মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ)
চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ | |
| পৰিচালক | চেলিন ছং |
|---|---|
| ৰচনা | চেলিন ছং |
| প্ৰযোজক |
|
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | শ্বেবিয়েৰ কিৰ্চনাৰ |
| সম্পাদনা | কিথ ফ্ৰেজ |
| সংগীত পৰিচালক | ডেনিয়েল পেম্বাৰ্টন |
প্ৰযোজনা কোম্পানীসমূহ |
|
| পৰিবেশক | এ২৪ (আমেৰিকা যুক্তৰাষ্ট্ৰ) চনী পিকচাৰ্ছ ৰিলিজিং ইণ্টাৰনেশ্যনেল ষ্টেজ ৬ ফিল্মছ[1] (আন্তঃৰাষ্ট্ৰীয়) |
মুক্তি |
জুন ১৩, ২০২৫ |
দৈৰ্ঘ্য |
১১৭ মিনিট[2] |
| দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| ভাষা | ইংৰাজী |
| বাজেট | $২০ মিলিয়ন[3] |
| সৰ্বমুঠ আয় | $১৫.৫ মিলিয়ন[4] |
মেটেৰিয়েলিষ্টছ (ইংৰাজী: Materialists) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, চেলিন ছঙৰ দ্বাৰা ৰচিত তথা পৰিচালিত, এখন আমেৰিকীয় প্ৰণয়ধৰ্মী চলচ্চিত্ৰ। ছবিখনত ডাকোটা জনছন, ক্ৰিছ ইভান্স, জো উইণ্টাৰছ, মেৰিন আয়াৰলেণ্ড, লুইছা জেকবছন আৰু পেড্ৰʼ পাস্কেলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন নিউয়ৰ্ক মহানগৰৰ বিলাসিতা-চালিত ডেটিং সংস্কৃতিৰ পটভূমিত নিৰ্মিত। ছবিখনত এগৰাকী ঘটক (Matchmaker), তেওঁৰ উচ্চাকাংক্ষী প্ৰাক্তন প্ৰেমিক (পেচাত অভিনেতা) আৰু এগৰাকী মনোমোহা কোটিপতিৰ মাজৰ প্ৰেমকাহিনী (Love triangle)ক চিত্ৰিত কৰা হৈছে।
এই ছবিখন পাষ্ট লাইভছ (২০২৩)ৰ পিছত চেলিন ছঙৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ। পৰিচালকৰ পূৰ্বৰ ছবিখনৰ দৰে এই ছবিখনতো অন্তৰংগতা, পৰিচয় আৰু আধুনিক সম্পৰ্কৰ অন্বেষণৰ দৰে বৈশিষ্ট্যবোৰ ফুটি উঠিছে। কিলাৰ ফিল্মছ আৰু টুএএমৰ দ্বাৰা প্ৰযোজিত এই ছবিখনে ২০২৫ চনৰ ১৩ জুন তাৰিখে এ২৪-ৰ সহযোগিতাত আমেৰিকাত মুক্তি পায় আৰু চনী পিকচাৰ্ছ ৰিলিজিং ইণ্টাৰনেশ্যনেলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছবিখনৰ বিতৰণ কৰে। ছবিখনে সমালোচকসকলৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল।
অভিনয় শিল্পী
[সম্পাদনা কৰক]- লুচিৰ চৰিত্ৰত ডাকোটা জনছন
- জনৰ চৰিত্ৰত ক্ৰিছ ইভান্স
- হেৰী কাষ্টিলোৰ চৰিত্ৰত পেড্ৰ’ পাস্কেল
- ছফীৰ চৰিত্ৰত জোৱে উইণ্টাৰছ
- ভায়োলেটৰ চৰিত্ৰত মেৰিন আয়াৰলেণ্ড
- ডেইজীৰ চৰিত্ৰত দশা নেক্ৰাছোভা
- চাৰ্লটৰ চৰিত্ৰত লুইছা জেকবছন
- মেছনৰ চৰিত্ৰত ছয়িয়াৰ স্পিলবাৰ্গ
- ৰবাৰ্টৰ চৰিত্ৰত এডি কেহিল
- ট্ৰেভৰৰ চৰিত্ৰত জোচেফ লীয়ে
- মাৰ্ক পিৰ চৰিত্ৰতজন মাগাৰো (কণ্ঠ)
- বিবাহৰ সংগীতশিল্পীৰ চৰিত্ৰত বেবী ৰোজ
মুক্তি
[সম্পাদনা কৰক]এ২৪-ৰ সহযোগিতাত ২০২৫ চনৰ ১৩ জুন তাৰিখে মেটেৰিয়েলিষ্টছ ছবিখনে আমেৰিকাৰ চিত্ৰগৃহত মুক্তি পাইছিল। চনী পিকচাৰ্ছৰ[5] সহযোগিতাত ২০২৫ চনৰ ১৬ আগষ্ট তাৰিখে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি পায়।[6][7]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "MATERIALISTS | Stage6". Sony Pictures Digital ProductionsStage 6 Films. https://www.stage6films.com/movies/materialists। আহৰণ কৰা হৈছে: 18 April 2025.
- ↑ "MATERIALISTS" (en-CA ভাষাত). British Columbia Film Classification Office. 2025-05-21. https://www.consumerprotectionbc.ca/motion-picture-ratings/classification-details/?cpbc_id=606649। আহৰণ কৰা হৈছে: 2025-05-31.
- ↑ D'Alessandro, Anthony; Tartaglione, Nancy (June 10, 2025). "'How To Train Your Dragon' Won't Be Laggin' At The Summer Box Office With $175M-$185M Global Start For Live Action Redo – Preview". Deadline Hollywood. https://deadline.com/2025/06/how-to-train-your-dragon-box-office-preview-1236429912/। আহৰণ কৰা হৈছে: June 10, 2025.
- ↑ "Materialists – Financial Information". The Numbers. https://www.the-numbers.com/movie/Materialists-(2025)#tab=summary। আহৰণ কৰা হৈছে: June 15, 2025.
- ↑ Taysom, Joe (2025-05-22). "'Materialists' reveal new trailer and international release date". Far Out. https://faroutmagazine.co.uk/celine-song-materialists-starring-dakota-johnson-pedro-pescal/। আহৰণ কৰা হৈছে: 2025-05-22.
- ↑ D'Alessandro, Anthony (March 4, 2025). "A24 Sets Summer Release For Celine Song's Matchmaker Movie 'Materialists'". Deadline Hollywood. Archived from the original on April 8, 2025. https://web.archive.org/web/20250408014000/https://deadline.com/2025/03/chris-evans-dakota-johnson-materialists-release-date-1236310170/। আহৰণ কৰা হৈছে: March 4, 2025.
- ↑ Keslassy, Elsa (2024-02-18). "Sony Pictures Buys International Rights to Celine Song's Materialists at the EFM" (en-US ভাষাত). Variety. Archived from the original on March 18, 2025. https://web.archive.org/web/20250318220129/https://variety.com/2024/film/global/sony-pictures-celine-songs-materialists-efm-1235915404/। আহৰণ কৰা হৈছে: 2024-08-22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]মেটেৰিয়েলিষ্টছ (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।