মেক্সিকো বিপ্লৱ
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মেক্সিকো বিপ্লৱ (ইংৰাজী : Mexican Revolution) হৈছে বিংশ শতিকাৰ প্ৰথমটো বৃহৎ সামাজিক আৰু ৰাজনৈতিক বিদ্ৰোহ। এই বিপ্লৱ ১৯১০ চনৰপৰা ১৯২০ চনৰ ভিতৰত উত্তৰ আমেৰিকাৰ দেশ মেক্সিকোত সংঘটিত হৈছিল। এই বিপ্লৱে মেক্সিকোৰ সমাজ, অৰ্থনীতি আৰু ৰাজনৈতিক ব্যৱস্থাত এক আমূল পৰিৱৰ্তন আনিছিল আৰু এখন আধুনিক মেক্সিকোৰ ভেটি স্থাপন কৰিছিল। এই বিপ্লৱৰ ফলত মেক্সিকোত ৩৫বছৰীয়া একনায়কত্ববাদী শাসনৰ অন্ত পৰে আৰু দেশখনত সাংবিধানিক গণৰাজ্যৰ প্ৰতিষ্ঠা হয়।[1]
বিপ্লৱৰ প্ৰধান কাৰণসমূহ
[সম্পাদনা কৰক]মেক্সিকো বিপ্লৱৰ আঁৰত কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণ জড়িত আছিল:
১. পৰফিৰিঅ' ডিয়াজৰ একনায়কত্ববাদ: ৰাষ্ট্ৰপতি পৰফিৰিঅ' ডিয়াজে প্ৰায় ৩৫ বছৰ ধৰি মেক্সিকোত একনায়কত্ববাদী শাসন চলাইছিল। তেওঁৰ শাসনকালত দেশখনত যথেষ্ট অৰ্থনৈতিক বিকাশ হৈছিল যদিও সাধাৰণ জনতাৰ গণতান্ত্ৰিক অধিকাৰসমূহ খৰ্ব কৰা হৈছিল।[2]
২. ভূমিৰ অসম বিতৰণ: মেক্সিকোৰ অধিকাংশ কৃষিভূমি কেইজনমান মুষ্টিমেয় ধনী জমিদাৰৰ হাতত আবদ্ধ আছিল। সাধাৰণ কৃষকসকলৰ নিজা মাটি নাছিল আৰু তেওঁলোকে অতি দৰিদ্ৰতাত দিন কটাবলগীয়া হৈছিল।
৩. অৰ্থনৈতিক শোষণ: বিদেশী বিনিয়োগকাৰী আৰু স্থানীয় পুঁজিপতিসকলে খনি আৰু উদ্যোগসমূহত শ্ৰমিকসকলক নিৰ্মমভাৱে শোষণ কৰিছিল। শ্ৰমিকসকলৰ মজুৰি আছিল অতি কম আৰু কামৰ পৰিৱেশ আছিল পুতৌজনক।
বিপ্লৱৰ গুৰুত্বপূৰ্ণ নেতাসকল
[সম্পাদনা কৰক]এই ঐতিহাসিক সংগ্ৰামত কেইবাজনো নেতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল:
- ফ্ৰাঞ্চিস্কো মাডেৰো (Francisco Madero): তেওঁ ডিয়াজৰ বিৰুদ্ধে প্ৰথমটো বিদ্ৰোহৰ আহ্বান জনাইছিল আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ হকে মাত মাতিছিল।[3]
- এমিলিয়ানো জাপাটা (Emiliano Zapata):তেওঁ দক্ষিণ মেক্সিকোৰ কৃষকসকলক একত্ৰিত কৰিছিল আৰু "মাটি আৰু স্বাধীনতা" (Land and Liberty) শ্লোগানেৰে ভূমি সংস্কাৰৰ তীব্ৰ দাবী তুলিছিল।
- পাঞ্চো ভিলা (Pancho Villa): উত্তৰ মেক্সিকোত তেওঁ এক শক্তিশালী সেনা গঠন কৰি ডিয়াজৰ চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ যুদ্ধ কৰিছিল।
বিপ্লৱৰ গতিধাৰা
