সমললৈ যাওক

মেট ডেমন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেট ডেমন
Matt Damon

২০২৬ চনত ডেমন
জন্ম মেথিউ পেইজ ডেমন
অক্টোবৰ ৮ , ১৯৭০ (৫৫ বছৰ)
কেমব্ৰিজ, মাছাছুছেটছ্, আমেৰিকা যুক্তৰাষ্ট্ৰ U.S.
পেচা
  • অভিনেতা
  • চলচ্চিত্ৰ প্ৰযোজক
  • চিত্ৰনাট্যলেখক
সক্ৰিয় হৈ থকা সময় ১৯৮৭–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী লুচিয়ানা বোজান বাৰাছো (বি. ২০০৫)
সন্তান
স্বাক্ষৰ

মেথিউ পেইজ ডেমন (ইংৰাজী: Matt Damon; জন্ম: ৮ অক্টোবৰ ১৯৭০) হৈছে এজন আমেৰিকীয় অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু চিত্ৰনাট্যলেখক৷ তেওঁক ২০০৭ চনত ফৰ্বছ আলোচনীয়ে "সৰ্বাধিক উপাৰ্জন নিশ্চিত কৰিব পৰা তাৰকা"ৰ তালিকাভুক্ত কৰে৷ ২০১০ চনত তেওঁ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়৷ মেট ডেমনে একাডেমী, দুটা বাফটা, এটা গীল্ড বঁটাকে ধৰি একাধিক বঁটা আৰু মনোনয়ন লাভ কৰিছে৷[2]

১৯৮৮ চনত ডেমনে "মিষ্টিক পিজ্জা" নামৰ ছবিখনৰ জৰিয়তে নিজৰ অভিনয়জগতত অভিষেক ঘটায়৷ ১৯৯৭ চনত তেওঁ আৰু বেন এফ্লেকে 'গুড উইল হাণ্টিং' নামৰ ছবিখনৰ কাহিনী লিখে আৰু ডেমনে মুখ্য চৰিত্ৰত অভিনয়ো কৰে৷ ছবিখনৰ বাবে দুয়োজনে "শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ একাডেমী" আৰু গোল্ডেন গ্ল'ব লাভ কৰে৷ দ্য টেলেণ্টেড মিষ্টাৰ ৰিপলি (১৯৯৯), জেছন বৰ্ণ ইন দ্য বৰ্ণ (ফ্ৰেঞ্চাইজি) (২০০২–২০০৭; ২০১৬), আৰু অ'চেনছ ট্ৰাইলজী (২০০১–২০০৭)ত লিনাছ কেলডৱেলৰ চৰিত্ৰত অভিনয় কৰি তেওঁ নিজকে এজন আগশাৰীৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰে। তেওঁ একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে আৰু দ্য মাৰ্চিয়ান (২০১৫)ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বাবে গোল্ডেন গ্ল'ব বঁটা লাভ কৰে। তেওঁ অভিনয় কৰা কেইখনমান গুৰুত্বপূৰ্ণ ছবি হৈছে : দ্য ৰেইনমেকাৰ (১৯৯৭ চনৰ ছবি) (১৯৯৭), ছেভিং প্ৰাইভেট ৰিয়ান (১৯৯৮), চিৰিয়ানা (২০০৫), দ্য ডিপাৰ্টেড (২০০৬), দ্য ইনফৰ্মেণ্ট! (২০০৯), ইনভিটাছ (২০০৯), ট্ৰু গ্ৰিট (২০১০), কণ্টাজিয়ন (২০১১), ইণ্টাৰষ্টেলাৰ (২০১৪), ফৰ্ড বন ফেৰাৰি (২০১৯), দ্য লাষ্ট ডুৱেল (২০২১), এয়াৰ (২০২৩), আৰু অপেনহাইমাৰ (২০২৩)।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Matt Damon". The Film Programme. BBC Radio Four. Archived from the original on January 9, 2026. Retrieved January 8, 2026.
  2. "2024 SAG Awards: See the Complete Winners List". Vanity Fair. February 24, 2024. https://www.vanityfair.com/hollywood/2024-sag-awards-winners-list আহৰণ কৰা হৈছে: September 19, 2025.[সংযোগবিহীন উৎস]