মৈথিল ব্ৰাহ্মণ
| ভাষাসমূহ |
|---|
| ধৰ্ম |
মৈথিল ব্ৰাহ্মণ ভাৰত উপমহাদেশৰ মিথিলা অঞ্চলত বসতি স্থাপন কৰা ইন্দো-আৰ্য্য হিন্দু ব্ৰাহ্মণ সম্প্ৰদায়, যিয়ে ভাৰতৰ তিৰ্হুত, দৰভংগা, কোচি, পূৰ্ণিয়া, মুংগেৰ, ভাগলপুৰ আৰু সন্থল পৰগনা বিভাগ[টোকা 1] আৰু নেপালী তৰাইৰ কিছু অংশক বসতিস্থল হিচাপে সামৰি লৈছে।[2] পঞ্চ গৌড় ব্ৰাহ্মণ সম্প্ৰদায়ৰ পাঁচটাৰ ভিতৰত এওঁলোক অন্যতম।[3][4] মৈথিল ব্ৰাহ্মণসকলে কথিত প্ৰধান ভাষাটো হ’ল মৈথিলী ভাষা।
ইতিহাস
[সম্পাদনা কৰক]মিথিলা অঞ্চলৰ কিছুমান বংশ পৰিয়াল যেনে ঐনিৱাৰ বংশ আৰু খাণ্ডৱাল বংশ (ৰাজ দৰভংগা)[5] মৈথিল ব্ৰাহ্মণ আছিল আৰু মৈথিল সংস্কৃতিৰ পৃষ্ঠপোষকতাৰ বাবে বিখ্যাত আছিল।[6]
১৯৬০-৭০ৰ দশকত বিহাৰত মৈথিল ব্ৰাহ্মণ ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ হৈ উঠিছিল। বিনোদানন্দ ঝা আৰু ললিত নাৰায়ণ মিশ্ৰই সমাজৰ বিশিষ্ট ৰাজনৈতিক নেতা হিচাপে আত্মপ্ৰকাশ কৰে। জগন্নাথ মিশ্ৰৰ মুখ্য মন্ত্ৰালয়ৰ অধীনত বহু মৈথিল ব্ৰাহ্মণে বিহাৰত গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদবী গ্ৰহণ কৰিছিল।[7]
বিভাগসমূহ
[সম্পাদনা কৰক]বৈদিক সংহিতা অনুসৰি মৈথিল ব্ৰাহ্মণক বাজসনেয়ী (যজুৰ্বেদিক) আৰু চান্দোগ্য(সামবেদিক) বুলি ভাগ কৰা হৈছে আৰু প্ৰতিটো গোট কঠোৰভাৱে বহিঃসম্পৰ্কীয়। ইয়াৰ উপৰিও শ্ৰোত্ৰিয় (সোইট), যোগ্য (ভালমানুষ), পাইঞ্জচ্ আৰু জয়ৱাৰ আদি চাৰিটা মূল ভাগত আৰু অধিক ভাগ কৰা হয়। এই সকলোবোৰ অনুলোম বিবাহ ব্যৱস্থাৰ হ'ব বুলি আশা কৰা হৈছে যদিও আজিকালি এইটো আৰু কঠোৰভাৱে বলবৎ কৰা হোৱা নাই।[উদ্ধৃতিৰ প্ৰয়োজন] বিভিন্ন মূল বা বংশৰ নামতো ভাগ কৰা হয়। আৰু প্ৰতিটো গোটক আৰু অধিক উপমূল বা উপগোত্ৰত বিভক্ত কৰা হয়। ==ধৰ্মীয় প্ৰথা তেওঁলোক মূলতঃ বিভিন্ন ৰূপত শাক্ত ধৰ্মৰ অনুশীলনকাৰী, অৱশ্যে বৈষ্ণৱ আৰু শৈৱীও আছে।[8][9]
পাঞ্জী
[সম্পাদনা কৰক]পাঞ্জী বা পাঞ্জী প্ৰবন্ধ হৈছে হৰিদ্বাৰৰ হিন্দু বংশাৱলীৰ পঞ্জীৰ দৰেই মৈথিল ব্ৰাহ্মণৰ মাজত ৰখা বিস্তৃত বংশাৱলী।[10] বিবাহৰ সময়ত তেওঁলোকে পাঞ্জিকাৰসকলৰ পৰা “অস্বজন”(অ-আপেক্ষিক) প্ৰমাণপত্ৰ লাভ কৰে,এই ব্যৱস্থাটো হৰিসিংহদেৱে আৰম্ভ কৰিছিল।[11]
টোকা
[সম্পাদনা কৰক]- ↑ সন্থল পৰগনা সংমণ্ডলৰ মুখ্য কাৰ্যালয় ডুমকাত আৰু উদ্ধৃত সূত্ৰই সংমণ্ডলটোক "ডুমকা সংমণ্ডল" বুলি উল্লেখ কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Sarkar, Prabhat Ranjan (2020). "Bihar". In Avadhúta, Vijayánanda (en ভাষাত). Prout in a Nutshell. 4 (2nd সম্পাদনা). প্ৰকাশক Ananda Nagar, Purulia: Ananda Marga Publications. পৃষ্ঠা. 363. ISBN 978-81-941215-3-4. "In the Mithila area of Bihar, Maethil Brahmins, Kayasthas and Dogamayas speak Maethili, and the rest of the population, including the Bhuhimars speak Angika. ... The Maethil Brahmans speak Maethili at home but Angika outside the home."
