মেহেৰ আফ্ৰজ শাওন
| মেহেৰ আফ্ৰজ শাওন | |
|---|---|
শাওন ২০১৮ চনত | |
| স্থানীয় নাম | মেহের আফরোজ শাওন |
| জন্ম | ১২ অক্টোবৰ, ১৯৮১ (৪৪ বছৰ) Chittagong, Bangladesh[1] |
| ৰাষ্ট্ৰীয়তা | Bangladeshi |
| শিক্ষানুষ্ঠান | University of Asia Pacific |
| পেচা | Director, actress, singer, dancer |
| সক্ৰিয় হৈ থকা সময় | 1988–present |
| দাম্পত্যসঙ্গী | Humayun Ahmed (বি. ২০০৪; his death ২০১২) |
| সন্তান | Nishad Humayun Ninit Humayun |
মেহেৰ আফ্ৰজ শাওন(ইংৰাজী: :Meher Afroz Shaon জন্ম: ১২ অক্টোবৰ ১৯৮১)[2] এগৰাকী বাংলাদেশী অভিনেত্ৰী, পৰিচালক, নৃত্যশিল্পী আৰু প্লেবেক গায়িকা। কৃষ্ণোপখো (২০১৬) ছবিত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3] লেখক আৰু পৰিচালক হুমায়ুন আহমেদৰ পত্নী আছিল।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]শাওনৰ জন্ম হৈছিল বাংলাদেশত পিতৃ মহম্মদ আলী আৰু মাতৃ তাহুৰা আলী ঘৰত। তেওঁৰ পিতৃ এজন অভিযন্তা হোৱাৰ বিপৰীতে [5]মাতৃ নৱম বাংলাদেশ সংসদৰ ৩১৯ নং সমষ্টিৰ পৰা সংসদৰ সদস্য আছিল।[6] শাওনে বিকাৰুন্নিছা নন স্কুল এণ্ড কলেজত অধ্যয়ন কৰিছিল। ১৯৯৬ আৰু ১৯৯৮ চনত ক্ৰমে এছ এছ চি আৰু এইচ এছ চি লাভ কৰে। তেওঁ বি এ এফ শ্বাহীন কলেজ ঢাকাতো অধ্যয়ন কৰিছিল।[7] ইয়াৰ পিছত তেওঁ এছিয়া পেচিফিক বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু ২০০৮ চনত স্থাপত্য বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ পৈতৃক বাসস্থান জামালপুৰ জিলাৰ নাৰুণ্ডিত।[1]
কৰ্ম জীৱন
[সম্পাদনা কৰক]বাংলাদেশ টেলিভিছনৰ তালিকাভুক্ত শিল্পী শাওনে ১৯৮৮ চনত বিটিভি নাটক স্বাধিনোতা অমৰ স্বাধিনোতাত শিশু শিল্পী হিচাপে অভিনয় আৰম্ভ কৰে। ১৯৯১ চনত হুমায়ুন আহমেদৰ সৈতে জননী নামৰ নাটকত কাম আৰম্ভ কৰে।১৯৯৬ চনত নাটক ধাৰাবাহিক নোখোত্ৰেৰ ৰাত আৰু ১৯৯৯ চনত আজ ৰবিবাৰত অভিনয় কৰে। তেওঁ সেই বছৰতেই হুমায়ুন আহমেদৰ পৰিচালনাত নির্মিত শ্ৰাৱণ মেঘেৰ দিন ছবিখনত অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হুমায়ুন আহমেদৰ সৈতে শাওন বিবাহপাশত আবদ্ধ হৈছিল।[5][8] আৰু স্বামীৰ মৃত্যুৰ পৰ্যন্ত ২০০৪ চনৰ পৰা ২০১২ চনলৈকে বৈবাহিক জীৱন জাপন কৰিছিল । তেওঁৰ দুজন পুত্ৰ যথাক্ৰমে নিশাদ হুমায়ুন আৰু নিনিথ হুমায়ুন।[9]
সমালোচনা
