সমললৈ যাওক

মেক্স ৱেবাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেক্স ৱেবাৰ
Max Weber in 1918, facing right
Weber in 1918
জন্ম ২১ এপ্ৰিল, ১৮৬৪
Erfurt, Province of Saxony, Kingdom of Prussia
মৃত্যু ১৪ জুন, ১৯২০ (৫৬ বছৰ)
Munich, Bavaria, Weimar Republic
ধাৰা
আগ্ৰহ
  • History
  • economics
  • sociology
  • law
  • religion
উল্লেখযোগ্য কৰ্ম
প্ৰতিষ্ঠান
স্বাক্ষৰ

মেক্সমিলিয়ান কাৰ্ল এমিল ৱেবাৰ (/ˈvbər/; German: [ˈveːbɐ]German: [ˈveːbɐ]German: [ˈveːbɐ];[1] ২১ এপ্ৰিল ১৯৬৪  ১৪ জুন ১৯২০) আছিল এজন জাৰ্মান সমাজত্ববিদ, ইতিহাসবিদ, আইনবিদ আৰু ৰাজনৈতিক আৰ্থনীতিবিদ। যি সমাজতত্ব আৰু সমাজবিজ্ঞান সমূহক বিকাশ কৰাৰ ক্ষেত্ৰত এজন মূল ব্যক্তি আছিল।তেওঁৰ ধাৰণাসমূহে সমাজ তত্ত্ব আৰু গৱেষণাৰ ক্ষেত্ৰখনত বিশেষ ভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে।.

১৮৬৪ চনত এৰ্ফুৰ্টত (Erfurt) জন্মগ্ৰহণ কৰা ৱেবাৰে বাৰ্লিন, গটিংগেন (Göttingen) আৰু হাইডেলবাৰ্গত (Heidelberg) আইন তথা ইতিহাস বিষয়ত অধ্যয়ন কৰিছিল। ১৮৮৯ চনত আইনত ডক্টৰেট ডিগ্ৰী আৰু ১৮৯১ চনত উচ্চতৰ অধ্যাপনাৰ অৰ্হতা (habilitation) অৰ্জন কৰাৰ পিছত তেওঁ বাৰ্লিন, ফ্ৰাইবাৰ্গ আৰু হাইডেলবাৰ্গৰ দৰে স্থানত শিক্ষাদান কৰিছিল। ইয়াৰ দুবছৰৰ পাছতেই তেওঁ নিজৰ সম্পৰ্কীয় ভগ্নী মেৰিয়েন স্নিটজাৰক বিয়া কৰায়। ১৮৯৭ চনত দেউতাকৰ সৈতে হোৱা এক তৰ্কৰ পিছতে দেউতাকৰ আকস্মিক মৃত্যু হোৱাত ৱেবাৰ মানসিকভাৱে সম্পূৰ্ণৰূপে ভাগি পৰে। ইয়াৰ ফলস্বৰূপে তেওঁ অধ্যাপনা এৰি দিয়ে আৰু ১৯০০-ৰ দশকৰ আৰম্ভণিলৈকে ভ্ৰমণ কৰিয়েই সময় অতিবাহিত কৰে। পৰৱৰ্তী সময়ত তেওঁ পুনৰ সুস্থ হৈ উঠে আৰু তেওঁৰ বিখ্যাত গ্ৰন্থ 'দ্য প্ৰটেষ্টাণ্ট এথিক এণ্ড দ্য স্পিৰিট অৱ কেপিটেলিজম' (The Protestant Ethic and the Spirit of Capitalism) ৰচনা কৰে। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত প্ৰথমতে তেওঁ জাৰ্মানীৰ যুদ্ধ নীতিক সমৰ্থন কৰিছিল যদিও পিছলৈ ইয়াৰ সমালোচক হৈ পৰে আৰু দেশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পোষকতা কৰে। এই সময়ছোৱাতেই তেওঁ "ছায়েন্স এজ এ ভোকেশ্বন" (Science as a Vocation) আৰু "পলিটিক্স এজ এ ভোকেশ্বন" (Politics as a Vocation) শীৰ্ষক দুটা গুৰুত্বপূৰ্ণ বক্তৃতাও প্ৰদান কৰিছিল। যুদ্ধৰ অন্তত ৱেবাৰে 'জাৰ্মান ডেম'ক্ৰেটিক পাৰ্টি' প্ৰতিষ্ঠা কৰাত আগভাগ লয়। তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈ কৃতকাৰ্য হ'ব পৰা নাছিল যদিও, 'ৱেইমাৰ সংবিধান' প্ৰণয়নৰ ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ ভিয়েনা আৰু মিউনিকত পুনৰ অধ্যাপনাৰ কামো আৰম্ভ কৰিছিল। অৱশেষত ১৯২০ চনত, ৫৬ বছৰ বয়সত নিউম'নিয়াত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। যুদ্ধৰ পিছত বিয়পি পৰা 'স্পেনিছ ফ্লু' মহামাৰীৰ ফলতেই তেওঁ এই ৰোগত আক্ৰান্ত হৈছিল বুলি ধাৰণা কৰা হয়। তেওঁৰ মৃত্যুৰ ফলত 'ইকনমি এণ্ড চ'ছাইটি' (Economy and Society) নামৰ গ্ৰন্থখন অসম্পূৰ্ণ হৈয়েই ৰৈ যায়।

