মেৰী বাৰ্কেট কাৰ্ড
| মেৰী বাৰ্কেট কাৰ্ড | |
|---|---|
| জন্ম | মেৰী বাৰ্কেট ২৮ ডিচেম্বৰ, ১৭৭৪ লিভাৰপুল, ইউ কে |
| মৃত্যু | ১৮১৭ ডাবলিন |
| ৰাষ্ট্ৰীয়তা | বৃটিছ |
| উল্লেখযোগ্য কৰ্ম | এ পয়েম অন দা আফ্ৰিকান শ্লেভ ট্ৰেড |
মেৰী বাৰ্কেট কাৰ্ড (ইংৰাজী: Mary Birkett Card; ২৮ ডিচেম্বৰ ১৭৭৪–১৮১৭), এগৰাকী আইৰিছ মূলৰ ব্ৰিটিছ কবি, বিলোপবাদী আৰু নাৰীবাদী আছিল, সোতৰ বছৰ বয়সত প্ৰকাশিত তেওঁৰ দাসত্ব বিৰোধী কবিতা এ পয়েম অন দ্য আফ্ৰিকান স্লেভ ট্ৰেডৰ বাবে তেওঁ সৰ্বাধিক স্মৰণ কৰা হয়।[1][2][3]
জীৱনী
[সম্পাদনা কৰক]১৭৭৪ চনৰ ২৮ ডিচেম্বৰত লিভাৰপুলত উইলিয়াম আৰু চাৰা বাৰ্কেটৰ ঘৰত জন্মগ্ৰহণ কৰিছিল মেৰী বাৰ্কেটে। তেওঁৰ পিতৃ এজন চেণ্ডলাৰ আছিল আৰু ১৭৮৪ চনত পৰিয়ালটো ডাবলিনলৈ গুচি যায়। তেওঁলোক আছিল কোৱাকাৰ পৰিয়ালৰ। তেওঁৰ ককাক আছিল বিলোপবাদী জৰ্জ হেৰিছন, যি ছ'চাইটি ফৰ ইফেক্টিং দ্য এবলিচন অৱ দ্য স্লেভ ট্ৰেডৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।[4] বাৰ্কেট পৰিয়ালটো আছিল মধ্যবিত্ত শ্ৰেণী আৰু কম কঠোৰ আৰু সাধাৰণ হ’লেও কোৱাকাৰ হিচাপে তেওঁলোকে নিজৰ আইৰিছ প্ৰতিবেশী দেশৰ পৰা পৃথক হৈ থিয় দিছিল, ব্ৰিটেইনত থকা তেওঁলোকৰ সংযোগ আৰু ইংৰাজী পৰিচয়ৰ সৈতে অধিক সংযুক্ত হৈ আছিল। কাৰ্ডে সংগীত, শিল্প, ফৰাচী, চিত্ৰকলা আৰু সাহিত্যৰ শিক্ষা লাভ কৰিছিল। ১৮০১ চনত নাথানিয়েল কাৰ্ডক বিয়া কৰায়। তেওঁ আছিল ব্যৱসায়ী ডাবলিনৰ দ্বিতীয় সম্পৰ্কীয় ভায়েক। দম্পতীহালৰ ৮টা সন্তান আছিল যদিও কেঁচুৱা অৱস্থাত মাত্ৰ চাৰিটাহে বাচি যায়। পৰিয়ালৰ ব্যৱসায়টোৰ আৰ্থিক অসুবিধাৰ কথাৰ বিষয়ে তেওঁ নিজৰ লেখাত উল্লেখ কৰিছে। ১৮০৪ চনত মিলফোৰ্ড হেভেনত থকা আমেৰিকান কোৱাকাৰ পৰিয়ালৰ সৈতে থকাৰ সময়তে তেওঁ যথেষ্ট সংখ্যক কবিতা লিখিছিল। ৰচ পৰিয়ালে কেছল হলত বাস কৰিছিল আৰু লেখক, শিল্পী আৰু নৌ-সেনাৰ বিষয়াকে ধৰি বহু ক্ষেত্ৰৰ লোকক মনোৰঞ্জন দিছিল।[5][6]
যদিও তেওঁৰ লেখাৰ এটা উল্লেখযোগ্য অংশ আছিল, দাসত্ত্ব বিৰোধী, তথাপিও সেয়া তেওঁৰ কামৰ এটা সৰু অংশহে। ডাবলিনৰ এগৰাকী কোৱাকাৰ মহিলাই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে তেওঁ বিস্তৃতভাৱে লিখিছিল। কোৱাকাৰ সংগঠনে প্ৰচাৰৰ আশে-পাশে মহিলাসকলক এক নিৰ্দিষ্ট মাত্ৰাৰ সমতাৰ অনুমতি দিলেও ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ সদায় পুৰুষৰ সভাই গ্ৰহণ কৰিছিল। তেওঁ কি লিখিব,সেই বিষয়েও লাগিছিল কাৰ্ড বাধা-নিষেধৰ সম্মুখীন হৈ পৰিছিল। আয়াৰলেণ্ডলৈ যোৱাৰ ভয় আৰু শংকাৰ পৰাই তেওঁৰ লেখক জীৱন আৰম্ভ হৈছিল আৰু এগৰাকী যুৱতী কোৱাকাৰ মহিলা হিচাপে জীৱনত জীৱন আৰু শিল্প দুয়োটাতে কেনেকৈ আদৰ্শ হ’ব পাৰে সেই বিষয়ে উল্লেখ কৰে। সময়ৰ লগে লগে তেওঁৰ ৰচনাবোৰ কবিতাতকৈ গদ্যৰ ফালে বেছিকৈ ধাৱমান হয়। কোৱাকাৰ মহিলাৰ ধাৰণাগত সন্ধানত তেওঁৰ কামে ক্ৰমান্বয়ে অনুকূল আৰু ঢিলা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত তেওঁৰ আত্মপ্ৰকাশ সীমিত হৈ পৰে। এই স্থবিৰতাৰ কিছু অংশ তেওঁৰ সন্তানক হেৰুৱাৰ ফলত হয়, য'ত তেওঁ বিশ্বাস কৰে যে, সঠিক পথেৰে আগ নবঢ়াৰ বাবেই বা অসাৱধানতাই তেওঁলোকৰ মৃত্যুৰ কাৰণ হৈছে।[4][5][7][8]
যদিও তেওঁ যিমান পাৰি আজ্ঞাকাৰী আৰু আধ্যাত্মিক হৈ থাকিবলৈ চেষ্টা কৰিছিল কাৰ্ড সম্পূৰ্ণৰূপে ঘৰৰ ভিতৰতে নাথাকিল। পৰিয়ালৰ ব্যৱসায় চলোৱাৰ লগতে মহিলা সভাতো তেওঁ জড়িত আছিল। কাৰ্ডে বিভিন্ন দাতব্য কামৰ বাবে ধন সংগ্ৰহ কৰিছিল আৰু সাহায্য আৰু শিক্ষাৰ সমিতিসমূহত দায়িত্বশীল পদত অধিষ্ঠিত হৈছিল। এই ভূমিকাবোৰত প্ৰায়ে ভ্ৰমণ কৰিব লাগিছিল আৰু ঘৰৰ পৰা আঁতৰত থাকিব লাগিছিল। কাৰ্ডে গোটেই সময়ছোৱাত এগৰাকী বিলোপবাদী হিচাপে নিজৰ কাম অব্যাহত ৰাখিছিল, দাস ব্যৱসায়ৰ বিৰুদ্ধে সমৰ্থনৰ আদায়ৰ বাবে লৈ গৈছিল।[5][9]
তেওঁৰ দাসত্ত্ব বিৰোধী কবিতাটোৱে মহিলাসকলক জড়িত হ’বলৈ আৰু তেওঁৰ ব্যৱসায়ৰ জৰিয়তে উপলব্ধ কৰা সামগ্ৰী বৰ্জন কৰিবলৈ উৎসাহিত কৰিছিল। ফলত হাজাৰ হাজাৰ লোকে প্ৰতিবাদত চাহত চেনি খোৱা এৰি দিয়ে।[10][11][9][12] কাৰ্ডৰ স্বাস্থ্য ক্ৰমাৎ অসুস্থ হৈ পৰে আৰু ১৮১৭ চনত অসুস্থতাৰ পিছত তেওঁৰ মৃত্যু হয়। তেওঁৰ এজন পুত্ৰ নাথানিয়েল কাৰ্ড আছিল যিয়ে ১৮৩৪ চনত তেওঁৰ লেখা সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত তেওঁৰ জাৰ্নেল, চিঠি আৰু ২২০ টাতকৈও অধিক কবিতা আছিল।[13][14][9]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Coleman, Deirdre (2010). "Women Writers and Abolition" (en ভাষাত). The History of British Women's Writing, 1750–1830 (Palgrave Macmillan UK): 172–193. doi:10.1057/9780230297012_9. ISBN 978-1-349-36198-4. https://link.springer.com/chapter/10.1057%2F9780230297012_9.
