মেৰেংগে নৃত্য
| মেৰেংগে | |
|---|---|
| শৈলী | কেৰিবিয়ান নৃত্য |
| উৎপত্তিমূল | ডমিনিকান প্ৰজাতন্ত্ৰ |
মেৰেংগে (ইংৰাজী: Merengue) হ’ল ডমিনিকান সংগীত আৰু নৃত্যৰ এক শৈলী। মেৰেংগে ডমিনিকান প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় নৃত্য আৰু দেশখনৰ ৰাষ্ট্ৰীয় পৰিচয়ৰ ক্ষেত্ৰতো ই অতি গুৰুত্বপূৰ্ণ। ই একপ্ৰকাৰৰ খোজ কাঢ়ি কৰা নৃত্য আৰু নৃত্যৰ অভিজ্ঞতা থকা বা নথকা সকলো ধৰণৰ লোকৰ বাবে ই সহজসাধ্য।[1] মেৰেংগে সংগীতত ইউৰোপীয় আৰু আফ্ৰো-কিউবান শৈলীৰ প্ৰভাৱ দেখা যায় আৰু ইয়াত মূলতঃ গীটাৰ, ঢোল আৰু চাৰাস্কা বা ধাতুৰ স্ক্ৰেপাৰৰ দৰে বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়।[2] এই নৃত্যৰ উৎপত্তি গ্ৰাম্য নৃত্য হিচাপে হৈছিল আৰু পিছলৈ ই এক বলৰুম নৃত্যত পৰিণত হয়।[2] মেৰেংগেৰ তিনিটা স্পষ্ট অংশ আছে: পাচেঅ’, মূল মেৰেংগে আৰু সামৰণিৰ জালিঅ’, য’ত স্বতঃস্ফূৰ্ত প্ৰদৰ্শন বা ইম্প্ৰুভাইজেচন অন্তৰ্ভুক্ত থাকে।[3]
এই নৃত্যত সংগীসকলে ইজনে আনজনক 'বন্ধ অৱস্থান'ত ধৰি থাকে। পৰিচালকে তেওঁৰ সোঁহাতেৰে সংগীৰ কঁকালত ধৰে আৰু বাঁওহাতেৰে সংগীৰ সোঁহাতখন সংগীৰ চকুৰ উচ্চতাত ধৰি থাকে। সংগীসকলে তেওঁলোকৰ আঁঠুবোৰ সামান্য বাঁওফালে আৰু সোঁফালে ভাঁজ কৰে, যাৰ ফলত কঁকালটোও বাঁওফালে আৰু সোঁফালে লৰচৰ কৰে। গোটেই গীতটোত পৰিচালক আৰু সংগীৰ কঁকাল একে দিশতে লৰচৰ কৰে। এই খোজবোৰৰ ছন্দে প্ৰায়ে সোঁ বা বাওঁ খোজৰ ওপৰত গুৰুত্ব দিয়ে।[1] এই শৈলীক প্ৰায়ে ‘নৃত্য খোজ’ (danced walk) বুলি জনা যায়। এই নৃত্যৰ সময়ত এজন নৃত্যশিল্পীয়ে বেছিভাগ সময় নিজৰ ওজন একেখন ভৰিতে ৰাখে।[2] সংগীসকলে কাষে কাষে খোজ কাঢ়িব পাৰে বা সৰু সৰু খোজেৰে ইজনে সিজনৰ চাৰিওফালে ঘূৰিব পাৰে। তেওঁলোকে ইজনৰ হাত এৰি নিদিয়াকৈ বা এখন হাত এৰি দি 'মুক্ত অৱস্থান'লৈ আহিব পাৰে আৰু সুকীয়াকৈ পাক (turn) ল’ব পাৰে। এই পাকবোৰ লওঁতে তেওঁলোকে হাতৰ ধৰণটো জটিল আৰ্হিত ঘূৰাব পাৰে। অন্যান্য কোৰিঅ’গ্ৰাফীও ইয়াত সম্ভৱ।
যদিও সংগীতৰ গতি অতি দ্ৰুত হ’ব পাৰে, তথাপি শৰীৰৰ ওপৰভাগ স্থিৰ কৰি ৰখা হয় আৰু পাকবোৰ লাহে লাহে লোৱা হয়—সাধাৰণতে এটা সম্পূৰ্ণ পাকৰ বাবে চাৰিটা ছন্দ বা খোজ ব্যৱহাৰ কৰা হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামাজিক নৃত্যত "এম্পালিজাডা" শৈলীৰ পৰিৱৰ্তে অতিৰঞ্জিত কিউবান গতি ব্যৱহাৰ কৰা হয়, যিটো লেতিন আমেৰিকান মূলৰ নৃত্যৰ (যেনে: চা-চা-চা, ৰুম্বা, মাম্বো, চালচা) বাবে বিভিন্ন বলৰুম ষ্টুডিঅ’ত শিকোৱা হয়।
ইতিহাস
[সম্পাদনা কৰক]
মেৰেংগে প্ৰায়ে সংগীসকলৰ মাজত অতি কম খালী ঠাই ৰাখি আৰু ভিন্ন ধৰণৰ কঁকালৰ সঞ্চালনেৰে কৰা হয়।
