মেহৰংগিজ মনোচেহৰিয়ান
মেহৰংগিজ মনোচেহৰিয়ান | |
|---|---|
مهرانگیز منوچهریان | |
১৯৭৮ চনত মানুচেহৰিয়ান | |
| ইৰাণৰ চিনেটৰ সদস্য। | |
| কাৰ্যকাল ১৯৬৩ – ১৯৭২ | |
| উত্তৰসূৰী | ফৰাজোল্লাহ ৰাছাই |
| সমষ্টি | তেহৰান |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১৯০৬ মাছহাদ,কাজাৰ ইৰান |
| মৃত্যু | ৫ জুলাই, ২০০০ (৯৪ বছৰ) তেহৰাণ, ইৰাণ |
| সমাধিস্থল | বেহেষ্ট-ই জাহৰা |
| ৰাজনৈতিক দল | স্বতন্ত্ৰ ৰাজনীতিবিদ |
| শিক্ষানুষ্ঠান | তেহৰাণ বিশ্ববিদ্যালয় |
মেহৰাংগিজ মানুচেহৰিয়ান (ইংৰাজী: Mehrangiz Manuchehrian); (জন্ম,১৯০৬ – ৫ জুলাই ২০০০) এগৰাকী মহিলা ইৰাণী অধিবক্তা,সংগীতজ্ঞ, নাৰীবাদী আৰু নিৰ্বাচিত চিনেটৰ আছিল।[1] ইৰাণৰ মহিলা সংগঠনৰ কাৰ্যকলাপৰ সৈতে তেওঁ জড়িত আছিল। তেওঁ ইৰানৰ পৰিয়াল সুৰক্ষা আইনখনৰ খচৰা প্ৰস্তুত কৰাত তেওঁ অংশগ্ৰহণ কৰিছিল। এই আইনে বিবাহত নাৰীৰ অধিকাৰ সম্প্ৰসাৰণ কৰিছিল।[2]
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]ইৰাণত মহিলাৰ অধিকাৰৰ উন্নতিৰ ক্ষেত্ৰত মনোচেহৰিয়ানৰ অৱদানক স্বীকৃতি দিয়া হৈছে। তেওঁৰ জীৱনৰ বিষয়ে লিখা এখন গ্ৰন্থ হ'ল "চিনেটৰ: মহিলাৰ বাবে আইনী অধিকাৰৰ সংগ্ৰামত চিনেটৰ মেহৰংগিজ মনোচেহৰিয়ানৰ কাম"; ২০০৪ চনত এই গ্ৰন্থখনে লতিফা য়াৰশ্বাট গ্ৰন্থ বঁটা লাভ কৰে।[3]
কৰ্মজীৱন
[সম্পাদনা কৰক]মানুচেহৰিয়ান আছিল ইৰাণৰ প্ৰথম মহিলা অধিবক্তা আৰু লগতে ইৰাণৰ প্ৰথম মহিলা চিনেটৰ। চিনেটৰ হিচাপে থকা সময়ছোৱাত মহিলাৰ অধিকাৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অধিবক্তা হিচাপে থকা অভিজ্ঞতা ব্যৱহাৰ কৰি মহিলাৰ পাৰিবাৰিক অধিকাৰ নিশ্চিত কৰা পৰিয়াল সুৰক্ষা আইনখনৰ খচৰা প্ৰস্তুত কৰে। প্ৰস্তাৱিত আইনখনৰ কেইবাটাও দিশ সমালোচকসকলে চিনাক্ত কৰিছিল আৰু ইয়াক বহুলভাৱে অতিৰঞ্জিত কৰা হৈছিল। ফলত ৰাজহুৱা স্থানত এই আইনখনৰ ওপৰত ব্যাপক বিতৰ্কৰ সৃষ্টি হয় আৰু সংবাদ মাধ্যমত তীব্ৰ সমালোচনাও হয়। দেশৰ কিছুমান ধৰ্মগুৰুৱে দাবী কৰিছিল যে এই আইনখন ইছলামৰ লগত অসঙ্গতিপূৰ্ণ আৰু ই শিথিল নৈতিক মানদণ্ডক উৎসাহিত কৰে; আনকি তেওঁলোকে মানুচেহৰিয়ানক ৰাজহুৱাভাৱে "ধৰ্মত্যাগী" বুলি লেবেল লগোৱাৰ কথাও বিবেচনা কৰিছিল। মানুচেহৰিয়ানে নিজৰ সুৰক্ষাৰ আশংকাত কিছুসময়ৰ বাবে তেহৰাণৰপৰা পলায়ন কৰে।[4] পিছলৈ ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত এই আইন বাতিল কৰা হয়।
