মেজী উইলিয়ামছ
| মেজী উইলিয়ামছ | |
|---|---|
২০১৯ চনৰ ছান ডিয়েগো কমিক-কনত উইলিয়ামছ | |
| জন্ম | মাৰ্গাৰেট কনষ্টেন্স উইলিয়ামছ ১৫ এপ্ৰিল, ১৯৯৭ (২৯ বছৰ) ব্ৰিষ্টল, ইংলেণ্ড |
| নাগৰিকত্ব | যুক্তৰাজ্য |
| শিক্ষা | নৰ্টন হিল স্কুল |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১১–বৰ্তমান |
| জনা যায় | গেম অৱ থ্ৰোনছ (২০১১–২০১৯) |
মাৰ্গাৰেট কনষ্টেন্স "মেজী" উইলিয়ামছ (ইংৰাজী: Margaret Constance "Maisie" Williams; জন্ম: ১৫ এপ্ৰিল, ১৯৯৭) এগৰাকী ইংৰাজ অভিনেত্ৰী। ২০১১ চনত এইচবিঅ’ৰ মহাকাব্যিক মধ্যযুগীয় ফেণ্টাচী টেলিভিছন ধাৰাবাহিক গেম অৱ থ্ৰোনছ (২০১১–২০১৯)-ৰ অন্যতম মুখ্য চৰিত্ৰ আৰ্য ষ্টাৰ্ক হিচাপে উইলিয়ামছে অভিনয় জীৱনৰ পাতনি মেলে। এই ধাৰাবাহিকখনত কৰা কামৰ বাবে তেওঁ বিশেষ স্বীকৃতি আৰু সমালোচকৰ প্ৰশংসা লাভ কৰাৰ লগতে দুটাকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে। উইলিয়ামছৰ অন্যান্য টেলিভিছন উপস্থিতিৰ ভিতৰত আছে বিবিচিৰ বিজ্ঞান কল্পকাহিনী ধাৰাবাহিক ডক্টৰ হু (২০১৫)-ত আশিল্ডৰ, ব্ৰিটিছ ডকুড্ৰামা টেলিভিছন ছবি চাইবাৰবুলি (২০১৫) আৰু ব্ৰিটিছ বিজ্ঞান কল্পকাহিনী কিশোৰ থ্ৰিলাৰ ছবি আইবয় (২০১৭)। তেওঁ কমেডী একচন ড্ৰামা মিনি চিৰিজ টু উইকছ টু লিভ (২০২০)-ত কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছিল আৰু ছেক্স পিষ্টলছৰ বিষয়ে নিৰ্মিত বায়’পিক পিষ্টল (২০২২)-ত পাংক ৰক আইকন জৰ্ডানৰ চৰিত্ৰত অভিনয় কৰিছিল। উইলিয়ামছে আমেৰিকান এনিমেটেড ৱেব ধাৰাবাহিক জেন:লক (২০১৯–২০২১)-ত কেমি মেকক্লাউডৰ চৰিত্ৰত কণ্ঠদান কৰিছিল।
২০১৪ চনত তেওঁ নিজৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি, ৰহস্যধৰ্মী ড্ৰামা দ্য ফলিং-ত লিডিয়াৰ চৰিত্ৰত অভিনয় কৰে, যাৰ বাবে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা আৰু কেইবাটাও বঁটা লাভ কৰে। তেওঁ ৰোমাণ্টিক পিৰিয়ড-ড্ৰামা ছবি মেৰী শ্বেলী (২০১৭), এনিমেটেড প্ৰাক-ঐতিহাসিক ক্ৰীড়া কমেডী ছবি আৰ্লি মেন (২০১৮) আৰু ৰোমাণ্টিক কমেডী-ড্ৰামা ছবি দেন কেম ইউ (২০১৮) আদি ছবিত অভিনয় কৰে। ২০১৮ চনত লণ্ডনৰ হেম্পষ্টেড থিয়েটাৰত লৰেন গুণ্ডাৰছনৰ নাটক আই এণ্ড ইউ-ৰ জৰিয়তে তেওঁ মঞ্চত আত্মপ্ৰকাশ কৰে আৰু ইতিবাচক সঁহাৰি লাভ কৰে। ২০২০ চনত তেওঁ ছুপাৰহিৰো হৰৰ ছবি দ্য নিউ মিউটেণ্টছ আৰু চাইক’লজিকেল থ্ৰিলাৰ দ্য অ’নাৰ্ছত অভিনয় কৰে।
২০১৯ চনত উইলিয়ামছে যুটীয়াভাৱে সামাজিক মাধ্যমৰ প্লেটফৰ্ম 'ডেইজী' বিকশিত আৰু মুকলি কৰে। এইটো এটা মাল্টি-মিডিয়া নেটৱৰ্কিং এপ যিটো শিল্পী আৰু সৃষ্টিকৰ্তাসকলক (বিশেষকৈ যিসকলে আৰম্ভণি কৰিবলৈ চেষ্টা কৰিছে) তেওঁলোকৰ কেৰিয়াৰত সহায় কৰাৰ এক বিকল্প মাধ্যম হিচাপে ডিজাইন কৰা হৈছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মাৰ্গাৰেট কনষ্টেন্স উইলিয়ামছৰ জন্ম ১৯৯৭ চনৰ ১৫ এপ্ৰিলত ইংলেণ্ডৰ ব্ৰিষ্টলত হৈছিল। তেওঁৰ পিতৃ গেৰী উইলিয়ামছ আৰু মাতৃ হিলাৰী ফ্ৰান্সিছ (পূৰ্বৰ উপাধি পিট), যি এগৰাকী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম প্ৰশাসক আছিল। পিছলৈ তেওঁ জীয়েকৰ অভিনয় জীৱনত সহায় কৰিবলৈ চাকৰি এৰি দিছিল।[1][2][3] উইলিয়ামছৰ চাৰি মাহ বয়স হওঁতেই তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। চাৰিজন ভাই-ভনী— জেমছ, বেথ আৰু টেডৰ ভিতৰত আটাইতকৈ সৰু উইলিয়ামছক তেওঁৰ মাতৃ আৰু সতীয়া পিতৃয়ে চমাৰছেটৰ ক্লাটন গাঁৱৰ এটা তিনিটা শোৱা কোঠা থকা চৰকাৰী ঘৰত ডাঙৰ-দীঘল কৰিছিল।[1][4] সৰুৰেপৰা উইলিয়ামছক "মেজী" নামেৰে জনা গৈছিল, যিটো ব্ৰিটিছ বাতৰি কাকতৰ কমিক ষ্ট্ৰিপ দ্য পেৰিচাৰ্ছৰ এটা কাৰ্টুন চৰিত্ৰৰ সৈতে তেওঁৰ সাদৃশ্য থকাৰ বাবে মতা এটা উপনাম।[1][2][5]
