সমললৈ যাওক

মেটিয়েল মগানাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন্ম ১৯০০
অট্টোমান চিৰিয়া
মৃত্যু ১১ আগষ্ট ১৯৯২
ভাৰ্জিনিয়া, আমেৰিকা
পেচা
  • অধিবক্তা
  • লেখিকা
জনা যায় পেলেষ্টাইনৰ আৰব মহিলা সন্থাৰ সম্পাদিকা
উল্লেখযোগ্য কৰ্ম The Arab Woman and the Palestine Problem (১৯৩৭)
দাম্পত্যসঙ্গী মোগান্নাম মোগানাম
সন্তান

মেটিয়েল মগানাম (ইংৰাজী: Matiel Mogannam; ১৮৯৯–১৯৯২) এগৰাকী পেলেষ্টাইনী আৰব উকীল আছিল যি ১৯২০ আৰু ১৯৩০ চনত বাধ্যতামূলক পেলেষ্টাইনত মহিলা আন্দোলনৰ নেতৃত্ব দিছিল৷ তেওঁ আৰব মহিলা কাৰ্যবাহী (AWE)ৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]
The Arab woman and the Palestinian problem (১৯৩৭)

১৮৯৯ চনত লেবাননত পেলেষ্টাইনী খ্ৰীষ্টান পৰিয়ালত মাটিয়েলৰ জন্ম হৈছিল।[1][2] তেওঁৰ জন্মৰ কিছু সময়ৰ পিছতে পৰিয়ালটো আমেৰিকালৈ গুচি যায়।[2] তাতেই তেওঁ আইন বিভাগৰ ডিগ্ৰী লাভ কৰে।[3]

১৯২১ চনত মগানাম আৰু তেওঁৰ স্বামীয়ে জেৰুজালেম, মেণ্ডেট পেলেষ্টাইনত বসতি স্থাপন কৰে।[4] তেওঁ আৰব মহিলা সংস্থা (এ ডব্লিউ এ) আৰু পেলেষ্টাইনত আৰব মহিলা আন্দোলনৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা এ ডব্লিউ ইৰ দুগৰাকী সচিবৰ ভিতৰত অন্যতম হিচাপে কাম কৰিছিল।[5]

মগানাম ১৯২৯ চনত জেৰুজালেমত অনুষ্ঠিত হোৱা পেলেষ্টাইন আৰব মহিলা সন্মিলনৰ অন্যতম অংশগ্ৰহণকাৰী আছিল। ১৯৩০ চনত বেইৰুটত অনুষ্ঠিত আৰব মহিলা সন্মিলনতো তেওঁ অংশগ্ৰহণ কৰে।[4] ১৯৩৩ চনৰ এপ্ৰিল মাহত ওমৰৰ মছজিদত পেলেষ্টাইনী জাতীয়তাবাদৰ ওপৰত ভাষণ দিছিল।[5] সেই বছৰতে জাফাত জাতীয়তাবাদী বিক্ষোভৰ সময়ত তেওঁ আন এটা ভাষণ দিছিল।.[2]

মোগানামে পেলেষ্টাইনৰ বাতৰি কাকতত প্ৰবন্ধ প্ৰকাশ কৰিছিল আৰু আৰব উইমেন এণ্ড দ্য পেলেষ্টাইন প্ৰব্লেম নামৰ এখন গ্ৰন্থৰ লেখক আছিল।[6] ১৯৩৭ চনত লণ্ডনৰ হাৰ্বাৰ্ট জোচেফে এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰিছিল।[3][7]মেণ্ডেট যুগৰ মহিলা আন্দোলনৰ বিষয়ে লিখা এইখন একমাত্ৰ গ্ৰন্থ।[4]

১৯৩৮ চনত মগানাম আৰু তেওঁৰ স্বামী ৰামাল্লাত বসতি স্থাপন কৰে।[2] ১৯৮০ চনত তেওঁ আমেৰিকালৈ উভতি আহি ভাৰ্জিনিয়াৰ ফল্ছ চাৰ্চত বাস কৰে।[8]

ব্যক্তিগত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

তেওঁ আমেৰিকাত মগানাম মগানামৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[4] তেওঁ এজন উকীল আছিল আৰু জেৰুজালেমৰ পৰা অহা আৰব এংলিকান পৰিয়ালৰ সদস্য আছিল।[9] মেটিয়েলৰ স্বামী আছিল নেশ্যনেল ডিফেন্স পাৰ্টিৰ এজন বিষয়া। ১৯৪৩ চনত তেওঁৰ মৃত্যু হয়।[8] তেওঁলোকৰ দুটা সন্তান আছিল থিয়ডৰ আৰু লেইলা।[8]

১৯৯২ চনৰ ১১ আগষ্টত ভাৰ্জিনিয়াৰ আৰ্লিংটনত কনজেষ্টিভ হাৰ্ট ফেইলাৰৰ ফলত মেটিয়েলৰ মৃত্যু হয়।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Matiel Mogannam - Feminist Figures (1899 - 1992)" (en ভাষাত). Interactive Encyclopedia of the Palestine Question – palquest. https://www.palquest.org/en/biography/30018/matiel-mogannam আহৰণ কৰা হৈছে: 2024-11-18.
  2. 1 2 3 4 Ellen L. Fleischmann (2005). "Mogannam, Matiel". In Philip Mattar. Encyclopedia of The Palestinians (Revised সম্পাদনা). প্ৰকাশক New York: Facts On File, Inc.. পৃষ্ঠা. 322. ISBN 978-0816057641. https://books.google.com/books?id=GkbzYoZtaJMC&pg=PA322.
  3. 1 2 Rosemary Sayigh (Summer 1981). "Encounters with Palestinian Women under Occupation". Journal of Palestine Studies খণ্ড 10 (4): 13. doi:10.2307/2536386.
  4. 1 2 3 4 Matiel E.T. Mogannam (2011). "The Struggle for National Rights (1937)". Documenting First Wave Feminisms: Transnational Collaborations and Crosscurrents. 1. প্ৰকাশক Toronto; Buffalo, NY; London: University of Toronto Press. পৃষ্ঠা. 209. ISBN 978-0-8020-9134-5. https://muse.jhu.edu/pub/50/edited_volume/book/106303.
  5. 1 2 Ellen L. Fleischmann (2000). "The Emergence of the Palestinian Women's Movement, 1929-39". Journal of Palestine Studies খণ্ড 29 (3): 19, 24. doi:10.2307/2676453.
  6. Julie Peteet (1992). Gender in Crisis: Women and the Palestinian Resistance Movement. প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 44. ISBN 978-0-231-51605-1. https://books.google.com/books?id=wopfWwEV6EAC&pg=PR44.
  7. "The Arab woman and the Palestine problem". WorldCat.org. https://search.worldcat.org/title/arab-woman-and-the-palestine-problem/oclc/408969 আহৰণ কৰা হৈছে: 22 February 2024.
  8. 1 2 3 4 "Matiel E.T. Mogannam". The Washington Post. 12 August 1992. সাঁচ:ProQuest. https://www.proquest.com/docview/307564484.
  9. Seth J. Frantzman; Benjamin W. Glueckstadt; Ruth Kark (2011). "The Anglican Church in Palestine and Israel: Colonialism, Arabization and Land Ownership". Middle Eastern Studies খণ্ড 47 (1): 107,123. doi:10.1080/00263201003590482.