মেছেনী নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেছেনী নৃত্য
আৰম্ভ বছৰৰ আৰম্ভণিত
শেষ ব’হাগ মাহৰ শেষত
অন্তৰ বাৰ্ষিক
ঠাই উত্তৰবঙ্গ, ভাৰত
অংশগ্ৰহণকাৰী ৰাজবংশী মহিলাসকল

মেছেনী নৃত্য(ইংৰাজী: Mecheni Dance) হ’ল উত্তৰবঙ্গৰ ৰাজবংশী মহিলাসকলে পালন কৰা কেৱল মহিলাকেন্দ্ৰিক নৃত্য-গীতৰ অনুষ্ঠান৷[1] এই নৃত্যত সংযোজিত গীতৰ কথা গ্ৰাম্য লোকাচাৰকেন্দ্ৰিক৷ ই তিস্তাবুঢ়ীৰ ব্ৰত বা পূজা উপলক্ষে অনুষ্ঠিত কৰা হয়৷ বৰ্তমানৰ তিস্তা নৈখনেই অতীজৰ কৰতোয়া নৈ৷[2] পশ্চিমবঙ্গৰ জলপাইগুৰি, কোচবিহাৰ আৰু আলিপুৰদুৱাৰ আদি অঞ্চলত ঘাইকৈ ইয়াৰ প্ৰচলন আছে৷

বৈশিষ্ট্য[সম্পাদনা কৰক]

উত্তৰবঙ্গৰ প্ৰধান নদী তিস্তা৷ এই তিস্তা নদী স্থানীয় কৃষিজীৱী মানুহৰ বাবে ভগৱানস্বৰূপ৷ এই নদীৰ কৃপাতে তিস্তাৰ পাৰ শস্যশ্যামলা হয়৷ সেয়ে সেই অঞ্চলৰ গাঁৱৰ মহিলাসকলে গোটেই ব’হাগ মাহ জুৰি তিস্তা নদীৰ পাৰৰ ভূমিত তিস্তাক এক দেবীৰূপে প্ৰতিষ্ঠা কৰি বছৰটোলৈ অপায়-অমঙ্গল আঁতৰ কৰি কৃষি অনুকূল পানী লাভ কৰিবলৈ তিস্তাদেবীক পূজা কৰে৷ এই পূজা বা ব্ৰত কোনো এক বয়সীয়াল মহিলাৰ আহ্বানত আৰু তেওঁৰ নেতৃত্বত ৰাজবংশী মহিলাসকলে দলৱদ্ধ হৈ পালন কৰে৷ কোনো কোনোৱে ইয়াক ’ভেদেই খেলি’ও বোলে৷[3] মেছেনী নৃত্যৰ লগত গোৱা এটি গীতৰ কলি হ’ল, পূবে না ব্দিব পীৰ পাকাম্বৰ, পশ্চিমে বন্দিব সমুদ্ৰ সাগৰ......’’[4]

নিয়ম[সম্পাদনা কৰক]

নদীৰ পাৰৰ কোনো এঘৰত তিস্তাৰ প্ৰতীকৰূপে এডোখৰ প্ৰস্তৰ খণ্ড প্ৰতিষ্ঠা কৰা হয়৷ ব্ৰতধাৰীনীসকলে প্ৰস্তৰখণ্ডটিত পানী ঢালি ঢালি চোতাল বোকাময় কৰে আৰু তাৰপিছত প্ৰস্তৰখণ্ডটি ঘেৰি গোলাকৃতিত থিয় হয় আৰু নাচি নাচি গান গায়৷ এই নাচত ভৰিৰ দুয়োটা গেৰোহা লগ লগাই ৰাখি কঁকাল ভাঙি ভাঙি নাচিব লাগে৷ নাচোঁতে ভৰিৰ পতা তুলিব নোৱাৰে৷ কঁকাল ভঙাটোৱেই এই নাচৰ বিশেষ বৈশিষ্ট৷ তাৰ পাছত যিসকলে ব্ৰত ধাৰণ কৰে, তেওঁলোকে তিস্তাৰ প্ৰতীকটো হাতত সভক্তিৰে তুলি লৈ গোটেই মাহ জুৰি ঘৰে ঘৰে, বাটে বাটে গীত গাই ব্ৰত উদযাপন কৰে৷ পূজাৰ শেষত মূলপূজাত কলৰ দোৰোলাত মাটিৰ চাকি জ্বলাই ফুলেৰে সজাই ধূপ দীপ নৈবেদ্যৰে সৈতে নদীত উটুৱাই দিয়ে৷