ৱেবাৰৰ অন্যতম প্ৰধান বৌদ্ধিক চিন্তনীয় বিষয় আছিল যুক্তিকৰণ (rationalisation) আৰু নিৰ্মোহকৰণ বা মোহভংগৰ (disenchantment) প্ৰক্ৰিয়াসমূহ বুজি উঠা।[2] তেওঁ এক মতবাদ আগবঢ়াইছিল য'ত কোৱা হৈছিল যে এই প্ৰক্ৰিয়াসমূহ পুঁজিবাদ আৰু আধুনিকতাৰ উত্থানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। নিজৰ 'দ্য প্ৰটেষ্টাণ্ট এথিক এণ্ড দ্য স্পিৰিট অৱ কেপিটেলিজম' (The Protestant Ethic and the Spirit of Capitalism) গ্ৰন্থত ৱেবাৰে যুক্তি দৰ্শাইছিল যে প্ৰটেষ্টাণ্ট ধৰ্মাৱলম্বীসকলৰ কৰ্ম-নৈতিকতাই আধুনিক পুঁজিবাদৰ সৃষ্টিত বিশেষ প্ৰভাৱ পেলাইছিল। ইয়াৰ পিছতেই তেওঁ 'দ্য ইকনমিক এথিক্স অৱ দ্য ৱৰ্ল্ড ৰিলিজিয়ন্স' (The Economic Ethics of the World Religions) ৰচনা কৰে, য'ত তেওঁ চীন, ভাৰত আৰু প্ৰাচীন ইহুদী ধৰ্মৰ বিষয়ে গভীৰভাৱে পৰ্যালোচনা কৰিছিল।[3] ৰাষ্ট্ৰ বা চৰকাৰৰ সন্দৰ্ভত ৱেবাৰে যুক্তি দিছিল যে এখন নিৰ্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত শক্তিৰ বৈধ প্ৰয়োগৰ ওপৰত থকা একচেটিয়া অধিকাৰেই হৈছে এখন ৰাষ্ট্ৰৰ প্ৰকৃত পৰিচয়। তেওঁ সামাজিক কৰ্তৃত্বক তিনিটা সুকীয়া ভাগত শ্ৰেণীভুক্ত কৰিছিল: চমৎকাৰী বা সহজাত (charismatic), পৰম্পৰাগত (traditional), আৰু যুক্তিসংগত-আইনী (rational-legal)।ইয়াৰ লগতে তেওঁ পদ্ধতিগত প্ৰত্যক্ষবাদ-বিৰোধী (methodological antipositivism) মতবাদৰো এজন মুখ্য প্ৰৱক্তা আছিল। তেওঁ সামাজিক কাৰ্যকলাপৰ অধ্যয়ন কেৱল পৰীক্ষামূলক বা অভিজ্ঞতাভিত্তিক পদ্ধতিৰ সলনি ব্যাখ্যামূলক পদ্ধতিৰে কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। এইসমূহৰ উপৰিও ৱেবাৰে অৰ্থনৈতিক সমাজতত্ত্ব, ৰাজনৈতিক সমাজতত্ত্ব আৰু ধৰ্মৰ সমাজতত্ত্বৰ ক্ষেত্ৰখনলৈ আন বহুতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে।

তেওঁৰ মৃত্যুৰ পিছত, ৱেইমাৰ প্ৰজাতন্ত্ৰৰ ৰাজনৈতিক অস্থিৰতা আৰু নাজী জাৰ্মানীৰ উত্থানৰ ফলত ৱেবাৰৰ দৰ্শনৰ ওপৰত হোৱা চৰ্চা বা গৱেষণাৰ প্ৰসাৰ লেহেমীয়া হৈ পৰিছিল। পৰৱৰ্তী সময়ত, অৰ্থাৎ যুদ্ধোত্তৰ যুগত টেলকট পাৰ্ছনছৰ নেতৃত্বত এই বিষয়ত সুসংগঠিত শৈক্ষিক গৱেষণাৰ সূত্ৰপাত ঘটে। ইয়াৰ বিকাশত আমেৰিকা আৰু ব্ৰিটেইনৰ আন বহুতো পণ্ডিতেও অৱদান আগবঢ়াইছিল। কুৰি শতিকাৰ সময়ছোৱাত, যেতিয়া ৱেবাৰৰ ৰচনাসমূহৰ অনূদিত ৰূপ সৰ্বত্ৰে উপলব্ধ হ'বলৈ ধৰিলে আৰু পণ্ডিতসকলে তেওঁৰ জীৱন তথা চিন্তাধাৰাৰ ওপৰত অধিক মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ খ্যাতি দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। এই নিৰন্তৰ চৰ্চা আৰু গৱেষণাৰ ফলশ্ৰুতিতেই, কাৰ্ল মাৰ্ক্স আৰু ইমাইল দুৰখেইমৰ সমান্তৰালভাৱে তেওঁকো সমাজতত্ত্বৰ এজন প্ৰতিষ্ঠাপক পিতৃপুৰুষ হিচাপে স্বীকৃতি দিয়া হ'ল। কেৱল সেয়াই নহয়, সামগ্ৰিকভাৱে সমাজ বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰতো তেওঁ অন্যতম মুখ্য ব্যক্তি হিচাপে পৰিগণিত হ'ল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ritzer & Wiedenhoft Murphy 2019, পৃষ্ঠা. 32; Newman 2017, পৃষ্ঠা. 175.
  2. "Max Weber's Key Contributions to Sociology". https://www.thoughtco.com/max-weber-relevance-to-sociology-3026500 আহৰণ কৰা হৈছে: 23 June 2026.
  3. "Weber’s Views on Religion". https://puresociology.com/webers-views-on-religion আহৰণ কৰা হৈছে: 23 June 2026.