সমললৈ যাওক

মেগান ইয়ং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেগান ইয়ং

২০১৩ চনত ইয়ং
জন্ম মেগান লিন টাল্ডে ইয়ং
২৭ ফেব্ৰুৱাৰী, ১৯৯০ (৩৬ বছৰ)
আলেক্সজেন্দ্ৰিয়া, ভাৰ্জিনিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান ট্ৰিনিটি ইউনিভাৰ্চিটি অৱ এছিয়া
ডি লা ছালে–চেইণ্ট বেনিল্ডৰ কলেজ
(কলাত স্নাতক - চলচ্চিত্ৰ নিৰ্মাণ)
পেচা
  • অভিনয়শিল্পী
  • টেলিভিছন পৰিৱেশিকা
  • মডেল
  • ভিজে (মিডিয়া ব্যক্তিত্ব)
উচ্চতা ১.৭৩ মিটাৰ (U=ft}})
দাম্পত্যসঙ্গী মাইকেল ডেজ (বি. ২০২৬)
সন্তান
'Beauty pageant titleholder'
Title বিশ্বসুন্দৰী ফিলিপাইনছ ২০১৩
বিশ্ব সুন্দৰী ২০১৩
Years active ২০০৪–বৰ্তমানলৈকে
Major
competition(s)
মিছ ৱৰ্ল্ড ফিলিপাইনছ ২০১৩
(বিজয়ী)
মিছ ৱৰ্ল্ড ২০১৩
(বিজয়ী)
(শীৰ্ষ মডেল)
(মিছ ৱৰ্ল্ড এছিয়া)

মেগান লিন টাল্ডে ইয়ং-ডেইজ (ইংৰাজী: Megan Lynne Talde Young-Daez; জন্ম: ২৭ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ২০১৩ চনৰ মিছ ৱৰ্ল্ড লাভ কৰে।[1][2][3][4] ফিলিপাইনছ আৰু দক্ষিণ-পূব এছিয়াৰপৰা মিছ ৱৰ্ল্ড বিজয়ী হোৱা তেওঁ প্ৰথমগৰাকী প্ৰতিনিধি।[4]

ইয়াৰ পূৰ্বে তেওঁক ২০১৩ চনৰ মিছ ৱৰ্ল্ড ফিলিপাইনছৰ মুকুট পিন্ধোৱা হৈছিল।[5] ইয়ঙে ৰিয়েলিটি টেলিভিছন শ্ব’ ষ্টাৰষ্ট্ৰকত প্ৰতিযোগী হিচাপে আৰম্ভ কৰিছিল।[6]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৯০ চনৰ ২৭ ফেব্ৰুৱাৰীত ভাৰ্জিনিয়াৰ আলেকজেণ্ড্ৰিয়াত[7]ফিলিপাইনছ আৰু আমেৰিকান পিতৃ-মাতৃ ভিক্টোৰিয়া টাল্ডে, এণ্টিকৰ পাণ্ডান আৰু কেলভিন ক'ল ইয়ং তৃতীয়ৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে।[8]

ইয়ঙৰ পৰিয়াল তেওঁৰ ১০ বছৰ বয়সত জাম্বালেছৰ কেষ্টিলেজছলৈ গুচি যায়। ২০০২ চনৰপৰা ২০০৫ চনলৈকে তেওঁ চুবিক বে ফ্ৰীপ'ৰ্ট জ'নৰ ভিতৰৰ আঞ্চলিক বিজ্ঞান হাইস্কুল তৃতীয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে, তাৰ পিছত অভিনয় কেৰিয়াৰ গঢ়িবলৈ মেট্ৰ' মেনিলালৈ যায়। ইয়ঙে চেণ্ট বেনিল্ডৰ ডি লা ছাল-কলেজৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ ডিগ্ৰী লাভ কৰিছে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৪–০৭: প্ৰাৰম্ভিক অভিনয় জীৱন

[সম্পাদনা কৰক]

ইয়ঙে প্ৰথম শ্ব'বিজ ব্ৰেক লাভ কৰে প্ৰতিভা ৰিয়েলিটি চাৰ্চ ষ্টাৰষ্ট্ৰকৰ দ্বিতীয় ছিজনৰ জৰিয়তে,[9]য'ত তেওঁ শীৰ্ষ ছয়ৰ ভিতৰত স্থান লাভ কৰে। জিএমএত তেওঁৰ অভিনয়ৰ আত্মপ্ৰকাশ আছিল লাভ টু লাভ প্ৰেজেণ্টছ: লাভ কো উৰকত, য'ত তেওঁ মেগৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত এছিয়ান ট্ৰেজাৰ্ছত আন্নাৰ চৰিত্ৰত অভিনয় কৰে আৰু এমগা কুৱেণ্টো নি লোলা বাছিয়াঙত পৰী চৰিত্ৰত অভিনয় কৰে।