মেছেনী নৃত্যৰ গীত[সম্পাদনা কৰক]

মেছেনী নৃত্য গ্ৰাম্য জীৱনৰ সুখ-দুখ প্ৰতিভাত কৰা এক অনুষ্ঠান৷ অৱধাৰিতভাবে সেয়ে ইয়াৰ গীতমাতত গ্ৰাম্য জীৱনৰ কথাই পৰিস্ফুত হৈছে৷ তথাপিও এই নাচৰ গীতক দুটা ভাগত ভাগ কৰা হৈছে৷ নাচানিয়া গান আৰু পাথানিয়া গান৷[5]ঘৰৰ চোতালত কৰা নাচৰ সৈতে যি গীত গোৱা হয়, তাক নাচানিয়া গান বোলা হয় আৰু প্ৰস্তৰখণ্ডটি হাতত লৈ পথে পথে যি গান গোৱা হয় তাক পাথানিয়া গান বোলে৷ এই গীতসমূহ লোকগীত আৰু ইয়াৰ ৰচয়িতা ঘাইকৈ ৰাজবংশী মহিলাসকল৷ ’নাচানিয়া গান’ৰ বিষয়বস্তু নাৰীৰ দাম্পত্য জীৱনৰ সুখ-দুখ, আনহাতে, ’পাথানিয়া গান’ৰ বিষয়বস্তু পৰকীয়া প্ৰেম বা শৰীৰী কামনা-বাসনা৷ গীত গাই নাচি নাচি পথেৰে যাওঁতে কেতিয়াবা দুটা দল মুখামুখী হ’লে দুয়োটা দলৰ মাজত নাচ-গানৰ প্ৰতিযোগিতাও চলে৷ তেতিয়া ই আকৰ্ষণীয় হৈ পৰে৷ নৃত্যশিল্পৗসকলে শৰীৰটো সোঁফালে বেঁকা কৰি দুই হাতেৰে পাটানিৰ দুই কোণ ধৰি সাপৰ দৰে এঁকাবেঁকা ভঙ্গীত দুয়োখন ভৰি লগ লগাই ঘূৰি ঘূৰি নৃত্য কৰে৷[6] যিয়ে নৃত্য কৰে সিয়ে গান নাগায়৷[7] নৃত্যত সাধাৰণতে যুৱতী ছোৱালীসকলেই অংশগ্ৰহণ কৰে৷ নৃত্য কৰাৰ সময়ত পৰিৱেশনকাৰীসকলৰ হাতত ৰঙা নীলা আদি ৰঙৰ কাগজৰ পতাকা থাকে৷[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. https://ir.nbu.ac.in/bitstream/123456789/1703/10/10_chapter_05.pdf
  2. অসমৰ মুছলমানসকল, আবদুৰ ৰহমান, পৃ:নং; ২৫, চন্দ্ৰ প্ৰকাশ ২০১৩
  3. লোকসংস্কৃতিতে অন্তঃপুৰেৰ ঐতিহ্য, সঞ্জয় দে; ফিনিক্স, ছেপ্তেম্বৰ,২০০৩;
  4. অসমৰ মুছলমানসকল, আবদুৰ ৰহমান, পৃ:নং; ২৫, চন্দ্ৰ প্ৰকাশ ২০১৩
  5. লোকসংস্কৃতিতে অন্তঃপুৰেৰ ঐতিহ্য, সঞ্জয় দে; ফিনিক্স, ছেপ্তেম্বৰ,২০০৩;
  6. im
  7. https://www.youtube.com/watch?v=q5XDeCQ5la0
  8. কোচ ৰাজবংশী সংস্কৃতি কোশ, ড° লাবণ্য ভকত, পৃ: নং; ৩২৫,বনমালী প্ৰকাশন, ২০২১, ISBN: 987-93-81678-81-7