মৃৎশিল্প

মৃৎশিল্প বুলিলে মাটি আৰু অন্যান্য কেঁচামালৰ সহায়ত তৈয়াৰ কৰা আৰু উচ্চ তাপমাত্ৰাত কঠিন আৰু দীঘলীয়া স্থায়িত্বযুক্ত ৰূপ দিয়া বস্তুসমূহৰ গঠন প্ৰক্ৰিয়া আৰু তাৰ ফলাফলক বুজায়। অসমীয়া ভাষাত মাটিৰ সামগ্ৰীৰ নিৰ্মাতাক কুমাৰ বুলি কোৱা হয়। ASTM International-এ ব্যৱহাৰ কৰা সংজ্ঞা অনুসৰি মৃৎশিল্প বুলিলে তাপ দি পোৰা মাটিৰ সকলো ধৰণৰ সামগ্ৰীক বুজোৱা হয় যদিও প্ৰযুক্তিগত, অগ্নিৰোধী আদি সামগ্ৰী ইয়াৰ অন্তৰ্ভুক্ত নহয়।[1]

চিত্ৰশিল্প আৰু পুৰাতত্ত্বৰ ক্ষেত্ৰত, বিশেষকৈ প্ৰাচীন আৰু প্ৰাগৈতিহাসিক যুগৰ ক্ষেত্ৰত, মৃৎশিল্প বুলিলে সাধাৰণতে কেৱল পাত্ৰক আদিক বুজোৱা হয়, আৰু একে সামগ্ৰীৰে তৈয়াৰ কৰা ভাস্কৰ্য প্ৰতিচ্ছবিসকলক টেৰাকোটা বুলি কোৱা হয়।[2]
মৃৎশিল্প হৈছে মানৱৰ আটাইতকৈ পুৰণি আৱিষ্কাৰসমূহৰ অন্যতম, যাৰ উৎপত্তি নিওলিথিক যুগৰ আগতেই হৈছিল। বৰ্তমানলৈকে পোৱা আটাইতকৈ পুৰণি মাটিৰ পাত্ৰসমূহ চীনৰ জিয়াংশি অঞ্চলত পোৱা গৈছে, যাৰ বয়স খ্ৰীষ্টপূৰ্ব ১৮,০০০ চনৰ আশে-পাশে বুলি ধৰা হয়।

মাটিৰ সামগ্ৰী সাধাৰণতে মাটিৰে ইচ্ছা অনুসৰি আকৃতি দিয়াৰ পিছত ইয়াক ৬০০°চেলচিয়াছৰ পৰা ১৬০০°চেলচিয়াছ পৰ্যন্ত উচ্চ তাপমাত্ৰাত তৈয়াৰ কৰা হয়। এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে বস্তুটো অধিক শক্তিশালী আৰু কঠোৰ ৰূপ লাভ কৰে। মাটিৰ সামগ্ৰীৰ বহুত অংশ হ'ল দৈনন্দিন ব্যৱহাৰোপযোগী, যদিও কিছু সামগ্ৰী শিল্প হিচাপেও বিবেচিত।
পৰম্পৰাগতভাৱে মাটিৰ সামগ্ৰীক তিনিভাগত ভাগ কৰা হয়: মৃৎপাত্ৰ, শিলাপাত্ৰ আৰু চীনামাটিৰ পাত্ৰ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 'Standard Terminology Of Ceramic Whitewares And Related Products.' ASTM C 242–01 (2007.) ASTM International.
- ↑ "terracottas (sculptural works)", Getty Art & Architecture Thesaurus