মেহতাব কেৰামতী
| মেহতাব কেৰামতী | |
|---|---|
| স্থানীয় নাম | مهتاب کرامتی |
| জন্ম | মেহতাব কেৰামতী ১৭ অক্টোবৰ, ১৯৭০ (৫৫ বছৰ) তেহৰান, ইৰান |
| শিক্ষা | অণুজীৱ বিজ্ঞানৰ স্নাতক ডিগ্ৰী |
| শিক্ষানুষ্ঠান | আজাদ বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক, ইউনিচেফৰ সদিচ্ছা দূত |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৮–বৰ্তমান |
| দাম্পত্যসঙ্গী | বাবক ৰিয়াহিপুৰ (বিবাহ ১৯৮৬; বিবাহ বিচ্ছেদ ২০০২) |
| স্বাক্ষৰ | |
মেহতাব কেৰামতী (ফাৰ্চী: مهتاب کرامتی; জন্ম ১৭ অক্টোবৰ ১৯৭০) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী।[1] তেওঁ এখন ক্ৰিষ্টাল চিমৰ্গ আৰু দুখন হাফেজ বঁটা-সহ বিভিন্ন সন্মান লাভ কৰিছে। ২০০৬ চনৰ আগষ্ট মাহত তেওঁক ইৰানত ইউনিচেফৰ সদিচ্ছা দূত হিচাপে নিযুক্তি দিয়া হয়।
মেহতাব কেৰামতীয়ে বাবক ৰিয়াহিপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত অভিনয় জগতত ভৰি দিছিল, যাৰ সৈতে তেওঁৰ এগৰাকী কন্যা সন্তান আছিল। অৱশ্যে এই বিবাহৰ পৰিণতি বিবাহ বিচ্ছেদলৈ ৰূপান্তৰিত হয় আৰু তেওঁলোকৰ পৃথক্কৰণৰ পিছৰেপৰা তেওঁ পুনৰ বিবাহপাশত আবদ্ধ হোৱা নাই।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]কেৰামতীয়ে অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকাৰ সময়তে দ্য মেন অৱ এঞ্জেলছ-ত হেলেন চৰিত্ৰৰ বাবে নিৰ্বাচিত হয়, যিয়ে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰে। পিছলৈ তেওঁ মাম্মী ৩ আৰু ৰেইন মেন দৰে ছবিত অভিনয় কৰে, যাৰ বাবে তেওঁ ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ক্ৰিষ্টাল চিমৰ্গ বঁটাৰ বাবে মনোনীত হৈছিল। ইয়াৰ পিছত তেওঁ চেইণ্ট মেৰী আৰু ক্ৰিমচন চইল দৰে ধাৰাবাহিক আৰু হেল, পুৰ্গেটৰী, হেভেন, দেয়াৰ আৰ থিংছ ইউ ড’ণ্ট ন’, আলঝেইমাৰ আৰু দ্য প্ৰাইভেট লাইফ অৱ মিষ্টাৰ এণ্ড মিচেচ এম. দৰে বোলছবিত অভিনয় কৰে। টুৱেণ্টী বোলছবিখনত কৰা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ অভিনয়ৰ বাবে তেওঁ ক্ৰিষ্টাল চিমৰ্গ বঁটা লাভ কৰে। ২০১৫ চনত তেওঁ ইমাজিনইণ্ডিয়া চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ইয়াৰ উপৰি তেওঁ ঢাকা চলচ্চিত্ৰ মহোৎসৱৰ জুৰী সদস্য হিচাপেও অংশগ্ৰহণ কৰিছিল।[3]
দানশীলতা আৰু সমাজহিতৈষী কাৰ্যকলাপ
[সম্পাদনা কৰক]২০০৩ চনৰ ২৬ ডিচেম্বৰত সংঘটিত হোৱা বাম চহৰৰ ভূমিকম্পৰ পিছত তেওঁ সমাজহিতৈষী আৰু দাতব্য কাম-কাজৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু ৩০ ডিচেম্বৰত বাম চহৰৰ ভূমিকম্পগ্ৰস্ত লোকসকলৰ বাবে আয়োজিত এখন দাতব্য সভাত অংশগ্ৰহণ কৰা অন্যতম শিল্পী আছিল। ২০১৩ চনৰপৰা মৃত্যুদণ্ডৰ শাস্তি পোৱা কয়দীসকলক মুকলি কৰাটো তেওঁ কৰা এক দাতব্য কামত পৰিণত হৈছে আৰু তেওঁ তেজৰ বিনিময়ত ধন (ব্লাড মানী) সংগ্ৰহ কৰা তথা ভুক্তভোগীৰ পৰিয়ালৰ সন্তুষ্টি লাভ কৰাৰ বাবে বিশেষ প্ৰয়াস কৰি আহিছে। এই ক্ষেত্ৰত শ্বাহাব মোৰাদী তেওঁৰ অন্যতম সহযোগী আছিল।
ইয়াৰ উপৰি তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Actress Mahtab Keramati appointed UNICEF National Ambassador". UNICEF website. http://www.unicef.org/media/media_35587.html। আহৰণ কৰা হৈছে: 2013-08-08.
- ↑ "مهتاب کرامتی - دانشنامه ویکیدا" (fa ভাষাত). fa.wikida.ir. https://fa.wikida.ir/wiki/%D9%85%D9%87%D8%AA%D8%A7%D8%A8_%DA%A9%D8%B1%D8%A7%D9%85%D8%AA%DB%8C। আহৰণ কৰা হৈছে: 2024-09-24.
- ↑ "3 Iranians in Dhaka Film Festival Jury". January 3, 2017. https://financialtribune.com/articles/art-and-culture/56700/3-iranians-in-dhaka-film-festival-jury.
- ↑ "مصاحبه با مهتاب کرامتی در پاریس". ایرانیان انگلستان. 2007-05-29. http://iranianuk.com/20070519223600038/مصاحبه-با-مهتاب-کرامتی-در-پاریس.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Mahtab Keramati সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- মেহতাব কেৰামতী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Mahtab Keramati Archived 2025-09-07 at the Wayback Machine On SourehCinema (in Persian)