পিছত প্ৰধানমন্ত্ৰী জাফৰ শ্বৰীফ-ইমামীৰ সৈতে হোৱা বিবাদৰ বাবে মানুচেহৰিয়ানে ছিনেটৰ আসনৰপৰা পদত্যাগ কৰে। সংসদীয় বিতৰ্কৰ সময়ত শ্বৰীফ-ইমামীয়ে তেওঁৰ লগত কঠোৰ ব্যৱহাৰ কৰাৰ পাছত তেওঁ মানুচেহৰিয়ানৰ বাসগৃহলৈ গৈ ব্যক্তিগতভাৱে ক্ষমা বিচাৰিলে।[5] কিন্তু মনুচেহৰিয়ানে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনায়, যিটো তেওঁ দিবলৈ অস্বীকাৰ কৰে। ফলত মানুচেহৰিয়ানে পদত্যাগ কৰে।[6]
মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে কৰা কামৰ বাবে ১৯৬৮ চনত মানৱ অধিকাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ বঁটা লাভ কৰে।
মানুচেহৰিয়ানক ইৰাণৰ মহিলা সংগঠনৰ কেন্দ্ৰীয় পৰিষদৰ সদস্য হিচাপেও নিযুক্তি দিয়া হৈছিল।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ Firoozeh Kashani-Sabet (2011). Conceiving Citizens: Women and the Politics of Motherhood in Iran. Oxford University Press. পৃষ্ঠা. 180. ISBN 978-0-19-530886-0. https://books.google.com/books?id=xbbT0Rsc6EMC&pg=PA180.
- ↑ ""Women's Rights in Iran" a thesis by A DE LA CAMARA of the University of Central Florida, Orlando". Archived from the original on 2021-07-05. https://web.archive.org/web/20210705171129/http://etd.fcla.edu/CF/CFH0004292/WomensRightsinIran.pdf। আহৰণ কৰা হৈছে: 2026-05-29.
- ↑ Book award goes to "Senator: the Work of Senator Mehrangiz Manouchehrian in the Struggle for Legal Rights for Women" and "Reading Lolita in Tehran" Archived 2021-09-21 at the Wayback Machine, Payvand.com, Retrieved 10 August 2016
- ↑ "The Women's Organization of Iran: Evolutionary Politics and Revolutionary Change | Mahnaz Afkhami". www.mahnazafkhami.net. Archived from the original on 2017-03-08. https://web.archive.org/web/20170308050245/http://www.mahnazafkhami.net/2002/the-women%E2%80%99s-organization-of-iran-evolutionary-politics-and-revolutionary-change/। আহৰণ কৰা হৈছে: 2017-03-07.
- ↑ "Reform and Regression: The Fate of the Family Protection Law | Foundation for Iranian Studies" (en ভাষাত). fis-iran.org. http://fis-iran.org/en/women/articles/reform-and-regression। আহৰণ কৰা হৈছে: 2017-03-07.
- ↑ "The Feminist School" (en ভাষাত). feministschool.com. Archived from the original on 2016-03-07. https://web.archive.org/web/20160307071155/http://feministschool.com/english/spip.php?article158। আহৰণ কৰা হৈছে: 2017-03-07.