মেলেৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেলেৰিয়া
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

A Plasmodium in the form that enters humans and other vertebrates from the saliva of female mosquitoes (a sporozoite) traverses the cytoplasm of a mosquito midgut epithelial cell.
আই.চি.ডি.-10 B50-B54
আই.চি.ডি.-9 084
OMIM 248310
ডিজিজেছ ডে'টাবে'ছ 7728
মেডলাইন প্লাছ 000621
ইমেডিচিন med/1385 emerg/305 ped/1357
MeSH C03.752.250.552

মেলেৰিয়া (ইংৰাজী: Maleria)ক সাধাৰনতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায় । মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয় । মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয় । সকলো ধৰণৰ মহে মেলেৰিয়া বিয়পাৱ নোৱাৰে । এই বীজাণুৰ দ্বাৰা আক্ৰান্ত মাইকী এন'ফিলিচ মহৰ লালটি গ্ৰন্থিত মেলেৰিয়া বীজাণুবোৰ থাকে আৰু এনে মহে কামুৰিলেহে ৰোগ সংক্ৰমিত হয় । (অণুবীক্ষণ যন্ত্ৰৰ সহায়ত মেলেৰিয়াৰ বীজাণুবোৰ চাব পৰা যায় ) এই বীজাণুবোৰে জীৱনৰ এছোৱা মানুহৰ গাত আৰু এছোৱা মহৰ গাত কটায় । যেতিয়া এজনী মাইকী এন'ফিলিছ মহে এজন মেলেৰিয়া ৰোগীক কামোৰে তেতিয়া ই মানুহজনৰ তেজৰ লগতে মেলেৰিয়াৰ বীজাণুবোৰো নিজৰ দেহত সুমুৱাই লয় । যেতিয়া এই বীজাণুবোৰ মহৰ পেটত সোমায় তাৰ ১০-১২ দিনৰ পাছত ই ৰোগ সংক্ৰমিত কৰিব পৰা হয় । এনে ৰোগ বিয়পাব পৰা মহে এজন সুস্থ মানুহক কামুৰিলে মেলেৰিয়াৰ বীজাণুবোৰ মানুহজনৰ দেহত প্ৰৱেশ কৰে । তেনে ক্ষেত্ৰত মানুহজন দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰত মেলেৰিয়াত আক্ৰান্ত হয় । এজন মেলেৰিয়া ৰোগীৰ পৰাই বহুজনলৈ এই ৰোগ বিয়পিব পাৰে ।

মেলেৰিয়াৰ লক্ষণ

মেলেৰিয়া জ্বৰত সাধাৰণতে তিনিটা স্তৰ থাকে-

(১) শীতল অৱস্থা- এই অৱস্থাটো জাৰ জাৰ লগা ভাৱ,কঁপনি আৰু মূৰ কামুৰণিৰে আৰম্ভ হয় । ৰোগীয়ে লেপ-কম্বলজাতীয় গৰম কাপোৰ ল'বলৈ বিচাৰে । আঙুলিবোৰ আৰু ওঁঠ দুটা শুকাই যোৱাৰ ফলত এইবোৰৰ ৰং সামান্য নীলা চানেকীয়া হয় আৰু ৰোগীৰ গাৰ নোমবোৰ শিয়ঁৰি উঠে । এই অৱস্থাটো ১৫ মিনিট পৰা ১ ঘণ্টা পৰ্যন্ত চলিব পাৰে ।

(২) উষ্ণ অৱস্থা - এই্ অৱস্থাত জ্বৰ ইমান বেচি হয় যে প্ৰচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে । ৰোগীৱ তীব্ৰ মূৰ কামুৰণি হয় । মাজে মাজে ওকালি আহে আৰু বমিও হয় । এই অৱস্থা ১ ৰ পৰা ৬ ঘণ্টা পৰ্যন্ত্য থাকে । নাড়ীৰ স্পন্দন জোৰেৰে হয় । ৰোগীৰ খুব পিয়াঁহ লাগে ।

(৩) ঘৰ্মাক্ত অৱস্থা- এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায় । ৰোগী সাধাৰণতে গভীৰভাৱে টোপনি যায় আৰু সাৰ পালে দুৰ্বল অনুভৱ কৰে । এই অৱস্থা ২ ৰ পৰা ৪ ঘণ্টা পৰ্যন্ত্য থাকে ।

মেলেৰিয়াৰ প্ৰকাৰ

পৃথিৱীত মুঠ চাৰিবিধ মেলেৰিয়া ৰোগ আছে । সাধাৰণতে ভাৰতত ইয়াৰে তিনিবিধ মেলেৰিয়া ৰোগহে দেখা পোৱা যায় । এই তিনিবিধৰ ভিতৰতো দুবিধ হ'ল (১) ভাইভেক্স মেলেৰিয়া (সাধাৰণ বিধৰ মেলেৰিয়া) (২) ফেলচিপেৰাম মেলেৰিয়া (তীব্ৰ বিধৰ মেলেৰিয়া) । ইয়াৰ পিছতে তৃতীয় বিধ তথা মাৰাত্মক হ'ল চেৰিব্ৰেল মেলেৰিয়া (মস্তিস্ক সংক্ৰান্ত অতি তীব্ৰতৰ মেলেৰিয়া) এইবিধ মেলেৰিয়া বৰ বিপদজনক । অতি শীঘ্ৰে চিকিৎসা ব্যৱস্থা নকৰিলে ৰোগী ২-৩ দিনৰ ভিতৰত মৃত্যু মুখত পৰিব পাৰে । পূৰ্বে ভাৰতত ভাইভেক্স বা সাধাৰণবিধ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ আছিল আৰু ৰোগীৰ শতকৰা ৬০ ভাগৰ পৰা ৬৫ ভাগেই আছিল এইবিধ ৰোগীহে । শেহতীয়া ভাৱে এই ধাৰাটো বদলি হৈছে । আজিকালি ভয়াবহ পি ফেলচিপৰাম মেলেৰিয়া সকলো ঠাইতে বৃদ্ধি পাইছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