মেৰী জিন ক্ৰিক
| মেৰী জিন ক্ৰিক | |
|---|---|
| চিত্ৰ:File:Lifetime Science Award Dr. Kreek (23420513281).jpg ক্ৰিক (সোঁফালে), জীৱনজোৰা বিজ্ঞান বঁটা লাভ কৰি | |
| জন্ম | ১৯৩৭ চনৰ ৯ ফেব্ৰুৱাৰী ৱাশ্বিংটন, ডি.চি. |
| মৃত্যু | ২৭ মাৰ্চ, ২০২১ (৮৪ বছৰ) |
| জাতীয়তা | আমেৰিকান |
| ক্ষেত্ৰ | নিউৰ’বায়’লজি |
| শিক্ষানুষ্ঠান | ৱেলছলি কলেজ কলম্বিয়া ইউনিভাৰ্চিটি কলেজ অৱ ফিজিচিয়ান এণ্ড চাৰ্জন |
| জনা যায় | মেথাডোন থেৰাপি |
মেৰী জিন ক্ৰিক (ইংৰাজী: : Mary Jeanne Kreek ৯ ফেব্ৰুৱাৰী ১৯৩৭[1] – ২৭ মাৰ্চ ২০২১) [2]এগৰাকী আমেৰিকান নিউৰ’বায়’লজিস্ট আছিল, যিয়ে আসক্তি অধ্যয়ন আৰু চিকিৎসাৰ ক্ষেত্ৰত বিশেষত্ব লাভ কৰিছিল।[3]
তেওঁ মেৰী নাইস্বাণ্ডাৰ আৰু ড° ভিনচেণ্ট ডোলৰ সৈতে একেলগে কাম কৰি হেৰ’ইন আসক্তিৰ চিকিৎসাৰ বাবে মেথাডোন থেৰাপি বিকাশ কৰাত বিশেষভাৱে পৰিচিত।[4]
শিক্ষা
[সম্পাদনা কৰক]১৯৫৮ চনত ক্ৰিকে ৱেলেছলি কলেজৰ পৰা বি.এ. আৰু ,[5] ১৯৬২ চনত কলম্বিয়া ইউনিভাৰ্চিটি কলেজ অৱ ফিজিচিয়ান এণ্ড চাৰ্জনৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[6]
কেৰিয়াৰ
[সম্পাদনা কৰক]এম.ডি সম্পূৰ্ণ কৰাৰ পিছত ক্ৰিকে নিউয়ৰ্ক হাস্পতাল-কৰ্নেল মেডিকেল চেণ্টাৰত গেষ্ট্ৰ'এণ্টেৰ'লজীত ফেল'শ্বিপ সম্পূৰ্ণ কৰে। তেওঁ কৰ্নেল মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ অধ্যাপনা কৰে।[7]
২০০০ চনত ক্ৰিকক নিউয়ৰ্ক একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে নিযুক্তি দিয়া হয় আৰু ২০০৪ চনত তেওঁ কলম্বিয়া ইউনিভাৰ্চিটি কলেজ অৱ ফিজিচিয়ান এণ্ড চাৰ্জনৰ পৰা "চিকিৎসা বিজ্ঞানৰ জীৱনজোৰা উৎকৃষ্টতা"ৰ বাবে প্ৰাক্তন ছাত্ৰ সোণৰ পদক বঁটা লাভ কৰে[8] ২০১৪ চনত ক্ৰিকক নেচনেল ইনষ্টিটিউট অন ড্ৰাগ এবিউজৰ পৰা লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয়।[6]
২০১৫ চনৰ নৱেম্বৰ মাহলৈকে তেওঁ এগৰাকী জ্যেষ্ঠ এটেণ্ডিং চিকিৎসক, পেট্ৰিক ই আৰু বিট্ৰাইচ এম হেগাৰ্টিৰ অধ্যাপিকা আৰু দ্য ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ নিচাযুক্ত ৰোগৰ জীৱবিজ্ঞান পৰীক্ষাগাৰৰ মুৰব্বী আছিল।[6]
ক্ৰিকে ১৯৭৯ চনৰ পৰা ২০১৫ চনলৈকে ৱেষ্ট ইণ্ডিজৰ গ্ৰেনাডাৰ ছেইণ্ট জৰ্জ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কাম কৰাৰ লগতে কেম্পাছ ভিত্তিক গৱেষণা প্ৰতিষ্ঠান উইণ্ডৱাৰ্ড দ্বীপপুঞ্জৰ গৱেষণা আৰু শিক্ষা ফাউণ্ডেশ্যন (WINDREF)ৰ পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাম কৰিছিল।[9]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁৰ পিতৃ লুই ফ্ৰান্সিছ ক্ৰিক এজন মুখ্য পৰীক্ষক আছিল আৰু আমেৰিকাৰ পেটেণ্ট আৰু ট্ৰেডমাৰ্ক কাৰ্যালয়ৰ ব'ৰ্ডত কাৰ্যনিৰ্বাহ কৰিছিল।[7] ১৯৭০ চনৰ ২৪ জানুৱাৰীত তেওঁ ডাঃ ৰবাৰ্ট এ শ্বেফাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[7]
