সমললৈ যাওক

মেৰী ক্ৰিচেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেৰী ক্ৰিচেট
জন্ম ইংলেণ্ড
মৃত্যু ১৭২৯


মেৰী ক্ৰিচেট প্ৰথমাৱস্থাৰ নাম মাৰিয়া, শেষ নামো ক্ৰিচেট বা ক্ৰিকেট; এগৰাকী ইংৰাজ জলদস্যু আৰু অপৰাধী আছিল। জলদস্যুৰ সোণালী যুগৰ মাত্ৰ চাৰিগৰাকী নিশ্চিত মহিলা জলদস্যুৰ ভিতৰত এগৰাকী হিচাপে আৰু মৃত্যুদণ্ড দিয়া একমাত্ৰ মহিলা জলদস্যু হিচাপে তেওঁ বেছিকৈ পৰিচিত।[1]

ছয়জন জলদস্যু বন্দী - "এডমাণ্ড উইলিয়ামছ, জৰ্জ কেভছ, জৰ্জ ক'ল ওৰফে চেণ্ডাৰছ, এডৱাৰ্ড এডৱাৰ্ডছ, জেৰমিয়া স্মিথ আৰু মেৰী ক্ৰীচেট"[2]- ইংলেণ্ডৰ পৰা ভাৰ্জিনিয়ালৈ ১৭২৮ চনৰ শেষৰ ফালে, তেওঁলোকৰ শাস্তিৰ আদেশ কাৰ্যকৰী কৰিবলৈ লৈ অনা হয়।[1] ১৭২৯ চনৰ ১২ মে'ত তেওঁলোকে বন্দীত্বৰ পৰা পলায়ন কৰি পালতৰা জাহাজৰ জন আৰু এলিজাবেথৰ দুজনীয়া দলটোক পৰাস্ত কৰে।[1] ক্ৰিচেটে বন্দীসকলক জাহাজৰ হোল্ডত ৰাখিছিল, যাতে হেচ্চত বহি তেওঁলোকৰ সম্ভাব্য পলায়ন ৰোধ কৰিব পাৰে।[3] ক্ৰিচেটৰ আপত্তিৰ বাবে তেওঁলোকে কেইদিনমানৰ পিছত এই যুটিটোক মুকলি কৰি দিয়ে, যদিও আশংকা কৰিছিল যে, দুয়োজনে কৰ্তৃপক্ষক সতৰ্ক কৰি দিব।[1] জলদস্যুসকলে চেঁচাপিক উপসাগৰলৈ যাত্ৰা কৰে যদিও আন কোনো জাহাজত আক্ৰমণ কৰাৰ আগতেই কেপ্তেইন লঙৰ অধীনত এইচ এম এছ শ্ব'ৰেহামে তেওঁলোকক বন্দী কৰে।[3] ভাৰ্জিনিয়ালৈ উভতি আহি ১৭২৯ চনৰ আগষ্ট মাহত উইলিয়ামছবাৰ্গত তেওঁলোকৰ বিচাৰ হয়, জলদস্যুতাৰ দোষত তেওঁলোক দোষী সাব্যস্ত হয় আৰু ফাঁচী দিয়াৰ শাস্তি দিয়া হয়।[4] মেৰী ক্ৰিচেটৰ ১৭২৯ চনত মৃত্যু হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Fictum, David (13 May 2016). "Anne Bonny and Mary Read: Female Pirates and Maritime Women (Page Two)". Colonies, Ships, and Pirates. https://csphistorical.com/2016/05/13/anne-bonny-and-mary-read-female-pirates-and-maritime-women-page-two/#more-297। আহৰণ কৰা হৈছে: 20 July 2017. 
  2. Appleby, John C. (2015) (en ভাষাত). Women and English Piracy, 1540-1720: Partners and Victims of Crime. প্ৰকাশক Rochester NY: Boydell & Brewer Ltd. পৃষ্ঠা. 222–223. ISBN 9781783270187. https://books.google.com/books?id=1UXoCQAAQBAJ. 
  3. 3.0 3.1 Theophilus, Fox, Edward (2013) (en ভাষাত). 'Piratical Schemes and Contracts': Pirate Articles and Their Society 1660-1730. প্ৰকাশক Exeter: University of Exeter. পৃষ্ঠা. 225–226. https://ore.exeter.ac.uk/repository/handle/10871/14872। আহৰণ কৰা হৈছে: 20 July 2017. 
  4. Rediker, Marcus (2011) (en ভাষাত). Villains of All Nations: Atlantic Pirates in the Golden Age. Beacon Press. পৃষ্ঠা. 112. ISBN 9780807095386. https://books.google.com/books?id=kFiF_kFWbDUC। আহৰণ কৰা হৈছে: 20 July 2017.