সমললৈ যাওক

মেহবুবা মুফটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেহবুবা মুফটি

২০২২ চনত মুফটি
জম্মু এণ্ড কাশ্মীৰৰ পিপলছ ডেমোক্ৰেটিক পাৰ্টিৰ সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
জানুৱাৰী ২০০৯
জম্মু-কাশ্মীৰৰ নৱম মুখ্য মন্ত্ৰী
কাৰ্যকাল
৪ এপ্ৰিল ২০১৬ – ১৯ জুন ২০১৮
ৰাজ্যপাল নৰিন্দৰ নাথ ভোহৰা
সত্যপাল মালিক
পূৰ্বসূৰী মুফটি মহম্মদ
উত্তৰসূৰী ৰাজ্যপালৰ শাসন
ওমৰ আব্দুলা (UT)
লোকসভাৰ সাংসদ
কাৰ্যকাল
২০১৪ – ২০১৬
পূৰ্বসূৰী মিৰজা মেহবুব বেগ
উত্তৰসূৰী হাছনেইন মাছুদী
সমষ্টি অনন্তনাগ
কাৰ্যকাল
১৬ মে ২০০৪ – ১৬ মে ২০০৯
পূৰ্বসূৰী আলী মহম্মদ নায়ক
উত্তৰসূৰী মিৰজা মেহবুব বেগ
গুপকাৰ ঘোষণাৰ বাবে জনসংযোগৰ উপ-সভাপতি।
কাৰ্যকাল
২০ অক্টোবৰ ২০২০ – ২০২৪
সভাপতি ফাৰুক আব্দুলা
পূৰ্বসূৰী পদাধিকাৰ প্ৰতিষ্ঠা
ব্যক্তিগত তথ্য
জন্ম ২২ মে', ১৯৫৯ (৬৫ বছৰ)
ৰাজনৈতিক দল জম্মু আৰু কাশ্মীৰৰ পিপলছ ডেমোক্ৰেটিক পাৰ্টি
শিক্ষানুষ্ঠান কাশ্মীৰ বিশ্ববিদ্যালয়

মেহবুবা মুফটি ছয়েদ (ইংৰাজী: Mehbooba Mufti Sayed; জন্ম: ২২ মে' ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু জম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)ৰ নেত্ৰী৷ তেওঁ ২০১৬ চনৰ ৪ এপ্ৰিলৰ পৰা ১৯ জুন ২০১৮ লৈকে পূৰ্বৰ ৰাজ্য জম্মু আৰু কাশ্মীৰৰ নৱম আৰু শেষ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ জম্মু-কাশ্মীৰৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ২০১৯ চনৰ আগষ্ট মাহত সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পিছত প্ৰথমে কোনো অভিযোগ নোহোৱাকৈ আৰু পিছলৈ জম্মু-কাশ্মীৰ জনসাধাৰণৰ সুৰক্ষা আইন অনুসৰি মুফটিক আটক কৰা হয়।[1]

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা।[2] ভাৰতীয় জনতা পাৰ্টিৰ সৈতে যৌথভাৱে জম্মু-কাশ্মীৰত মিত্ৰজোঁটৰ চৰকাৰ তেওঁ গঠন কৰিছিল। ২০১৮ চনৰ জুন মাহত বিজেপিয়ে মিত্ৰজোঁটৰ পৰা আঁতৰি যোৱাৰ পিছত তেওঁ পদত্যাগ কৰে।[3]

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে মুফটি পিডিপিৰ সভানেত্ৰী আছিল আৰু ভাৰতীয় সংসদৰ সদস্য আছিল৷ তেওঁ ১৬ নং লোকসভাত অনন্তনাগক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ চতুৰ্দশ লোকসভাতো (২০০৪–০৯)[4]অনন্তনাগক প্ৰতিনিধিত্ব কৰিছিল আৰু জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী দলপতিও আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৯ চনত জম্মু-কাশ্মীৰৰ আখ্ৰাণ ন'পোৰাত জন্মগ্ৰহণ কৰা মুফতি মহম্মদ ছাইদ আৰু গুলছান আৰা[5]ৰ কন্যা। জম্মুৰ গভৰ্ণমেণ্ট কলেজ ফৰ ৱমেনৰ পৰা ইংৰাজী সাহিত্যত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে,[6] আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগৰ ডিগ্ৰী লাভ কৰে।[7][8] ১৯৮৯ চনৰ পিছত তেওঁ নতুন দিল্লীলৈ স্থানান্তৰিত হয় আৰু বম্বে মাৰ্কেণ্টাইল বেংকত যোগদান কৰে৷ তাৰ পিছত তেওঁ ইষ্ট ৱেষ্ট এয়াৰলাইন্সৰ সৈতে কাম কৰে, তাৰ পিছত তেওঁ পুনৰ জম্মু-কাশ্মীৰলৈ যায়। তেওঁৰ প্ৰাক্তন স্বামী এজন ৰাজনৈতিক বিশ্লেষক, এজন পশু অধিকাৰ কৰ্মী আৰু কিছু সময়ৰ বাবে নেচনেল কনফাৰেন্স পাৰ্টিৰ সৈতে আছিল।[9]তেওঁলোকৰ দুগৰাকী কন্যা ইলটিজা আৰু ইৰতিকা।[10]