২০০৭–১৫: ABS-CBN আৰু TV5-লৈ বদলি

[সম্পাদনা কৰক]

জিএমএ আৰ্টিষ্ট চেণ্টাৰৰ সৈতে দুবছৰতকৈ অধিক সময়ৰ পাছত তেওঁ ভগ্নী লৰেন ইয়ঙৰ পিছত এবিএছ-চিবিএনলৈ গুচি যায়। জিএমএৰ প্ৰতিদ্বন্দ্বী ষ্টেচন এবিএছ-চিবিএনলৈ বদলি হোৱা প্ৰথমগৰাকী ষ্টাৰষ্ট্ৰক প্ৰাক্তন ছাত্ৰী।

ইয়ঙে প্ৰথমবাৰৰ বাবে এবিএছ-চিবিএনত যুৱমুখী অনুষ্ঠান "ষ্টাৰ মেজিক প্ৰেজেণ্টছ" এষ্টিগছ আৰু এবট উৰ লুভত অভিনয় কৰিছিল। ইয়াৰ উপৰি কোকেই ছবিত শ্বেনৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ বিপৰীতে আছিল জাঞ্জো মাৰুডো। পিনয় বিগ ব্ৰাদাৰ: চেলিব্ৰিটি এডিচন ২ ত "দ্য প্ৰিন্সেছ অৱ চাৰ্ম" নামেৰে অভিহিত কৰা চেলিব্ৰিটি হাউছমেট হিচাপে অভিনয় কৰাৰ পাছত তেওঁ সুপৰিচিত হৈছিল।[10][11] পিবিবিৰ পিছত এবিএছ-চিবিএনৰ ৰিমেক আই লাভ বেটী লা ফেয়াত জন লয়ড ক্ৰুজৰ বিপৰীতে খলনায়ক মাৰ্চেলাৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৯ চনত চেনেল -V ফিলিপাইনছৰ পুনৰ আৰম্ভণিৰ বাবে ভিডিঅ' জকী হিচাপে পৰিচয় কৰাই দিয়া চাৰিজন ব্যক্তিত্বৰ ভিতৰত তেওঁ অন্যতম।[12]ইয়ঙে ষ্টুডিঅ' ২৩ৰ কেইবাটাও অনুষ্ঠানৰ মাজে মাজে আয়োজকো হৈছিল। ২০১২ চনত ইয়ঙে হিয়াছত মুখ্য অভিনেত্ৰী হিচাপে গুৰুত্বপূৰ্ণ পৰিচিতি লাভ কৰে। তেওঁ প্ৰেমৰ আগ্ৰহ হিচাপে জাঞ্জো মাৰুডোৰ সৈতে পুনৰ মিলিত হৈছিল। ২০১৩ চনত টিভি-৫লৈ সলনি হয় যদিও কাপামিলিয়া নেটৱৰ্কত অংশগ্ৰহণ কৰে।

টেলিভিছনৰ বাহিৰেও ইয়ঙে কেইখনমান ছবিতো অভিনয় কৰিছে। ইয়াৰে এখন আছিল দ্য ৰিইউনিয়ন, য'ত তেওঁ জিয়ান লিমৰ বিপৰীতে টয়ঙৰ চৰিত্ৰত অভিনয় কৰিছিল।[12] ইয়ঙক ২০১৪ চনৰ দহচত্ন্য বঁটাত অসাধাৰণ অতিথি তাৰকা হিচাপে মনোনীত কৰা হয়।[13]

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]
২০১৪ চনৰ নিউয়ৰ্ক ফিলিপাইনছ স্বাধীনতা দিৱসৰ পেৰেডত মেগান ইয়ং

মিছ ৱৰ্ল্ড ফিলিপাইনছ ২০১৩

[সম্পাদনা কৰক]

২০১৩ চনৰ ১৮ আগষ্টত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চুড়ান্ত নিশা মেগান ইয়ঙক মিছ ৱৰ্ল্ড ফিলিপাইনছ ২০১৩ৰ মুকুট পিন্ধোৱা হয়।[14] তেওঁ প্ৰতিযোগিতাখনত 'বেষ্ট ইন ফেশ্বন ৰাণৱে', 'মিছ স্পৰ্টছ', 'মিছ ৰিডিউচিন', 'মিছ অলে', 'মিছ লাগুনা', 'মিছ ফিগ্লিয়া' আৰু 'মিছ বেঞ্চ বডী' বঁটাও লাভ কৰে।[15]

