মেজৰ আনা মাৰিয়া
| মেজৰ আনা মাৰিয়া | |
|---|---|
| জন্ম | ১৯৬৯ (বয়স ৫৬–৫৭)
চিয়াপাছ, মেক্সিকো |
| আনুগত্য | |
| চাকৰি/শাখা | |
| পদমৰ্যদা | ইনফেণ্ট্ৰী মেজৰ |
| যুদ্ধ-বিগ্ৰহ | চিয়াপাছ যুদ্ধ |
মেজৰ আনা মাৰিয়া হৈছে মেক্সিকোৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ছান ক্ৰিষ্টোবাল দে লাছ কাছাছত জাপাটিষ্টা বিদ্ৰোহৰ নেতৃত্ব দিয়া প্ৰথম সামৰিক নম ডি গিয়েৰ নেতাসকলৰ এগৰাকী।[1]
জীৱনী
[সম্পাদনা কৰক]১৯৬৯ চনত আনা মাৰিয়াৰ জন্ম হয় চিয়াপাছ হাইলেণ্ডৰ কোনো ঠাইত।[2] তেওঁ ট্জ'টজিল নামৰ মায়া জনগোষ্ঠীৰ লোক।[3]
মাত্ৰ আঠ বছৰ বয়সতে শান্তিপূৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। ভাতৃয়ে জাপাটিষ্টা আৰ্মি অৱ নেচনেল লিবাৰেচন (EZLN)ত যোগদান কৰাৰ পাছত তেৰবছৰীয়া আনা মাৰিয়াও নামভৰ্তি কৰে, যোগদান কৰা প্ৰথম মহিলাসকলৰ ভিতৰত তেওঁ অন্যতম। বিশেষকৈ খিলঞ্জীয়া মহিলাৰ উন্নত জীৱন নিশ্চিত কৰিবলৈ মাটি ৰখাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰাৰ বাবেই তেওঁ ইজেডএলএনত যোগদান কৰে।[4] জাপাটিষ্টা আৰ্মি অৱ নেচনেল লিবাৰেচনৰ ভিতৰতে তেওঁ নিজৰ ৰাজনৈতিক মতামত আহৰণ কৰিছিল আৰু অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল।[5] আন্দোলনৰ প্ৰথম মহিলাসকলৰ ভিতৰত এগৰাকী হিচাপে তেওঁ আনৰ বাবে যোগদানৰ পথ মুকলি কৰি দিছিল, যাৰ ফলত কিছুমানে কেৱল মহিলাৰ বাবেহে কোম্পানীৰ গোট সৃষ্টি কৰিছিল। তেওঁৰ বাবে ইজেডএলএন আন্দোলনৰ মূল দাবী আছিল গণতন্ত্ৰ আৰু স্বাধীনতা।[6]
ছান ক্ৰিষ্টোবাল দে লাছ কাছাছত জাপাটিষ্টা বিদ্ৰোহৰ সময়ত মেজৰ আনা মাৰিয়াই ১০০০ জনীয়া এটা বেটেলিয়নৰ কমাণ্ড কৰিছিল আৰু পৌৰসভাৰ প্ৰাসাদ দখল কৰাৰ নেতৃত্ব দিছিল।[7] ইনফেণ্ট্ৰি মেজৰ হিচাপে তেওঁ নিজৰ অঞ্চলৰ সৰ্বোচ্চ সামৰিক পদবী লাভ কৰিছিল।[8]
খিলঞ্জীয়া আৰু কৃষক মহিলা উভয়ৰে বাবে নাৰীবাদী আইন নাৰী বিপ্লৱী আইন কল্পনা কৰাত সহায় কৰিছিল। খিলঞ্জীয়া গোপনীয় বিপ্লৱী সমিতি (স্পেনিছ: Comité Clandestino Revolucionario Indigena, CCRI)ৰ অংশও আছিল। অন্যান্য বিষয়ৰ লগতে তেওঁ ফেডাৰেল চৰকাৰক উদ্দেশ্যি চিচিআৰআইৰ বিবৃতিত উল্লেখ থকা আহ্বান "যদি ফেডাৰেল চৰকাৰে ইজেডএলএনৰ নিয়ন্ত্ৰণত থকা ভূমিৰপৰা নিজৰ সৈন্য আঁতৰাই দিয়ে"ত সহ-স্বাক্ষৰ কৰিছিল।[9]
২০১১ চনৰ মাৰ্চ মাহত মেজৰ আনা মাৰিয়াই পৃথিৱীৰ ৰঙৰ বাবে মাৰ্চত যোগদান কৰে (স্পেনিছ: "লা মাৰ্চা প'ৰ এল কলাৰ দে লা টিয়েৰা")। এই পদযাত্ৰা ৩৭ দিন ধৰি চলিছিল, আৰু ছান ক্ৰিষ্টোবাল ডি লাছ কাছাছৰপৰা মেক্সিকো চহৰলৈ গৈছিল। এই প্ৰতিনিধি দলটো ইজেডএলএনৰ ২৪ জন প্ৰতিনিধি আৰু মেক্সিকোৰ বহু খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিৰে গঠিত আছিল।[10] এই পদযাত্ৰাৰ লক্ষ্য আছিল ছান আন্দ্ৰেছ চুক্তি ৰক্ষা কৰা যিয়ে মেক্সিকান চৰকাৰক সংবিধানত খিলঞ্জীয়াৰ অধিকাৰ আৰু স্বায়ত্তশাসনক স্বীকৃতি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কৰিছিল। কিন্তু ১৯৯৬ চনত চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰেপৰা খিলঞ্জীয়া স্বায়ত্তশাসনক স্বীকৃতি দিয়া বা নিদিয়াটো প্ৰতিখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Klein, Hilary (30 January 2008). "We Learn as We Go: Zapatista Women Share Their Experiences". Toward Freedom (Burlington). OCLC 180161608. http://towardfreedom.com/home/content/view/1224/1/.
