰ সুবিধা | |
| আন তথ্য | |
| পুনঃনিৰ্মাণ | ২০১৫ |
| Electrified | চলিত |
| ষ্টেচন ক'ড | MZS |
| মণ্ডল | উত্তৰ-পূব সীমান্ত |
| ডিভিজন | ৰঙিয়া |
| অধিকাৰিত্ব | ভাৰতীয় ৰেল |
| অ'পাৰেটৰ | উত্তৰ-পূব সীমান্ত ৰেল |
| ষ্টেচন স্থিতি | একক ডিজেল লাইন |
| Traffic | |
| যাত্রী | ৫ হাজাৰ/প্ৰতিদিন |
| অৱস্থান | |
Location in Assam Location in India | |
মূৰ্কংচেলেক ৰেলৱে ষ্টেচন অসমৰ ধেমাজি জিলাৰ এক অন্যতম মূল ৰেলৱে ষ্টেচন। ইয়াৰ ক'ড হৈছে MZS। এই ৰেল ষ্টেচনখনে মূৰ্কংচেলেক অঞ্চল আৰু নিকটৱৰ্তী অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলৰ সেৱা আগবঢ়ায়। ষ্টেচনখনত মুঠ তিনিটা প্লেটফৰ্ম আছে। ষ্টেচনখন ষ্টেণ্ডাৰ্ড ক্লাছ ষ্টেচনলৈ উন্নীত কৰা হৈছে।[1][2][3][4] এইখন একমাত্ৰ ৰেলৱে ষ্টেচন যিয়ে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰে।
ষ্টেচনৰ বিৱৰণ
[সম্পাদনা কৰক]ষ্টেচনৰ বিন্যাস
[সম্পাদনা কৰক]| জি | ৰাস্তাৰ স্তৰ | প্ৰৱেশ/প্ৰস্থান আৰু টিকট্ ঘৰ |
| পি-১ | ফুট অভাৰব্ৰিজ, চাইড প্লেটফৰ্ম, বাওঁ/সোঁফালে ১ নং দুৱাৰ খোল খাব | |
| ট্ৰেক-১ | ||
| ট্ৰেক-২ | ||
| ফুট অভাৰব্ৰিজ, আইলেণ্ড প্লেটফৰ্ম, বাওঁ/সোঁফালে ২ নং দুৱাৰ খোল খাব | ||
| আইলেণ্ড প্লেটফৰ্ম, বাওঁ/সোঁফালে ৩ নং দুৱাৰ খোল খাব | ||
| ট্ৰেক-৩ | ||
| ট্ৰেক-৪ | মালবাহী ৰেলৰ বাবে | |
| ট্ৰেক-৫ | মালবাহী ৰেলৰ বাবে | |
প্লেটফৰ্মসমূহ
[সম্পাদনা কৰক]মুঠ ৩টা প্লেটফৰ্ম আৰু ৫টা ট্ৰেক আছে। প্লেটফৰ্মসমূহ ফুট অভাৰব্ৰিজদ্বাৰা সংযুক্ত কৰা হৈছে। এই প্লেটফৰ্মসমূহ ২৪টা ডবা এক্সপ্ৰেছ ট্ৰেইনৰ বাবে নিৰ্মাণ কৰা হৈছে। মূৰ্কংচেলেক ৰেলৱে ষ্টেচনত মালবাহী (সামগ্ৰী) ৰেল উঠোৱা আৰু নমাই অনাৰ বাবে এটা সুকীয়া মঞ্চ আছে।
ঘাই ৰেলসমূহ
[সম্পাদনা কৰক]- গুৱহাটীৰ–মূৰ্কংচেলেক লাচিত এক্সপ্ৰেছ।
- ৰঙিয়া–মূৰ্কংচেলেক এক্সপ্ৰেছ।
- ৰঙাপাৰা উত্তৰ–মূৰ্কংচেলেক যাত্ৰীবাহী।
- ডেকাৰগাঁও–মূৰ্কংচেলেক যাত্ৰীবাহী।
- মূৰ্কংচেলেক - লেডো ডিমো এক্সপ্ৰেছ(বিশেষ)।
- কাত্ৰা-মূৰ্কংচেলেক সাপ্তাহিক এছ এফ এক্সপ্ৰেছ।