মৃদুলা ভাটকাৰ
সন্মানীয় ন্যায়াধীশ মৃদুলা ভাটকাৰ Mridula Bhatkar | |
|---|---|
| বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ | |
| কাৰ্যকাল ১০ ফেব্ৰুৱাৰী ২০০৯ – ২৭ মে' ২০১৯ | |
| মনোনয়নকৰ্তা | কে জি বালাকৃষ্ণণ |
| নিয়োগকৰ্তা | এ পি জে আব্দুল কালাম |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২৮ মে', ১৯৫৭ (৬৮ বছৰ) |
| শিক্ষানুষ্ঠান | সাবিত্ৰীবাই ফুলে পুণে বিশ্ববিদ্যালয় |
মৃদুলা ভাটকাৰ (ইংৰাজী: Mridula Bhatkar; জন্ম ২৮ মে' ১৯৫৭) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰিছিল।
ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ থকা সময়ছোৱাত তেওঁ জলগাঁও ধৰ্ষণ গোচৰ, ২০০৬ চনৰ মুম্বাই ৰেল বোমা বিস্ফোৰণ, ২০০২ চনত বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণত গুজৰাট আৰক্ষী বিষয়া আৰু চিকিৎসকক দোষী সাব্যস্ত কৰাকে ধৰি কেইবাটাও উল্লেখযোগ্য গোচৰৰ বিচাৰ কৰিছিল।[1][2][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]ভাটকাৰে ১৯৮২ চনত মহাৰাষ্ট্ৰ আৰু গোৱাৰ বাৰ কাউন্সিলত নামভৰ্তি কৰি মহাৰাষ্ট্ৰৰ পুনেত আইন চৰ্চা কৰিছিল। ১৯৯০ চনৰ পৰা ১৯৯২ চনৰ ভিতৰত তেওঁ পুনেৰ আই এল এছ আইন মহাবিদ্যালয়ৰ অতিথি অধ্যাপক সদস্য আছিল আৰু লগতে সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগতো আইন আৰু সংবাদ মাধ্যমৰ পাঠ্যক্ৰম অধ্যাপনা কৰিছিল।[2]
১৯৯৩ চনৰ ২১ এপ্ৰিলত মুম্বাইত দেৱানী আৰু অধিবেশন ন্যায়াধীশ হিচাপে তেওঁ নিযুক্তি লাভ কৰে, আৰু পিছলৈ মহাৰাষ্ট্ৰৰ কলহাপুৰতো প্ৰধান ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০৮ চনত বোম্বাই উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধান হিচাপে তেওঁ নিযুক্তি লাভ কৰে আৰু ২০০৯ চনৰ ১০ ফেব্ৰুৱাৰীত বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ নিযুক্তি নোপোৱালৈকে সেই পদত কাৰ্যনিৰ্বাহ কৰে।[4]২০১৯ চনৰ ২৭ মে’ত তেওঁ ন্যায়িক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে।[2]
গুৰুত্বপূৰ্ণ ৰায়দান
[সম্পাদনা কৰক]পৰিয়াল আইন সম্পৰ্কীয় ৰায়দান
[সম্পাদনা কৰক]২০১১ চনত ভাটকাৰে জৈন ধৰ্মৰ এজন সদস্যই দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। যিয়ে যুক্তি দিছিল যে তেওঁৰ ৮ বছৰীয়া সন্তানে স্বেচ্ছাই বৈবাহিকতা আৰু আধ্যাত্মিকতাৰ ধৰ্মীয় ব্ৰত লৈছে। কিন্তু শিশু কল্যাণ সমিতিয়ে শিশুটিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰে।[5][6][7]
২০১২ চনত ভাটকাৰে ৰায় দিছিল যে আন পৰিয়ালে দত্তক লোৱা শিশুৰ জৈৱিক পিতৃ-মাতৃৰ পৰা সম্পত্তিৰ উত্তৰাধিকাৰী হোৱাৰ কোনো আইনী দাবী নাই৷[8][9]
অপৰাধমূলক আইন সম্পৰ্কীয় ৰায়দান
[সম্পাদনা কৰক]ভাৰতৰ ফৌজদাৰী আইন সম্পৰ্কীয় কেইবাটাও উল্লেখযোগ্য গোচৰত ভাটকাৰে ৰায়দান দিছে। ২০১০ চনত তেওঁ মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইনৰ অধীনত চোৰাংচোৱা আৰু জেৰাৰ অনুমোদন পৰীক্ষা কৰিবলৈ পৰ্যালোচনা সমিতি গঠন বিচৰা আবেদনৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল৷ তেওঁ কৈছিল যে এইটো এটা "আদৰণীয় পদক্ষেপ" হ'ব যদিও এয়া ৰাজ্য চৰকাৰৰ পদক্ষেপহে, আদালতৰ নহয়।[10]