২০১৪ চনৰ ১২ অক্টোবৰত ফিলিপাইনছৰ পাছে চহৰৰ 'মল অৱ এছিয়া এৰিনা'ত অনুষ্ঠিত মিছ ৱৰ্ল্ড ফিলিপাইনছ ২০১৪ প্ৰতিযোগিতাত মেগান ইয়ঙে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ভ্যলেৰী ৱিগমেনক মুকুট পিন্ধাই দিয়ে।[16][17]

মিছ ৱৰ্ল্ড ২০১৩

[সম্পাদনা কৰক]

ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত প্ৰতিযোগিতাত মেগান ইয়ঙক মিছ ৱৰ্ল্ড ২০১৩ৰ মুকুট পিন্ধোৱা হয়। ইয়াৰ লগে লগে তেওঁ ১৯৫১ চনত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছত এই খিতাপ জয় কৰা প্ৰথমগৰাকী ফিলিপিনো হিচাপে পৰিগণিত হয়।[4] প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ "টপ মডেল" প্ৰতিযোগিতাত বিজয়ী হৈছিল, "পিপলছ চেম্পিয়ন"ত দ্বিতীয় স্থান, "মাল্টিমিডিয়া চেলেঞ্জ"ত চতুৰ্থ স্থান আৰু "বিচ বিউটি" প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰিছিল।[4]

চূড়ান্ত প্ৰশ্নোত্তৰ শিতানত শীৰ্ষ ৬ গৰাকী প্ৰতিযোগীক একেটা প্ৰশ্নই সোধা হৈছিল: "আপুনি কিয় পৰৱৰ্তী মিছ ৱৰ্ল্ড হোৱা উচিত?" ইয়াৰ উত্তৰত ইয়ঙে কৈছিল:

মই মানৱতাৰ এক মূল মূল্যবোধক গুৰুত্ব দিওঁ আৰু ইয়েই মানুহক তেওঁলোকৰ কাম-কাজৰ বাবে দিক-দৰ্শন কৰে। মই ইয়াৰ জৰিয়তে আন মানুহক দেখুৱাই দিম যে তেওঁলোকে কেনেকৈ ইজনে সিজনক বুজিব পাৰে। … একগোট হৈ আমি সমাজক সহায় কৰিব পাৰোঁ।

ইয়ঙে ২০১৩ চনৰ মিছ ৱৰ্ল্ড এছিয়া হিচাপে 'কণ্টিনেণ্টেল কুইন অৱ বিউটি' খিতাপো লাভ কৰে। এছীয় অঞ্চলৰ প্ৰতিযোগীসকলৰ ভিতৰত তেওঁ সৰ্বোচ্চ স্থানত আছিল।

মিছ ৱৰ্ল্ড ২০১৩ হিচাপে কাৰ্যকালত ইয়ঙে যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, হাইটি, ভাৰত, জাপান, দক্ষিণ কোৰিয়া আৰু নিজৰ দেশ ফিলিপাইনছকে ধৰি বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছিল। ২০১৪ চনৰ ১৪ ডিচেম্বৰত যুক্তৰাজ্যৰ লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০১৪ প্ৰতিযোগিতাত তেওঁ উত্তৰাধিকাৰী হিচাপে ৰোলিন ষ্ট্ৰাউছক মুকুট পিন্ধাই দিয়ে।[18]

পৰৱৰ্তী ঘটনাসমূহ

[সম্পাদনা কৰক]

২০২৪ চনৰ ৯ মাৰ্চত ভাৰতৰ মুম্বাইত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত মেগান ইয়ঙে সহ-উপস্থাপিকা হিচাপে অংশগ্ৰহণ কৰিছিল (য’ত চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিছকোভাই বিজয়ীৰ খিতাপ অৰ্জন কৰে)। প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডৰ সময়ত ইয়ঙক মিছ বটচোৱানা 'লেছেগো চম্বো'ৰ চুলি ঠিক কৰি দিয়া দেখা গৈছিল। এই কাৰ্যৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যক্তিগত স্থান দখল আৰু সাংস্কৃতিক সংবেদনশীলতাহীনতাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁ ৰাজহুৱাকৈ ক্ষমা বিচাৰিবলগীয়া হৈছিল।[19]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
ভগ্নী ল'ৰেন ইয়ঙৰ সৈতে মেগান ইয়ং (বাঁওফালে), ২০১৩ চনৰ কেণ্ডী ষ্টাইল বঁটা-প্ৰদান অনুষ্ঠানত

