মেথিউ ৰিকা
মেথিউ ৰিকা | |
|---|---|
माथ्यु रिका | |
| ব্যক্তিগত | |
| জন্ম | ১৫ ফেব্ৰুৱাৰী ১৯৪৬ আইক্স-লেচ-বেইনচ, চেভিঅ', ফ্ৰান্স |
| ধৰ্ম | বৌদ্ধধৰ্মীয় |
| ৰাষ্ট্ৰীয়তা | ফৰাচী, নেপালী |
| বিদ্যালয় | তিব্বতীয় বৌদ্ধ (বজ্ৰযান) |
| শিক্ষা | পেষ্টুউৰ প্ৰতিষ্ঠান (আণৱিক জীনতত্ত্বত ডক্তৰেট) |
| জীৱিকা |
|
| জ্যেষ্ঠ বিষয়বাব | |
| শিক্ষক | কেংগয়ুৰ ৰিনপ'চে ডিলগো য়েনটছে ৰিনপ'চে |
| ৱেবছাইট | MatthieuRicard.org |
মেথিউ ৰিকা (Nepali: माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী।
মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ নিজৰ বৈজ্ঞানিক কেৰিয়াৰ ত্যাগ কৰি তিব্বতী বৌদ্ধ ধৰ্ম পালন কৰাৰ সিদ্ধান্ত লয় আৰু মূলতঃ হিমালয়ত বাস কৰে।
ৰিকা মাইণ্ড এণ্ড লাইফ ইনষ্টিটিউটৰ ব’ৰ্ডৰ সদস্য। ২০০০ চনত ৰাবজাম ৰিনপোচেৰ সৈতে সহযোগীভাৱে প্ৰতিষ্ঠা কৰা অ-লাভজনক সংস্থা কৰুনা-শ্বেচেনৰ সৈতে কৰা মানৱীয় কামৰ বাবে তেওঁ ফ্ৰান্সৰ নেচনেল অৰ্ডাৰ অৱ মেৰিট লাভ কৰে। ১৯৮৯ চনৰ পৰা তেওঁ ১৪ নং দালাই লামাৰ ফৰাচী দোভাষী হিচাপে কাম কৰি আহিছে। ২০১০ চনৰ পৰা তেওঁ নিয়মীয়াকৈ ভ্ৰমণ কৰে৷ ৰিকাই কিয়াবজে ডিলগো য়েনচে ৰিনপোচেৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰি আহিছে আৰু শিক্ষাদানত সহায় কৰি আহিছে।
জীৱন
[সম্পাদনা কৰক]
ফ্ৰান্সৰ ছাভয়ৰ আইক্স-লেছ-বেইনছত জন্মগ্ৰহণ কৰা তেখেতৰ পিতৃৰ নাম আছিল প্ৰয়াত জিন-ফ্ৰান্সোৱা ৰেভেল (জন্ম জিন-ফ্ৰান্সোৱা ৰিকা)। তেওঁৰ মাতৃ গীতিময় বিমূৰ্ততাবাদী চিত্ৰশিল্পী আৰু তিব্বতী বৌদ্ধ নন ইয়াহনে লে টৌমেলিন। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাসমূহৰ মাজত ডাঙৰ-দীঘল হৈছিল।[1]
ৰিকাে ফ্ৰান্সৰ নোবেল বঁটা বিজয়ী ফ্ৰান্সোৱা জেকবৰ অধীনত পেষ্টুৰ ইনষ্টিটিউটত আণৱিক জেনেটিক্সত পি এইচ ডি ডিগ্ৰীৰ বাবে কাম কৰিছিল। ১৯৭২ চনত ডক্টৰেট ডিগ্ৰীৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ৰিকাই নিজৰ বৈজ্ঞানিক কেৰিয়াৰ পৰিত্যাগ কৰে আৰু তিব্বতী বৌদ্ধ ধৰ্মৰ চৰ্চাত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়।[2]
ইয়াৰ পিছত ৰিকা ভাৰতলৈ যায় আৰু তাতে তেওঁ হিমালয়ত বাস কৰি কেংগুৰ ৰিনপোচে আৰু সেই পৰম্পৰাৰ আন কেইজনমান শিক্ষকৰ লগত অধ্যয়ন কৰে। ১৯৯১ চনত ৰিনপোচেৰ মৃত্যুৰ আগলৈকে তেওঁ দিলগো খিয়েনচে ৰিনপোচেৰ ঘনিষ্ঠ ছাত্ৰ আৰু বন্ধু হৈ পৰিছিল।[3]
