মেৰিয়ান আলডা
| মেৰিয়ান আলডা | |
|---|---|
| জন্ম | 1948 অথবা 1949 (বয়স 77–78)[1] চিকাগো, ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, কমেডিয়ান |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৮–বৰ্তমান |
মেৰিয়ান আলডা (ইংৰাজী: Mariann Aalda; জন্ম: ১৯৪৮/১৯৪৯) এগৰাকী আমেৰিকান টেলিভিছন, মঞ্চ, চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰদৰ্শন শিল্পী আৰু ষ্টেণ্ড-আপ কমেডিয়ান।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]এবিচিৰ দ্য এজ অফ নাইটত ডিডি বানিষ্টাৰ-ষ্টোনাৰৰ চৰিত্ৰত অভিনয় কৰি আলডাই প্ৰথমগৰাকী আফ্ৰিকা-আমেৰিকান ডে-টাইম ছোপ অপেৰা নায়িকা হিচাপে টেলিভিছন জগতত বিশেষ পৰিচিতি লাভ কৰে।[1] ১৯৮১ চনৰপৰা ১৯৮৪ চনত অনুষ্ঠানটো বন্ধ হোৱালৈকে তেওঁ ইয়াত কাম কৰিছিল। তাৰ বহু বছৰ আগৰপৰাই তেওঁ নিউয়ৰ্কৰ স্কেটচ কমেডী গোট 'অফ চেণ্টাৰ থিয়েটাৰ'ৰ এগৰাকী লেখিকা-প্ৰদৰ্শনকাৰী আছিল আৰু বষ্টন ভিত্তিক ইম্প্ৰুভ গ্ৰুপ 'দ্য প্ৰপজিশ্যন'ৰ সৈতে উল্লেখযোগ্য এনিমেচন ভইচ এক্টৰ তথা পৰিচালক চাৰ্লি এডলাৰৰ সৈতে ভ্ৰমণ কৰিছিল।[2] পৰৱৰ্তী সময়ত তেওঁ চিবিএছৰ শ্ব’ গাইডিং লাইটত অভিনয় কৰে। তেওঁ চিবিএছৰ চিটকম দ্য ৰয়েল ফেমিলীত ৰেড ফক্স আৰু ডেলা ৰিজৰ জীয়েকৰ চৰিত্ৰত,[3] আৰু এইচবিঅ' ধাৰাবাহিক ফাৰ্ষ্ট এণ্ড টেনত অ’ জে চিম্পচনৰ চৰিত্ৰৰ পত্নী হিচাপে নিয়মীয়া ভূমিকা পালন কৰিছিল।
আলডাই চিবিএছৰ চিটকম ডিজাইনিং উইমেনত এন্থনীৰ গাৰ্লফ্ৰেণ্ড লিটা ফৰ্ডৰ চৰিত্ৰত আৰু এনবিচিৰ ছোপ অপেৰা চানচেট বিচত দুৰ্ভাগ্যজনকভাৱে বিকৃত মুখমণ্ডলৰ লেনা হাৰ্টৰ চৰিত্ৰত অভিনয় কৰি চৰ্চা লাভ কৰিছিল। তেওঁ ইউএছএ নেটৱৰ্কত লাইফষ্টাইল শ্ব’ ডিজাইনছ ফৰ লিভিংৰ সহ-উপস্থাপনা কৰিছিল আৰু নিউয়ৰ্কৰ ডব্লিউএনবিচিৰ মেগাজিন শ্ব’ নাও! ৰ প্ৰতিবেদক আছিল। তেওঁৰ অসংখ্য অতিথি শিল্পীৰ ভূমিকা মূলত চিটকমসমূহতে আছিল।
আলডাই চলচ্চিত্ৰতো অভিনয় কৰিছে। আৰবান কাল্ট ফিল্ম ক্লাছ এক্টত ৰেপাৰ কিডৰ মাকৰ চৰিত্ৰত আৰু নোবডিজ পাৰফেক্টত কোচ হেৰিচন হিচাপে তেওঁ অভিনয় কৰিছিল। গেৰী মাৰ্শ্বালে পৰিচালনা কৰা বিচেছ আৰু প্ৰিটি ওমেন তথা চিডনী লুমেটৰ পৰিচালনাত দ্য উইজত তেওঁ এগৰাকী বিশিষ্ট শিল্পী আছিল।

তেওঁ ইতিবাচক বাৰ্ধক্য আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেওঁৰ এটা টেডেস্ক টক[4] আছে আৰু এএআৰপিৰদ্বাৰা তেওঁ "এজ ডিচৰাপ্টৰ" হিচাপে স্বীকৃতি লাভ কৰিছে।[5] তেওঁ 'নিৰ্লজ্জ্জ বাৰ্ধক্য' (shameless ageing) বিষয়ত এগৰাকী নিয়মীয়া পডকাষ্ট অতিথি আৰু মনোৰঞ্জন উদ্যোগত কাম কৰা কৃষ্ণাংগ মহিলাসকলৰ পোষকতা কৰা ৫০০০তকৈ অধিক সদস্য থকা গোট 'উইমেন অফ কালাৰ ইউনাইট' (WOCU) ৰ আৱাসিক এজ এনাৰ্কিষ্ট। তেওঁ এগৰাকী ষ্টেণ্ড-আপ কমেডিয়ান হিচাপে আৰু তেওঁৰ একক "অস্তিত্ববাদী কমেডী" শ্ব’ গেটিং অ'ল্ড ইজ এ বিচ্চ... বাট আই এম গনা ৰেষ্টল দ্যাট বিচ্চ টু দ্য গ্ৰাউণ্ড! [6] ৰ জৰিয়তে ইতিবাচক বাৰ্ধক্যৰ বিষয়ে আলোচনা কৰিছিল। তেওঁৰ এই অনুষ্ঠানটোৱে উত্তৰ কেৰোলিনাৰ উইনষ্টন-চালেমত অনুষ্ঠিত ২০১৯ চনৰ নেচনেল ব্লেক থিয়েটাৰ ফেষ্টিভেলত ৩০বছৰীয়া বক্স অফিচ ৰেকৰ্ড ভংগ কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 "71-Year Old Black Actress Who Made Soap Opera History in the 1980's Refuses to Retire". Blacknews.com. January 23, 2020. https://blacknews.com.
- ↑ Clodfelter, Tim. "Getting old is tough. Actress uses humor to talk about the ups and downs of aging" (en ভাষাত). Winston-Salem Journal. https://journalnow.com। আহৰণ কৰা হৈছে: 2019-09-03.
- ↑ O'Connor, John J. (April 8, 1992). "Mom Adds a Daughter, and a Show Goes On". The New York Times: পৃষ্ঠা C 24. সাঁচ:ProQuest. https://proquest.com.
- ↑ TEDx Talk
- ↑ "Age Disruptor". https://aarp.org। আহৰণ কৰা হৈছে: April 24, 2022.
- ↑ Getting Old Is a Bitch...But I'm Gonna Wrestle That Bitch to the Ground!
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আধিকাৰিক ৱেবছাইট
- মেৰিয়ান আলডা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।