ইয়ং অভিনেত্ৰী আৰু মডেল লৰেন ইয়ঙৰ জ্যেষ্ঠ ভগ্নী।[20]

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত মাইকেল ডেজে নিশ্চিত কৰে যে তেওঁ ইয়ঙৰ লগত ছয় বছৰ ধৰি ডেটিং কৰি আছে।[21] ২০২০ চনৰ ২৫ জানুৱাৰীত তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰে।[22] তেওঁলোকৰ প্ৰথম সন্তান লিঅ'ন এজন ল'ৰা।[23] তেওঁ ২০২৫ চনত জন্মগ্ৰহণ কৰে।[24]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ নাম চৰিত্ৰ টোকা সংগ্ৰহ


২০০৫ চে দ্যাট ইউ লাভ মি আন্না


২০০৯ পাংগাৰাপ কং জেকপট ইউলা


শ্বেক, ৰেটল এণ্ড ৰ'ল ১১ লুচিয়া কাষ্টিলিয়ানো খণ্ড: "উকায়-উকায়" [10][11]
২০১০ এষ্ট্ৰো মায়াবাং


ৱাইট হাউচ মাইকী ত্ৰিনিদাদ
চিগুৱা ডলী বিশেষ ভূমিকা (কেমিঅ')
বেব, আই লাভ ইউ গাইতা ভেনেৰাচিয়ন বৰোমিঅ'


২০১১ এনটেং এন ইনা মো ইনা আজুল


ৱণ্ট লাষ্ট এ ডে উইদাউট ইউ মেলিব্ছা
২০১২ দ্য ৰিউনিয়ন এন্টোনিয়া "টন্যাং" কাষ্ট্ৰো [12]
২০১৩ বেং বেং এলি এবে
২০১৭ আৱাৰ মাইটি ইয়ায়া মনিক

সংগীত ভিডিঅ'

[সম্পাদনা কৰক]
বৰ্ষ গীতৰ শীৰ্ষক শিল্পী
২০০৭"নাগমামাহাল নাঙ টুনায়"পিঅ'ল' পাস্কুৱাল
২০১২"আমাটছ"ৰিকো ব্লাংকো

