মেহমুদা আলী শ্বাহ
মেহমুদা আলী শ্বাহ | |
---|---|
জন্ম | ১৯২০ শ্ৰীনগৰ, জম্মু-কাশ্মীৰ, ভাৰত |
মৃত্যু | ১১ মাৰ্চ ২০১৪ শ্ৰীনগৰ, জম্মু-কাশ্মীৰ, ভাৰত |
সমাধিস্থল | মালটেং কবৰস্থান, শ্ৰী নগৰ,জম্মু-কাশ্মীৰ |
পেচা | শিক্ষাবিদ সামাজিক কৰ্মী ৰাজনীতিবিদ |
জনা যায় | নাৰী শিক্ষা |
পিতৃ-মাতৃ | চৈয়দ আহমেদ আলী শ্বাহ দুলহান বেগম |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী শতিকাৰ সৰ্বশ্ৰেষ্ঠ ছাত্ৰী |
মেহমুদা আহমেদ আলী শ্বাহ (ইংৰাজী: Mehmooda Ali Shah; ১৯২০–২০১৪), মিছ মেহমুদা নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজ কৰ্মী আৰু শ্ৰীনগৰৰ এম.এ. ৰোডত অৱস্থিত মহিলা চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ।[1] ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ বন্ধু আছিল আৰু কাশ্মীৰৰ মহিলাসকলৰ মাজত শিক্ষাৰ গুৰুত্ব আৰু তেওঁলোকৰ সামাজিক সবলীকৰণৰ বাবে সজাগতা সৃষ্টিৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে।[2] ভাৰত চৰকাৰে তেওঁক ভাৰতীয় শিক্ষালৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৬ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3]
জীৱনী
[সম্পাদনা কৰক]১৯২০ চনত ব্ৰিটিছ ভাৰতৰ ৰাজকীয় ৰাজ্য কাশ্মীৰৰ শ্ৰীনগৰত দুলহান বেগম আৰু বন বিষয়া চৈয়দ আহমেদ আলী শ্বাহৰ ঘৰত জন্মগ্ৰহণ কৰা মেহমুদা আলী শ্বাহে স্থানীয় মিছনেৰী গাৰ্লছ স্কুলত (বৰ্তমানৰ মেলিনছন গাৰ্লছ স্কুল) স্কুলীয়া শিক্ষা গ্ৰহণ কৰে য’ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা তেওঁ প্ৰথমগৰাকী ছোৱালী হয়।[4] আলী শ্বাহ দম্পতীৰ তেওঁ একমাত্ৰ কন্যা সন্তান আছিল, তেওঁৰ তিনিজন ভাতৃ পাছলৈ উচ্চ পদস্থ বিষয়া হৈছিল; নাছিৰ আহমেদ চিকিৎসা শিক্ষাবিদ আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, চৈয়দ আহমদ শ্বাহ আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু তৃতীয়জন জমিৰ আহমেদ চেছন ন্যায়াধীশ৷[5] উচ্চ শিক্ষাৰ বাবে লাহোৰলৈ গুচি আহি লাহোৰৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী ((বি.এ.) লাভ কৰি তাতেই শিক্ষা বিষয়ত স্নাতক ডিগ্ৰী (বি.এড.) আৰু ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ (এম.এ.) ডিগ্ৰী লাভ কৰে। তেওঁ লাহোৰৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত।[4] ব্ৰিটেইনৰ লিডছৰ পৰা স্নাতকোত্তৰ ডিপ্লমাও লাভ কৰে।[4]
খবৰ অনুসৰি কবি আৰু ৰাজনৈতিক চিন্তাবিদ মহম্মদ ইকবালৰ পৰামৰ্শ মতে মেহমুদাই শ্ৰী নগৰলৈ উভতি আহি মাইছুমাৰ এখন স্থানীয় বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে।[4] পাছলৈ যেতিয়া বাৰামুল্লাত তেতিয়াৰ মহাৰাজাই নতুন স্কুল খুলিলে, তেতিয়া তেওঁক প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ১৯৫৪ চনত শ্ৰীনগৰৰ এম.এ.ৰোডত অৱস্থিত চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱালৈকে তেওঁ তাত কেইবাবছৰ ধৰি কাম কৰিছিল।