সমললৈ যাওক

মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
অৱস্থান কক্স বজাৰ, চিটাগং, বাংলাদেশ
মাটিকালি ৩৯৫.৯২ হেক্টৰ
প্ৰতিস্থা ৮ আগষ্ট ২০০৮

মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Medhakachhapia National Park) বাংলাদেশৰ কক্স বজাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।[1][2] এই অৰণ্যখন বিশাল মদাৰ আৰু গৰ্জন গছৰ বাবে সুপৰিচিত। মেধা কচ্ছপিয়া এটি প্ৰাকৃতিক বনাঞ্চল। ২০০৪ চনত প্ৰতিষ্ঠা হোৱা উদ্যানখন ২০০৮ চনৰ আগষ্ট মাহত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন প্ৰায় ৩৯৫.৯২ হেক্টৰ।[3][4]

পৰিচিতি

[সম্পাদনা কৰক]

ইয়াৰ অৰণ্যৰ প্ৰকৃতি গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ। এই উদ্যানখন কক্স বজাৰ উত্তৰ বন বিভাগৰ নিয়ন্ত্ৰণত আছে। উদ্যানখনৰ ১ৰপৰা ৩ কিলোমিটাৰৰ ভিতৰত ১৮,৩০৫ জন লোকৰ অনুমাণিক ৩,৫২৩টা পৰিয়াল বাস কৰে। এই স্থানীয় গাঁও বা চুবুৰিবোৰ মূলতঃ খেতি‍-বাতি, নিমখ উৎপাদন, মাছ ধৰাৰ ওপৰত নিৰ্ভৰশীল। ৰোহিংগীয়া শৰণাৰ্থীৰ বাবে এই জনসংখ্যাৰ ওপৰত ক্ৰমান্বয়ে চাপ বৃদ্ধি পাইছে।

ইয়াত ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ আঁৰৰ মূল উদ্দেশ্য হৈছে শতবৰ্ষ গৰকা গৰ্জন বনাঞ্চলখনক সুৰক্ষিত কৰা। এই উপমহাদেশৰ যি অলপ গৰ্জন গছৰ অৰণ্যই এতিয়াও মূৰ তুলি আছে, তাৰ ভিতৰত এই অৰণ্যখন অন্যতম।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "বাৰ্ষিক প্ৰতিৱেদন ২০১৮-১৯". ১৭ ফেব্ৰুয়াৰি ২০২১. http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/page/2df7f2df_fa89_453f_8058_7efa3bd806f1/2020-08-09-13-46-edeec5c2b5192bef749674278f5baf1f.pdf. 
  2. "বাৰ্ষিক প্ৰতিৱেদন ২০১৭-১৮". ১৭ ফেব্ৰুয়াৰি ২০২১. http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/page/2df7f2df_fa89_453f_8058_7efa3bd806f1/ANNUAL%20REPORT_2017-18.pdf. 
  3. "Protected Areas of Bangladesh". বাংলাদেশ বন অধিদপ্তৰ. ৩ জুলাই ২০১৩. http://www.bforest.gov.bd/index.php/protected-areas. 
  4. DeCosse, P.J., Thompson, P. M., Ahmed, I. U., Sharma, R.A. and Majumder, A. H. (৩ জুলাই ২০১৩). "Protected Area Co-Management Where People and Poverty Intersect: Lessons fron NISHORGO in Bangladesh". নিসৰ্গ নেটওয়াৰ্ক, USAID. http://www.nishorgo.org/tbltd/upload/pdf/0.13277600%201357813928_Lessons%20Learn%20-%20all%20chapters.pdf.