সমললৈ যাওক

মেলা পট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মেলা পট এক উৎসৱ। ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু সংমণ্ডলৰ ডোডা জিলাৰ ভাদেৰৱাহ তহচিলৰ খাখল গাঁৱত নাগ সংস্কৃতিৰ প্ৰতীক হিচাপে প্ৰতি বছৰে নগা পঞ্চমীৰ দিনা অনুষ্ঠিত হোৱা ই তিনিদিনীয়া উৎসৱ।[1]

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

ৰেচম কাপোৰৰ সংস্কৃত শব্দ "পট বস্ত্ৰ"ৰ নামেৰে এই উৎসৱ মেলা পটৰ নামকৰণ কৰা হৈছে। এই তিনিদিনত জাতি আৰু ধৰ্ম নিৰ্বিশেষে সকলো পটভূমিৰ লোকে বৃহৎসংখ্যক মেলা পেটত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] মেলা পটৰ শিপা ষোড়শ শতিকাৰপৰাই হৈছে যেতিয়া সম্ৰাট আকবৰ[2] ৰাজা নাগপালৰ আধ্যাত্মিক শক্তিত আচৰিত হৈছিল, ভাদেৰৱাহৰ শাসকে তেওঁক ধাতুৰ পাত্ৰ, সোণ আৰু ৰূপৰ অলংকাৰ, ৰেচমৰ কাপোৰ আৰু বাদ্যযন্ত্ৰকে ধৰি নাগ দেৱতা নাগ ৰাজ বাসুকিৰ প্ৰতি সন্মানৰ ইংগিত হিচাপে যথেষ্ট ধনেৰে সন্মান জনাইছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mela Patt, Bhaderwah" (en ভাষাত). utsav.gov.in. https://utsav.gov.in/view-event/mela-patt-bhaderwah-1। আহৰণ কৰা হৈছে: 2024-01-04. 
  2. "Mela patt of Bhaderwah". www.ijaresm.com. https://www.ijaresm.com/mela-patt-of-bhaderwah। আহৰণ কৰা হৈছে: 2024-01-04. 
  3. "Bhaderwah | Mela Patt". www.bhaderwah.com. http://www.bhaderwah.com/tourism/ptourism/mela_patt.html। আহৰণ কৰা হৈছে: 2024-01-04.