২০১৯ চনৰ ৫ আগষ্টত তেওঁক কেন্দ্ৰীয় চৰকাৰে আটক কৰে।[1] তেওঁৰ কন্যা ইলটিজা মুফটিয়ে আটক কৰাৰ ৪৬তম দিনা মাকৰ টুইটাৰ একাউণ্টটো অধিগ্ৰহণ কৰে।[11] নৱেম্বৰ মাহত ইলটিজা মুফটিয়ে শ্ৰীনগৰৰ উপ-আয়ুক্তলৈ এখন পত্ৰ লিখি মাকক উপত্যকাৰ শীতকালৰ বাবে অধিক সুসজ্জিত ঠাইলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ কৰে।[12]


২০২০ চনৰ ফেব্ৰুৱাৰী মাহত জম্মু আৰু কাশ্মীৰ জনসাধাৰণৰ সুৰক্ষা আইন অনুসৰি তেওঁক পুনৰাই আটক কৰা হয়।[13] ১৩ অক্টোবৰ ২০২০ তাৰিখে তেওঁক মুকলি কৰি দিয়া হয়।[14]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Haq, Shuja-ul; Wani, Ashraf (15 November 2019). "After daughter's appeal, Mehbooba Mufti shifted to warmer location in Srinagar". India Today. https://www.indiatoday.in/india/story/mehbooba-mufti-pdp-chashme-shahi-shift-detention-srinagar-article370-1619351-2019-11-15। আহৰণ কৰা হৈছে: 2019-12-23. 
  2. "Mehbooba is J-K's first woman CM and India's 16th". Hindustan Times. 4 April 2016. http://www.hindustantimes.com/india/mehbooba-is-j-k-s-first-woman-cm-and-india-s-16th/story-6ini2soMfHSq2RmPPsqPjO.html। আহৰণ কৰা হৈছে: 4 April 2016. 
  3. Masoodi, Nazir and Tikku, Aloke (19 June 2018). "Dumped By BJP, Mehbooba Mufti Says Muscular Policy Won't Work In Kashmir". ndtv.com. https://www.ndtv.com/india-news/mehbooba-mufti-resigns-dumped-by-bjp-mehbooba-mufti-says-muscular-policy-wont-work-in-kashmir-1870038. 
  4. Mufti, Mehbooba (1 March 2019). "Why is GoI so uncomfortable with Jamaat e Islami?...". Twitter. https://twitter.com/MehboobaMufti/status/1101412019587174400। আহৰণ কৰা হৈছে: 7 June 2019. 
  5. Gulshan Ara hugs her daughter Mehbooba Mufti after the oath ceremony at Raj Bhawan in Jammu on Monday. -Excelsior/Rakesh – Jammu Kashmir Latest News | Tourism | Breaking News J&K. Dailyexcelsior.com. Retrieved on 28 August 2019.
  6. Raina, Anil (11 April 2016). "The queen of the valley" (en ভাষাত). Mumbai Mirror. https://mumbaimirror.indiatimes.com/others/sunday-read/The-queen-of-the-valley/articleshow/51759527.cms। আহৰণ কৰা হৈছে: 2020-11-15. 
  7. Mehbooba Mufti (JKPDP):Constituency – Anantnag (Jammu & Kashmir) – Affidavit Information of Candidate. Myneta.info. Retrieved on 28 August 2019.
  8. Waldman, Amy (2002-10-12). "A new face signals political change in embattled Kashmir". https://www.nytimes.com/2002/10/12/world/a-new-face-signals-political-change-in-embattled-kashmir.html. 
  9. "Insider tears into Muftis and family party". Telegraph India. 2 March 2016. https://www.telegraphindia.com/india/insider-tears-into-muftis-and-family-party/cid/1515167. 
  10. "Mehbooba Mufti: Profile, Husband and Family". ipious.blogspot.in. https://ipious.blogspot.in/2016/01/mehbooba-mufti-profile-husband-and.html. 
  11. "Mehbooba Mufti's Daughter Takes Over Her Twitter Account". NDTV. https://www.ndtv.com/india-news/iltija-mufti-mehbooba-mufti-daughter-takes-over-her-twitter-account-2104565। আহৰণ কৰা হৈছে: 2019-12-23. 
  12. "Shift my mother to place equipped for winter: Mehbooba Mufti's daughter". India Today. 5 November 2019. https://www.indiatoday.in/india/story/shift-my-mother-place-equipped-winter-mehbooba-mufti-daughter-iltija-mufti-1615905-2019-11-05। আহৰণ কৰা হৈছে: 2019-12-24. 
  13. "Some Words Used In Mehbooba Mufti Dossier Were Avoidable: J&K Top Cop". NDTV. 16 February 2020. https://www.ndtv.com/india-news/some-words-used-in-mehbooba-mufti-dossier-were-avoidable-dilbagh-singh-2180817। আহৰণ কৰা হৈছে: 2020-02-16. 
  14. Masood, Bashaarat (14 October 2020). "Mehbooba released, says 'will take back what Delhi snatched'". Indian Expressindianexpress.com. https://indianexpress.com/article/india/mehbooba-mufti-released-from-detention-6723785/। আহৰণ কৰা হৈছে: October 15, 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]