সমললৈ যাওক

মেগী গ্ৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেগী গ্ৰেছ

২০১৮ চনত মেগী গ্ৰেছ
জন্ম মাৰ্গাৰেট গ্ৰেছ ডেনিচ
২১ ছেপ্টেম্বৰ, ১৯৮৩ (৪২ বছৰ)[1]
ৱৰ্দিংটন, অ’হাইঅ’, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০১–বৰ্তমান
দাম্পত্যসঙ্গী ব্ৰেণ্ট বুচনেল (বি. ২০১৭)
সন্তান

মাৰ্গাৰেট গ্ৰেছ ডেনিচ (ইংৰাজী: Margaret Grace Denig; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৮৩) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এবিচি টেলিভিছন ধাৰাবাহিক লষ্টত (২০০৪–২০০৬; ২০১০) শ্বেনন ৰাডাৰফৰ্ড, টেকেন ত্ৰিলোজীত (২০০৮–২০১৪) কিম মিলছ, দ্য টুৱাইলাইট চাগাত (২০১১–২০১২) ইৰিনা আৰু ফিয়াৰ দ্য ৱাকিং ডেডত (২০১৮–২০২১) আলথিয়া চেকচিক-প্ৰজিগস্কিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

গ্ৰেছে ২০০২ চনত টেলিভিছন চলচ্চিত্ৰ মাৰ্ডাৰ ইন গ্ৰীণউইচত ১৫বছৰীয়া হত্যাকাণ্ডৰ বলি হোৱা মাৰ্থা মক্সলেৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ইয়াং আৰ্টিষ্ট বঁটাৰ মনোনয়ন লাভ কৰিছিল। ২০০৪ চনত তেওঁ লষ্ট ধাৰাবাহিকত শ্বেনন ৰাডাৰফৰ্ডৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হয়। তেওঁ ধাৰাবাহিকখনৰ প্ৰথম দুটা ছিজনৰ এজন মুখ্য অভিনেতা আছিল আৰু সমগ্ৰ অভিনয় শিল্পীৰ দলটোৰ সৈতে যুটীয়াভাৱে স্ক্ৰীণ এক্টৰ্ছ গিল্ড বঁটা লাভ কৰিছিল। ধাৰাবাহিকখন এৰাৰ পিছত গ্ৰেছে চলচ্চিত্ৰত অধিক গুৰুত্ব দিবলৈ বিচাৰিছিল। তেওঁ দ্য জেন অষ্টিন বুক ক্লাব (২০০৭) আৰু ২০০৮ চনত টেকেন ছবিত লিয়াম নিচনৰ বিপৰীতে কিম মিলছৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ টেকেন ২ (২০১২) আৰু টেকেন ৩ (২০১৪) ছবিটো কিমৰ চৰিত্ৰত পুনৰ অভিনয় কৰিছিল।

