সমললৈ যাওক

মেহজাবীন চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেহজাবীন চৌধুৰী

২০২৩ চনত চৌধুৰী
স্থানীয় নাম মেহজাবীন চৌধুৰী
জন্ম ১৯ এপ্ৰিল, ১৯৯১ (৩৫ বছৰ)
চট্টগ্ৰাম, বাংলাদেশ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
উল্লেখযোগ্য কৰ্ম
  • বড় ছেলে
  • ৰেডৰাম
  • সাব্ৰিনা
  • পুনৰ্জন্ম
পদবী লাক্স চেনেল আই ছুপাৰষ্টাৰ ২০০৯
দাম্পত্যসঙ্গী আদনান অল ৰাজীৱ (বি. ২০২৫)

মেহজাবীন চৌধুৰী (ইংৰাজী: Mehazabien Chowdhury; জন্ম: ১৯ এপ্ৰিল ১৯৯১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু ২০০৯ চনৰ লাক্স চেনেল আই ছুপাৰষ্টাৰ বিজয়ী।[1] বাংলাদেশৰ সৌন্দৰ্য প্ৰতিযোগিতা লাক্স চেনেল আই ছুপাৰষ্টাৰ জিকাৰ পিছতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।[2][3][4]

ম’বাইল ফোন অপাৰেটৰ বাংলালিংকৰ এটা টেলিভিছন বিজ্ঞাপনত অভিনয় কৰি চৌধুৰীয়ে বিশেষ চৰ্চা লাভ কৰিছিল। এটিএন বাংলাত সম্প্ৰচাৰিত টেলিভিছন নাটক তুমি থাকো সিন্ধু পাৰেৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰে। তেতিয়াৰপৰাই তেওঁ বড় ছেলে, চম্পা হাউচ, বুকেৰ বাঁ পাশে, আলো, লতা অডিঅ’, চিৰকাল আজ আৰু কাজলেৰ দিন ৰাত্ৰিৰ দৰে কেইবাখনো নাটকত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৯১ চনৰ ১৯ এপ্ৰিলত বাংলাদেশৰ চট্টগ্ৰামত চৌধুৰীৰ জন্ম হৈছিল।[5][6][7]

২০২৫ চনৰ ১৪ ফেব্ৰুৱাৰীত মেহজাবীনে পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ আদনান অল ৰাজীৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[8][9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চৌধুৰীয়ে মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৯ চনত তেওঁ লাক্স চেনেল আই ছুপাৰষ্টাৰৰ খিতাপ দখল কৰে, য’ত মৌনিতা খান ঈশানা প্ৰথম ৰানাৰ্ছ আপ আৰু সাদিকা স্বৰ্ণা দ্বিতীয় ৰানাৰ্ছ আপ হৈছিল।[10] এই প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ নিয়মিতভাৱে সংবাদ মাধ্যমত কাম কৰিবলৈ আৰম্ভ কৰে।[11]

চৌধুৰীৰ প্ৰথম টেলিভিছন অভিষেক ঘটিছিল তুমি থাকো সিন্ধু পাৰে নাটকৰ জৰিয়তে।[12] ইয়াৰ পিছত তেওঁ টেলিভিছন বিজ্ঞাপনত ভূমুকি মাৰিবলৈ আৰম্ভ কৰে।[13]

২০১৬ চনত চৌধুৰীয়ে নৃত্যৰ ৰিয়েলিটি শ্ব’ মংগোলী-চেনেল আই সেৰা নাচিয়েত অতিথি বিচাৰক হিচাপে কাম কৰিছিল।[14]

চৌধুৰীয়ে ৰোমাণ্টিক-কমেডী টেলিফিল্ম একাই ১০০ত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।[15] ২০১৭ চনত তেওঁ জনপ্ৰিয় টেলিভিছন নাটক বড় ছেলেত অভিনয় কৰে।[16][17]

২০২০ চনত চৌধুৰীক বহুজাতিক পাদুকা ব্ৰেণ্ড বাটা বাংলাদেশৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিৰ্বাচিত কৰা হয়।[18] ২০২৩ চনত তেওঁ অনলাইন মাৰ্কেটপ্লেচ দাৰাজ বাংলাদেশৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে ঘোষণা কৰা হয়।[19][20] চৌধুৰী বৰ্তমান নিহাৰ নেচাৰেল হেয়াৰ অইলৰ এগৰাকী ব্ৰেণ্ড এম্বেছেডৰ।[13]

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ভিকি জাহেদৰ পৰিচালনাত তেওঁৰ প্ৰথমখন ৱেব ফিল্ম ৰেডৰাম চৰকীত মুক্তি পায়।[21]

