মেচুকা
মেচুকা
মেনচুখা | |
|---|---|
চহৰ | |
অৰুণাচল প্ৰদেশ, ভাৰত | |
| স্থানাংক: 28°36′18″N 94°7′41″E / 28.605°N 94.12806°Eস্থানাংক: 28°36′18″N 94°7′41″E / 28.605°N 94.12806°E | |
| দেশ | |
| ৰাজ্য | অৰুণাচল প্ৰদেশ |
| জিলা | শ্বি ইয়োমি জিলা |
| উচ্চতা | ২,০০০ মিটাৰ (৭,০০০ ফুট) |

মেচুকা (ইংৰাজী: Mechuka) বা মেনচুখা হʼল ভাৰতৰ অৰুণাচল প্ৰদেশৰ শ্বি ইয়োমি জিলাৰ ইয়াৰগ্যাপ চু/ছিয়ম নদীৰ মেচুকা উপত্যকাত অৱস্থিত এখন সৰু চহৰ, বিধানসভা সমষ্টি আৰু মহকুমা। চহৰখন সমুদ্ৰপৃষ্ঠৰ পৰা ৬,০০০ ফুট (১,৮২৯ মিটাৰ) ওপৰত অৱস্থিত।[1] ১৯৫০ চনৰ আগতে মেচুকা উপত্যকাক পাচাক্ষিৰি (Pachakshiri) নামেৰে জনা গৈছিল।[2]
মেচুকাৰ পৰা ২৯ কিলোমিটাৰ উত্তৰে ভাৰত-তিব্বত সীমান্তত অৱস্থিত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাই (মেকমোহন লাইন) ভাৰত আৰু চীনৰ ভূখণ্ডক পৃথক কৰে।[3] মেচুকাত এএলজি বিমানবন্দৰ আছে আৰু ভাৰত-চীন সীমান্তৰ অন্যতম কৌশলগত পথৰ দ্বাৰাও ইয়ালৈ যাব পাৰি। জিলা মুখ্য কাৰ্যালয়টো টাটোৰ পৰা উত্তৰ-পশ্চিমে ৪৭ কিলোমিটাৰ আৰু আলʼৰ পৰা উত্তৰে ১৮৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
পটভূমি
[সম্পাদনা কৰক]ব্যুৎপত্তি
[সম্পাদনা কৰক]
মেন-চু-খা নামটোৰ অৰ্থ হ’ল বৰফৰ ঔষধিযুক্ত পানী য’ত মেন মানে ঔষধ, যদিও মে-য়ে জুইয়ো বুজায়, চু মানে পানী আৰু খা মানে বৰফ যদিও "খা"-ৰে মুখো বুজোৱা হয়।[4]
ইতিহাস
[সম্পাদনা কৰক]মেচুকা চহৰখন ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ অন্তৰ্গত। আধুনিক পথটো নিৰ্মাণৰ পূৰ্বে একমাত্ৰ বিমানপথৰ জৰিয়তেহে গাঁওখনত প্ৰৱেশ কৰিব পৰা গৈছিল, যিটো সেই সময়ত ভাৰতীয় বায়ু সেনাই স্থানীয় লোকক সা-সামগ্ৰী যোগান ধৰিবলৈ ব্যৱহাৰ কৰিছিল। সেই সময়ত মেম্বা (আদি) ৰামো জনজাতিৰ লোকসকলে নিমখ আৰু ঔষধৰ বাবে তিব্বতৰ লগত বেপাৰ কৰিবলৈ মেঠোনৰ দৰে জন্তুৰ ব্যৱহাৰ কৰিছিল। ঘোঁৰা আছিল তেওঁলোকৰ ভ্ৰমণৰ মূল মাধ্যম। মানুহে প্ৰায়ে টকাৰ বিনিময়ত ঘোঁৰা বিক্ৰী কৰিছিল। যিসকলৰ আগতে বহুত গৰু আছিল তেওঁলোকক ধনী বুলি গণ্য কৰা হৈছিল।
ৰাজনীতি
[সম্পাদনা কৰক]মেচুকা অৰুণাচল প্ৰদেশ বিধানসভাৰ এটি নিৰ্বাচনী সমষ্টি। ২০২৪ চনৰ জুন মাহলৈকে মেচুকা সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক হʼল পাছাং দৰ্জী সোণা।[1]
জনগাঁথনি
[সম্পাদনা কৰক]মেনচুখা/মেচুকা উপত্যকা মেম্বা আৰু আদি জনজাতিৰ লোকসকলৰ বাসস্থান। স্থানীয় আন আন লোকসকলৰ ভিতৰত টাগিন জনজাতিও আছে। মেচুকা সমষ্টিৰ বৰ্তমানৰ বিধায়ক (আগষ্ট-২০১৬) হʼল পাছাং দৰ্জী সোণা।[5]