[4] প্ৰধান শিক্ষয়িত্ৰী হিচাপে আৰু পাছলৈ অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকালত স্থানীয় মহিলাসকলক শিক্ষা গ্ৰহণৰ উৎসাহিত কৰিবলৈ আৰু শ্ৰীনগৰত দ্বিতীয়খন মহিলা মহাবিদ্যালয় স্থাপনৰ বাবে কাম কৰা বুলি জনা যায়।[2] কলেজখনত কলা আৰু ক্ৰীড়া কাৰ্যকলাপৰ প্ৰচাৰৰ ক্ষেত্ৰতো তেওঁৰ প্ৰচেষ্টাৰ কথা জানিব পৰা গৈছে।[6] ১৯৭৫ চনত তেওঁ মহাবিদ্যালয়ৰ পৰা পদত্যাগ কৰে আৰু ইন্দিৰা গান্ধীৰ সৈতে তেওঁৰ সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকলাপৰ সৈতে জড়িত হ'বলৈ দিল্লীলৈ যায়। তেওঁ দলটোৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত শ্ৰীনগৰলৈ উভতি আহিছিল যদিও তেওঁ এআইচিচিৰ সদস্য হৈ আছিল।[4] ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ জম্মু-কাশ্মীৰ বিধান সভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[7]
ভাৰত চৰকাৰে ২০০৬ চনত পদ্মশ্ৰীৰ অসামৰিক সন্মানেৰে সন্মানিত কৰে।[3] ২০১২ চনত তেওঁ পঢি় অহা মেলিনছন গাৰ্লছ স্কুলে তেওঁক "শতিকাৰ আটাইতকৈ অসাধাৰণ ছাত্ৰী" হিচাপে সন্মানিত কৰে।[6] পছন্দ অনুসৰি গোটেই জীৱন এগৰাকী স্পিনষ্টাৰ মেহমুদাৰ ২০১৪ চনৰ ১১ মাৰ্চত ৯৪ বছৰ বয়সত শ্ৰীনগৰৰ নিজা বাসগৃহত মৃত্যু হয়। মালটেঙৰ স্থানীয় কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Nyla Ali Khan, Gopalkrishan Gandh (2014). The Life of a Kashmiri Woman: Dialectic of Resistance and Accommodation. Palgrave Macmillan. পৃষ্ঠা. 36 of 160. ISBN 9781137463296. https://books.google.com/books?id=HNjiAwAAQBAJ&q=Mehmooda+Ali+Shah&pg=PA36.
- ↑ 2.0 2.1 "PDP condoles death of Ms Mehmooda Ahmad Ali Shah". Scoop News. 11 March 2014. http://www.scoopnews.in/det.aspx?q=36350। আহৰণ কৰা হৈছে: 10 December 2015.
- ↑ 3.0 3.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 "Mehmooda Ahmed Ali Shah - Obituary". Kashmir Life. 24 March 2014. http://www.kashmirlife.net/mehmooda-ahmed-ali-shah0306-57275/। আহৰণ কৰা হৈছে: 11 December 2015.
- ↑ 5.0 5.1 "Mehmooda Shah passes away". Greater Kashmir. 12 March 2014. http://www.greaterkashmir.com/news/kashmir/mehmooda-shah-passes-away/165675.html। আহৰণ কৰা হৈছে: 11 December 2015.
- ↑ 6.0 6.1 "Mehmooda Ahmed Ali Shah: A Great educationist". Kashmir Times. 23 March 2014. Archived from the original on 22 December 2015. https://web.archive.org/web/20151222141408/http://www.kashmirtimes.in/newsdet.aspx?q=30279। আহৰণ কৰা হৈছে: 11 December 2015.
- ↑ "Details of Pensioners-Family Pensioners as of March 2014". J and K Legislative Assembly. 2014. Archived from the original on 22 December 2015. https://web.archive.org/web/20151222135214/http://jklegislativeassembly.nic.in/website%20material/pensioners.htm। আহৰণ কৰা হৈছে: 11 December 2015.