সমললৈ যাওক

মেডিচন বেইলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেডিচন বেইলী
জন্ম মেডিচন লিলি বেইলী
২৯ জানুৱাৰী, ১৯৯৯ (২৭ বছৰ)[1]
কাৰ্নাৰ্চভিল, উত্তৰ কেৰোলিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৫–বৰ্তমান
উচ্চতা ৫' ৮"[1]

মেডিচন লিলি বেইলী (ইংৰাজী: Madison Lilly Bailey; জন্ম: ২৯ জানুৱাৰী, ১৯৯৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰ টিন ড্ৰামা ধাৰাবাহিক আউটাৰ বেংকছত (২০২০–বৰ্তমান) কৰা অভিনয়ৰ বাবে পৰিচিত।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বেইলীৰ জন্ম উত্তৰ কেৰোলিনাৰ কাৰ্নাৰ্চভিলত হৈছিল আৰু তেওঁক তোলনীয়া পিতৃ-মাতৃয়ে ডাঙৰ-দীঘল কৰিছিল। তেওঁৰ তিনিজন ককায়েক আৰু তিনিগৰাকী বায়েক আছে,[1] যাৰ ভিতৰত পাঁচজনকেই ফষ্টাৰ কেয়াৰৰ জৰিয়তে তোলনীয়া হিচাপে গ্ৰহণ কৰা হৈছিল।[3] তেওঁ মৰিচীয় আৰু ইটালীয় বংশোদ্ভূত।[1] তেওঁৰ মাতৃৰ ২০১৮ চনত মৃত্যু হয়। বেইলীয়ে কাৰ্নাৰ্চভিলৰ ইষ্ট ফৰচাইথ হাইস্কুলত অধ্যয়ন কৰিছিল।[4]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বেইলীয়ে প্ৰথমে গায়িকা হ’বলৈ বিচাৰিছিল, কিন্তু মানুহৰ আগত গান গাবলৈ ভয় লগাৰ বাবে ১৫ বছৰ বয়সত অভিনয় আৰু মডেলিং জগতত ভৰি দিয়ে।[5] তেওঁ ২০১৫ চনত পেছাদাৰী অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁ টিভি ধাৰাবাহিক মিষ্টাৰ মাৰ্চিডিজ আৰু কনষ্টাণ্টিনত অভিনয় কৰিছিল। ২০১৮ চনত তেওঁ ছি ডব্লিউৰ কল্পবিজ্ঞান ধাৰাবাহিক ব্লেক লাইটনিংত ৱেণ্ডি হাৰ্নাণ্ডেজৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়।

২০২০ চনৰপৰা তেওঁ নেটফ্লিক্সৰ ৰহস্যধৰ্মী ধাৰাবাহিক আউটাৰ বেংকছত কিয়াৰা "কি" কেৰেৰাৰ চৰিত্ৰত অভিনয় কৰি আহিছে।[6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

প্ৰায় ১৮ বছৰ বয়সত বেইলী বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিচঅৰ্ডাৰত আক্ৰান্ত বুলি ধৰা পৰিছিল।[7][8][1]

২০১৭ চনত বেইলীয়ে নিজকে পেনচেক্সুৱেল বুলি ঘোষণা কৰিছিল। ২০২০ চনৰপৰা ২০২৫ চনলৈ তেওঁ অৱসৰপ্ৰাপ্ত বাস্কেটবল খেলুৱৈ মাৰিয়া লিনীৰ সৈতে সম্পৰ্কত আছিল।[3][9][10] তেওঁ নিজে নিজৰ মেকআপ কৰি ভাল পায় আৰু ফেণ্টি বিউটিৰ বিজ্ঞাপন অভিযানত অংশ লৈছে।[10][11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "Madison Bailey: 16 facts about the Outer Banks actress you probably didn't know" (en ভাষাত). Capital UK. https://www.capitalfm.com/news/tv-film/madison-bailey/ আহৰণ কৰা হৈছে: 2025-03-29.
  2. "Watch Outer Banks". Netflix.com. https://www.netflix.com/title/80236318 আহৰণ কৰা হৈছে: March 4, 2022.
  3. 1 2 Milton, Hailee (September 1, 2020). "Outer Banks' Madison Bailey Unapologetically Speaks Her Truth". V. https://vmagazine.com/article/outer-banks-madison-bailey-unapologetically-speaks-her-truth/ আহৰণ কৰা হৈছে: November 20, 2020.
  4. Tim Clodfelter. "Kernersville native Madison Bailey heads to 'Outer Banks ' for hit Netflix show". Winston-Salem Journal. https://journalnow.com/entertainment/kernersville-native-madison-bailey-heads-to-outer-banks-for-hit-netflix-show/article_0471fd85-ee11-5030-828f-4553d25c4021.html.
  5. Abbas, Sabrina (April 23, 2020). "Meet Madison Bailey, the Breakout Star of Netflix's Gen Z Answer to 'The O.C.'". L'Officiel. https://www.lofficielusa.com/film-tv/madison-bailey-netflix-outer-banks আহৰণ কৰা হৈছে: January 18, 2021.
  6. Tauer, Kristen (July 28, 2021). "'Outer Banks' Star Madison Bailey Isn't Scared to Get Out of Her Comfort Zone". Women's Wear Daily. https://wwd.com/eye/people/outer-banks-star-madison-bailey-isnt-scared-to-get-out-of-her-comfort-zone-1234888767/ আহৰণ কৰা হৈছে: January 18, 2022.
  7. Murrell, Morgan (June 23, 2020). ""Outer Banks" Star Madison Bailey Revealed She Has Borderline Personality Disorder". BuzzFeed. https://www.buzzfeed.com/morganmurrell/outer-banks-madison-bailey-borderline-personality-disorder আহৰণ কৰা হৈছে: January 17, 2022.
  8. Tailor, Leena (June 22, 2020). "'Outer Banks' Star Madison Bailey on Finding Love and Living With Borderline Personality Disorder". ET Online. https://www.etonline.com/outer-banks-star-madison-bailey-on-finding-love-and-living-with-borderline-personality-disorder.
  9. "'Outer Banks' Star Madison Bailey Shares Why She Came Out Early in Her Career" (en-US ভাষাত). Them. 2023-02-23. https://www.them.us/story/madison-bailey-outer-banks-season-3-interview আহৰণ কৰা হৈছে: 2023-02-23.
  10. 1 2 "GLAMOUR's June coverstar Madison Bailey: 'Pansexuality makes the most sense for how I feel'" (en-GB ভাষাত). Glamour UK. 2021-06-10. https://www.glamourmagazine.co.uk/article/madison-bailey-digital-cover-star-june-2021-interview আহৰণ কৰা হৈছে: 2023-02-24.
  11. Baker, Jessica (February 21, 2023). "Madison Bailey on OBX Season 3, Self-Care, and TikTok Beauty Trends" (en ভাষাত). Who What Wear. https://www.whowhatwear.com/madison-bailey-outer-banks আহৰণ কৰা হৈছে: 2023-02-24.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]