[সম্পাদনা কৰক]বাংলাদেশী বিখ্যাত লেখক তথা চলচ্চিত্ৰ পৰিচালক হুমায়ুন আহমেদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা শাওনে হুমায়ুনৰ অনুৰাগী আৰু পাঠক সকলৰ দ্বাৰা তীব্ৰ ভাবে সমালোচিত হৈছিল। প্ৰথম পত্নীৰ সৈতে হুমায়ুন আহমেদৰ বিবাহ বিচ্ছেদৰ বাবে তেওঁলোকে শাওনক দোষাৰোপ কৰিছিল। তেওঁলোকে দাবী কৰে যে শাওনৰ প্ৰৰোচনাত হুমায়ুন আহমেদে পত্নী গুলতেকিনক বিবাহ বিচ্ছেদ কৰি কন্যাৰ বন্ধৱীক বিয়া কৰাইছিল।[10] আন পক্ষই এই অভিযোগ অস্বীকাৰ কৰিলে। তেওঁলোকে দাবী কৰে যে সকলো মানুহৰে ব্যক্তিগত জীৱন থাকে আৰু সকলোকে সেই ব্যক্তিগত স্বাধীনতা দিয়া উচিত।[11]
চলচ্চিত্ৰ পঞ্জী
[সম্পাদনা কৰক]ফিল্মগ্ৰাফী
[সম্পাদনা কৰক]বছৰ- শিৰোনাম- ভূমিকা- সঞ্চালক- টোকা আৰু উৎস
১৯৯৯ চন: শ্ৰবন মেঘেৰ দীন:ভূমিকা- কুছুম: সঞ্চালক- হুমায়ুন আহমেদ
২০০১ চন:দুই দুৱাৰী:ভূমিকা-তৰু: সঞ্চালক-হুমায়ুন আহমেদ
২০০৩ চন: চন্দ্ৰকোঠা:ভূমিকা- চন্দ্ৰ:সঞ্চালক- হুমায়ুন আহমেদ: জয়ী হয় - মেৰিল প্ৰথম আলো বঁটা শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেত্ৰীৰ বাবে সমালোচক পছন্দ বঁটা
২০০৪ চন:শ্যামোল ছায়া: ভূমিকা-আশালতা: সঞ্চালক-হুমায়ুন আহমেদ
২০০৮ চন:অমৰ আচে জোলভূমিকা- নিশাত:সঞ্চালক- হুমায়ুন আহমেদ
টেলিভিছনৰ নাটক
[সম্পাদনা কৰক]অভিনেত্ৰী
[সম্পাদনা কৰক]১৯৮৮ চনৰ স্বাধিনোতা অমৰ স্বাধিনোতা: বিটিভি নাটক
১৯৮৯ চনৰ শুপ্ৰভাত: ঢাকা বিটিভি নাটক
১৯৯০ চনৰ খোৱাৰ: বিটিভিৰ নাটক
১৯৯১ চনৰ জোননী: বিটিভি নাটক
১৯৯২ চনৰ খাদোক: বিটিভি নাটক
১৯৯৩ চনত মহৰ আলী: বিটিভিৰ ধাৰাবাহিক নাটক
১৯৯৫ চনৰ নোখোট্ৰেৰ ৰাত: হুমায়ুন আহমেদ বিটিভিৰ ধাৰাবাহিক নাটক
১৯৯৫ চনৰ অন্যপৃষ্ঠ: বিটিভি নাটক
১৯৯৭ চনৰ ছাবুজ শতি: হুমায়ুন আহমেদ বিটিভিৰ ধাৰাবাহিক নাটক
১৯৯৮ চনৰ জোনোক: বিটিভি নাটক
১৯৯৮ চনৰ সবুজ ছায়া: হুমায়ুন আহমেদ বিটিভিৰ ধাৰাবাহিক নাটক
১৯৯৯ চনত আজ ৰবিবৰ: হুমায়ুন আহমেদ আৰু মনিৰ হোছেইন জিবন বিটিভিৰ ধাৰাবাহিক নাটক
২০০৪ চনত উৰে জে বক পক্ষী: হুমায়ুন আহমেদ এনটিভিৰ ধাৰাবাহিক নাটক
নিৰ্দেশক
[সম্পাদনা কৰক]২০০৯ চনৰ নোয়া ৰিক্সা
২০১১ Shopno o Shopnobhongo,এভাৰেষ্ট জয়
২০১৪ চনৰ Osomoye, বিভ্ৰম
২০১৬ কৃষ্ণোপখো
কেইবাখনো চিনেমা পৰিচালনা কৰাৰ উপৰিও শাওনে কিছুমান চিনেমাৰ চিত্ৰনাট্যও আৰম্ভ কৰে। ২০১৮ চনৰ মাৰ্চ মাহলৈকে তেওঁ গৌৰীপুৰ জংচন আৰু নোখোট্ৰেৰ ৰাতৰ চিত্ৰনাট্যৰ খচৰা প্ৰস্তুত কৰি আছিল।[12]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "চল্লিশে পা দেয়া আমি অনেক কিছু হারিয়েছি" (bn