২০২১ চনৰ ২৭ মাৰ্চত ৮৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Mary Kreek Obituary - New York, NY". https://www.dignitymemorial.com/obituaries/new-york-ny/mary-kreek-10127357.
- ↑ 2.0 2.1 "Mary Jeanne Kreek, pioneer in studies of addiction, has died" (en ভাষাত). The Rockefeller University. 2021-03-29. https://www.rockefeller.edu/news/30284-mary-jeanne-kreek-pioneer-studies-addiction-died.
- ↑ Mantsch, John R; Bart, Gavin; Unterwald, Ellen M (15 May 2021). "In Memoriam". International Journal of Neuropsychopharmacology খণ্ড 24 (7): 533–534. doi:10.1093/ijnp/pyab019.
- ↑ Wren, Christopher (3 October 1998). "Holding an Uneasy Line In the Long War on Heroin; Methadone Emerged in City Now Debating Its Use". The New York Times. https://www.nytimes.com/1998/10/03/nyregion/holding-uneasy-line-long-war-heroin-methadone-emerged-city-now-debating-its-use.html। আহৰণ কৰা হৈছে: 22 November 2015.
- ↑ "Mary Jeanne Kreek '58". Wellesley College. Archived from the original on 13 June 2017. https://web.archive.org/web/20170613193341/http://www.wellesley.edu/alumnae/awards/achievementawards/recipientpages/kreek। আহৰণ কৰা হৈছে: 22 November 2015.
- ↑ 6.0 6.1 6.2 "MARY JEANNE KREEK, M.D.". Rockefeller University. Archived from the original on 23 November 2015. https://web.archive.org/web/20151123031205/http://www.rockefeller.edu/research/faculty/labheads/MaryJeanneKreek/। আহৰণ কৰা হৈছে: 22 November 2015.
- ↑ 7.0 7.1 7.2 "Dr. R.A. Schaefer Weds List of Entertainment Benefit Parties; Dr. Mary Jeanne Kreek". The New York Times (60). 24 January 1970. https://query.nytimes.com/gst/abstract.html?res=9B03E6D81138E73ABC4D51DFB766838B669EDE। আহৰণ কৰা হৈছে: 22 November 2015.
- ↑ Macpherson, Calum (11 February 2005). "Sixth Annual WINDREF Lecture". SGU Gazette. https://baysgu35.sgu.edu/calendars/sgugazette.nsf/da42498a3060332085256c05006cd923/7019f53433b4640204256fa400517b41?OpenDocument। আহৰণ কৰা হৈছে: 22 November 2015.[সংযোগবিহীন উৎস]
- ↑ "'Rockefeller University obituary'" (en-US ভাষাত). Rockefeller University. https://www.rockefeller.edu/news/30284-mary-jeanne-kreek-pioneer-studies-addiction-died/.