মেৰী আক্ৰামী

মেৰী আক্ৰামী (ইংৰাজী: Mary Akarami, ১৯৭৫ বা ১৯৭৬ (বয়স ৪৮–৪৯)[1] আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰৰ পৰিচালিকা।[2] ২০০১ চনৰ বন সন্মিলনত তেওঁ আফগান নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰিছিল।[3] ২০০৩ চনত আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰই আফগানিস্তানৰ কাবুলত প্ৰথম মহিলা আশ্ৰয় শিবিৰ মুকলি কৰে।[4][3] আশ্ৰয় শিবিৰটোৱে আইনী পৰামৰ্শ, সাক্ষৰতাৰ শ্ৰেণী, মানসিক পৰামৰ্শ আৰু প্ৰয়োজনীয় মহিলাসকলক মৌলিক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰে।[5] আক্ৰামী আশ্ৰয় শিবিৰত ২৪ ঘণ্টাই ফোনত থাকে আৰু তেওঁৰ নেতৃত্বত তাত থকা কিছুমান মহিলাই তেওঁলোকৰ নিৰ্যাতনকাৰীক ৰাজহুৱাভাৱে নিন্দা কৰি তেওঁলোকৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে, যিটো আফগানিস্তানত ইয়াৰ আগতে প্ৰায় হোৱা নাছিল।[2] তেওঁৰ নিজৰ কামৰ বাবে একাধিক ভাবুকিৰ সন্মুখীন হৈছে।[2]
২০০৭ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় সাহসী মহিলা বঁটা[2]লাভ কৰে আৰু বিবিচিৰ ১০০ মহিলা ২০১৬ তালিকাত বছৰৰ অন্যতম প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলা হিচাপে স্থান লাভ কৰে।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "BBC 100 Women 2016: Who is on the list?". BBC News. 18 November 2016. http://www.bbc.co.uk/news/world-38012048.
- ↑ 2.0 2.1 2.2 2.3 Honorees
- ↑ 3.0 3.1 What's an American lawyer doing in Afghanistan? - CSMonitor.com
- ↑ Afghan Women Slowly Gaining Protection, NYTimes, Retrieved 14 July 2016
- ↑ AWIU » 2007 WOC – Mary Akrami Archived 2014-12-13 at the Wayback Machine