মে ৰত্নায়েকে
| মে ৰত্নায়েকে | |
|---|---|
| জন্ম | মে দি লিভাৰা ১৮৯২ কেণ্ডী, শ্ৰীলংকা |
| মৃত্যু | ১৯৮৮ |
| শিক্ষানুষ্ঠান | কেলন মেডিকেল কলেজ(MD) |
| জনা যায় | শ্ৰীলংকাৰ প্ৰথম মহিলা চিকিৎসক |
মে ৰত্নায়েকে (১৮৯২–১৯৮৮) এগৰাকী শ্ৰীলংকাৰ চিকিৎসক, সেই দেশৰ দ্বিতীয়গৰাকী মহিলা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আৰু ইয়াৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিচিত।
জীৱন
[সম্পাদনা কৰক]ডাঃ ৰত্নায়েকে কেণ্ডিত ছয় ভাই-ভনীৰ ভিতৰত এজনজন ডি লিভেৰাৰ ঘৰত মে ডি লিভাৰাত জন্মগ্ৰহণ কৰিছিল। শৈশৱত স্থানীয় বিদ্যালয়ত পঢ়িছিল, তাৰ পিছত কলম্বোৰ চিলন মেডিকেল কলেজত মেডিকেল স্কুললৈ গৈছিল। ১৯১৬ চনত এম ডি ডিগ্ৰী লাভ কৰাৰ পিছত জাফনাৰ আমেৰিকান মিছন হাস্পতালত কাম কৰে, তাৰ পিছত লেডী হেভলক হাস্পতাললৈ গুচি যায়। ১৯২৫ চনৰ পৰা ১৯২৭ চনলৈকে ৰয়েল ফ্ৰী হস্পিতাল ফৰ উইমেনৰ ফেলো আছিল। ১৯২৭ চনত বিবাহপাশত আবদ্ধ হোৱা ডাঃ ৰত্নায়েকেৰ তিনিটা সন্তান আছিল, এজন পুত্ৰ আৰু এগৰাকী কন্যা চিকিৎসক হৈছিল আৰু এজন পুত্ৰ চাহ খেতিয়ক হৈছিল। ১৯২৭ চনত তেওঁ লেডী হেভলক হাস্পতালত অস্ত্ৰোপচাৰ বিশেষজ্ঞ হয়। ১৯৩২ চনৰ পৰা ১৯৩৩ চনলৈকে এবছৰ ধৰি ইউনিভাৰ্চিটি অৱ এডিনবাৰ্গ মেডিকেল স্কুলৰ ফেলো আছিল। ফেল'শ্বিপৰ পিছত তেওঁ মুখ্য অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে পদোন্নতি লাভ কৰে আৰু চিলন বিশ্ববিদ্যালয়ৰ চিকিৎসা বিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে।[1] ১৯৩০ চনত ড° ৰত্নায়েকে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় আলোচনীত স্ত্ৰীৰোগ সম্পৰ্কীয় প্ৰবন্ধ অৱদান আগবঢ়ায়।
১৯৪৩ চনত তেওঁ ব্ৰিটিছ মেডিকেল এছ'চিয়েচনৰ চিলন শাখাৰ সভানেত্ৰী নিৰ্বাচিত হয়।[2] তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় তেওঁ মেডিকেল উইমেনছ ইণ্টাৰনেশ্যনেল এছ'চিয়েচনৰ অংশ আছিল।[1]
কৰ্ম
[সম্পাদনা কৰক]- 'এ কেছ অৱ একুয়াৰ্ড আৰ্ট্ৰেছিয়া অৱ দ্য ভেজিনা এণ্ড ইটচ কিউৰ বাই প্লাষ্টিক অপাৰেচন', ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক'লজি, আগষ্ট ১৯৩৪।
- 'এ কেছ অৱ ভেচিকো-ভেজিনেল ফিষ্টুলাৰ ৰিজাল্টিং ফ্ৰম চিম্পল আলচাৰেচন অৱ এ প্ৰ'লেপছ ইন এ অল্ড উইমেন', ব্ৰিটিছ জাৰ্নেল অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক'লজি, আগষ্ট ১৯৩৪।
- 'আম্বিলিকেল ফিষ্টুলা কজড্ বাই এ পেচেণ্ট মেকেল্চ ডাইভাৰটিকুলাম, ব্ৰিটিছ জাৰ্নেল অৱ চাৰ্জাৰী, অক্টোবৰ ১৯৩৬।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Ogilvie, Marilyn; Harvey, Joy (2000). The biographical dictionary of women in science. প্ৰকাশক New York: Routledge. ISBN 0415920388. https://archive.org/details/biographicaldict00ogil_0.
- ↑ Margaret Jones, Health Policy in Britain's Model Colony: Ceylon, 1900-1948, 2004