[সম্পাদনা কৰক]১৯১০ চনত ফ্ৰাঞ্চিস্কো মাডেৰোৰ নেতৃত্বত বিপ্লৱৰ সূচনা হয়। জনসাধাৰণৰ প্ৰবল বিৰোধিতা আৰু সশস্ত্ৰ সংগ্ৰামৰ সন্মুখীন হৈ ১৯১১ চনত পৰফিৰিঅ' ডিয়াজে দেশ এৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত মাডেৰো ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় যদিও তেওঁৰ চৰকাৰ বেছি দিন তিষ্ঠি থাকিব নোৱাৰিলে আৰু ১৯১৩ চনত তেওঁক হত্যা কৰা হয়।
মাডেৰোৰ মৃত্যুৰ পাছত মেক্সিকোত এক ভয়ংকৰ গৃহ-যুদ্ধৰ আৰম্ভণি হয়। জাপাটা, ভিলা আৰু ভেনুষ্টিয়ানো কাৰাঞ্জাৰ দৰে নেতাসকলৰ মাজত আদৰ্শগত মতানৈক্য আৰু ৰাজনৈতিক ক্ষমতাৰ বাবে সংঘাত আৰম্ভ হয়। অৱশেষত কাৰাঞ্জাৰ নেতৃত্বাধীন গোটটোৱে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়।
ফলাফল আৰু প্ৰভাৱ
[সম্পাদনা কৰক]মেক্সিকো বিপ্লৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফল আছিল -'১৯১৭ চনৰ মেক্সিকোৰ নতুন সংবিধান' গ্ৰহণ। এই সংবিধানে দেশখনলৈ কেইবাটাও যুগান্তকাৰী পৰিৱৰ্তন আনিছিল:
- ভূমি সংস্কাৰ: বৃহৎ জমিদাৰী প্ৰথা বাতিল কৰি কৃষকসকলৰ মাজত মাটি বিতৰণৰ সাংবিধানিক ব্যৱস্থা কৰা হয়।
- শ্ৰমিকৰ অধিকাৰ: আঠ ঘণ্টাৰ কৰ্মদিন, ন্যূনতম মজুৰি আৰু ট্ৰেড ইউনিয়ন গঠনৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰা হয়।
- ৰাষ্ট্ৰীয়কৰণ: দেশৰ প্ৰাকৃতিক সম্পদ, বিশেষকৈ খনিজ সম্পদ আৰু তেলৰ ওপৰত বিদেশী নিয়ন্ত্ৰণ হ্ৰাস কৰি ৰাষ্ট্ৰৰ অধিকাৰ সাৱ্যস্ত কৰা হয়।
মেক্সিকো বিপ্লৱ কেৱল এক ক্ষমতা সলনিৰ ৰাজনৈতিক সংগ্ৰাম নাছিল, বৰঞ্চ ই আছিল শতিকাজোৰা শোষণ আৰু বৈষম্যৰ বিৰুদ্ধে সাধাৰণ জনতাৰ এক বৃহৎ জাগৰণ। প্ৰায় দহ বছৰ ধৰি চলা এই সংগ্ৰামৰ ফলতেই এখন সামাজিক ন্যায়ভিত্তিক, গণতান্ত্ৰিক আৰু প্ৰগতিশীল মেক্সিকোৰ জন্ম হৈছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Mexican Revolution". https://www.britannica.com/event/Mexican-Revolution। আহৰণ কৰা হৈছে: 24 June 2026.
- ↑ "A History of the Mexican Revolution". https://www.historytoday.com/archive/mexican-revolution। আহৰণ কৰা হৈছে: 24 June 2026.
- ↑ "8 Important People of the Mexican Revolution". https://www.thoughtco.com/important-people-of-the-mexican-revolution-2136695। আহৰণ কৰা হৈছে: 24 June 2026.