- ↑ Rovira, Guiomar (2000). Women of Maize: Indigenous Women and the Zapatista Rebellion. প্ৰকাশক London: Latin American Bureau. পৃষ্ঠা. 30. ISBN 1-899365-30-3. OCLC 45236376.
- ↑ Kampwirth, Karen (2002). "Also a Women's Rebellion: The Rise of the Zapatista Army". Women and Guerrilla Movements: Nicaragua, El Salvador, Chiapas, Cuba. প্ৰকাশক University Park: Pennsylvania State University Press. পৃষ্ঠা. 83. ISBN 0-271-02185-3. OCLC 52907279. https://archive.org/details/womenguerrillamo0000kamp.
- ↑ Rovira, Guiomar (2000). Women of Maize: Indigenous Women and the Zapatista Rebellion. প্ৰকাশক London: Latin American Bureau. পৃষ্ঠা. 40. ISBN 1-899365-30-3. OCLC 45236376.
- ↑ "Las demandas son las mismas de siempre: Justicia, tierras, trabajo, educación e igualdad para las mujeres" (es ভাষাত). Enlace Zapatista. 8 March 1994. http://enlacezapatista.ezln.org.mx/1994/03/07/comandanta-ramona-y-mayor-ana-maria-las-demandas-son-las-mismas-de-siempre-justicia-tierras-trabajo-educacion-e-igualdad-para-las-mujeres/। আহৰণ কৰা হৈছে: 25 March 2020.
- ↑ Q (28 February 1994). "Interview with Major Ana Maria of the EZLN". Schools for Chiapas. http://schoolsforchiapas.org/wp-content/uploads/2014/03/Interview-with-Major-Ana-Maria.pdf। আহৰণ কৰা হৈছে: 25 March 2020.
- ↑ Subcomandante Marcos (2001). "Twelve Women in the Twelfth Year". In Ponce de Le, Juana. Our Word is Our Weapon. Seven Stories Press. ISBN 1-58322-036-4. https://archive.nytimes.com/www.nytimes.com/books/first/m/marcos-weapon.html। আহৰণ কৰা হৈছে: 25 March 2020.
- ↑ Rovira, Guiomar (2000). Women of Maize: Indigenous Women and the Zapatista Rebellion. প্ৰকাশক London: Latin American Bureau. পৃষ্ঠা. 42. ISBN 1-899365-30-3. OCLC 45236376.
- ↑ Henríquez, Elio (13 February 1995). "Entrevista a la Mayor Ana María: Sobre las barbaridades y la guerra sucia del gobierno federal" (es ভাষাত). Enlace Zapatista. http://enlacezapatista.ezln.org.mx/1995/02/13/entrevista-a-la-mayor-ana-maria-sobre-las-barbaridades-y-la-guerra-sucia-del-gobierno-federal/। আহৰণ কৰা হৈছে: 25 March 2020.
- ↑ Pacheco Ladrón de Guevara, Lourdes Consuelo; Consuelo, Lourdes (2019). "Nosotras ya estábamos muertas: Comandanta Ramona y otras insurgentas del Ejército Zapatista de Liberación Nacional" (es ভাষাত). Trayectorias Humanas Trascontinentales (6). doi:10.25965/trahs.1881. https://www.unilim.fr/trahs/1881। আহৰণ কৰা হৈছে: 25 March 2020.
- ↑ "Indigenous Rights and Self-Determination in Mexico". March 1999. https://www.culturalsurvival.org/publications/cultural-survival-quarterly/indigenous-rights-and-self-determination-mexico। আহৰণ কৰা হৈছে: 25 March 2020.