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Miss Philippines Megan Young crowned as Miss World 2013". BIHARPRABHA. September 28, 2013. Archived from the original on April 1, 2016. https://web.archive.org/web/20160401220242/http://news.biharprabha.com/2013/09/miss-philippines-megan-young-crowned-as-miss-world-2013/.
  2. "Miss Philippines crowned the new Miss World". CNN. https://edition.cnn.com/2013/09/28/world/miss-world-2013/index.html.
  3. "Megan Young crowned Miss World 2013". GMA News (GMA Network). September 28, 2013. http://www.gmanetwork.com/news/story/328600/lifestyle/fashionandbeauty/megan-young-crowned-miss-world-2013.
  4. 1 2 3 4 "Megan Young crowned Miss World 2013". Philippine Daily Inquirer. September 28, 2013. http://lifestyle.inquirer.net/127875/megan-young-crowned-miss-world.
  5. "Megan Young is Miss World PH 2013". ABS-CBN News. August 19, 2013. Archived from the original on October 30, 2015. https://web.archive.org/web/20151030231410/http://www.abs-cbnnews.com/lifestyle/08/18/13/megan-young-miss-world-ph-2013.
  6. "MEGAN YOUNG". Star Magic. http://starmagic.abs-cbn.com/talents/profile/megan--young.html আহৰণ কৰা হৈছে: September 28, 2013.
  7. Chelo Aestrid (September 29, 2013). "Miss World Megan Young  – Get To Know Her [Video"]. Las Vegas Guardian Express. http://guardianlv.com/2013/09/miss-world-megan-young-get-to-know-her-video/.
  8. Ira Agting (September 29, 2013). "8 fun facts about Megan Young". Rappler. http://www.rappler.com/life-and-style/40135-megan-young-fun-facts.
  9. Ed Uy (August 24, 2013). "Her time, her throne". The Manila Times. http://manilatimes.net/her-time-her-throne/32905/.
  10. 1 2 Tinna S. Bonifacio (January 2009). "Young, but not restless". JobsDB.com. http://www.jobsdb.com.ph/Philippines/inside-pages/CelebProf/CP_1108.html?imagename=Megan আহৰণ কৰা হৈছে: October 10, 2013.
  11. 1 2 "Megan Young enjoys playing Kontrabida roles". ABS-CBN News. December 23, 2011. Archived from the original on October 27, 2015. https://web.archive.org/web/20151027153338/http://www.abs-cbnnews.com/entertainment/12/23/11/megan-young-enjoys-playing-kontrabida-roles?imagename=Megan.
  12. 1 2 3 Vittorio Hernandez (September 29, 2013). "Miss World 2013: A Look Back at Megan Young from Starstruck to Most Beautiful Woman in the World (VIDEOS & PHOTOS)". International Business Times. Archived from the original on December 2, 2013. https://archive.today/20131202145122/http://au.ibtimes.com/articles/509790/20130929/miss-world-2013-look-back-megan-young.htm.
  13. id:Dahsyatnya-Awards-2014
  14. "Megan Young is Miss World PH 2013" (en ভাষাত). ABS-CBN News. August 18, 2013. https://www.abs-cbn.com/lifestyle/08/18/13/megan-young-miss-world-ph-2013 আহৰণ কৰা হৈছে: July 10, 2021.
  15. "WINNERS: Miss World Philippines 2013" (en ভাষাত). Rappler. August 18, 2013. https://www.rappler.com/entertainment/pageants/winners-miss-world-ph-2013 আহৰণ কৰা হৈছে: July 10, 2021.
  16. "Valerie Weigmann wins Miss World Philippines 2014" (en ভাষাত). Rappler. October 12, 2014. https://www.rappler.com/entertainment/pageants/miss-world-philippines-2014-winner-valerie-weigmann আহৰণ কৰা হৈছে: July 10, 2021.
  17. "Model and TV host Valerie Weigmann crowned new Miss World Philippines" (en-US ভাষাত). Inquirer Lifestyle. October 12, 2014. https://lifestyle.inquirer.net/174324/model-and-tv-host-valerie-weigmann-crowned-new-miss-world-philippines/ আহৰণ কৰা হৈছে: July 10, 2021.
  18. Grinberg, Emanuella (December 14, 2014). "Miss South Africa Rolene Strauss crowned Miss World 2014" (en-US ভাষাত). CNN. http://www.cnn.com/2014/12/14/world/feat-miss-world-2014/index.html আহৰণ কৰা হৈছে: July 10, 2021.
  19. "Megan Young apologizes for fixing Miss Botswana's hair on Miss World stage" (en-US ভাষাত). GMA News. March 11, 2024. https://www.gmanetwork.com/news/lifestyle/artandculture/900110/megan-young-apologizes-for-fixing-miss-botswana-s-hair-on-stage-i-wanted-to-offer-a-helping-hand/story/?just_in আহৰণ কৰা হৈছে: March 11, 2024.
  20. "Lauren Young says sister Megan will be the best mom because 'at one point you were also mine'". GMA News. https://www.gmanetwork.com/entertainment/showbiznews/family/64999/megan-young-on-her-sister-lauren-shes-her-own-person/story আহৰণ কৰা হৈছে: May 28, 2025.
  21. "Mikael Daez confirms relationship with Megan Young" (en ভাষাত). Rappler. http://www.rappler.com/entertainment/news/161248-mikael-daez-confirms-relationship-megan-young.
  22. "Megan Young ties the knot with Mikael Daez" (en ভাষাত). cnn. Archived from the original on 2020-01-25. https://web.archive.org/web/20200125171539/https://www.cnnphilippines.com/entertainment/2020/1/25/megan-young-weds-mikael-daez.html আহৰণ কৰা হৈছে: 2020-01-25.
  23. Editorial Circle, GMA Integrated News. "Megan Young, Mikael Daez gear up for future travels with son Leon". GMA NewsGMA Lifestyle. https://www.gmanetwork.com/news/lifestyle/familyandrelationships/955347/megan-young-mikael-daez-gear-up-for-future-travels-with-son-leon/story/ আহৰণ কৰা হৈছে: 28 October 2025.
  24. "Megan Young, isinilang na ang first baby nila ni Mikael Daez". GMA News. https://www.gmanetwork.com/news/balitambayan/chikamuna/947664/megan-young-isinilang-na-ang-first-baby-nila-ni-mikael-daez/story/ আহৰণ কৰা হৈছে: May 28, 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]