২০১৭ চনৰ ১২ জানুৱাৰীত ভাটকাৰে পুনে টেচি হত্যাকাণ্ডৰ গোচৰত হিন্দু উগ্ৰপন্থী গোট হিন্দু ৰাষ্ট্ৰ সেনাৰ তিনিজন লোকক জামিন প্ৰদান কৰে। ভাটকাৰে ৰায় দিয়ে যে তিনিওজন আক্ৰমণকাৰীক ধৰ্মীয় কাৰণত, হিন্দু ৰাষ্ট্ৰ সেনাৰ নেতাসকলে আক্ৰমণ কৰিবলৈ উচটনি দিছিল৷ যিয়ে তেওঁলোকৰ জামিন প্ৰদানৰ নিৰ্দেশটোক ন্যায্যতা প্ৰদান কৰিছে। এই ৰায়দানক বহুলভাৱে সমালোচনা কৰা হৈছিল৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইয়াক পুনৰীক্ষণ কৰি আছে।[11][12][13]
২০১৮ চনত তেওঁ মহাৰাষ্ট্ৰ আৰক্ষীক তিৰস্কাৰ কৰিছিল যে আৰক্ষীয়ে ২০১৮ চনৰ ভীমা কোৰেগাঁও হিংসাৰ পিছত গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ বিৰুদ্ধে চলি থকা গোচৰৰ সম্পৰ্কত সংবাদ মাধ্যমৰ আগত তথ্য ফাদিল কৰিছিল।[14] ভাটকাৰে সাংবাদিক গৌৰী লংকেশক হত্যা কৰাৰ অভিযোগত অভিযুক্ত ব্যক্তিসকলক কৰ্ণাটকৰ পৰা মহাৰাষ্ট্ৰলৈ বদলি কৰাৰ অনুমতি প্ৰদান কৰে, যাতে পণ্ডিত-কৰ্মী নৰেন্দ্ৰ ডাভোলক আৰু গোবিন্দ পানছাৰেৰ হত্যাকাণ্ডৰ সম্পৰ্কত জেৰা কৰিব পৰা যায়।[15]
যৌন হিংসা সম্পৰ্কীয় ৰায়দান
[সম্পাদনা কৰক]যৌন কাৰ্য্যত সন্মতি নিয়ন্ত্ৰিত আইনখনৰ প্ৰতিও ভাটকাৰে উল্লেখযোগ্য ৰায়দান কৰিছে। ২০১৫ চনত ভাটকাৰে ১৫ বছৰীয়া নাবালক ছোৱালী এজনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ২০ বছৰীয়া এজন যুৱকক জামিন প্ৰদান কৰে৷ তেওঁৰ মতে এই সম্পৰ্কটো সন্মতিসূচক, যিয়ে জামিনৰ ন্যায্যতা প্ৰদান কৰে।[16]
২০০২ চনৰ গুজৰাটৰ ঘটনাৰ সময়ত বিলকিস বানোৰ বিৰুদ্ধে সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা এঘাৰজন লোকক দিয়া আজীৱন কাৰাদণ্ড বাহাল ৰাখি বিলকিছ বানোৱে দাখিল কৰা এটা গোচৰত ভাটকাৰে ৰায় দান দিছিল। ন্যায়াধীশ ভি কে তাহিলমণিৰ সৈতে তেওঁ কয় যে গুজৰাট আৰক্ষীয়ে ইচ্ছাকৃতভাৱে বানোৰ অভিযোগ লিপিবদ্ধ কৰাত ব্যৰ্থ হৈছে আৰু তদন্তত সক্ৰিয়ভাৱে বাধা দিয়াৰ ক্ষেত্ৰতো তেওঁলোক সহযোগী। দোষী সাব্যস্ত হোৱা লোকসকলৰ ভিতৰত আছিল ৬ জন আৰক্ষী। উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ নিৰ্দেশক সমৰ্থন কৰে, আৰু গুজৰাট চৰকাৰক বানোক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।[3][17]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ভাটকাৰে পুনে বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে একেটা শিক্ষানুষ্ঠানৰ পৰা আইন বিভাগৰ ডিগ্ৰী লাভ কৰে৷ তেওঁ সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2] তেওঁৰ স্বামী ৰমেশ ভাটকাৰ আছিল মাৰাঠী ছবি, টিভি, মঞ্চ অভিনেতা৷ তেওঁৰ ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মৃত্যু হয়৷ তেওঁলোকৰ এজন পুত্ৰ আছে।[18][19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Govt should consult judges while appointing public prosecutors: Justice Mridula Bhatkar" (en ভাষাত). The Indian Express. 2019-06-06. https://indianexpress.com/article/cities/mumbai/govt-should-consult-judges-while-appointing-public-prosecutors-justice-mridula-bhatkar-interview-5767556/। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ 2.0 2.1 2.2 2.3 "Hon'ble Former Justices: Mrs. Mridula Bhatkar". Bombay High Court. https://bombayhighcourt.nic.in/jshowpuisne.php?bhcpar=amdldGlkPTQwNiZwYWdlbm89MjE=.
