মেৰবাবু
| মেৰবাবু পৰ্বত | |
|---|---|
মেৰাপিৰ পৰা মেৰবাবুৰ দৃশ্য | |
| উচ্চতা | ৩১৪৫ m (10,318 ft)[1] |
| Prominence | ২৪৩২ m (7,979 ft)[1] |
| তালিকা | আল্ট্ৰা ৰিবু |
| Translation | ছাইৰ পাহাৰ (Indonesian) |
| অৱস্থান | |
| Java, Indonesia | |
| প্ৰসাৰ | Sunda Arc |
| স্থানাংক | 07°27′18″S 110°26′24″E / 7.455°S 110.44°Eস্থানাংক: 07°27′18″S 110°26′24″E / 7.455°S 110.44°E[1] |
| ভূতত্ত্ব | |
| প্ৰকাৰ | Dormant stratovolcano |
| শিলাবৰ্ষ | 700.000 Years |
| Volcanic arc | Sunda Arc |
| শেহতীয়া উদ্গীৰণ | ১৭৯৭ |
| আৰোহন | |
| সহজতম পথ | কোপেঙৰ পৰা হাইকিং কৰি যাব পাৰি |
মাউণ্ট মেৰবাবু (ইণ্ডোনেছিয়া:গুনুং মেৰবাবু ) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মধ্য জাভা প্ৰদেশৰ এটা নিদ্ৰিত আগ্নেয়গিৰি। জাভানীজ সংযুক্ত শব্দৰপৰা মেৰবাবু নামটোক শিথিলভাৱে ‘ছিৰ পৰ্বত’ বুলি অনুবাদ কৰিব পাৰি; মেৰুৰ অৰ্থ "পৰ্বত" আৰু ৱু বা আবুৰ অৰ্থ "ছাই।"
সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট মেৰাপি ইয়াৰ দক্ষিণ-পূব দিশত পোনপটীয়াকৈ কাষতে থকাৰ বিপৰীতে ছালাটিগা চহৰ ইয়াৰ উত্তৰ পাদদেশত অৱস্থিত। মেৰবাবু আৰু মেৰাপিৰ মাজত ১৫০০ মিটাৰ উচ্চতাৰ বহল সমতল আছে,[2] জাভাৰ চেলো গাঁৱৰ স্থান আৰু অতি উৰ্বৰ কৃষিভূমি।[3][4]

দুটা শৃংগ আছে; ছায়াৰিফ (৩,১১৯ মিটাৰ) আৰু কেনটেং ছংগো (৩,১৪৫ মিটাৰ)। কেনটেং ছংগো শিখৰৰপৰা উত্তৰ-পশ্চিম, উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশত তিনিটা ইংৰাজী ইউ আখৰটোৰ আকৃতিৰ উপত্যকা বিস্তৃত হৈ আছে।
১৫৬০ আৰু ১৭৯৭ চনত দুটা মধ্যমীয়া উদ্গীৰণ ঘটিছিল। ১৭৯৭ চনৰ এই পৰিঘটনাক আগ্নেয়গিৰিৰ উদ্গীৰণৰ সূচকাংকত দ্বিতীয় স্থান দিয়া হৈছিল।[5] ১৫৭০ চনত নিশ্চিত নোহোৱা উদ্গীৰণ ঘটিছিল।[6]
ভূতাত্ত্বিকভাৱে শেহতীয়া উদ্গীৰণৰ উৎপত্তি উত্তৰ উত্তৰ-পশ্চিম-দক্ষিণ-দক্ষিণ-পূবৰ বিভাজন ব্যৱস্থাৰ পৰা হৈছিল যিয়ে শিখৰটো কাটিছিল আৰু ক্ৰমে উত্তৰ আৰু দক্ষিণ ফ্লেংকৰ কোপেং আৰু কাজ'ৰ ক্ৰেটাৰৰ পৰা বৃহৎ পৰিমাণৰ লাভাৰ প্ৰবাহ হৈছিল।[2]
উত্তৰ-পূব দিশৰ কোপেং চহৰৰ পৰা উৎপত্তি হোৱা কেইবাটাও পথৰ পৰা মেৰবাবুলৈ উঠিব পাৰি, আৰু দক্ষিণ দিশৰ চেলোৰ পৰাও। কোপেঙৰ পৰা কেনটেং ছংগোলৈ উঠিবলৈ ৮ৰ পৰা ১০ ঘণ্টাৰ ভিতৰত সময় লাগে।[উদ্ধৃতিৰ প্ৰয়োজন]
২০০৪ চনত এই পাহাৰৰ ৫৭ বৰ্গ কিলোমিটাৰ (২২ বৰ্গমাইল) এলেকাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Mountains of the Indonesian Archipelago" Peaklist.org. Retrieved 2012-06-23.
- ↑ 2.0 2.1 সাঁচ:Cite gvp
- ↑ Troll, Valentin R.; Deegan, Frances M.; Jolis, Ester M.; Budd, David A.; Dahren, Börje; Schwarzkopf, Lothar M. (2015-03-01). "Ancient oral tradition describes volcano–earthquake interaction at merapi volcano, indonesia". Geografiska Annaler: Series A, Physical Geography খণ্ড 97 (1): 137–166. doi:10.1111/geoa.12099. ISSN 0435-3676. https://doi.org/10.1111/geoa.12099.
- ↑ Wilson, T (2007). "Impacts of the 2006 eruption of Merapi volcano, Indonesia, on agriculture and infrastructure". GNS Science Report খণ্ড 07: 69p. https://ir.canterbury.ac.nz/bitstream/handle/10092/760/Impacts%20of%20the%202006%20eruption%20of%20Merapi%20volcano.pdf;sequence=2.
- ↑ সাঁচ:Cite gvp
- ↑ Simkin, T., and Siebert, L., 1994, Volcanoes of the World: Geoscience Press, Tucson, Arizona, 349 p.
- ↑ Lestari Hutan Indonesia Archived 2010-04-20 at the Wayback Machine. Retrieved 26 February 2010.