মিথিংগা দৈমাৰী
| মিথিংগা দৈমাৰী | |
|---|---|
২০২৩ চনত মিথিংগা দৈমাৰী | |
| জন্ম | দীপক কছাৰী ১৭ মে', ১৯৬৭ (৫৮ বছৰ) নিজ জুলুকী, বাক্সা, অসম |
| অন্য নাম | দীপক দাস, মেগন কছাৰী |
| অপৰাধৰ স্থিতি | পেৰ’লত মুক্তি |
মিথিংগা দৈমাৰী (ওৰফে দীপক দাস, ওৰফে কবি মেগন কছাৰী) ১৯৯২ চনত পূৰ্বৰ প্ৰচাৰ সম্পাদক সিদ্ধাৰ্থ ফুকনৰ আত্মসমৰ্পণৰ পিছত নিষিদ্ধ সংগঠন আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক আছিল।[1][2][3] তেওঁৰ জন্ম হৈছিল অসমৰ নলবাৰী জিলাৰ বৰমা গাঁৱত[1][4] ১৯৬৭ চনৰ ১৭ মে'ত[4][5] আৰু জন্ম নাম আছিল দীপক কছাৰী।[5]
শিক্ষা
[সম্পাদনা কৰক]দৈমাৰীয়ে ১৯৮৬ চনত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু সেই বছৰতে আলফাত যোগদান কৰি আণ্ডাৰগ্ৰাউণ্ডলৈ যোৱাৰ বাবে তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে। পিছলৈ তেওঁ এই সংগঠনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হয়।[4]
গ্ৰেপ্তাৰ
[সম্পাদনা কৰক]২০০৩ চনৰ ডিচেম্বৰ মাহত অপাৰেচন অল ক্লিয়াৰৰ সময়ত ৰয়েল ভূটান আৰ্মীয়ে তেওঁক বন্দী কৰে।[1][2] ভূটান আৰ্মীয়ে তেওঁক ভাৰতীয় সেনাবাহিনীৰ হাতত গতাই দিয়ে আৰু ২০০৩ চনৰ ২০ ডিচেম্বৰত তেওঁক অসম আৰক্ষীৰ হাতত গতাই দিয়ে।[2] ‘‘মই চৰকাৰৰ আগত আত্মসমৰ্পণ নকৰোঁ আৰু শেষলৈকে যুঁজিম,’’ নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সম্মুখত হাজিৰ হোৱাৰ সময়ত দৈমাৰীয়ে আত্মপক্ষ সমৰ্থনত এনেদৰে কয়। তেওঁ আৰু কয় যে, ভূটানৰ এই অভিযান একেবাৰে অপ্ৰত্যাশিত আছিল।[6] ভাৰত চৰকাৰ আৰু আলফাৰ মাজত শান্তি আলোচনাৰ বাবে তেওঁ এতিয়া জেলৰ পৰা মুকলি কৰি দিয়া হৈছে।[5] গ্ৰেপ্তাৰৰ পিছত তেওঁৰ উত্তৰাধিকাৰী হৈছিল অপূৰ্ব বৰুৱা।
কবিতা
[সম্পাদনা কৰক]দৈমাৰীয়ে মেগন কছাৰী ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল আৰু তেওঁৰ তিনিখন কবিতা সংকলন আছে। ২০০৬ চনত ফ্ৰেংকফৰ্টৰ বিশ্ব গ্ৰন্থমেলাত তেওঁৰ কিছুমান কবিতাৰ ইংৰাজীত মুকলি অনুবাদ কৰা হয়।[1] Melodies and Guns (ISBN 9788174765802) হৈছে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই ইউবিএছপিডিয়ে প্ৰকাশ কৰা তেওঁৰ কবিতা সংকলন। মেমচাহাব পৃথিৱী হৈছে তেওঁৰ অসমীয়া কবিতা সংকলন[7]) যিখন প্ৰদীপ আচাৰ্য আৰু মঞ্জীত বৰুৱাই "Melodies and Guns" নামেৰে ইংৰাজীলৈ অনুবাদ কৰিছে। গ্ৰন্থখনৰ প্ৰস্তাৱনা ড° গোস্বামীয়ে নিজেই লিখিছে।[3][5] ১৯৮০ চনত আলফাত যোগদান কৰাৰ আগৰে পৰাই তেওঁ কবিতা লিখি আহিছে।[3] "কেম্পত থকাৰ সময়ত তেওঁৰ পোহনীয়া জন্তু হিচাপে কেইটামান চৰাই আছিল। আত্মগোপনৰ নিশা যেতিয়া সকলোৱে পলাই গৈছিল, তেতিয়া তেওঁ সেইবোৰক লগত লৈ যাব বিচাৰিছিল। শুই থকা দেখি তেওঁ সিহঁত সাৰ পোৱালৈ অপেক্ষা কৰিছিল, কিন্তু সেয়াই বহুত দেৰি হৈছিল।" - ডাঃ মামনি ৰয়ছম গোস্বামীয়ে কয়।[5]