- ↑ "Mary Birkett: Irish Woman Poet" (en ভাষাত). Elliptical Movements. 30 June 2013. https://ellipticalmovements.wordpress.com/2013/06/30/mary-birkett-irish-woman-poet/.
- ↑ "A Poem on the African Slave Trade. Addressed to Her Own Sex, by Mary Birkett" (en ভাষাত). www.parliament.uk. https://www.parliament.uk/about/living-heritage/transformingsociety/tradeindustry/slavetrade/audio/explore-poetry/a-poem-on-the-african-slave-trade-addressed-to-her-own-sex-by-mary-birkett/.
- ↑ 4.0 4.1 "Mary Birkett Card - Poems by the Famous Poet - All Poetry". allpoetry.com. https://allpoetry.com/Mary-Birkett-Card.
- ↑ 5.0 5.1 5.2 "Mary Birkett Card: Biography and Further Reading". brycchancarey.com. https://brycchancarey.com/abolition/birkettcard.htm.
- ↑ Hagemann, Karen; Dudink, Stefan; Rose, Sonya O. (2020) (en ভাষাত). The Oxford Handbook of Gender, War, and the Western World Since 1600. Oxford University Press. ISBN 978-0-19-994871-0. https://books.google.com/books?id=_qkPEAAAQBAJ&q=Mary+Birkett+Card+%281774+-+1817%29&pg=PA794.
- ↑ Miles, Rosalind (30 April 2020) (en ভাষাত). Rebel Women: The renegades, viragos and heroines who changed the world, from the French Revolution to today. Little, Brown Book Group. ISBN 978-0-349-00606-2. https://books.google.com/books?id=gClaDwAAQBAJ&q=Mary+Birkett+Card+%281774+-+1817%29&pg=PT361.
- ↑ Warhol, Robyn R. (17 December 2007) (en ভাষাত). WOMEN'S WORLDS: The McGraw-Hill Anthology of Women's Writing in English Across the Globe. McGraw-Hill Companies,Incorporated. ISBN 978-0-07-256402-0. https://books.google.com/books?id=ec0UAQAAIAAJ&q=Mary+Birkett+Card+(1774+-+1817).
- ↑ 9.0 9.1 9.2 Teakle, Josephine (28 February 2004). "The works of Mary Birkett Card 1774-1817 originally collected by her son Nathaniel Card in 1834: an edited transcription with an introduction to her life and works in two volumes" (en ভাষাত). University of Gloucestershire. http://eprints.glos.ac.uk/3107/.
- ↑ Rodgers, Nini (2000). "Two Quakers and a Utilitarian: The Reaction of Three Irish Women Writers to the Problem of Slavery 1789-1807". Proceedings of the Royal Irish Academy. Section C: Archaeology, Celtic Studies, History, Linguistics, Literature খণ্ড 100C (4): 137–157. ISSN 0035-8991. https://www.jstor.org/stable/25516261.
- ↑ Sweeney, Fionnghuala; Dillane, Fionnuala; Stuart, Maria (24 June 2019) (en ভাষাত). Ireland, Slavery, Anti-Slavery and Empire. Routledge. ISBN 978-1-351-11198-0. https://books.google.com/books?id=K1-1DwAAQBAJ&q=Mary+Birkett+Card+%281774+-+1817%29&pg=PA8.
- ↑ "Anti-Saccharite Cultures i) Moralising Consumption and Enlarging the Political Sphere" (en ভাষাত). Chomping at the Bloodied Bit. 26 September 2012. https://hughcrosfield.wordpress.com/2012/09/26/anti-saccharite-cultures-i-self-realisation-and-the-birth-of-the-critical-and-globally-reflexive-consumer/#more-106.
- ↑ Rodgers, Nini (2 July 2016). "Ireland, slavery, antislavery, post-slavery and empire: an historiographical survey" (en ভাষাত). Slavery & Abolition খণ্ড 37 (3): 489–504. doi:10.1080/0144039X.2016.1208915. ISSN 0144-039X.
- ↑ Labbe, J. (20 August 2010) (en ভাষাত). The History of British Women's Writing, 1750-1830: Volume Five. Springer. ISBN 978-0-230-29701-2. https://books.google.com/books?id=nJJ9DAAAQBAJ&q=Mary+Birkett+Card+%281774+-+1817%29&pg=PA192.