তেওঁ লিউইচ কেৰলৰ উপন্যাস এলিচ ইন ৱাণ্ডাৰলেণ্ডৰ আধুনিক সংস্কৰণ মেলিচ ইন ৱাণ্ডাৰলেণ্ডত (২০০৯) এলিচৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। গ্ৰেছে ধাৰাবাহিকখনৰ সামৰণিকে ধৰি লষ্টৰ আৰু দুটা খণ্ডত শ্বেননৰ চৰিত্ৰত পুনৰ অভিনয় কৰিছিল। ২০১৩ চনত তেওঁ কেলিফৰ্ণিকেচনৰ ষষ্ঠ ছিজনত ফেথ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৮ চনত তেওঁ সাংবাদিক আলথিয়া চেকচিক-প্ৰজিগস্কি হিচাপে ফিয়াৰ দ্য ৱাকিং ডেড ধাৰাবাহিকৰ অভিনয় শিল্পীৰ দলত যোগদান কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মাৰ্গাৰেট গ্ৰেছ ডেনিচৰ জন্ম ওহাইঅ’ৰ ৱৰ্দিংটনত হৈছিল। তেওঁৰ পিতৃ ফ্ৰেড ডেনিচ আৰু মাতৃ ভেলিন (নে এভাৰেট) এটা পাৰিবাৰিক অলংকাৰৰ ব্যৱসায় চলাইছিল।[2] তেওঁ কিণ্ডাৰগাৰ্টেনৰপৰা নৱম শ্ৰেণীলৈকে ৱৰ্দিংটন ক্ৰিষ্টিয়ান স্কুলত পঢ়িছিল আৰু কিছুসময়ৰ বাবে থমাছ ৱৰ্দিংটন হাইস্কুলত অধ্যয়ন কৰিছিল।[3] তাত তেওঁ স্কুলীয়া নাটক আৰু ক’মিউনিটি থিয়েটাৰত অভিনয় আৰম্ভ কৰিছিল।[4] ইয়াৰ ভিতৰত আছিল এখন স্থানীয় ইহুদী সম্প্ৰদায় কেন্দ্ৰত অনুষ্ঠিত ২০০০ চনৰ গেলাৰী প্লেয়াৰ্ছৰ নাটক দ্য ক্ৰুচিবল[5][6] সৰুৰেপৰা গ্ৰেছ পঢ়াৰ প্ৰতি অতি আগ্ৰহী আছিল আৰু তেওঁ নিজকে এজন "শ্বেইক্সপীয়েৰ নেৰ্ড" বুলি বৰ্ণনা কৰিছে।[7] তেওঁ লছ এঞ্জেলছ টাইমছক জনোৱা মতে ১৩ বছৰ বয়সত তেওঁ জেন অষ্টিনৰ প্ৰতি অতি আকৰ্ষিত আছিল।[7]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

লষ্টত কাম কৰি থকাৰ সময়তে গ্ৰেছ আৰু ইয়ান চমাৰহাল্ডাৰে ৰু নামৰ এটা বনৰীয়া মেকুৰী তোলনীয়া হিচাপে লৈছিল, যাক তেওঁলোকে ছেটৰ হাবিৰ মাজত মৃত্যুমুখত পৰা অৱস্থাত পাইছিল। তেওঁ কৈছিল যে মেকুৰীটো এতিয়া তেওঁৰ "ভ্ৰমণৰ সংগী"।[8] ২০১৭ চনৰ ফেব্ৰুৱাৰ মাহত গ্ৰেছ এটা মনোৰঞ্জন প্ৰতিষ্ঠানৰ চি.ই.অ' ব্ৰেণ্ট বুচনেলৰ সৈতে বাগদানত আবদ্ধ হয়।[9][10] ২০১৭ চনৰ ২৮ মে'ত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।[11] ২০২০ চনত দম্পতীটোৰ প্ৰথম সন্তান, এজন পুত্ৰৰ জন্ম হয়।[12]

