মেহুলী ঘোষ
| মেহুলী ঘোষ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৮ চনৰ যুৱ অলিম্পিকত মেহুলী ঘোষ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| জন্ম | ২০ নৱেম্বৰ, ২০০০ (২৫ বছৰ) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| শিক্ষানুষ্ঠান | আদামাছ বিশ্ববিদ্যালয় | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| সক্ৰিয় হৈ থকা সময় | ২০১৪–বৰ্তমান | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ক্ৰীড়া | শ্বুটিং | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| শিতান | ১০ মিটাৰ এয়াৰ ৰাইফল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
মেহুলী ঘোষ (ইংৰাজী: Mehuli Ghosh; জন্ম: ২০ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। তেওঁ বিশ্বজুৰি অনুষ্ঠিত হোৱা আন্তৰ্জাতিক জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰে।[1] ১২৩ গৰাকী প্ৰতিযোগীৰ ভিতৰত চেক গণৰাজ্যত অনুষ্ঠিত ২০১৮ চনৰ জুনিয়ৰ শ্বুটিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ একমাত্ৰ ভাৰতীয় শ্বুটিং খেলুৱৈ আছিল। তাত তেওঁ সপ্তম স্থান লাভ কৰিছিল। ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত একবিংশ কমনৱেলথ গেমচত মাৰ্টিনা ভেলোচোৰ সৈতে হোৱা শ্বুট-অফৰ অন্তত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ৰূপৰ পদক লাভ কৰে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য অনুসৰি, তেওঁ বিশ্বত ৩৬ তম আৰু এছিয়াত ১৪ তম স্থানত আছিল।[2][3]
প্ৰাৰম্ভিক কেৰিয়াৰ
[সম্পাদনা কৰক]মেহুলীয়ে ২০১৪ চনত শ্ৰীৰামপুৰ ৰাইফল ক্লাবত যোগদান কৰিছিল। অনুশীলনৰ সময়ত দুৰ্ঘটনাবশতঃ এজন ব্যক্তিক আঘাত কৰাৰ বাবে ক্লাবটোৱে তেওঁক নিষিদ্ধ কৰিছিল। পৰৱৰ্তী সময়ত, মেহুলীক ভাৰতৰ প্ৰাক্তন অলিম্পিক ফাইনেলিষ্ট তথা অৰ্জুন বঁটা বিজয়ী জয়দীপ কৰ্মকাৰে পৰামৰ্শ আৰু প্ৰশিক্ষণ দিছিল।
তেওঁ জয়দীপ কৰ্মকাৰ শ্বুটিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ২০১৬ চনত তেওঁ পুনেত অনুষ্ঠিত ভাৰতীয় ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰে। ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ দুটা সোণৰ পদক আৰু সাতটা ৰূপৰ পদক লাভ কৰিছিল। ২০১৭ চনৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত মেহুলীয়ে আঠটা সোণ আৰু তিনিটা ব্ৰঞ্জৰ পদক জয় কৰে আৰু শ্ৰেষ্ঠ শ্বুটাৰ হিচাপে বিবেচিত হয়।[4]
পেছাদাৰী কেৰিয়াৰ
[সম্পাদনা কৰক]
২০১৭ চনত তেওঁ চেক গণৰাজ্যত অনুষ্ঠিত প্ৰস্তুতিমূলক জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সপ্তম স্থান লাভ কৰিছিল। জাৰ্মানীত অনুষ্ঠিত জুনিয়ৰ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত তেওঁ ১৭ তম স্থান লাভ কৰে।[5] ২০১৭ চনৰ ডিচেম্বৰ মাহত জাপানৰ ৱাকো চিটীত ৪২০.১ স্কোৰ কৰি মেহুলী এছিয়ান চেম্পিয়ন হয় আৰু ২০১৮ চনৰ যুৱ অলিম্পিকৰ বাবে এটা কোটা স্থান লাভ কৰে। ২০১৮ চনৰ মাৰ্চ মাহত মেক্সিকোত অনুষ্ঠিত আই.এচ.এচ.