এই উপত্যকাত প্ৰচলিত ধৰ্মসমূহৰ ভিতৰত নিংমাপা বৌদ্ধ ধৰ্ম, ডনি-পʼলʼইজম আৰু খ্ৰীষ্টান ধৰ্ম অন্যতম।[উদ্ধৃতিৰ প্ৰয়োজন] মেচুকা ধৰ্মীয় আৰু ঐতিহাসিক দুয়োটা তাৎপৰ্য্যৰ বাবেই পৰিচিত। বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ ৪০০ বছৰীয়া ছামটেন ইয়ংচা মঠটো বহু শ্ৰদ্ধেয় টাৱাং মঠৰ সমসাময়িক।
মেচুকা উপত্যকাৰ প্ৰধান কথিত ভাষাসমূহ হ'ল ছাংলা, আদি, টাগিন, হিন্দী আৰু ইংৰাজী।[উদ্ধৃতিৰ প্ৰয়োজন] মেচুকা উপত্যকাত এতিয়াও ছাংলা ভাষাত কথা পতাৰ কোনো প্ৰমাণ পোৱা নাই। বৰঞ্চ মানুহে মেম্বা ভাষাতহে কথা পতা দেখা যায়। যিটো এটি বʼডিছ ভাষা, ই বিভিন্ন বʼডিছ জাতৰ (ডৱাগছ-পো, কং-পো, ব্ৰাগ-গছুম মেটশো-'খোৰ), ইষ্ট বডিছ টাৱাং মনপা, ছাংলা আৰু টানি ভাষাৰ কিছুমান ঋণ-শব্দৰ মিশ্ৰণেৰে গঠিত। কিছুমান মেম্বা মানুহে এতিয়াও টাৱাং মনপা ভাষাতেই কথা পাতে। মেচুকা চহৰৰ পৰিসীমা, বিশেষকৈ মেচুকা ৰাজহ চক্ৰত আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলখিনিত মেম্বা জনজাতিয়েই প্ৰধান। শ্বি ইয়োমি জিলাৰ আটাইতকৈ ডাঙৰ জনজাতিটো হৈছে (আদি) বোকাৰ। তেওঁলোকে মূলতঃ মনিগং ৰাজহ চক্ৰত বাস কৰে, মেম্বাসকলে মেচুকা উপত্যকাত বাস কৰে, লিম্বো আৰু ৰামোসকলে টাটো ৰাজহ চক্ৰত বাস কৰে; শ্বি ইয়োমি জিলাত বেছিভাগ মানুহেই প্ৰধানকৈ আদি ভাষাত কথা পাতে আৰু কমসংখ্যক লোকেহে টেগিন ভাষাত কথা পাতে।[6]
পৰিবহণ
[সম্পাদনা কৰক]মেচুকা বিমানবন্দৰ
[সম্পাদনা কৰক]
ভাৰতীয় বায়ুসেনাই মেচুকাত এডভান্সড লেণ্ডিং গ্ৰাউণ্ড (এএ জি) নামেৰে জনাজাত এয়াৰষ্ট্ৰিপ এখনৰ ৰক্ষণাবেক্ষণ কৰে। এণ্টন’ভ-৩২ বিমান আৰু হেলিকপ্টাৰেৰে অসমৰ চহৰসমূহৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী অনা-নিয়াৰ বাবে সঘনাই এই বিমানপথটি ব্যৱহাৰ কৰা হয়। বিমানৰ বাবে ব্যৱহৃত পথটোৰ সংস্কাৰ-সাধন কৰি উপযুক্ত কৰা হৈছিল, এটি কংক্ৰিট ৰানৱেলৈ উন্নীত কৰি ভাৰত চৰকাৰে ২০১৭ চনত ইয়াক ৪,৭০০ ফুট পৰ্যন্ত প্ৰসাৰিত কৰিছিল।[7] অঞ্চলটোত এক গুৰুত্বপূৰ্ণ সামৰিক উপস্থিতি আছে, যি অসামৰিক লোকসকলৰ বাবে কিছু কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰে। সোমবাৰে আৰু শনিবাৰে উডান আঁচনিৰ অধীনত সপ্তাহত দুবাৰকৈ হেলিকপ্টাৰ সেৱা আছে।[7] অৰুণাচল প্ৰদেশ চৰকাৰে ব্যক্তিগত বিমান সংস্থাসমূহৰ পৰা ৯টা আসনযুক্ত ফিক্সড উইং বিমান সেৱা চলাবলৈ নিবিদা আমন্ত্ৰণ জনাইছে যিটো উডান আঁচনি (প্ৰায় মে’ ২০১৮)ৰ অধীনত নাথাকে।[7] ২০২৯ চনৰ ৩ জুন তাৰিখে অসমৰ পৰা এই বিমানবন্দৰৰ ফালে উৰা মৰাৰ পিছত ১৩গৰাকী যাত্ৰীসহ ভাৰতীয় বায়ুসেনাৰ এখন বিমান নিৰুদ্দেশ হৈছিল।[8] এই বিমানখনৰ ধ্বংসাৱশেষ ২০১৯ চনৰ ১১ জুনৰ কোনোবা এটা সময়ত ছিয়াং ৰাজহ চক্ৰত উদ্ধাৰ হোৱা বুলি জিলা বিষয়াসকলক আইএএফে নিশ্চিত কৰিছে। একেৰাহে ৮ দিনৰ পৰা অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা এমআই ১৭ হেলিকপ্টাৰে এই ধ্বংসাৱশেষটো প্ৰত্যক্ষ কৰিছিল।