কাব্য সংকলন
[সম্পাদনা কৰক]- মেহচাহাব পৃথিৱী[8]
- ৰূপৰ নাকফুলি সোণৰ খাৰু[9]
- Melodies and Guns (ইংৰাজীলৈ অনূদিত)
পৰিয়ালৰ হত্যা
[সম্পাদনা কৰক]২০০০ চনত তেওঁৰ সমগ্ৰ পৰিয়াল - মাতৃ, ডাঙৰ ভাই, ভগ্নী, গৰ্ভৱতী ভনীয়েক – সকলোকে অচিনাক্ত বন্দুকধাৰীয়ে হত্যা কৰে[1][5] যিটো তেতিয়াৰ অগপ চৰকাৰে কৰা গোপন হত্যাকাণ্ডৰ অংশ বুলি অভিযোগ উত্থাপন কৰা হয়।[1]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "Who's afraid of the ULFA?". Indianexpress.com. 2007-01-13. http://www.indianexpress.com/story_print.php?storyId=20829। আহৰণ কৰা হৈছে: 2009-10-13.
- ↑ 2.0 2.1 2.2 Hussain, Wasbir. "South Asia Intelligence review". Satp.org. http://www.satp.org/satporgtp/sair/Archives/2_23.htm। আহৰণ কৰা হৈছে: 2009-10-13.
- ↑ 3.0 3.1 3.2 Borpujari, Utpal (2006-08-16). "ULFA leader creates poetry in the time of guns". http://www.mail-archive.com/assam@assamnet.org/msg06882.html। আহৰণ কৰা হৈছে: 2009-10-13.
- ↑ 4.0 4.1 4.2 "Melodies And Guns: Poems Of Megan Kachari". Flipkart.com. http://www.flipkart.com/melodies-guns-indira-goswami-poems/8174765806-0v23fslf4c। আহৰণ কৰা হৈছে: 2009-10-13.
- ↑ 5.0 5.1 5.2 5.3 5.4 5.5 Barooah Pisharoty, Sangeeta (2006-11-06). "Negotiating with guns and roses". The Hindu. Archived from the original on 2012-11-05. https://web.archive.org/web/20121105122320/http://www.hindu.com/mp/2006/11/06/stories/2006110601010300.htm। আহৰণ কৰা হৈছে: 2009-10-13.
- ↑ "Daimary says he won't surrender". Indianexpress.com. 2003-12-22. http://www.indianexpress.com/oldStory/37747/। আহৰণ কৰা হৈছে: 2009-10-13.
- ↑ "Melodies and Guns: Poems of Megan Kachari". BookFinder.com. Archived from the original on 2011-06-08. https://web.archive.org/web/20110608013008/http://www.bookfinder.com/dir/i/Melodies_and_Guns-Poems_of_Megan_Kachari/8174765808/। আহৰণ কৰা হৈছে: 2009-10-13.
- ↑ "Memsaheb Prithivi". Scientia Books. https://scientiabooks.in/product/memsahab-prithivi/। আহৰণ কৰা হৈছে: 20 August 2025.
- ↑ "Rupor Nakfuli Sunor Kharu (Poems by Megan Kachary)". Scientia Books. https://scientiabooks.in/product/rupor-nakfuli-sunor-kharu-poems-by-megan-kachary/। আহৰণ কৰা হৈছে: 20 August 2025.