গ্ৰেছে প্ৰায়েই তেওঁৰ মাতৃক অনুপ্ৰেৰণাৰ উৎস হিচাপে উল্লেখ কৰে। তেওঁৰ আটাইতকৈ ঘনিষ্ঠ বন্ধুৰ বিষয়ে সোধাত তেওঁ কৈছিল যে তেওঁ আৰু তেওঁৰ মাতৃ বাইদেউ-ভনীৰ দৰে আৰু তেওঁ "এগৰাকী অতি সজ মাক পোৱাৰ বাবে নিজকে ভাগ্যৱান বুলি ভাবে।" [13] তেওঁ নিজকে এজন 'এংলোফাইল' (ইংৰাজী ভাষা-সংস্কৃতিৰ প্ৰতি অনুৰাগী) বুলি গণ্য কৰে। আঠ বছৰ বয়সৰপৰাই তেওঁ ইংলেণ্ডৰ লেক ডিষ্ট্ৰিক্টৰ এজন পত্ৰ-বন্ধুৰ সৈতে যোগাযোগ ৰাখিছিল আৰু উইলিয়াম শ্বেইক্সপীয়েৰকে ধৰি কেইবাজনো ইংৰাজ কবিক তেওঁ শ্ৰদ্ধা কৰে। তেওঁ তেৰ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিছিল।[14] তেওঁ নিজকে যথেষ্ট খেলিমেলি বা অসাৱধান বুলি কয় আৰু ধেমালিতে তেওঁৰ এজন সহ-অভিনেতাই তেওঁৰ নাম "মেগী গ্ৰেচলেছ" ৰাখিছিল।[15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 'Maggie Grace: Related Content', https://www.britannica.com/facts/Maggie-Grace, আহৰণ কৰা হৈছে: April 29, 2023
  2. Keck, William (October 18, 2005). "She's not lost in a fog". USA Today. https://www.usatoday.com/life/people/2005-10-18-maggie-grace-side_x.htm আহৰণ কৰা হৈছে: January 8, 2009.
  3. Graham, Caroline (November–December 2005). "Finding Grace". CityScene.
  4. King, Susan (September 11, 2005). "The island life seems to suit her just fine". Los Angeles Times. https://www.latimes.com/archives/la-xpm-2005-sep-11-ca-grace11-story.html আহৰণ কৰা হৈছে: January 18, 2022.
  5. Foley, Kristen M. (February 2005). "Lost Girl". C: The Columbus Magazine.
  6. Sells, Mark (January 2009). "Maggie Grace". The Reel Deal. Archived from the original on March 30, 2019. https://web.archive.org/web/20190330180430/http://www.thereeldeal.co/interviews/maggie_grace.html.
  7. 1 2 King, Susan (January 8, 2015). "'Shakespeare nerd' Maggie Grace has been 'Taken' by the action genre". Los Angeles Times. https://www.latimes.com/entertainment/movies/la-et-mn-maggie-grace-20150108-story.html আহৰণ কৰা হৈছে: April 2, 2016.
  8. "Lost in love: TV show's stars hit it off in Hawaii". iVillage. October 18, 2006. Archived from the original on December 2, 2008. https://web.archive.org/web/20081202193930/http://www.ivillage.co.uk/newspol/celeb/cfeat/articles/0%2C%2C528719_703424%2C00.html আহৰণ কৰা হৈছে: January 8, 2009.
  9. "Brent Bushnell - CEO & Roustabout, Two Bit Circus". futureofstorytelling.org. Archived from the original on October 24, 2022. https://web.archive.org/web/20221024153349/https://futureofstorytelling.org/speaker/brent-bushnell আহৰণ কৰা হৈছে: August 16, 2019.
  10. Fernandez, Alexia (February 7, 2017). "Lost Actress Maggie Grace Is Engaged to Boyfriend Brent Bushnell". People. http://people.com/celebrity/maggie-grace-engaged/.
  11. Cuccinelli, Jamie (May 30, 2017). "Lost Star Maggie Grace Is Married! Here's What We Know About Her California Wedding". Brides. http://www.brides.com/story/lost-star-maggie-grace-is-married.
  12. Juneau, Jen (October 27, 2020). "Lost Alum Maggie Grace and Husband Brent Bushnell Welcome a Son: '2020 Is a Wild Time'". Brides. https://people.com/parents/maggie-grace-brent-bushnell-welcome-first-child-son/.
  13. Cleeve, Dan (March 2006). "Maggie Grace". CosmoGirl.
  14. "'Anglophile' Maggie Grace". Monsters and Critics. September 8, 2008. Archived from the original on May 12, 2011. https://web.archive.org/web/20110512002828/http://www.monstersandcritics.com/people/news/article_1429342.php/Anglophile_Maggie_Grace আহৰণ কৰা হৈছে: January 8, 2009.
  15. Smith, Ryan (October 1, 2007). "Bold prints for fall". OK! .

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]