ৰিকাক "পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি" বুলি কোৱা হৈছে।.[4][5] উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ত সুখৰ ওপৰত কৰা এক অধ্যয়নত মেথিউ ৰিকা আছিল স্বেচ্ছাসেৱী বিষয়৷ তেওঁ শ-শ স্বেচ্ছাসেৱকৰ গড়তকৈ বহু বেছি নম্বৰ লাভ কৰিছিল।[4] ৰিকাই অৱশ্যে এই অভিধাটোক "অৰ্থহীন" আৰু অসত্য বুলি অভিহিত কৰিছে।[6][7]
তেওঁ নিজকে ধৰি দীৰ্ঘদিনীয়া ধ্যানকাৰীসকলৰ মগজুৰ ওপৰত এক অধ্যয়নৰ সহ-লেখক আছিল, যিসকলে নূন্যতম তিনি বছৰ ৰিট্ৰিটত আছিল।.[8]
ৰিকা মাইণ্ড এণ্ড লাইফ ইনষ্টিটিউটৰ ব’ৰ্ডৰ সদস্য, যি বিজ্ঞানী, বৌদ্ধ পণ্ডিত আৰু ধ্যানবিদসকলৰ মাজত হোৱা বৈঠক আৰু সহযোগিতামূলক গৱেষণাৰ বাবে নিয়োজিত, তেওঁৰ অৱদানসমূহ ডেষ্ট্ৰাক্টিভ ইমোচনছ (ডেনিয়েল গোলমেনৰ সম্পাদনা) আৰু অন্যান্য ৰচনাৰ কিতাপত প্ৰকাশ পাইছে। তেওঁ মগজুৰ ওপৰত মন প্ৰশিক্ষণৰ প্ৰভাৱৰ দিশত সম্পন্ন হোৱা গৱেষণাত নিয়োজিত৷ তেওঁ আমেৰিকাৰ মেডিচন-উইচকনচিন, প্ৰিন্সটন আৰু বাৰ্কলে বিশ্ববিদ্যালয়, জাৰ্মানীৰ লাইপজিগৰ মেক্স প্লেংক ইনষ্টিটিউট,[9] বেলজিয়ামৰ লিয়েজ বিশ্ববিদ্যালয়,[10] আৰু ফ্ৰান্সৰ লায়ন আৰু কেনৰ ইনছাৰম কেন্দ্ৰকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিছে।[11]
ৰিকাই চাৰি বছৰ ডৰ্ডগনত কটায়৷ ২০২৩ চনত ৰিকাই এশ বছৰ বয়সত মৃত্যু হোৱা মাতৃ য়াহনেৰ যত্ন লৈছিল৷ এই সময়ছোৱাত তেওঁৰ যত্ন লৈ ৰিকাই নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰিছিল।[12]
যোগ-সাধনা অনুশীলন
[সম্পাদনা কৰক]ৰিকাই তিনি ধৰণৰ ধ্যান ব্যৱহাৰ কৰে: দয়া, মুকলি সচেতনতা আৰু বিশ্লেষণাত্মক।[13] তেওঁ মুঠ ৫ বছৰ একক ধ্যান-ধাৰণাত কটায়, আৰু ইয়াৰ বাবে তেওঁ দূৰণিবটীয়া এটা পাহাৰৰ জুপুৰিত বাস কৰে।[13]
ভেগানবাদ
[সম্পাদনা কৰক]ৰিকাৰ্ড এজন ভেগান[13] তেওঁ ভেগানবাদ আৰু পশুৰ অধিকাৰৰ প্ৰচাৰ কৰে, যাৰ বিষয়ে তেওঁ ২০১৬ চনত এ প্লি ফৰ দ্য এনিমেলছ নামৰ কিতাপত লিখিছিল।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Buddhist monk is the world's happiest man, Daily News America, 29 October 2012, archived from the original on 2 November 2012, https://web.archive.org/web/20121102061116/http://india.nydailynews.com/newsarticle/7b470adb0a9b6c32e19e16a08df13f3d/buddhist-monk-is-the-worlds-happiest-man, আহৰণ কৰা হৈছে: 2 November 2012
- ↑ Chalmers, Robert. "Matthieu Ricard: Meet Mr Happy". The Independent. https://www.independent.co.uk/news/people/profiles/matthieu-ricard-meet-mr-happy-436652.html.