- ↑ 3.0 3.1 "Bilkis Bano gangrape case verdict: Bombay HC convicts 5 Gujarat cops, 2 doctors, upholds life for 11" (en ভাষাত). The Indian Express. 2017-05-05. https://indianexpress.com/article/india/bilkis-bano-verdict-gujarat-2002-riots-bombay-hc-life-imprisonment-cbi-death-convicts-4640051/। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "Six new judges in Bombay HC" (en ভাষাত). The Times of India. 10 Feb 2009. https://timesofindia.indiatimes.com/city/mumbai/Six-new-judges-in-Bombay-HC/articleshow/4107891.cms। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "'˜Child diksha can't be tried under the Juvenile Justice Act'" (en ভাষাত). Mumbai Mirror. 5 June 2009. https://mumbaimirror.indiatimes.com/mumbai/cover-story/Child-diksha-cant-be-tried-under-the-Juvenile-Justice-Act/articleshow/15929406.cms। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ Sequeira, Rosy (30 November 2011). "Does diksha conflict with right to childhood, asks HC" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/mumbai/ampnbspDoes-diksha-conflict-with-right-to-childhood-asks-HC/articleshow/10924165.cms। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "Bal Diksha: Final hearing on August 1 - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/bal-diksha-final-hearing-on-august-1/970374/। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "HC: adopted child has no right in property of biological parents" (en ভাষাত). Hindustan Times. 2012-12-04. https://www.hindustantimes.com/mumbai/hc-adopted-child-has-no-right-in-property-of-biological-parents/story-y0DSynSW8Rcf2F9D2KMTVJ.html। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ Thomas, Shibu (3 December 2012). "Son given in adoption can't claim biological kin's assets" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/mumbai/Son-given-in-adoption-cant-claim-biological-kins-assets/articleshow/17457921.cms। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "High court rules out review of tough crime legislation" (en ভাষাত). Hindustan Times. 2010-05-10. https://www.hindustantimes.com/mumbai/high-court-rules-out-review-of-tough-crime-legislation/story-ySMPGRCiwrfbsdmsX8NtXJ.html। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "Bombay HC's controversial bail order in murder case under SC scanner" (en ভাষাত). Hindustan Times. 2017-02-17. https://www.hindustantimes.com/india-news/bombay-hc-s-controversial-bail-order-in-murder-case-under-sc-scanner/story-g6BJoMvwi667Ppp940Xs5M.html। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "'Provoked in the name of religion': Bombay HC grants bail to 3 murder accused" (en ভাষাত). Hindustan Times. 2017-01-15. https://www.hindustantimes.com/mumbai-news/bombay-high-court-grants-bail-to-3-murder-accused-says-they-were-provoked-in-the-name-of-religion/story-lJLRPcMgcRjAA6KejrKz5H.html। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "Not justice" (en ভাষাত). The Indian Express. 2017-02-15. https://indianexpress.com/article/opinion/columns/bombay-hcs-order-in-mohsin-sheikh-case-rewrites-jurisprudence-of-provocation-in-dangerous-ways-4482544/। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "Matter sub judice: HC questions Maharashtra police's media briefing in activists' arrest case" (en ভাষাত). Hindustan Times. 2018-09-03. https://www.hindustantimes.com/india-news/matter-sub-judice-hc-questions-maharashtra-police-s-media-briefing-in-activists-arrest-case/story-fPv8BrnCPi25jjuvmwH7lL.html। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "Gauri Lankesh murder accused, Amol Kale, associates to be shifted to Arthur Road jail from Bengaluru's Central Prison" (en ভাষাত). Hindustan Times. 2019-01-15. https://www.hindustantimes.com/india-news/gauri-lankesh-murder-accused-amol-kale-associates-to-be-shifted-to-arthur-road-jail-from-bengaluru-s-central-prison/story-ntheY9EqHlk5O8pkcomxEP.html। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "Mumbai HC finds 'mitigating circumstances' in rape case, accused gets bail" (en ভাষাত). The Indian Express. 2015-08-19. https://indianexpress.com/article/cities/mumbai/mumbai-hc-finds-mitigating-circumstances-in-rape-case-accused-gets-bail/। আহৰণ কৰা হৈছে: 2020-11-08.
- ↑ "SC orders Gujarat govt to pay ₹50 lakh compensation to Bilkis Bano" (en-IN ভাষাত). The Hindu. 2019-04-23. ISSN 0971-751X. https://www.thehindu.com/news/national/sc-orders-gujarat-govt-to-pay-50-lakh-compensation-to-bilkis-bano/article26919852.ece.
- ↑ "Veteran actor Ramesh Bhatkar passes away at 70" (en ভাষাত). 4 February 2019. https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/veteran-actor-ramesh-bhatkar-passes-away-at-70/articleshow/67834544.cms.
- ↑ "Actor Ramesh Bhatkar dies of cancer" (en ভাষাত). The Indian Express. 2019-02-05. https://indianexpress.com/article/entertainment/television/actor-ramesh-bhatkar-dies-of-cancer-5569178/। আহৰণ কৰা হৈছে: 2020-11-08.