উইলিয়ামছে মিদছমাৰ নৰ্টনৰ ক্লাটন প্ৰাইমেৰী স্কুল আৰু নৰ্টন হিল স্কুলত অধ্যয়ন কৰিছিল। মেজীয়ে ৰেডষ্টকৰ চু হিল ডান্সত যোগদান কৰে আৰু বহুতো অনুষ্ঠানত অংশগ্ৰহণ কৰি এগৰাকী অতি সক্ৰিয় নৃত্যশিল্পী হৈ পৰে। পিছলৈ তেওঁ পৰিৱেশ্য কলা (অধ্যয়ন কৰিবলৈ ৰেডষ্টকৰ বিডিচি বাথ ডান্স কলেজলৈ স্থানান্তৰিত হয়। এগৰাকী পেছাদাৰী নৃত্যশিল্পী হোৱাৰ উচ্চাকাংক্ষাৰে তাত তেওঁ মিউজিকেল থিয়েটাৰ, বেলে, পইণ্ট, টেপ, ষ্ট্ৰীট ডান্স, ফ্ৰীষ্টাইল, জিমনাষ্টিক আৰু ট্ৰেম্পলিনিঙৰ প্ৰশিক্ষণ লৈছিল।[1][6][7] অভিনয় জীৱনৰ সফল আৰম্ভণিৰ বাবে তেওঁ ১৪ বছৰ বয়সতে বিদ্যালয় ত্যাগ কৰে। তাৰ পিছত তেওঁ ঘৰুৱাভাৱে শিক্ষা গ্ৰহণ কৰে যদিও কোনো জিচিএসই (GCSE) পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল।[8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Everything we know about Game of Thrones' Bristolian Maisie Williams". Bristol Post. 28 April 2019. https://www.bristolpost.co.uk.
- ↑ 2.0 2.1 London, Lela (12 May 2019). "Arya Stark: everything you need to know about the Game of Thrones hero". The Daily Telegraph. https://www.telegraph.co.uk। আহৰণ কৰা হৈছে: 14 May 2019.
- ↑ "Game of Thrones' Maisie Williams: 'It's not all fun and games'". The Guardian. 22 April 2016. https://www.theguardian.com। আহৰণ কৰা হৈছে: 2 June 2020.
- ↑ "Newsletters Lead Innovate Grow Public SpeakingHow a 'Game of Thrones'- Actress Turned Entrepreneur Gave a TED Talk That Sticks". https://www.inc.com। আহৰণ কৰা হৈছে: 1 June 2020.
- ↑ "Maisie Williams talks resisting stereotypical roles as she prepares to take Hollywood by storm". Evening Standard. 20 August 2015. https://www.standard.co.uk। আহৰণ কৰা হৈছে: 24 January 2016.
- ↑ "Maisie Williams". Empire. 2016. https://www.empireonline.com। আহৰণ কৰা হৈছে: 19 February 2021.
- ↑ "Watch Game Of Thrones' Maisie Williams and Her Brother Defy Gravity". Time. 24 September 2015. https://time.com। আহৰণ কৰা হৈছে: 19 February 2021.
- ↑ "Game of Thrones' Maisie Williams: 'I'm still petrified of my peers'". 17 October 2018. https://www.theguardian.com। আহৰণ কৰা হৈছে: 1 April 2020.
- ↑ "Game of Thrones star Maisie Williams was bullied after becoming famous". New Beat. BBC. 10 February 2015. https://www.bbc.co.uk। আহৰণ কৰা হৈছে: 4 June 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Maisie Williams সম্পৰ্কীয় মিডিয়া ফাইল।- মেজী উইলিয়ামছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