ঘাইপথ
[সম্পাদনা কৰক]শেহতীয়াকৈ মেচুকাক কৌশলগত পথেৰে টাটো আৰু আলʼ (পূৰ্বতে আলং বুলি কোৱা হৈছিল)ৰে সৈতে সংযোগ কৰা হৈছে, যাৰ ফলত অঞ্চলটোৰ উন্নয়ন ত্বৰান্বিত হৈছে। তেতিয়াৰ পৰাই মেচুকা মহকুমা মুখ্য কাৰ্যালয়ত পৰিণত হৈছে।
২,০০০ কিলোমিটাৰ (১২০০ মাইল) দৈৰ্ঘ্যৰ প্ৰস্তাৱিত মাগো-থিংবুৰ পৰা বিজয়নগৰ অৰুণাচল প্ৰদেশ সীমান্ত ঘাইপথটি মেকমোহন লাইনৰ কাষেৰে,[9][10][11][12] (প্ৰস্তাৱিত পূব-পশ্চিম ঔদ্যোগিক কৰিডৰ ঘাইপথৰ সৈতে ছেদ হʼব) আৰু মেচুকাৰ মাজেৰে পাৰ হʼব, যাৰ প্ৰান্তিককৰণৰ মানচিত্ৰ ইয়াত আৰু ইয়াত চাব পাৰি।[13]
পৰ্যটন
[সম্পাদনা কৰক]দৃশ্যপটৰ সৌন্দৰ্য্য, বিদেশাগত জনজাতি, মৃদুমন্দ পাহাৰ আৰু বৰফাবৃত পৰ্বত আৰু ছিয়ম নদী (স্থানীয়ভাৱে ইয়াৰগ্যাপ চু নামেৰে জনাজাত)ৰ বাবে মেচুকা ক্ৰমান্বয়ে অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় পৰ্যটন স্থলীত পৰিণত হৈছে। মেচুকাৰ মাজেৰে বৈ যোৱা ছিয়ম নদীৰ পৰাও উপত্যকাৰ দৃশ্যপট দেখা যায়।[14]
মেচুকাৰ প্ৰধান পৰ্যটনস্থলী হৈছে মেচুকাৰ পশ্চিম অংশৰ পাহাৰৰ চূড়া এটিত অৱস্থিত ৪০০ বছৰীয়া বৌদ্ধ মঠ এখন। ইয়াত অসংখ্য প্ৰাচীন মূৰ্তি দেখা পোৱা যায়। ইয়াত পৰ্যটকৰ লজ আৰু পৰিদৰ্শন বাংলোত থকাৰ ব্যৱস্থা আছে আৰু দেশ-বিদেশৰ পৰা পৰ্যটকৰ ক্ৰমবৰ্ধমান আগমনৰ প্ৰতি লক্ষ্য ৰাখি কেইখনমান হোটেলো নিৰ্মিত হৈ আছে। আদি জনজাতিৰ লোকসকলে অনাদি কালৰে পৰা মেচুকা উপত্যকাৰ পৰিসীমাতে অৱস্থিত গাপো, পৌক, পাদুছা, লিপুছি, হিৰি, পুৰিং, ৰাপুম, চাৰুং, ৰেগো আৰু কাৰ্ত গুমজীপাং, বাৰাং গেং, শোৰাং ধেম আদি গাঁওসমূহত বসবাস কৰি আহিছে।
উত্তৰ-পূব ভাৰতৰ বিখ্যাত প্ৰকৃতিবিদ ড° আনোৱাৰুদ্দিন চৌধুৰীয়ে এই অঞ্চলৰ পৰাই এবিধ নতুন প্ৰজাতিৰ বিশাল উৰণীয়া কেৰ্কেটুৱাৰ আৱিষ্কাৰ কৰিছিল। তেওঁ মেচুকাৰ বিশাল উৰণীয়া কেৰ্কেটুৱাক পেটাউৰিষ্টা মেচুকেন্সিছ (Petaurista mechukaensis) নাম দিছিল।[15] আইইউচিএন ৰেডলিষ্ট (IUCN RedList)-য়ে ইয়াক ডাটা ডেফিচিয়েণ্ট (Data Deficient) প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰিছে।[16]


তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Basar MLA". Archived from the original on 19 August 2016. https://web.archive.org/web/20160819210824/http://www.arunachalassembly.gov.in/mla.html। আহৰণ কৰা হৈছে: 22 October 2016.
