সমললৈ যাওক

মেৰাভ মিকেলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেৰাভ মিকেলি
מרב מיכאלי

২০২২ চনত মিকেলি
ব্যক্তিগত তথ্য
জন্ম ২৪ নৱেম্বৰ, ১৯৬৬ (৫৯ বছৰ)
পেটা টিকভা, ইজৰাইল
ঘৰুৱা সহযোগী এৰেজ টাল (১৯৯২-১৯৯৯)
লিঅৰ শ্লেইএন
(২০০৭ চনৰ পৰা)[1]
সন্তান 2[1]

মেৰাভ মিকেলি (হিব্ৰু: מרב מיכאלי) [2]এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২১ চনৰ পৰা ২০২৪ চনলৈকে লেবাৰ পাৰ্টিৰ নেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ইজৰাইলৰ ছয়ত্ৰিশতম চৰকাৰত পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পেটাহ টিকভা[2]ত হাংগেৰীৰ ইহুদী পটভূমিৰ আমি মিকেলি আৰু চুজান কাষ্টনাৰৰ ঘৰত মিকেলিৰ জন্ম হৈছিল। তেওঁ ৰুডলফ কাষ্টনাৰ[3] আৰু নেহেমিয়া মিকেলিৰ নাতিনীয়েক যি মাপাম দলৰ শেষ সম্পাদিকা আছিল।[4]

যৌৱনকালত মিকেলিয়ে ইজৰাইলী স্কাউটৰ নেত্ৰী হিচাপে কাম কৰিছিল।[5] আইডিএফত মিকেলি আছিল সেনা ৰেডিঅ’ৰ বাতৰি কাকত। তেওঁ গালগালাটজ আৰু ৰেডিঅ' টেল আভিভ ৰেডিঅ' ষ্টেচন স্থাপন কৰাত সহায় কৰিছিল আৰু ৰাজনীতিৰ ওপৰত কেন্দ্ৰিত হিব্ৰু টেলিভিছন অনুষ্ঠানৰ নেতৃত্বও দিছিল।.[6]

তেওঁ হাৰেট্জ কাকতৰ সাংবাদিক আৰু মতামত স্তম্ভলেখক আছিল। তেওঁ বিশ্ববিদ্যালয়ৰ শ্ৰেণীতো অধ্যাপনা কৰিছিল আৰু নাৰীবাদ, সংবাদ মাধ্যম, যোগাযোগ আদি বিষয়ত বিস্তৃতভাৱে বক্তৃতা দিছিল। ২০১২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ টেড জাফাত "পেৰাডাইম শ্বিফ্ট"ৰ বিষয়বস্তুত ভাষণ দিছিল, য'ত তেওঁ যুক্তি দিছিল যে সমাজে "বিবাহ বাতিল" কৰিব লাগে।[7]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০১২ চনৰ অক্টোবৰ মাহত মিকেলিয়ে ঘোষণা কৰে যে তেওঁ লেবাৰ পাৰ্টিত যোগদান কৰিব, আৰু ২০১৩ চনৰ নেচেট নিৰ্বাচনৰ বাবে লেবাৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ মনস্থ কৰে।[8] ২০১২ চনৰ ২৯ নৱেম্বৰত লেবাৰ পাৰ্টিৰ তালিকাত পঞ্চম স্থান লাভ কৰে,[9] আৰু লেবাৰে ১৫খন আসন লাভ কৰাৰ পিছত নেচেটলৈ নিৰ্বাচিত হয়।[10]

২০১৫ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে লেবাৰ আৰু হাটনুৱা দলে জায়নিষ্ট ইউনিয়নৰ মিত্ৰতা গঠন কৰে। মিকেলিয়ে জায়নিষ্ট ইউনিয়নৰ তালিকাৰ নৱম স্থান লাভ কৰে আৰু নেচেটে ২৪খন আসন লাভ কৰাৰ বাবে নিৰ্বাচিত হয়।[11][12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Labor party chief Merav Michaeli announces birth of 2nd child via surrogacy". The Times of Israel. https://www.timesofisrael.com/liveblog_entry/labor-party-chief-merav-michaeli-announces-birth-of-2nd-child-via-surrogacy/. 
  2. 2.0 2.1 "MK Michaeli in Israeli Parliament website". Knesset. https://www.knesset.gov.il/mk/eng/mk_eng.asp?mk_individual_id_t=881. 
  3. Harkov, Lahav (3 May 2016). "My grandfather did the inconceivable – negotiated with Nazis – to save Jews". The Jerusalem Post. http://www.jpost.com/Israel-News/My-grandfather-did-the-inconceivable-negotiated-with-Nazis-to-save-Jews-452887. 
  4. "Gafni to Merav Michaeli". Arutz 7. https://www.inn.co.il/news/252215. 
  5. "Merav Michaeli". Jewish Virtual Library. https://www.jewishvirtuallibrary.org/merav-michaeli। আহৰণ কৰা হৈছে: 18 June 2021. 
  6. "Knesset Member, Merav Michaeli". knesset.gov.il. https://knesset.gov.il/mk/eng/mk_eng.asp?mk_individual_id_t=881। আহৰণ কৰা হৈছে: 16 June 2021. 
  7. "Cancel Marriage: Merav Michaeli at TEDxJaffa". TEDx TalksYouTube. https://www.youtube.com/watch?v=tTf8jKMGsGE। আহৰণ কৰা হৈছে: 10 November 2012. 
  8. Lis, Jonathan. "Merav Michaeli to Vie for Spot on Labor's Election List". Haaretz. http://www.haaretz.com/news/national/merav-michaeli-to-vie-for-spot-on-labor-s-election-list.premium-1.473346. 
  9. Azulay, Moran. "Herzog wins Labor primaries; Merav Michaeli 5th on party list". http://www.ynetnews.com/articles/0,7340,L-4313786,00.html. 
  10. "Final Israel Election Results: Kadima's in Knesset, Habayit Hayehudi Gets 12 Seats" (en ভাষাত). Haaretz. 2013. https://www.haaretz.com/.premium-final-results-right-has-slim-majority-1.5226088. 
  11. "Women win big as Yachimovich, Shaffir top Labor primary vote" (en-US ভাষাত). The Times of Israel. https://www.timesofisrael.com/shelly-yachimovich-stav-shaffir-top-labor-primary-vote/. 
  12. "All 120 incoming Knesset members" (en-US ভাষাত). The Times of Israel. https://www.timesofisrael.com/by-the-lists-all-120-incoming-knesset-members/.