মেৱা
পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ | |
---|---|
![]() | |
পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছৰ ফল | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | পেচিফ্ল’ৰা |
প্ৰজাতি: | প. কোৱাড্ৰেংগুলাৰিছ |
দ্বৈৰাশিক নামকৰণ | |
পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ কাৰ্ল লিনিয়াছ[1] |
মেৱা, মেওৱা, লতা কোমোৰা বা লতা বেল (ইংৰাজী: Passiflora quadrangularis / badea / giant granadilla / giant tumbo) এবিধ লতাজাতীয় উদ্ভিদ, যি দেখাত কোমোৰাৰ দৰে, কিন্তু কোমোৰাতকৈ কিছু সৰু আৰু ইয়াক আঞ্জা হিচাপে বা ভাজি খোৱা হয়।[2] ই পেচিফ্ল'ৰা প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল উৎপাদন কৰে।[3]

বিৱৰণ
[সম্পাদনা কৰক]
পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ এটা সবল, কোমল, সেউজ পৰ্ণমোচী লতা জাতীয় উদ্ভিদ। ইয়াৰ ৰঙা ৰঙৰ ফুলবোৰ ৰোৱা মূৰে পৰা ওলায় আৰু প্ৰত্যেকটোৰ চাৰিওফালে বগা আৰু বেঙুনীয়া ৰঙৰ সূতাসদৃশ গঠন থাকে। ইয়াৰ পাত মসৃণ, হৃদাকাৰ, ডিম্বাকাৰ বা তীক্ষ্ণপ্ৰান্তীয় (acuminate) আকৃতিৰ; পাতৰ ডাঁটিত ৪ ৰ পৰা ৬ টালৈ গ্ৰন্থি থাকে। ইয়াৰ ফুল সুভাষিত আৰু ফল ডাঙৰ, দীঘলাকাৰ, প্ৰায় ১২ ইঞ্চি (৩০ ছেণ্টিমিটাৰ) পৰ্যন্ত দীঘল হয়।[4] এই ফলৰ ভিতৰত বহু সংখ্যক বীজ থাকে, যিবোৰ এটা অম্ল-মধুৰ খাদ্যযোগ্য গাদত আৱদ্ধ হৈ থাকে।[5]
ব্যৱহাৰ
[সম্পাদনা কৰক]কেতিয়াবা বাডিয়া সেউজগৃহত খেতি কৰা হয়। Passiflora গণৰ আন কেইবাটাও প্ৰজাতিৰ ফল খোৱা হয়। উদাহৰণস্বৰূপে, পশ্চিম ইণ্ডিজত পি. লউৰিফ’লিয়া ক পানীৰ নেমু আৰু পি. মেলিফৰ্মিছ ক ছুইট কেলাবাশ হিচাপে জনা যায়।[5]
বাডিয়া ফলৰ ৰস পানীয় হিচাপে ব্যৱহাৰ কৰা হয়। শ্ৰীলংকাৰ অঞ্চল বিশেষে এই ফলটোক ටං ටිං (টং টিং), රට පුහුල් (ৰট পুহুল্) বা ටුං ටුං (টুং টুং) নামেৰে জনা যায়। ইয়াক শাক-পাচলিৰ তৰকাৰী হিচাপে ৰান্ধি খোৱা হয়, আৰু বীজবোৰ জলপান হিচাপে খোৱা হয় বা ৰস উলিয়াবলৈ ব্যৱহাৰ কৰা হয়।[6]
এই উদ্ভিদৰ পাতৰ পৰা চাহ তৈয়াৰ কৰা হয়, যি উচ্চ ৰক্তচাপ আৰু মধুমেহৰ চিকিৎসাত ব্যৱহৃত হয়। এইবিধ ফলৰ পৰা এবিধ পানীয় আৰু আইচক্ৰীমো প্ৰস্তুত কৰা হয়।[7]
অলংকাৰিক ব্যৱহাৰ
[সম্পাদনা কৰক]পেচিফ্ল’ৰা কোৱাড্ৰেংগুলাৰিছ অলংকাৰিক উদ্ভিদ হিচাপেও খেতি কৰা হয়। ইয়াৰ বৃদ্ধিৰ বাবে ন্যূনতম তাপমাত্ৰা প্ৰয়োজন 8 °C (46 °F), সেয়েহে নাতিশীতোষ্ণ অঞ্চলসমূহত ইয়াক কাঁচৰ গৃহত খেতি কৰিব লাগে। ই ৰয়েল হৰ্টিকালচাৰেল ছচাইটিৰ গাৰ্ডেন মেৰিট বঁটা লাভ কৰিছে।[8][9]
চিত্ৰ গেলাৰী
[সম্পাদনা কৰক]-
মেৱা ফুল
-
মেৱা উদ্ভিদৰ অংশ
-
মেৱা ফলৰ ভিতৰৰ অংশ
-
লুই ভান হাউটৰ চিত্ৰ, ১৮৫৩
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ USDA, ARS, Germplasm Resources Information Network. মেৱা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
- ↑ Borah, Anjal (2009-06-08). "লতা বেল" (as ভাষাত). XOBDO Language ResourceXOBDO.ORG. https://www.xobdo.org/dic/লতা%20বেল। আহৰণ কৰা হৈছে: 2025-05-13.
- ↑ Boning, Charles R. (2006). Florida's Best Fruiting Plants: Native and Exotic Trees, Shrubs, and Vines. প্ৰকাশক Sarasota, Florida: Pineapple Press, Inc.. পৃষ্ঠা. 169.
- ↑ Williams, C. N. (1980). Tree and Field Crops of the Wetter Regions of the Tropics. প্ৰকাশক London: The Longman Group. পৃষ্ঠা. 125.
- ↑ 5.0 5.1 public domain: Chisholm, Hugh, ed. (1911). "Granadilla". Encyclopædia Britannica. 12 (11th ed.). Cambridge University Press. p. 336. One or more of the preceding sentences incorporates text from a publication now in the
- ↑ "Ayurvedic Plants of Sri Lanka: Plants Details". www.instituteofayurveda.org. http://www.instituteofayurveda.org/plants/plants_detail.php?i=978। আহৰণ কৰা হৈছে: 2018-12-13.
- ↑ Mendes (1986), p. 10.
- ↑ "RHS Plantfinder - Passiflora quadrangularis". https://www.rhs.org.uk/Plants/12363/i-Passiflora-quadrangularis-i-(F)/Details। আহৰণ কৰা হৈছে: 18 April 2018.
- ↑ "AGM Plants - Ornamental". Royal Horticultural Society. July 2017. পৃষ্ঠা: 72. https://www.rhs.org.uk/plants/pdfs/agm-lists/agm-ornamentals.pdf। আহৰণ কৰা হৈছে: 17 April 2018.