মেহৰাংগিজ কৰ
মেহৰাংগিজ কৰ (জন্ম-১০ অক্টোবৰ ১৯৪৪)[1][2] ইৰাণৰ এগৰাকী মানৱ অধিকাৰৰ অধিবক্তা৷ তেওঁ সমগ্ৰ ইছলামিক বিশ্বতে মহিলা আৰু মানৱ অধিকাৰৰ প্ৰতিৰক্ষাৰ পোষকতা কৰা এগৰাকী আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত লেখক, বক্তা আৰু কৰ্মী।[3] তেওঁৰ ৰচনাৰ এটা সাধাৰণ বিষয়বস্তু হৈছে ইৰাণৰ আইন আৰু মানৱ অধিকাৰ আৰু মানৱ মৰ্যাদাৰ মূল নীতিৰ মাজৰ উত্তেজনা। ক্ৰছিং দ্য ৰেড লাইন নামৰ কিতাপখনৰ তেওঁ লেখিকা৷ লগতে তেওঁ ইৰাণৰ মহিলা অধিকাৰৰ কৰ্মী। ১৯৪৪ চনত দক্ষিণ ইৰাণৰ আহভাজত জন্মগ্ৰহণ কৰা কৰে তেহেৰাণ বিশ্ববিদ্যালয়ৰ আইন আৰু ৰাজনীতি বিজ্ঞান মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ছাজমান-ই তা’মিন-ই এজটেমাই (সামাজিক সুৰক্ষা প্ৰতিষ্ঠান)ত কাম কৰিছিল আৰু সামাজিক আৰু ৰাজনৈতিক বিষয়ত ১০০ৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰিছিল।[4][5]
১৯৭৯ চনৰ ইৰাণী বিপ্লৱৰ পিছত লিংগ সম্পৰ্ক ইছলামকৰণৰ বিৰোধিতা কৰা প্ৰথম মহিলা অধিবক্তাসকলৰ ভিতৰত তেওঁ অন্যতম আছিল। কৰ ইৰাণৰ দেৱানী আৰু অপৰাধমূলক আদালতত সক্ৰিয় জনপ্ৰতিৰক্ষক হিচাপে কাম কৰি আহিছে আৰু ইৰাণ আৰু বিদেশ উভয়তে ৰাজনৈতিক, আইনী আৰু সাংবিধানিক সংস্কাৰ, নাগৰিক সমাজ আৰু গণতন্ত্ৰৰ প্ৰসাৰ, মহিলা আৰু শিশুৰ আইনী বাধাসমূহ ভাঙি পেলোৱাৰ ওপৰত বিস্তৃতভাৱে বক্তৃতা প্ৰদান কৰিছে।[6][7]
২০০০ চনৰ ২৯ এপ্ৰিলত ইৰাণৰ আগশাৰীৰ লেখক আৰু বুদ্ধিজীৱীসকলৰ সৈতে ইৰাণৰ ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ ওপৰত বাৰ্লিনৰ একাডেমিক সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অধিবক্তাৰ কোনো অধিকাৰ নোহোৱাকৈয়ে তেওঁক বন্ধ দুৱাৰৰ আঁৰত বিচাৰ কৰা হয় আৰু "ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিপৰীত কাম" আৰু "ইছলামিক সাজ-পোছাক উলংঘা কৰা" আদি বিচিত্ৰ আৰু স্বেচ্ছাচাৰী অভিযোগত চাৰি বছৰৰ কাৰাদণ্ড বিহা হয়।[8][9]
চিকিৎসাজনিত চৰ্তত বিচাৰলৈ যোৱাৰ পূৰ্বে জামিনত মুকলি কৰি দিয়াৰ পিছত তেওঁ স্তন কেন্সাৰৰ চিকিৎসাৰ বাবে আমেৰিকালৈ যায়। শাসন ব্যৱস্থাৰ স্পষ্টবাদী সমালোচক তেওঁৰ স্বামী ছিয়ামক পৌৰজাণ্ড তেওঁ যোৱাৰ পিছত অদৃশ্য হৈ পৰে আৰু মেহৰাংগিজক মনে মনে থাকিবলৈ তেহৰানৰ পৰা তীব্ৰ হেঁচা প্ৰয়োগ কৰে। চৰকাৰী সংস্থা আৰু মানৱ অধিকাৰ সংগঠনৰ জৰিয়তে স্বামীৰ বিষয়ে তথ্য আহৰণৰ চেষ্টা কৰাৰ লগতে তেওঁ,তেওঁৰ কন্যা লেইলা আৰু আজাদেহৰ বিদেশী ৰেডিঅ’ আৰু টেলিভিছন নেটৱৰ্কলৈ কৰা আবেদন সফল নহ’ল। পৌৰজাণ্ড নিৰুদ্দেশৰ কিছু সপ্তাহৰ পিছত ইছলামিক ৰিপাব্লিকৰ কাৰাগাৰত চোৰাংচোৱাগিৰি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষতি কৰাৰ অভিযোগত উদ্ধাৰ হৈছিল। ২০০২ চনৰ ৩ মে’ত তেহৰাণ প্ৰেছ ক’ৰ্টে তেওঁক ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ মাজতে ২০০২ চনৰ ৮ জানুৱাৰীত মেহৰাংগিজ কৰৰ চূড়ান্ত শাস্তি ছমাহৰ কাৰাদণ্ডলৈ হ্ৰাস কৰা হয়। [10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Profile of Mehrangiz Kar
- ↑ مهرانگیز کار
- ↑ "FELLOWS AND ALUMNI". Scholar Rescue Fund. https://www.scholarrescuefund.org/featured_scholar/mehrangiz-kar/.
- ↑ "MEHRANGIZ KAR (1944) lawyer, writer, lecturer at Harvard University". Gariwo. https://en.gariwo.net/righteous/civil-courage/mehrangiz-kar-7542.html.
- ↑ Mehrangiz, Kar; Golriz, Farshi (2008). "Focusing on Women in the Internal Politics of Iran". Brown Journal of World Affairs খণ্ড 15 (1): 75–86. ISSN 1080-0786.
- ↑ "Mehrangiz Kar Independent Scholar". Women's Lerning Partnership. https://learningpartnership.org/people/mehrangiz-kar.
- ↑ "Plight of women's human rights activist in Iran". Reproductive Health Matters খণ্ড 9 (17): 1. 2001. ISSN 0968-8080.
- ↑ "The Iranian Women's Movement: A Conversation with Mehrangiz Kar". Iranian Studies, Stanford University. https://iranian-studies.stanford.edu/events/lecture-series/iranian-womens-movement-conversation-mehrangiz-kar। আহৰণ কৰা হৈছে: 2023-07-12.
- ↑ "Prominent Iranian Human Rights Activist Mehrangiz Kar to Teach at California State University, Northridge in the Fall". California State University. https://www.csun.edu/node/151186। আহৰণ কৰা হৈছে: 2023-07-12.
- ↑ "MEHRANGIZ KAR (1944) lawyer, writer, lecturer at Harvard University". Gariwo. https://en.gariwo.net/righteous/civil-courage/mehrangiz-kar-7542.html.