ভাষাত). thedailycampus.com. https://thedailycampus.com/other-world/55637/%25E0%25A6%259A%25E0%25A6%25B2%25E0%25A7%258D%25E0%25A6%25B2%25E0%25A6%25BF%25E0%25A6%25B6%25E0%25A7%2587-%25E0%25A6%25AA%25E0%25A6%25BE-%25E0%25A6%25A6%25E0%25A7%2587%25E0%25A7%259F%25E0%25A6%25BE-%25E0%25A6%2586%25E0%25A6%25AE%25E0%25A6%25BF-%25E0%25A6%2585%25E0%25A6%25A8%25E0%25A7%2587%25E0%25A6%2595-%25E0%25A6%2595%25E0%25A6%25BF%25E0%25A6%259B%25E0%25A7%2581-%25E0%25A6%25B9%25E0%25A6%25BE%25E0%25A6%25B0%25E0%25A6%25BF%25E0%25A7%259F%25E0%25A7%2587%25E0%25A6%259B%25E0%25A6%25BF। আহৰণ কৰা হৈছে: 2025-02-04.
- ↑ "৪ অভিনেত্রীর জন্মদিন আজ" (bn ভাষাত). www.jugantor.com. 2020-10-12. https://www.jugantor.com/entertainment/354188/৪-অভিনেত্রীর-জন্মদিন-আজ। আহৰণ কৰা হৈছে: 2023-06-07.
- ↑ "National Film Award winners announced" (en ভাষাত). The Daily Star. 2018-04-06. https://www.thedailystar.net/backpage/national-film-award-winners-announced-1558849.
- ↑ (bn ভাষাত)Priyo News. January 23, 2015. http://www.priyo.com/2015/01/23/129351.html.
- ↑ 5.0 5.1 "Homage to Humayun at Nuhash Palli" (en ভাষাত). The Daily Star. 2013-07-20. https://www.thedailystar.net/news/homage-to-humayun-at-nuhash-palli.
- ↑ "Constituency 319". Government of Bangladesh. http://www.parliament.gov.bd/index.php/en/about-parliament/110-mps-category/mps-of-9th-parliament/1222-constituency-319.
- ↑ "BAF Shaheen College reunion held" (en ভাষাত). The Daily Star. 26 December 2017. https://www.thedailystar.net/city/baf-shaheen-college-reunion-held-1510387.
- ↑ "Humayun Ahmed's death mourned". 21 July 2012. https://www.thedailystar.net/news-detail-242931.
- ↑ "Shaon seeks help to establish cancer hospital" (en ভাষাত). The Daily Star. 2015-07-25. https://www.thedailystar.net/arts-entertainment/shaon-seeks-help-establish-cancer-hospital-116155.
- ↑ "সংসার বাঁচাতে শাওনের পায়ে পর্যন্ত পড়েছে গুলতেকিন,শাওন কথা শোনেনি". https://onushondhantv.com/%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A6%BE%E0%A6%B0%E0%A7%87%E0%A6%B0-%E0%A6%AC%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%BE%E0%A6%A4%E0%A7%87-%E0%A6%B6%E0%A6%BE%E0%A6%93%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%AA/.
- ↑ "Pain and the remnants of love". 25 July 2012. https://www.thedailystar.net/news-detail-243391.
- ↑ "More movies on the way" (bn ভাষাত). Prothom Alo. http://en.prothomalo.com/entertainment/news/172351/More-movies-on-the-way.