মেঘ পৰিকলন
মেঘ পৰিকলন (ইংৰাজী: Cloud computing) হৈছে এক সংগণনা (computing) সেৱাসমূহৰ বিতৰণ পদ্ধতি, যি চাৰ্ভাৰ (server), সংৰক্ষণ (storage), ডাটাবেছ (database), নেটৱৰ্কিং (networking), চফ্টৱেৰ (software), বিশ্লেষণ (analytics) আৰু বুদ্ধিমত্তা (intelligence) ইত্যাদি ইণ্টাৰনেটৰ জৰিয়তে সম্ভৱ হয়। ই ব্যৱহাৰকাৰীসকলক এই সেৱাসমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে কেৱল ব্যৱহাৰ কৰা সেৱাৰ বাবেহে প্ৰয়োজনীয় ধন প্ৰদান কৰে আৰু ভৌতিক আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে।[1] এনেকুৱা ধৰণৰ প্ৰকল্পই বিভিন্ন ধৰণৰ সুবিধা, যেনে- নমনীয়তা বৃদ্ধি কৰা, ক্ৰমাংকনীয় আৰু সুলভ মূল্যৰ সুবিধাসমূহ আদি প্ৰদান কৰে। মেঘ পৰিকলন বিভিন্ন খণ্ডত বহুল প্ৰয়োগ কৰা হয়। ব্যক্তিগত ব্যৱহাৰৰপৰা আৰম্ভ কৰি ই-মেইল আৰু সুস্থিৰ সেৱাৰপৰা আৰম্ভ কৰি ডাটা সংৰক্ষণ, চি আৰ এম আৰু চফ্টৱেৰ (CRM, and software) বিকাশৰ দৰে ব্যাৱসায়িক প্ৰয়োগত ক্লাউড কম্পিউটিং ব্যাপকভাবে ব্যৱহাৰ হয়। ই ৱেবছাইট আৰু অনলাইন গেম চলোৱাৰপৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মেচিন লাৰ্নিং মডেল শক্তিশালী কৰালৈকে সকলোৰে বাবে নিৰ্ভৰশীল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ISO/IEC 22123-1:2023(E) - Information technology - Cloud computing - Part 1: Vocabulary". International Organization for Standardization. 2023.