- ↑ Jha, Pankaj Kumar (2010). Sushasan Ke Aaine Mein Naya Bihar. প্ৰকাশক Bihar (India): Prabhat Prakashan. ISBN 9789380186283. https://books.google.com/books?id=O49ZDwAAQBAJ&pg=RA1-PR20.
- ↑ James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. Rosen. পৃষ্ঠা. 490–491. ISBN 9780823931804. https://archive.org/details/illustratedencyc0000loch.
- ↑ D. Shyam Babu and Ravindra S. Khare, ed (2011). Caste in Life: Experiencing Inequalities. Pearson Education India. পৃষ্ঠা. 168. ISBN 9788131754399. https://books.google.com/books?id=lXyWE6KbG8oC&pg=PA168.
- ↑ Jha, Makhan (1997). Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Perspective. M.D. Publications Pvt. Ltd. পৃষ্ঠা. 60–61. ISBN 9788175330344. https://books.google.com/books?id=A0i94Z5C8HMC&pg=PA60-61.
- ↑ Jha, Makhan (1982). "Civilizational Regions of Mithila & Mahakoshal". পৃষ্ঠা: 64. https://books.google.com/books?id=bu61AAAAIAAJ&q=oinwars+maithil+brahmin.
- ↑ Verma, Ravindra Kumar (May 1991). "Caste and Bihar Politics". Economic and Political Weekly (Sameeksha Trust) খণ্ড 26 (18): 1142–4.
- ↑ Jha, Makhan (1997). Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Perspective. M.D. Publications Pvt. Ltd.. পৃষ্ঠা. 38–. ISBN 978-81-7533-034-4. https://books.google.com/books?id=A0i94Z5C8HMC&pg=PA38.
- ↑ Maitra, Asim (1986). Religious Life of the Brahman: A Case Study of Maithil Brahmans. Inter-India Publications. পৃষ্ঠা. 54. ISBN 9788121001717. https://books.google.com/books?id=f3LXAAAAMAAJ.
- ↑ "Culture of the Mithila region". Archived from the original on 17 July 2007. https://web.archive.org/web/20070717095736/http://discoverbihar.bih.nic.in/pages/maithili_culture.htm। আহৰণ কৰা হৈছে: 16 September 2007.
- ↑ Jha, Makhan (1997) (en ভাষাত). Anthropology of Ancient Hindu Kingdoms: A Study in Civilizational Perspective. M.D. Publications Pvt. Ltd.. পৃষ্ঠা. 118. ISBN 978-81-7533-034-4. https://books.google.com/books?id=A0i94Z5C8HMC&pg=PA118.