২০২২ চনত চৌধুৰীয়ে মাচৰাঙা টেলিভিছনত সম্প্ৰচাৰিত সংগীতৰ ৰিয়েলিটি শ্ব’ স্কুৱেৰ সুৰেৰ সেৰাত অতিথি বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিল।[22]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ""I have not signed any movie" – Mehazabien Chowdhury" (en ভাষাত). The Daily Star. 19 September 2020. https://www.thedailystar.net/arts-entertainment/news/i-have-not-signed-any-movie-mehazabien-chowdhury-1963861.
  2. Alom, Zahangir (2010-01-24). "Talent and glamour unified" (en ভাষাত). The Daily Star. https://www.thedailystar.net/news-detail-123121.
  3. Hassan, Mainul (2010-02-02). "Journey to stardom" (en ভাষাত). The Daily Star. https://www.thedailystar.net/news-detail-124426.
  4. "Mehazabien Chowdhury crowned Lux Superstar '09". The Daily Star. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304061713/http://archive.thedailystar.net/newDesign/news-details.php?nid=123121.
  5. "Happy 29th birthday to Mehazabien". Daily Bangladesh. 2020-04-19. https://www.daily-bangladesh.com/english/Happy-29th-birthday-to-Mehazabien/40886 আহৰণ কৰা হৈছে: 2022-02-10.
  6. (bn ভাষাত)NTV. 5 August 2019. https://www.ntvbd.com/Mehazabien-Chowdhury.
  7. "Birthdays are a rare respite for Mehazabien" (en ভাষাত). The Daily Star. 19 April 2017. https://www.thedailystar.net/arts-entertainment/birthdays-are-rare-respite-mehazabien-1392862.
  8. "১৩ বছৰেৰ প্ৰেমেৰ সফল পৰিণতি" (bn ভাষাত). Bangla Tribune. https://www.banglatribune.com/entertainment/television/887364/%E0%A7%A7%E0%A7%A9-%E0%A6%AC%E0%A6%9B%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%AE%E0%A7%87%E0%A6%B0-%E0%A6%B8%E0%A6%AB%E0%A6%B2-%E0%A6%AA%E0%A6%B0%E0%A6%BF%E0%A6%A3%E0%A6%A4%E0%A6%BF আহৰণ কৰা হৈছে: 2025-02-25.
  9. "Mehazabien Chowdhury ties the knot with Adnan Al Rajeev" (en ভাষাত). Dhaka Tribune. https://www.dhakatribune.com/showtime/374620/mehazabien-chowdhury-finally-ties-the-knot-with আহৰণ কৰা হৈছে: 2025-06-06.
  10. "Mehazabien wraps up new TVC, telefilm". The Independent (Dhaka). https://www.theindependentbd.com/post/218339.
  11. "Reality shows provide much-needed platform to gifted : Mehazabien" (en ভাষাত). New Age. http://www.newagebd.net/article/131327/reality-shows-provide-much-needed-platform-to-gifted-mehazabien.
  12. "Mehzabien's journey into the world of television" (en ভাষাত). The Daily Star. 19 January 2018. https://www.thedailystar.net/arts-entertainment/interview/bangladeshi-popular-model-and-actress-mehazabien-chowdhury-journey-the-world-television-1521829.
  13. 1 2 "Hair oil brand Nihar Naturals onboards Mehazabien Chowdhury as its brand ambassador." (en ভাষাত). The Daily Star. 20 April 2021. https://www.thedailystar.net/pr/news/hair-oil-brand-nihar-naturals-onboards-mehazabien-chowdhury-its-brand-ambassador-2080745.
  14. "Mehazabien as guest judge at Shera Nachiye" (en ভাষাত). The New Nation. Archived from the original on 2023-03-25. https://web.archive.org/web/20230325040507/https://thedailynewnation.com/news/89218/Mehazabien-as-guest-judge-at-Shera-Nachiye.
  15. "Nisho to play a rebellious bachelor and live in his car". Dhaka Tribune. 28 July 2020. https://www.dhakatribune.com/showtime/2020/07/28/nisho-to-play-a-rebellious-bachelor-living-in-his-car.
  16. "Mehazabien didn't realise "Boro Chele" would be such a hit". The Daily Star. 12 September 2017. http://www.thedailystar.net/arts-entertainment/interview/mehzabien-didnt-realise-boro-chele-would-be-such-hit-1460707.
  17. "Boro Chele Becomes One of the Most Watched Bangladeshi Telefilms in YouTube". The Daily Star. 23 September 2017. http://www.thedailystar.net/showbiz/grapevine/boro-chele-becomes-one-the-most-watched-bangladeshi-telefilms-youtube-1466134.
  18. "New faces of Bata" (en ভাষাত). The Financial Express. https://today.thefinancialexpress.com.bd/stock-corporate/new-faces-of-bata-1583508080.
  19. "Daraz celebrates its seventh anniversary" (en ভাষাত). Prothom Alo. https://en.prothomalo.com/corporate/daraz-celebrates-its-seventh-anniversary.
  20. "Nisho, Mehazabien made Daraz brand ambassadors" (en ভাষাত). Daily Sun. https://www.daily-sun.com/post/677026/Nisho-Mehazabien-made-Daraz-brand-ambassadors.
  21. "Exploring the intriguing characters of 'Redrum'". The Daily Star. 18 February 2022. https://www.thedailystar.net/entertainment/tv-film/news/exploring-the-intriguing-characters-redrum-2964781.
  22. "Mehazabien appears as judge in singing reality show" (en ভাষাত). The Bangladesh News. Archived from the original on 2023-03-22. https://web.archive.org/web/20230322223321/https://the-bangladeshnews.com/tv/news/mehazabien-appears-as-judge-in-singing-reality-show আহৰণ কৰা হৈছে: 2023-03-22.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]