ৰামিৰোবাৰৰ মতে, মেৰেংগে মূলতঃ একোষ্টিক গোটৰ সৈতে পৰিৱেশন কৰা হৈছিল।[5] ২০ শতিকাৰ সময়ছোৱাত মেৰেংগেৰ মূল মুখ্য বাদ্যযন্ত্ৰ আছিল গীটাৰ। ১৯৪০ আৰু ১৯৫০-ৰ দশকলৈ ই একৰ্ডিয়ানৰ সৈতে পৰিৱেশন কৰা হৈছিল।[6] মেৰেংগে টিপিকো নামেৰে জনাজাত এই ৰূপটোৰ উৎপত্তি চাণ্টিয়াগো চহৰৰ আশে-পাশে থকা উত্তৰৰ গ্ৰাম্য চিবাও অঞ্চলত হৈছিল, যাৰ ফলত ইয়াক মেৰেংগে চিবাআনো নাম দিয়া হৈছিল। মেৰেংগে টিপিকোত ১৯ শতিকাৰ পৰম্পৰাগত গীতবোৰৰ ওপৰত গুৰুত্ব দিয়া হয়। মেৰেংগেৰ এই শৈলীটো চিবাও অঞ্চলৰ প্ৰাক্তন একনায়কত্ববাদী শাসক ৰাফেল ত্ৰুজিল্লোৱে জনপ্ৰিয় কৰি তুলিছিল।[7] ত্ৰুজিল্লো আৰু তেওঁৰ ভাতৃ জোচে আৰিজমেণ্ডী ত্ৰুজিল্লোৱে মেৰেংগে বেণ্ডবোৰত বিনিয়োগ কৰি আৰু সংগীত জগতৰ বহু দিশ নিয়ন্ত্ৰণ কৰি মেৰেংগেক বৰ্তমানৰ সাংস্কৃতিক প্ৰতীকটোলৈ ৰূপান্তৰিত কৰিছিল। তেওঁলোকে মেৰেংগেক প্ৰচাৰ মাধ্যম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক ৰূপ হিচাপে ব্যৱহাৰ কৰিছিল।[7] পূৰ্বতে মেৰেংগে প্ৰায়ে এক সামাজিক ধাৰাভাষ্য আছিল যদিও ত্ৰুজিল্লোৰ শাসনত ই তেওঁক আৰু চৰকাৰক প্ৰশংসা কৰা গীতলৈ পৰিৱৰ্তিত হয়।[7] ত্ৰুজিল্লোৰ প্ৰভাৱৰ বাবেই মেৰেংগে টিপিকো এতিয়া ডমিনিকান প্ৰজাতন্ত্ৰৰ মেৰেংগেৰ প্ৰধান ৰূপ।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 DANIEL, YVONNE (2011). Caribbean and Atlantic Diaspora Dance: Igniting Citizenship. University of Illinois Press. ISBN 978-0-252-03653-8. https://www.jstor.org/stable/10.5406/j.ctt1xcfh4.
- 1 2 3 "merengue | dance | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/art/merengue। আহৰণ কৰা হৈছে: 2022-04-01.
- ↑ "Latin American dance | History, Styles, & Facts | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/art/Latin-American-dance। আহৰণ কৰা হৈছে: 2022-04-01.
- ↑ Blatter, Alfred (2007). Revisiting music theory: a guide to the practice, p.28. ISBN 0-415-97440-2.
- ↑ Burr, Ramiro. (2004). Joaquin Diaz: Montreal's Dominican merengue master. p20
- ↑ Hutchinson, Sydney. (2006). Merengue Típico in Santiago and New York: Transnational Regionalism in a Neo-Traditional Dominican Music. Ethnomusicology, Vol. 50, No. 1 (Winter, 2006), pp. 37– 72. Retrieved from JSTOR
- 1 2 3 Hernandez, Deborah Pacini (January 1993). "Dominican popular music under the Trujillo dictatorship". Studies in Latin American Popular Culture খণ্ড 12: 127.
- ↑ Austerlitz, Paul (1997). Merengue : Dominican music and Dominican identity. প্ৰকাশক Philadelphia, Pa.: Temple University Press. ISBN 1-56639-483-X. OCLC 34894452.