- ↑ Brussat, Frederick; Brussat, Mary Ann. "Guru Yoga An Oral Teaching by Dilgo Khyentse Rinpoche". Spirituality & Practice. http://www.spiritualityandpractice.com/books/reviews/view/2054। আহৰণ কৰা হৈছে: 6 February 2016.
- ↑ 4.0 4.1 Chalmers, Robert (18 February 2007), "Matthieu Ricard: Meet Mr Happy – Profiles, People", The Independent, https://www.independent.co.uk/news/people/profiles/matthieu-ricard-meet-mr-happy-436652.html, আহৰণ কৰা হৈছে: 25 June 2013
- ↑ "The pursuit of happiness – Relationships – Life & Style Home", The Brisbane Times, 8 May 2008, http://www.brisbanetimes.com.au/news/relationships/the-pursuit-of-happiness/2008/05/07/1210131040908.html?page=fullpage, আহৰণ কৰা হৈছে: 25 June 2013
- ↑ The World's Happiest Man Wishes You Wouldn't Call Him That https://www.gq.com/story/happiest-man-in-the-world-matthieu-ricard
- ↑ Beddington, Emma (18 September 2023). "The world's happiest man? Matthieu Ricard on the secrets of a serene, successful, satisfying life". The Guardian. https://www.theguardian.com/lifeandstyle/2023/sep/18/the-worlds-happiest-man-matthieu-ricard-on-the-secrets-of-a-serene-successful-satisfying-life.
- ↑ Antoine Lutz; Lawrence L. Greischar; Nancy B. Rawlings; Matthieu Ricard; Richard J. Davidson (16 November 2004), "Long-term meditators self-induce high-amplitude gamma synchrony during mental practice", PNAS খণ্ড 101 (46): 16369–73, doi:10.1073/pnas.0407401101, PMID 15534199, Bibcode 2004PNAS..10116369L
- ↑ "Department of Neuroscience". cbs.mpg.de. http://www.cbs.mpg.de/publication-search/367797?person=persons71665.
- ↑ "Liège: the CHU explore the cerveau du moine Matthieu Ricard en méditation" (fr ভাষাত). 15 May 2015. https://www.rtbf.be/info/regions/detail_liege-le-chu-explore-le-cerveau-du-moine-matthieu-ricard-en-meditation?id=8981191.
- ↑ "Pardonnez-moi – Matthieu Ricard" (fr ভাষাত). rts.ch. https://www.rts.ch/play/tv/pardonnez-moi/video/matthieu-ricard?id=6087818&station=a9e7621504c6959e35c3ecbe7f6bed0446cdf8da.
- ↑ Beddington, Emma (2023-09-18). "The world's happiest man? Matthieu Ricard on the secrets of a serene, successful, satisfying life" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/lifeandstyle/2023/sep/18/the-worlds-happiest-man-matthieu-ricard-on-the-secrets-of-a-serene-successful-satisfying-life.
- ↑ 13.0 13.1 13.2 "10% Happier with Dan Harris by ABC News on Apple Podcasts". iTunes. https://podcasts.apple.com/us/podcast/10-happier-with-dan-harris/id1087147821.
- ↑ Bekoff, Marc (26 September 2016). "Matthieu Ricard's 'A Plea for the Animals' Is A Must Read: A Wonderful Celebration Of World Animal Day 2016". HuffPost. http://www.huffingtonpost.com/entry/matthieu-ricards-a-plea-for-the-animals-is-a-must_us_57d41b1ee4b0273330ac4136.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত মেথিউ ৰিকা বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
| ৱিকিমিডিয়া কমন্সত মেথিউ ৰিকা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official website
- Ricard's English-language blogsite
- Mind and Life Institute
- Karuna-Shechen website – Ricard's humanitarian non-profit organization for his projects in Tibet, Nepal, and India
- "The Science of Mind & Reality" – video with neuroscientist Wolf Singer
- "Change your Mind, Change your Brain: The Inner Conditions for Authentic Happiness" – video of a lecture given at Google in 2007
- সাঁচ:TED speaker
- "Altruism and Change : Conversation Between Matthieu Ricard and Tan Chade Meng" at Singapore Management University, Wee Kim Wee Centre [1]
- "The Elements of Metaphor" interview with ascent magazine
- Matthieu Ricard & Richard Gere on Altruism
- "The world's happiest man" at Ode Magazine
- Spirituality & Health Magazine cover story by Matthieu Ricard
- Matthieu Ricard: Monk, Activist and Photographer Interview with Haxie Meyers-Belkin on Perspectives, France24. 14 October 2019