মেৰী ৰয়
| মেৰী ৰয় | |
|---|---|
| জন্ম | ১৯৩৩ আয়াম্মম |
| মৃত্যু | ১ ছেপ্টেম্বৰ, ২০২২ (৮৯ বছৰ) কোট্টায়াম, কেৰেলা |
| পেচা | শিক্ষাবিদ, সমাজকৰ্মী |
| সন্তান | ২, অৰুন্ধতী ৰয়কে ধৰি |
মেৰী ৰয় (১৯৩৩ – ১ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু নাৰী অধিকাৰ কৰ্মী আছিল আৰু ১৯৮৬ চনত কেৰালাৰ ছিৰিয়াৰ মালাবাৰ নাছৰানী সম্প্ৰদায়ৰ ভিতৰত প্ৰচলিত উত্তৰাধিকাৰ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গোচৰত জয়ী হোৱাৰ বাবে পৰিচিত হৈছিল। এই ৰায়দানত ছিৰিয়াৰ খ্ৰীষ্টান মহিলাসকলৰ বাবেও তেওঁলোকৰ পূৰ্বপুৰুষৰ সম্পত্তিত তেওঁলোকৰ পুৰুষ ভাই-ভনীসকলৰ সমান অধিকাৰ নিশ্চিত কৰা হৈছিল।[1][2] তেতিয়ালৈকে তেওঁৰ ছিৰিয়ান খ্ৰীষ্টান সম্প্ৰদায়ে ১৯১৬ চনৰ ট্ৰেভানকোৰ উত্তৰাধিকাৰ আইন আৰু কোচি উত্তৰাধিকাৰ আইন, ১৯২১ৰ বিধান অনুসৰণ কৰিছিল, আনহাতে ভাৰতৰ আন ঠাইত একেটা সম্প্ৰদায়ে ১৯২৫ চনৰ ভাৰতীয় উত্তৰাধিকাৰ আইন অনুসৰণ কৰিছিল।[3]
১৯১৬ চনৰ ট্ৰেভানকোৰ খ্ৰীষ্টান উত্তৰাধিকাৰ আইনখনৰ বাবে মেৰী ৰয়ক পাৰিবাৰিক সম্পত্তিৰ অংশৰ পৰা বঞ্চিত কৰা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰা মেৰী ৰয় ইত্যাদি বনাম কেৰালা ৰাজ্য আৰু অন্যান্য গোচৰত তেওঁ নিজৰ ভাতৃৰ বিৰুদ্ধে গোচৰত জয়ী হয়।[4]
কেৰালা ৰাজ্যৰ কোট্টাইম চহৰৰ উপকণ্ঠ অঞ্চল কালাথিলপাডীত থকা পল্লিকুডাম (পূৰ্বৰ কৰ্পাছ ক্ৰীষ্টি হাইস্কুল)ৰ তেওঁ প্ৰতিষ্ঠাপক-পৰিচালক আছিল। তেওঁৰ কন্যা বুকাৰ বঁটা বিজয়ী অৰুন্ধতী ৰায়।[4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]মেৰী ৰয় ইংলেণ্ডত হেৰল্ড মেক্সৱেল-লেফ্ৰয়ৰ অধীনত প্ৰশিক্ষণ লোৱা আৰু পুছা ইনষ্টিটিউটৰ ইম্পেৰিয়েল এণ্টোম'লজিষ্ট হোৱা পি ভি আইজাক আৰু চুচি আইজাকৰ কন্যা আছিল।[5][6] ১৯৩৩ চনত জন্মগ্ৰহণ কৰা তেখেত পৰিয়ালটোৰ চাৰিজন ভাই-ভনীৰ ভিতৰত আটাইতকৈ সৰু আছিল।[6][7] দ্য টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক ব্যক্তিগত সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱনৰ ব্যক্তিগত বিৱৰণ প্ৰকাশ কৰে।[8]তেওঁ জ্যেষ্ঠ ভাতৃ জৰ্জৰ সৈতে জটিল সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰে, যাৰ ওপৰত তেওঁ পিছলৈ সম্পত্তিৰ উত্তৰাধিকাৰৰ বাবে গোচৰ তৰে। তেওঁ দিল্লীত ডাঙৰ-দীঘল হৈছিল আৰু তাৰ পৰাই মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ গৈ ডিগ্ৰী লাভ কৰাৰ আগতে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। পিছত কলিকতালৈ গুচি আহি তেওঁ কোম্পানীৰ সচিব হিচাপে কাম কৰে। শিলচৰৰ বঙালী খ্ৰীষ্টান চাহ বাগিচাৰ পৰিচালক ৰাজীব ৰয়ৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। এই বিবাহ নিৰ্যাতনমূলক সম্পৰ্ক বুলি কোৱা হৈছিল, যাৰ অন্ত পৰিছিল বিবাহ বিচ্ছেদত।[9][6][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Iype, George. "Ammu may have some similarities to me, but she is not Mary Roy". rediff. http://www.rediff.com/news/sep/18arun.htm। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ Jacob, George (29 May 2006). "Bank seeks possession of property in Mary Roy case". The Hindu. Archived from the original on 31 May 2006. https://web.archive.org/web/20060531055244/http://www.hindu.com/2006/05/29/stories/2006052918730100.htm। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ Jacob, George (21 October 2010). "Final decree in Mary Roy case executed" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/todays-paper/Final-decree-in-Mary-Roy-case-executed/article15786386.ece.
- ↑ 4.0 4.1 "മേരി റോയി ജ്യേഷ്ഠനോട് പറഞ്ഞു: 'എടുത്തുകൊള്ളുക'". Mathrubhumi. Archived from the original on 20 May 2018. https://web.archive.org/web/20180520034001/http://www.mathrubhumi.com/print-edition/weekend/--1.2822919। আহৰণ কৰা হৈছে: 20 May 2018.
- ↑ Roy, Mary (1999). "Three generations of women". Indian Journal of Gender Studies খণ্ড 6 (2): 203–219. doi:10.1177/097152159900600204. PMID 12322348.
- ↑ 6.0 6.1 6.2 "Why Mary Roy sued her family and what it did to Syrian Christians". OnManorama. https://www.onmanorama.com/news/kerala/2022/09/02/why-mary-roy-sued-family-what-it-did-to-syrian-christians.html। আহৰণ কৰা হৈছে: 2 September 2022.
- ↑ "Mary Roy, educator and champion of women's rights, passes away" (en-IN ভাষাত). The Hindu. 1 September 2022. ISSN 0971-751X. https://www.thehindu.com/news/national/kerala/activist-and-educator-mary-roy-passes-away/article65835188.ece.
- ↑ "There's something about Mary – Times of India". The Times of India. https://timesofindia.indiatimes.com/home/sunday-times/Theres-something-about-Mary/articleshow/15871684.cms.
- ↑ "Social Worker Mary Roy Dies At 89". NDTV.com. https://www.ndtv.com/kerala-news/social-worker-mary-roy-dies-at-89-3306239। আহৰণ কৰা হৈছে: 2 September 2022.
- ↑ Deb, Siddhartha (5 March 2014). "Arundhati Roy, the Not-So-Reluctant Renegade" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2014/03/09/magazine/arundhati-roy-the-not-so-reluctant-renegade.html.