সমললৈ যাওক

মেনুৱেলা (গায়িকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেনুৱেলা

১৯৭১ চনত মেনুৱেলা
জন্ম ড'ৰিছ ইংগে ৱেগেনাৰ
১৮ আগষ্ট ১৯৪৩
বাৰ্লিন, জাৰ্মানী
মৃত্যু ১৩ ফেব্ৰুৱাৰী, ২০০১ (৫৭ বছৰ)
বাৰ্লিন, জাৰ্মানী
ৰাষ্ট্ৰীয়তা জাৰ্মান
পেচা গায়িকা


ড'ৰিছ ইংগে ৱেগেনাৰ (জাৰ্মান উচ্চাৰণ: [ˈdoːʁɪs ˈɪŋə ˈʋeːɡənɐ]; ১৮ আগষ্ট ১৯৪৩ – ১৩ ফেব্ৰুৱাৰী ২০০১) এগৰাকী জাৰ্মান গায়িকা আছিল। তেওঁ মঞ্চ নাম আছিল মেনুৱেলা (Manuela)৷ এইটো নামেৰে মানুহে তেওঁক বেছিকৈ চিনি পায়৷

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

১৯৪৩ চনৰ ১৮ আগষ্টত জাৰ্মানীৰ বাৰ্লিন চহৰত মেনুৱেলাৰ জন্ম হৈছিল আৰু সেই চহৰতে ২০০১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হৈছিল৷ তেওঁ জাৰ্মানীত শ্লেগাৰ গীতৰ গায়িকা হিচাপে কাম কৰিছিল।[1] তেওঁ আইম ছিংজেনডেন ৰবি এম ক’নিগ্‌ছে (Im singenden Rößl am Königssee (1963)), টুৱেণ্টি গাৰ্ল এণ্ড দ্য টিছাৰ (Twenty Girls and the Teachers (1971)) আৰু স্কোল্ড ৱাৰ নুৰ ডেৰ বছা নভা (Schuld war nur der Bossa Nova (1992))ৰ দৰে কিছুমান জাৰ্মান ছবিত কাম কৰিছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰেকৰ্ড ৱৰ্ল্ডৰ (Record World) ১৯৭১ চনৰ ২৫ ছেপ্টেম্বৰৰ সংখ্যাত পল ছেইগেলে উল্লেখ কৰিছিল যে টেলিফাংকেন-ডেক্কা (Telefunken-Decca) শিল্পী হিচাপে মেনুয়েলাক BASF ৰেকৰ্ড লেবেললৈ অহাৰ বাবে ২০০০,০০০ জাৰ্মান মাৰ্ক দিয়া হৈছে। হয়তো ৰেকৰ্ড কোম্পানীটোৰ কাৰ্যবাহীসকলে নিজৰ শিল্পীসকলক ধৰি ৰখাৰ বাবে চিন্তিত হৈ পৰিছিল।[3]

মেনুৱেলাই ৰেডিঅ' লাক্সেমবাৰ্গৰ দ্বাৰা ১৯৬৪ চনত ব্ৰঞ্জ-লায়নৰ বিশেষ বঁটা "গোল্ডেন বনি" আৰু ১৯৬৮ চনত ছিলভাৰ-লায়ন বঁটা লাভ কৰে। ১৯৬৫, ১৯৬৬ আৰু ১৯৬৭ চনত ইটালীৰ ক'পে ড'ৰ (Coupe d'or) লাভ কৰে৷ ১৯৬৬, ১৯৬৯, ১৯৭০ আৰু ১৯৭১ চনত চাৰিবাৰ ব্ৰেভ’ অট্ট’ৰ (Bravo Otto) সোণৰ পদক আৰু ১৯৬৫, ১৯৬৭, ১৯৬৮ আৰু ১৯৭২ চনত চাৰিবাৰ ৰূপৰ পদক লাভ কৰে৷ ১৯৬৮ চনত তেওঁ গোল্ডেন শ্বালপ্লেট আৰু ১৯৯১ আৰু ১৯৯২ চনত গোল্ডেন ষ্টিমগেবেল লাভ কৰে৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Von Elisabeth Binder (14 February 2001). "Nachruf (german)" (de ভাষাত). Der Tagesspiegel. http://www.tagesspiegel.de/weltspiegel/Welt;art118,2057370। আহৰণ কৰা হৈছে: 15 October 2013. 
  2. Werke von und über Manuela in the German National
  3. Record World, September 25, 1971 - Page 56 RECORD WORLD INTERNATIONAL, GERMANY By PAUL SIEGEL, BERLIN