এফ. বিশ্বকাপত দুটা বিশ্বকাপ পদক জয় কৰা তেওঁ অন্যতম কনিষ্ঠ ভাৰতীয় প্ৰতিযোগী হিচাপে পৰিগণিত হয়। এই প্ৰতিযোগিতাৰ সময়ত তেওঁ এক নতুন জুনিয়ৰ বিশ্ব অভিলেখ গঢ়িছিল। ২০১৮ চনৰ কমনৱেলথ গেমচত অংশগ্ৰহণ কৰিবলৈও মেহুলীয়ে যোগ্যতা অৰ্জন কৰিছিল।[6] ২০১৮ চনত অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত একবিংশ কমনৱেলথ গেমচত মাৰ্টিনা ভেলোচোৰ সৈতে হোৱা শ্বুট-অফৰ পিছত তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ৰূপৰ পদক লাভ কৰে।[7] ২০১৯ চনত তেওঁ নেপালত অনুষ্ঠিত দক্ষিণ এছীয় ক্ৰীড়াত সোণৰ পদক লাভ কৰে।[8]
২০২০ চনৰ স্পৰ্টষ্টাৰ এচ বঁটাত ঘোষক "ফিমেল ইয়ং এথলীট অৱ দি য়েৰ" বঁটা প্ৰদান কৰা হয়।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "2018 Commonwealth Games: Know your CWG athlete: Mehuli Ghosh". 29 March 2018. https://timesofindia.indiatimes.com/sports/commonwealth-games/2018-commonwealth-games-know-your-cwg-athlete-mehuli-ghosh/articleshow/63534542.cms। আহৰণ কৰা হৈছে: 5 April 2018.
- ↑ "ISSF – International Shooting Sport Federation – issf-sports.org" (en ভাষাত). issf-sports.org. https://www.issf-sports.org/। আহৰণ কৰা হৈছে: 22 September 2023.
- ↑ "ISSF – International Shooting Sport Federation – issf-sports.org" (en ভাষাত). issf-sports.org. https://www.issf-sports.org/competitions/worldranking/complete_ranking_by_event.ashx?evlinkid=AR60W। আহৰণ কৰা হৈছে: 28 August 2018.
- ↑ "Mehuli Shines in national shooting Trails". https://timesofindia.indiatimes.com/sports/more-sports/shooting/teenaged-mehuli-shines-in-national-shooting-trials/articleshow/56642537.cms। আহৰণ কৰা হৈছে: 9 July 2017.
- ↑ "Shooter Mehuli Finishes at 7th Position in Czech Meet". http://timesofindia.indiatimes.com/sports/more-sports/shooting/shooter-mehuli-finishes-7th-in-czech-meet/articleshow/58861979.cms। আহৰণ কৰা হৈছে: 9 July 2017.
- ↑ "Anish Bhanwala Inspired Me During World Championship". http://www.oneindia.com/sports/anish-bhanwala-inspired-me-during-world-championship-mehuli-ghosh-2484063.html। আহৰণ কৰা হৈছে: 9 July 2017.
- ↑ "Mehuli Ghosh wins 10m air rifle gold in SAG, India sweeps all medals". The Hindu. 3 December 2019. https://sportstar.thehindu.com/shooting/mehuli-ghosh-10m-air-rifle-gold-medal-record-score-south-asian-games/article30149942.ece.
- ↑ "ISSF - International Shooting Sport Federation - issf-sports.org". www.issf-sports.org. https://www.issf-sports.org/athletes/athlete.ashx?personissfid=SHINDW2011200001। আহৰণ কৰা হৈছে: 2021-02-18.
- ↑ "मेहुली घोषः गुब्बारे फोड़ने वाली लड़की जो मेडल जीत रही हैं" (hi ভাষাত). BBC News हिंदी. https://www.bbc.com/hindi/sport-55857400.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Mehuli Ghosh at Facebook
- Mehuli Ghosh at Instagram
- Mehuli Ghosh at X