- ↑ Grothmann, Kerstin (2020-11-26) (en ভাষাত). Pachakshiri: A Little-Known Hidden Land between Tsa ri and Padma bkod in the Eastern Himalaya. Brill. পৃষ্ঠা. 276. ISBN 978-90-04-43768-5. https://brill.com/view/book/9789004437685/BP000024.xml.
- ↑ "The last village in our arunachal". http://www.rediff.com/news/special/the-last-village-in-our-arunachal/20150223.htm। আহৰণ কৰা হৈছে: 1 August 2017.
- ↑ Mechukha tourism in Shi Yomi, NIC.
- ↑ "Mechuka MLA". Archived from the original on 19 August 2016. https://web.archive.org/web/20160819210824/http://www.arunachalassembly.gov.in/mla.html। আহৰণ কৰা হৈছে: 14 August 2016.
- ↑ Bodt, Timotheus Adrianus (2017-12-16). Menchukha valley - Overview. https://zenodo.org/record/1117219.
- ↑ 7.0 7.1 7.2 Arunachal Pradesh plans fixed-wing flight service to Mechuka, closest to China border, The Hindu, 15 May 2018.
- ↑ Air Force Plane Carrying 13 Missing After Taking Off From Assam
- ↑ "Top officials to meet to expedite road building along China border". Dipak Kumar Dash. http://timesofindia.indiatimes.com/india/Top-officials-to-meet-to-expedite-road-building-along-China-border/articleshow/44831871.cms। আহৰণ কৰা হৈছে: 27 October 2014.
- ↑ "Narendra Modi government to provide funds for restoration of damaged highways". Daily News and Analysis. 2014-09-20. http://www.dnaindia.com/india/report-narendra-modi-government-to-provide-funds-for-restoration-of-damaged-highways-2020106। আহৰণ কৰা হৈছে: 27 October 2014.
- ↑ "Indian Government Plans Highway Along Disputed China Border". Ankit Panda. thediplomat.com. https://thediplomat.com/2014/10/indian-government-plans-highway-along-disputed-china-border/। আহৰণ কৰা হৈছে: 27 October 2014.
- ↑ "Govt planning road along McMohan line in Arunachal Pradesh: Kiren Rijiju". 2014-10-14. http://www.livemint.com/Politics/nqEwdXxkIgrSHPpTSzsFRN/Govt-planning-road-along-McMohan-line-in-Arunachal-Pradesh.html.
- ↑ "China warns India against paving road in Arunachal". Ajay Banerjee. http://www.tribuneindia.com/2014/20141016/nation.htm। আহৰণ কৰা হৈছে: 2014-10-26.
- ↑ "Mechuka Valley to be next tourist hotspot in northeast". The Times of India. 20 April 2012. Archived from the original on 4 July 2013. https://web.archive.org/web/20130704100422/http://articles.timesofindia.indiatimes.com/2012-04-20/guwahati/31373212_1_wellness-tourism-tourism-destination-arunachal-pradesh.
- ↑ A. U. Choudhury (2007). A new flying squirrel of the genus Petaurista Link from Arunachal Pradesh in north-east India. Newsletter & J. Rhino Foundation NE India 7: 26-32, plates.
- ↑ Engelbrektsson, P. & Kennerley, R. (2016). Petaurista mechukaensis. The IUCN Red List of Threatened Species 2016: e.T45959013A45973146.".
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| |||||||||||||||||||||||
| ||||||||
|
| |||
