মেৰী পুনেন লুকোস
মেৰী পুনেন লুকোস | |
---|---|
![]() মেৰী পুনেন লুকোসৰ এক ভেক্টৰ অংকন | |
জন্ম | ৩০ জুলাই, ১৮৮৬ আয়মানম, কোত্তায়ম, ট্ৰাভাংকোৰ, ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্য। |
মৃত্যু | ০২ অক্টোবৰ, ১৯৭৬ (৯০ বছৰ) তিৰুৱনন্তপুৰম, কেৰালা, ভাৰত। |
পেচা | স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ |
জনা যায় | চিকিৎসা সেৱা |
দাম্পত্যসঙ্গী | কে কে লুকোস |
পিতৃ-মাতৃ | টি. ই. পুনেন |
সন্তান | গ্ৰেচ লুকোস, কে. পি. লুকোস |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী বৈদ্যশাস্ত্ৰকুশল |
মেৰী পুনেন লুকোস (ইংৰাজী: Mary Poonen Lukose; ২ আগষ্ট ১৮৮৬ - ২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু ভাৰতৰ প্ৰথম মহিলা চাৰ্জন জেনেৰেল।[1] তেওঁ নাগৰক'ইলৰ যক্ষ্মা স্বাস্থ্য কেন্দ্ৰ আৰু তিৰুৱনন্তপুৰমৰ এক্স-ৰে আৰু ৰেডিয়াম ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক আছিল, ট্ৰাভাঙ্কোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা বিধায়ক আছিল।[1] ভাৰত চৰকাৰ তৰফৰ পৰা ১৯৭৫ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।[2]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৮৮৬ চনৰ ২ আগষ্টত আয়মানামৰ ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ ৰাজকীয় ৰাজ্য ট্ৰেভাংকোৰ (বৰ্তমান কেৰালা)ৰ এক ধনী এংলিকান ছিৰিয়ান খ্ৰীষ্টান পৰিয়ালত মেৰী পুনেনৰ জন্ম হৈছিল, যিখন সৰু গাঁও পাছলৈ দ্য গড অৱ স্মল থিংছ উপন্যাসখনৰ পৰিৱেশ হৈ বিখ্যাত হৈছিল।[3][4][5][6][7] তেওঁৰ পিতৃ টি. ই. পুনেন আছিল এগৰাকী চিকিৎসক, ট্ৰাভাঙ্কোৰৰ প্ৰথম চিকিৎসা স্নাতক আৰু ট্ৰাভাঙ্কোৰ ৰাজ্যৰ ৰাজকীয় চিকিৎসক।[1][5] তেওঁৰ মাতৃৰ স্বাস্থ্যজনিত সমস্যা আছিল যাৰ বাবে মেৰীক ব্ৰিটিছ গৱৰ্নেছে ডাঙৰ-দীঘল কৰিছিল। তেওঁ তিৰুৱন্তপুৰমৰ হ'লি এঞ্জেলছ কনভেন্ট হাইস্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু মেট্ৰিক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছিল। অৱশ্যে, এগৰাকী মহিলা হোৱাৰ বাবে তেওঁক তিৰুৱনন্তপুৰমৰ মহাৰাজ মহাবিদ্যালয় (বৰ্তমানৰ ইউনিভাৰ্চিটি কলেজ তিৰুভন্তপুৰম)ত বিজ্ঞান বিষয়ৰ বাবে নামভৰ্তি কৰিবলৈ দিয়া নহৈছিল আৰু সেয়ে ইতিহাস অধ্যয়ন কৰিবলগীয়া হৈছিল আৰু সেই বিষয়ত ১৯০৯ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷
ভাৰতীয় বিশ্ববিদ্যালয়সমূহে মহিলাসকলক চিকিৎসা বিজ্ঞানৰ বাবে নামভৰ্তিৰ সুবিধা নিদিয়াৰ বাবে তেওঁ লণ্ডনলৈ গুচি যায় আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ লাভ কৰে।ডাবলিনৰ ৰটাণ্ডা হাস্পতালৰ পৰা এম আৰ চি অ’ জি (স্ত্ৰীৰোগ আৰু প্ৰসূতি) লাভ কৰি ব্ৰিটেইনত গৈ গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালত শিশু চিকিৎসাৰ উন্নত প্ৰশিক্ষণ লয়।[1] পাছলৈ তেওঁ ব্ৰিটেইনৰ বিভিন্ন চিকিৎসালয়ত কাম কৰিছিল আৰু একে সময়তে লণ্ডনৰ সংগীত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সংগীত অধ্যয়ন কৰিছিল।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Mary Poonen Lukose (1886-1976)". Stree Shakti. 2015. http://www.streeshakti.com/bookM.aspx?author=13। আহৰণ কৰা হৈছে: 15 June 2015.
- ↑ "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014.
- ↑ Jeffrey, Robin (27 July 2016) (en ভাষাত). Politics, Women and Well-Being: How Kerala became 'a Model'. Springer. পৃষ্ঠা. 92–93, 98. ISBN 978-1-349-12252-3. https://books.google.com/books?id=ENC-DAAAQBAJ&pg=PA92.
- ↑ K.S. Mohindra, PhD (2015). "Dr. Mary Poonen Lukose". Hektoen International - A Journal of Medical Humanities খণ্ড VII (2). ISSN 2155-3017. https://hekint.org/2017/01/28/mary-poonen-lukose/.
- ↑ 5.0 5.1 "The Doctors behind the Poonen Road, Secretariate, Trivandrum". Doctors' Hangout. 2015. Archived from the original on 13 April 2013. https://web.archive.org/web/20130413180818/http://www.doctorshangout.com/profiles/blogs/the-doctors-behind-the-poonen। আহৰণ কৰা হৈছে: 15 June 2015.
- ↑ "God of Small Things by Arundhati Roy". Scribbles of Soul. 2015. Archived from the original on 16 July 2010. https://web.archive.org/web/20100716213448/http://scribblesofsoul.com/god-of-small-things-by-arundhati-roy/। আহৰণ কৰা হৈছে: 15 June 2015.
- ↑ Nair, K. Rajasekharan (July 2002). "A Pioneer Medicine-Dr. Mary Poonen Lukose (1886-1976)". Samyukta - A Journal of Women's Studies খণ্ড II (2): 117–121. Archived from the original on 8 December 2015. https://web.archive.org/web/20151208153319/http://samyukta.info/archives/vol_2_2/article/k%20rajashekharan%20nair/a%20pioneer%20in%20medicine.htm। আহৰণ কৰা হৈছে: 15 June 2015.